 |
Amrita Pritam |
অমৃতা প্ৰীতম আৰু পিঞ্জৰ (কঙ্কাল)
Amrita Pritam and her novel The Skeleton(Pinjar)
::-দিলীপ কুমাৰ বৰুৱা--
ভাৰতৰ শ্ৰেষ্ঠ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা বিজয়ী পাঞ্জাৱৰ বিখ্যাত সাহসী নাৰীবাদী লেখিকা হ'ল অমৃতা পীতম।তেওঁ একেধাৰে কবি,প্ৰবন্ধকাৰ,কল্প-কাহিনীকাৰ,জীৱনী লেখিকা আৰু লোক-সংগীতৰ সংগ্ৰাহক।১৯১৯ চনৰ ৩১ আগষ্টত জন্মগ্ৰহণ কৰা অমৃতাই ১৯৩৬ চনৰ পৰা ২০০৪ চনলৈ একেধাৰে হিন্দী আৰু পাঞ্জাৱী ভাষাত সাহিত্য চৰ্চা কৰি১০০ খন গ্ৰন্থ ৰচনা কৰে। "অজ্জ আঁখা ওৱাৰিছ শাহ নূ" নামৰ এলানি দুখৰ কবিতা ৰচনাৰ যোগেদি হিন্দু-মুছলমান দুয়ো সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় হৈ পৰে।১৯৫৬ চনত "সুনেহে" নামৰ এলানি কবিতাৰ বাবে তেখেতে সাহিত্য অকাদেমি ৰ বঁটা লাভ কৰে।১৯৮২ চনত "কাগজ তে কেনভাচৰ" নামৰ কাব্যগ্ৰন্থৰ বাবে অমৃতা পীতমে জ্ঞানপীঠ বঁটা লাভ কৰে।তেখেতলৈ ভাৰত চৰকাৰে ১৯৬৯ চনত "পদ্মশ্ৰী " আৰু ২০০৪ চনত "পদ্মবিভূষণ" সন্মান আগবঢ়ায়।অমৃতা পীতমৰ শৈশৱৰ নাম আছিল অমৃতা কৌৰ।১৯৩৬ চনত তেওঁ প্ৰীতম সিংৰ লগত বিয়া হয়।ভাৰত স্বাধীন হোৱাত তেওঁলোক লাহোৰৰ পৰা দিল্লীলৈ গুছি আহে।১৯৬০ চনত বিবাহ বিচ্ছেদ হয়।ইয়াৰ পিছত হিন্দী চিনেমাৰ অভিনেতা চাহিৰ লুধিয়ানবীৰ লগত বিয়া হয় ।দুটি সন্তানৰ মাক হয় অমৃতা।কিন্তু চাহিৰৰ প্ৰেমযেন অন্যৰ প্ৰতিহে বাঢ়ি যায়।বৰ মানসিক যন্ত্ৰনাত কটাব লগা হয় অমৃতা অৱশেষত বিবাহ বিচ্ছেদ হ'ল।শেষত অমৃতা সুধা মালহোত্ৰাৰ নামৰ শিল্পীৰ লগতে জীৱনৰ বাকী ৪০ বছৰ একেলগে কটায়।অৱশ্যে তৃতীয় বাৰ বিয়া নহল।
অমৃতাৰ নিজৰ জীৱনেই এক অতি মৰ্মদ কাহিনী।বৰ ধুনীয়া আছিল অমৃতা।কবি হিচাবেও অমৃতা প্ৰীতম বিখ্যাত আছিল।
ভাৰতৰ স্বাধীনতা ৰ সময়ত এখন ৰাষ্ট্ৰৰ লোক ভাৰত আৰু পাকিস্থানৰ সুকীয়া নাগৰিক হোৱাৰ হৃদয় বিদাৰক কাহিনী অতি সুন্দৰ ভাৱে অঙ্কন কৰিছে অমৃতা প্ৰীতমে তেওঁৰ উপন্যাসত আৰু অন্যান্য কাহিনীত। আমি তেওঁৰ এখন বিখ্যাত উপন্যাস পিঞ্জৰ অতি চমুকৈ বৰ্ণনা কৰো।১৯৫০ চনত তেখেতে এই উপন্যাস প্ৰকাশ কৰে আৰু ২০০৩ চনত এই উপন্যাস ৰ আধাৰত বোলছবি নিৰ্মাণ হয়।
পিঞ্জৰৰ পটভূমি ভাৰত পাকিস্থানৰ সীমান্তৱৰ্তী গুজৰাট ৰ চতুৰ্দানী নামৰ কৃষিজীৱী গাঁৱৰ এজনী হিন্দু ছোৱালীৰ।উপন্যাসখন খুচৱন্ত সিঙে ইংৰাজীলৈ অনুবাদ কৰিছে "দি স্কেলিটন"নামদি।নায়িকা ছোৱালীজনীৰ নাম পাৰু।পাৰু দৰিদ্ৰ কৃষক পৰিয়ালৰ ডাঙৰ ছোৱালী।তাইৰ তলৰ তিনিজনী ভনীয়েক আৰু এটা ভায়েক।দেউতাকে ছোৱালীক ঘৰৰ আবৰ্জনা বুলি মাতে(শিৰ কি বোজ) আৰু চাৰিজনীৰ তলতহে বহু পূজা কৰাত ল'ৰা জন্ম হয়।মাকৰ কষ্টৰ শেষ নাই।পাৰুৰ এজাক বান্ধৱী।একেলগে সকলো পথাৰলৈ যায়,পথাৰত সিহঁতে গীত গায়,শষ্য পথাৰত কাম কৰে ,ইজনীয়ে সিজনীক জোকাই,নানা ধৰণৰ ধেমালি কৰি ঘৰলৈ ওভতে।গ্ৰাম্যলোক জীৱন নানা বিশ্বাস,ৰীতি নীতিৰে সমৃদ্ধ।লোক জীৱন,লোক উৎসৱ,লোক- পৰমপৰা,লোক বিশ্বাসে পাৰুৰ যৌৱন আৱৰি-সাবৰি থাকে।প্ৰকৃতি ,শষ্যশ্যামলা খেতি পথাৰে ,কেঁচা মাটিৰ ফুৰফুৰিয়া গোন্ধে পাৰুৰ চৌদিশ আমোলমোলাই থাকে।মাক-দেউতাকে পাৰু গাভৰু হোৱাত বিয়া দিবলৈ এটা লৰা ঠিক কৰে ,নাম তাৰ ৰামচন্দ্ৰ।ওচৰৰ গাঁৱৰে ল'ৰা।পাৰুয়ে বিয়ালৈ কল্পনাৰ এখন সুন্দৰ জগতত বিচৰণ কৰে।লগৰ ছোৱালীয়ে জোকাই।কিন্তু এনে সময়তে তাই মন কৰিলে পথাৰৰ পৰা অহাৰ পথত ওচৰৰ মুছলমান গাঁৱৰ লৰা ৰছিদে পাৰুলৈ এক বেলেগ দৃষ্টিৰে চাবলৈ ধৰিলে।ল'ৰাটোৰ পাৰুৰ দেউতাকৰ পাৰিবাৰি পুৰণি শত্ৰুতা আছিল।মুছলমান সমাজে ধৰ্মগ্ৰন্থত হাতথৈ পাৰুৰ দেউতাকৰ বদলা লবলৈ ৰছিদক শপত খুৱাইছিল।পাৰুৰ ককাৱকে সিহঁতৰ ককাৱকক মাৰিছিল। পাৰু ভয়খাই সৰ্তক হ'ল।এদিন ভাৱি জোৱাই ৰামচন্দ্ৰ আহিল বিয়াৰ আগতে পাৰুহঁতৰ ঘৰলৈ।পাৰুৰ মন উৎফুল্লিত হ'ল।মাকে কিবা এটা বস্তু আনিবলৈ পাৰুক ভনীয়েতৰ সৈতে পথাৰলৈ পঠালে। সন্ধ্যা পথাৰৰ পৰা ভনীয়েকৰ লগত দৌৰি আহি থাকোতে ঘোঁৰাত অহা ৰছিদে পাৰুক অপহৰণ কৰি লৈ গ'ল আৰু এটা গুহাত বন্দী কৰি ৰাখিলে।পাৰু মুচকচ গ'ল।ৰছিদে পাৰুক নিকা কৰাৰ প্ৰস্তাৱ দিলে।তাই প্ৰত্যাখ্যান কৰিলে,পলাবলৈ চেগ বিচাৰিলে।এদিন সঁচাকে নিশা পাৰু পলাল।তাই নিজৰ গাঁৱৰ ৰাস্তা চিনি পায় ।দৌৰি দৌৰি আহি পুৱা ঘৰ ওলালহি।মাক-দেউতাকে পাৰুক ঘৰত সোমাবলৈ নিদিলে।পাৰু ঘৰত সোমালে মুছলিমলোকে সিহঁতক চূড়ান্ত শাস্তি দি ঘৰ ভাঙি দিববুলি ভয় কৰিলে।কাৰণ ভাৰত-পাকিস্তান বিভাজনলৈ কটামৰা চলিয়ে আছিল।তদুপৰি হিন্দু সমাজেও নিদিব ।পাৰুৱে হাতে-ভৰিয়ে ধৰিলে ,কাকুতি কৰিলে মাক-দেউতাকক।সিহঁতৰ হৃদয় বোৰ ইতিমধ্যে শিলহৈ গৈছিল।নিজৰ মৰমৰ সপোনৰ ঘৰ,মাক দেউতাত,ভাই-ভনী,বান্ধবী,গাঁৱৰ আবেগ সকলোৱে যেন তাইৰ পৰা দূৰৈলৈ পলাবলৈ ধৰিলে।তাইৰ অপৰাধ এটাই,তাইক এটা মুছলমান যুৱকে পুৰণি আখেজ পুৰাবলৈ অপহৰণ কৰিছিল।ইয়াত পাৰুৰ কোনো দোষ নাছিল।
এইবাৰ পাৰুৱে ১৪ বছৰীয়া মৰম-আবেগৰ সকলো সম্বন্ধ এৰি কান্দি কান্দিগাঁৱৰ পৰা ওলাই ৰামচন্দ্ৰ নামৰ দৰাৰ ঘৰত উপস্থিত হ'ল,কিন্তু তেওঁলোকেও মুছলমানৰ ঘৰত থকাৰ বাবে তাইক গ্ৰহণ নকৰিলে। পাৰু দূৰৈলৈ দৌৰি পলাবলৈ ধৰিলে।কাৰণ এজন অন্যধৰ্মৰ ল'ৰাৰ লগত থকাটোৱে হিন্দু সমাজৰ সতীত্ব নষ্টৰ প্ৰমাণ।সম্বন্ধৰ বাহিৰত এজন যুৱক আৰু এজনী গাভৰু ছোৱালী নিশা অকলশৰে থাকিলে নাৰীৰ সতীত্ব সমাজৰ মতে নষ্ট হয়।তাতে ১৫ দিন পাৰু ৰছিদৰ লগত ইচ্ছাকৃত বা অনিইচ্ছাকৃত থকাটোৱে সতীত্ব নষ্টৰ প্ৰমাণ। বেয়া ব্যৱহাৰ নাই কৰা বুলি দিয়া পাৰুৰ যুক্তি নৰজে।তাই সতীত্বহীনা ।সমাজৰ ,ঘৰৰ আৱৰ্জনা।আশ্ৰয়ৰ কথা নাহে।আধা বাটৰ পৰা ৰছিদে পাৰুক হাতত ধৰি লৈ গ'ল।কাৰণ সি পাৰুক সঁচাকে ভালো পাইছিল।এদিন পাৰুৰ ৰছিদৰ লগত নিকা হ'ল।তাইৰ নতুন নাম হল হামিদা।নাৰীৰ স্বাধীনতা,ইচ্ছা অনিচ্ছাৰ কথা নাই।
সময় আৰু পৰিস্থিতিয়ে নাৰীক জীৱন আগবঢ়াই নি থাকে।ইয়াত নাৰীৰ কৰিবলগা একো নাই।১৪ বছৰীয়া নাৰী জীৱন পাৰুৱে হিন্দু সংস্কৃতিৰে গঢ়ি তুলিছিল,হঠাৎ তাই মাক-বাপেক সমাজৰ নিয়মত চলিও মুছলিম যুৱকৰ লগত নিশা থাকিব লগা হ'ল,পৰিয়ালৰ পূৰ্বৰ কাজিয়াৰ প্ৰতিশোধৰ বলী হ'ল।মনে প্ৰাণে তাই হিন্দু হৈ মুছলমান সমাজত সংযুক্ত হ'ল।হিন্দু উৎসৱবোৰৰ সময়ত পাৰু চঞ্চলহৈ পৰে দূৰৈৰ পৰা চাই থাকে ,ওচৰলৈ যাব নোৱাৰে তাই কাৰণ তাই মানুহ নহয় মুছলমান।সেই সময়তে লাজু নামৰ ৰামচন্দ্ৰৰ ভনীয়েক,পৰিবাৰ আৰু পাৰুৰ ভায়েকক মুছলমানলোকে অপহৰণ কৰে ।পাৰুয়ে গম পায় ৰছিদৰ সৈতে মিলি সিহঁতক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়।তিনিওকো তাই ৰিফিউজী কেম্পত থকা ৰামচন্দ্ৰৰ ওচৰলৈ ঘুৰাই পথালে।ৰামচন্দ্ৰই পাৰুক নিজৰ লগলৈ আহিবলৈ কয় যদিও পাৰুৱে ৰছিদক এৰি যাবলৈ অস্বীকাৰ কৰে।ইমানতে কাহিনী সমাপ্ত হয়।
অমৃতা প্ৰীতমৰ মতে মহিলাৰ মন আৰু দেহাত ঘটা বহু কাহিনী কাগজত লিখা নহয়।তেওঁ কয় যেতিয়া মানুহৰ মৃত্যু এখন কিতাপত পৰিণত হয়,তেতিয়া জীৱনে কিতাপৰ ভূমিকা লিখিব লগাত পৰে।তেওঁৰ মতে ভাৰতীয় পুৰুষে আজিও নাৰীৰ ক্ষেত্ৰত পুৰণি পৰম্পৰাগত ৰূপটোহে বিচাৰে,সম্বন্ধৰ বাবে ছোৱালী বুদ্ধিমান হোৱাতো বিচাৰে যদিও,বিয়াৰ ক্ষেত্ৰত বুদ্ধিমান হোৱাতো কাহানিও নিবিচাৰে।নাৰীৰ ক্ষেত্ৰত তেওঁৰ ধাৰণা -Peace is not just the absence of violence,peace is when the flowers bloom. তেওঁ নিজৰ বিষয়ে কয় মোৰ ভিতৰৰ জুই কুৰা সাহিত্যত শিখা ৰূপ লয় আৰু শৰীৰটো এটা টচলাইট হৈ পৰে।আকৌ কৈছিল হিন্দু-অথবা মুছলমান যি আগৰ ঠিকনালৈ ঘুৰি আহে,তেওঁলোকৰ লগত মোৰ আত্মাও উপস্থিত হয়।শেষত অমৃতা পীতমৰ মানৱতাবাদী বিখ্যাত কবিতাৰে সামৰিছো------
আজি মই
নিজৰ ঘৰৰ ঠিকনা মচি দিলো
আৰু পদপথত ওলমি থকা
নামৰ ফলকখন ফালি দিলো
প্ৰতিটো পথৰ সন্মুখৰ
নামফলক বোৰ মচি দিলো।
তুমি যদি মোৰ ঠিকনা বিচৰা
তেন্তে প্ৰতিখন দেশৰ,প্ৰতিখন চহৰৰ
প্ৰতিটো পদপথত বিচৰা
ই এক অভিশাপ,আকৌ বৰ প্ৰাপ্তীও!
আৰু যদি তোমাৰ মুক্ত হৃদয়ৰ
পোহৰ পৰিছে,তেন্তে সেয়ে মোৰ ঘৰ।
লেখক: দিলীপ কুমাৰ বৰুৱা
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা, অসমীয়া,
digantas.blogspot.com
email: digbhuyan123@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.