 |
নেতাজী সুভাষ চন্দ্ৰ বসু |
নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ
লেখক:-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কিংবদন্তী জননেতা আছিল নেতাজী সুভাষ চন্দ্ৰ বসু।তেওঁৰ ব্যক্তিগত জীৱন,স্বাধীনতা আন্দোলনত সুভাষৰ ভূমিকা,তেওঁ গঠন কৰা আজাদ হিন্দ ফৌজ,তেওঁৰ বিয়া,মৃত্যু প্ৰসঙ্গত আজিও মানুহৰ মুখে মুখে কাহিনীৰ শেষ নাই।সুভাষ আছিল ভাৰতবৰ্ষৰ অতি দুৰ্দান্ত সাহসী,বুদ্ধিমান ৰাজনৈতিক সংগ্ৰামী আৰু সসস্ত্ৰ সংগ্ৰামত বিশ্বাসী স্বাধীনতা সেনানী। ইংৰাজ চৰকাৰে তেওঁক ইমানেই ভয় কৰিছিল যে তেওঁক ১১ বাৰ জেলত বন্দী কৰাৰ উপৰি ইউৰোপলৈ নিৰ্বাসন দিয়ে।তেওঁ ভাৰত বাসীক আহ্বান দিছিল- "তোমালোকে মোক তেজ দিয়া,মই তোমালোকক স্বাধীনতা দিম "।আকৌ কৈছিল, 'ভাৰতৰে জয়-জয় হিন্দ।'
কংগ্ৰেছ দলৰ সভাপতি পদত দুবাৰকৈ নিৰ্বাচিত সুভাষে শেষলৈ ইংৰাজৰ বিপক্ষে সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলি প্ৰায় ৮৫০০০ পদাতিক সৈন্যৰে এক যুদ্ধ ঘোষণা কৰি প্ৰতিকুল পৰিস্থিতিত পৰাজয়হৈ নিজেও এক বিমান দুৰ্ঘটনাত আত্মবলীদান দিয়ে যদিও তেওঁৰ ত্যাগ,সাহস আৰু মাত্ৰ ৪৮ বছৰত হাঁহি হাঁহি বৰণ কৰা অপৰাজেয় মৃত্যুৰ বাবে ভাৰতবাসীৰ অন্তৰত নেতাজী যুগে যুগে জীয়াই থাকিব।
১৮৯৭ চনৰ ২৩ জানুৱাৰীত সুভাষ চন্দ্ৰ বসুৰ এক অধ্যৱন্ত বঙালী পৰিয়ালত উৰিষ্যাৰ কটকত জন্ম হয়।তেওঁৰ পিতৃ আছিল জানকী নাথ বসু আৰু মাক আছিল প্ৰভাৱতী দত্ত।১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ ইংলেণ্ডৰ কেম্ব্ৰিজত পঢ়ি ১৯২১ চনত ভাৰতবৰ্ষৰ লৈ আহি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগ দিয়ে আৰু নিজৰ দক্ষতাৰ বাবে অলপ দিনৰ ভিতৰতে প্ৰভাৱশীল নেতা হৈ পৰে।১৯৩৮ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়,সুভাষ বসু ইয়াৰ পিছত মাহাত্মা গান্ধীৰ প্ৰৱল বিৰোধীতা নেওচি ১৯৩৯ চনত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।কিন্তু গান্ধীৰ সৈতে বিৰোধ বাঢ়ি যোৱাত তেওঁ পদত্যাগ কৰি কংগ্ৰেছৰ ভিতৰতে ফৰৱাৰ্ড ব্লক গঠন কৰে।ফলত তিনি বছৰৰ বাবে সুভাষ চন্দ্ৰ বসুক কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰে।

ইপিনে ১৯৩৯ চনত ইউৰোপত যুদ্ধ আৰম্ভ হয়।ফৰৱাৰ্ড ব্লকৰ ব্ৰিটিচ-বিৰোধী অভিযান আৰম্ভ কৰে।১৯৪০ চনত সুভাষক গ্ৰেপ্তাৰ কৰি ,পৰৱৰ্তীকালত ঘৰতে নজৰ বন্দী কৰি ৰাখে।ইংৰাজ চোৰাংচোৱা,পুলিচৰ চকুত ধুলিদি এদিন সুভাষ বীমা কোম্পানীৰ এজেন্টৰ চদ্মৱেশত পিছত শ্ৰৱন-বাকশক্তিহীন মহম্মদ জিয়াউদ্দিন মৌলৱীৰ চদ্মৱেশত কাবুলহৈ পলাই যায়।তাৰ পিছত ইটালীৰ সহযোগত মস্কোহৈ জাৰ্মানীৰ যুদ্ধকালীন বাৰ্লিনত আৰলেণ্ডো মাজোটা চদ্মনামত উপস্থিত হৈ বিশ্বত তোলপাৰ লগালে।সুভাষে বাৰ্লিনত গঢ়ি তুলিলে ফ্ৰি ইণ্ডিয়া চেন্টাৰ।আনকি ইয়াত তেওঁ এডলফ্ হিটলাৰকো লগধৰে।ইয়াৰ পিছতে ইউৰোপ আৰু উত্তৰ আফ্ৰিকাৰ যুদ্ধবন্দীলৈ গঢ়ি তোলে ইণ্ডিয়ান লিজিয়ন সেনা বাহিনী।অকলযে সুভাষ চন্দ্ৰ বসুয়েই ভাৰতৰ বাহিৰত থাকি স্বাধীনতাক হকে সংগ্ৰাম গঢ়ি তুলিছিল এনে নহয়।এনে বিপ্লৱী সকলৰ ভিতৰত ৰাসবিহাৰী বসু,বাবা অমৰ সিং,বাবা ওচমান খান আদিয়েও ভাৰতৰ বাহিৰত থাকি স্বাধীনতাৰ হকে বিশ্বজুৰি এক সংগ্ৰাম গঢ়ি তোলে।বাবা ওমৰ সিঙে ব্যংককত ভাৰতীয় স্বাধীনতা লীগ,বাবা ওচমান খানে চাংহায়ত ভাৰতৰ স্বাধীনতাৰ পৰিকল্পনা কৰে।পিছলৈ জাৰ্মানীৰ পৰা চাবমেৰিণ যোগেদি ৯০ দিন সাগৰৰ তলিৰে যাত্ৰা কৰি নেতাজী জাপানৰ টকিঅ'ত উপস্থিত হয়।ৰাস বিহাৰী বসুৱে গঠন কৰে ১৯৪২ চনত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ,যাৰ ২২জুনত বেংককত বহা দ্বিতীয় অধিৱেশনত সুভাষ বসু সভাপতি নিৰ্বাচিত হয়।ইয়াৰ পিছতে গঠন হ'ল , "আজাদ হিন্দ ফৌজ " বা "ইণ্ডিয়ান নেচনেল আৰ্মি (আই এন এ)"।
১৯৩৭ চনৰ২৬ ডিচেম্বৰ তাৰিখে অস্ত্ৰিয়াত নেতাজীয়ে বিয়া কৰাই অস্ত্ৰিয়ান মহিলা এমিলি চেঙ্গেলক।তেওঁৰ একমাত্ৰ কন্যা আছিল অনিতা বসু।অনিতা বসু পিছত জাৰ্মান সংসদৰ সদস্য নিৰ্বাচিত হৈছিল আৰু ভাৰতলৈও বহু বাৰ আহে।Indian Pilgrim আৰু India's Struggle For Freedom এই গ্ৰন্থ লিখাৰ সময়ত অস্ত্ৰিয়াত এমিলী তেওঁৰ সহায়কাৰী টাইপিষ্ট আছিল,পিছত তেওঁক নেতাজীয়ে বিয়া কৰায়।
 |
Rabindra Nath Tagore |
ৰবীন্দ্ৰ নাথ ঠাকুৰদেৱে নেতাজীক কৈছিল দেশ নায়ক।মাহাত্মা গান্ধী য়ে সুভাষ বসুক Princh among patriot বুলিছিল,আনহাতে এডলফ্ হিটলাৰে তেওঁক প্ৰথম নেতাজী নামেৰে মতা বুলি কোৱা হয় যদিও এই কথাত বিৰ্তক আছে।
বহু কষ্ট কৰি সুভাষ বসুৱে আজাদ হিন্দ ফৌজ গঢ়ি তোলে।১৯৪৩ চনৰ ২১ অক্টোৱৰত জাপানৰ সহযোগত গঠিত হয় আজাদ হিন্দ চৰকাৰ -অৰ্থাৎ মুক্ত ভাৰতৰ প্ৰাদেশিক চৰকাৰ।বিশ্বৰ ৯ খন দেশে এই চৰকাৰলৈ সমৰ্থন আগবঢ়ায়।এই চৰকাৰৰ সৰ্বাধিনায়ক আৰু ৰাষ্ট্ৰ প্ৰধান আছিল সুভাষ চন্দ্ৰ বসু।৮৫০০০ সৈন্যৰে এই চৰকাৰৰ সেনাবাহিনী গঠন হয়।সেনাধ্যক্ষ আছিল ক্ৰমে মোহন সিং,এম জেড কিজানি,শাহ নাওৱাজ খান আৰু প্ৰেম কুমাৰ চেহগাল।
চৰকাৰৰ এক সুকীয়া নাৰী বাহিনী ঝাঁসী ৰাণী বাহিনী গঠন কৰে।চৰকাৰৰ সুকীয়া ২৪ টা বিভাগো খোলা হৈছিল।জপানে এই চৰকাৰক কামকাজ চলাবলৈ পূৰ্বে দখল কৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ চমজাই দিয়ে।ইয়াৰ নতুন নাম দিয়া হল স্বৰাজ দীপপুঞ্জ।ইয়াৰ প্ৰশাসক নিযুক্তি হ'ল লে.কৰ্ণেল এ ডি লোগনাদন।তিনি বৰণীয়া জাতীয় পতাকা উৰিবলৈ ধৰিলে আন্দামানত।তাৰ পিছতে ব্ৰহ্মদেশৰ সীমান্তইদি আজাদ হিন্দ ফৌজে দিল্লীলৈ যুদ্ধ যাত্ৰাৰ প্ৰস্তুতি চলালে।১৯৪৪ চনৰ ৪ ফেব্ৰুৱাৰীত আজাদ হিন্দ ফৌজ অস্ত্ৰাঘাট কৰি আৰাকান অঞ্চলত সফল হৈ ১৮ মাৰ্চত ভাৰতৰ ভূমিত যুদ্ধ আৰম্ভ কৰিলে।১৪ এপ্ৰিলত মনিপুৰত বিজয়ৰ ভাৰতীয় ত্ৰিৰঙ্গা পতাকা উৰিল।এই স্থান আছিল মনিপুৰৰ মৈৰাং অঞ্চল।ইম্ফল যুদ্ধ তুমুল ভাৱে চলিল।এই সময়ত অত্যাধিক বৰষুণ,বানপানীৰ ফলত আজাদ হিন্দ ফৌজ বহু ফালৰ পৰা বিপদত পৰিল আৰু ফলত ২৭ জুনত ইম্ফল অৱৰোধ তুলি নিব লগা হ'ল।জাপানেও সুভাষক জটিলতাত পেলালে।নেতাজীয়ে তেতিয়াও আশা এৰা নাছিল।নেতাজীয়ে ৰুছ চৰকাৰৰ সহায়ৰ চেষ্টা কৰে,এনে অৱস্থাতে ১৫ আগষ্ট,১৯৪৫ ত জাপানে আত্মসমৰ্পন কৰে,ফলত নেতাজীৰ সপোন ধূলিসাৎ হ'ল।নেতাজীয়ে বেংকক এৰিব লগা হ'ল।জাপানী বিমানত চাইগানৰ পৰা আতৰিবলৈ দুটি আসন দিয়া হ'ল।নেতাজী আৰু কৰ্ণেল হবিবুৰ ৰহমান জাপানী বোমাৰু বিমানত উঠিল।বিমান যাত্ৰা কিছু সময় পিছতে বিমান দুৰ্ঘটনাত ফকমোজো দ্বীপত ১৮ আগষ্টত নেতাজীৰ শোকাৱহ মৃত্যু হ'ল।এগৰাকী আপোচহীন বীৰ যুদ্ধা আৰু তেওঁ প্ৰতিষ্ঠা কৰা মুক্ত ভাৰতৰ প্ৰাদেশিক চৰকাৰৰ পতন ঘটিল ।আজাদ হিন্দ ফৌজৰ জোৱান সকলক (প্ৰায় ২০,০০০ জনক)বন্দী কৰি দিল্লীত বিচাৰৰ বাবে নিয়া হ'ল।

বহু অসমীয়াই এই সশস্ত্ৰ সংগ্ৰাম বিফল হ'ল যদিও ভাৰতীয় লোকৰ এই সশস্ত্ৰ সংগ্ৰামৰ ইতিহাস যুগ যুগলৈ চিৰস্মৰণীয় হৈ থাকিব।সুভাস চন্দ্ৰ বসুৱে ইংৰাজৰ লগত আলোচনাৰে কিবা হব বুলি ভৱা নাছিল No real change in history has even be achieved by discussions.তেওঁৰ "জয় হিন্দ"শ্লোগানৰ দ্বাৰা নেতাজী অমৰত্ব লাভ কৰিব।শেষত তেওঁৰ বিখ্যাত উক্তিৰে সামৰিছো One individual may die for an idea,but that idea after his death ,incarnate itself in a thousand lives.
Writer: Dilip Kumar Baruah,Tezpur
(ছবি সমূহ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে)
edited by: Diganta Kr.Bhuyan
SAHITYA SAFURA-ASSAMESE(Blog)
digantas.blogspot.com
email-digbhuyan123@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.