সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

নীলকন্ঠী নিৰুপমা বৰগোহাঞি আৰু অভিযাত্ৰী

 নিৰুপমা বৰগোহাঞি





নীলকন্ঠী নিৰুপমা বৰগোহাঞি আৰু অভিযাত্ৰী







=====দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

নিৰুপমা বৰগোহাঞিৰ দৰে সমাজৰ বঞ্চিত,নীপিড়ীত মানুহৰ ন্যায়ৰ পক্ষত গোটেই জীৱন আপোচহীন ভাৱে সাংবাদিকতা-সাহিত্যচৰ্চা কৰা লেখিকা অসমীয়া ভাষা-সাহিত্যৰ বাবে এক গৌৰৱ।ৰাজনৈতিক অন্যায়ৰ,সামাজিক অন্যায়,লিংগ-বৈষম্যতা,নাৰীৰ সৱলীকৰণৰ যোগেদি নাৰী-পুৰুষৰ সমবিকাশৰ হকে নিৰ্ভিক ভাৱে সাহসেৰে কলম চলাই ৰখা মানৱতাবাদী নিৰুপমাৰ লেখনিয়ে সদায় আমাক  উৎসাহিত কৰে।

নিৰুপমা  তামূলী ৰ(বৰগোহাঞি) ঘৰত মতা নাম বকুল।গুৱাহাটীৰ মাজ মজিয়াত জোৰপুখুৰি অঞ্চলত ১৯৩২চনৰ ১৭ মাৰ্চত বাইদেউৰ জন্ম।গুৱাহাটীৰ পানবজাৰ হাইস্কুলত পঢ়ি থাকোতেই বাইদেউৱে শলিতা নামৰ হাতেলিখা আলোচনী প্ৰকাশ কৰি সাহিত্যৰ প্ৰথম খোজ দিয়ে।অষ্টমমানত পঢ়ি থাকোতেই বিদ্যালয় লৈ অঞ্জলি লাহিড়ী নামৰ এগৰাকী কমিউনিষ্ট দলৰ নেতা আহি ছাত্ৰী সকলৰ আগত সমাজবাদ প্ৰতিষ্ঠাৰ হকে কাম কৰিবলৈ জনোৱা আহ্বানত বাইদেউৰ মনত সমাজবাদী আৰ্দশই খোপনি পোতে আৰু দৰিদ্ৰপীড়িত জনতাৰ পক্ষত কাম কৰাৰ অঙ্গীকাৰবদ্ধ হয়।এই আৰ্দশৰ পথতে বাইদেউ আজিও অটল।অৱশ্যে বাইদেও গান্ধীবাদী কমিউনিষ্টহে।গুৱাহাটীতে উচ্চ শিক্ষা লৈ বাইদেউ কলিকতাৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।ইয়াৰ পিছতে নলবাৰী কলেজত প্ৰৱক্তা হিচাবে কৰ্মজীৱন আৰম্ভ কৰে।১৯৫৮ চনত অসমৰ আন এগৰাকী গদ্য সম্ৰাট শ্ৰীহোমেন বৰগোহাঞি ৰ লগত নলবাৰীতে বিয়া হয়।

স্বামীৰ চাকৰি সূত্ৰে স্থায়ী চাকৰি পায়ো তেখেত মাজুলী,নলবাৰী,লক্ষীমপুৰ,যোৰহাট,গোৱালপাৰাত ঘুৰি ফুৰিব লগা হয় আৰু দুটি পুত্ৰ সন্তান জন্ম হয়।হোমেন বৰগোহাঞিৰ লগত ১৯৬৮ চনত প্ৰকাশিত নীলাচল কাকতৰ সহকাৰী সম্পাদিকা হিচাবে সাংবাদিকতাত ভৰিদি প্ৰথম পৰ্যায়ত সাধাৰণ বিষয়ত লেখা আৰম্ভ কৰি পিছলৈ এগৰাকী দায়বদ্ধ লেখিকা হিচাপে উজ্বলি উঠে।

১৯৭৭ চনত তেওঁৰ বিবাহ বিচ্চেদৰ পিছত ল'ৰা দুটিৰ সৈতে দেউতাকৰ ঘৰতে থাকিবলৈ লয়।এক প্ৰৱল আৰ্থিক সংকটৰ মাজেৰে দুয়োটা ল'ৰাকে তেখেতে উপযুক্তকৈ গঢ়ি তোলে।ইয়াৰ মাজতে নিয়মীয়া সাহিত্য চৰ্চা চলাই নিয়ে।কিন্তু কোনো ক্ষেত্ৰতে আপোচ নকৰি সিংহবিক্ৰমেৰে মানৱতাৰ হকে কলম চলাই নিয়ে।জীৱনত কোনো চৰকাৰী বঁটা,পদপীৰ প্ৰতি বাইদেউৰ কোনো হাবিয়াস নাছিল।সাধাৰণ জনতাৰ পক্ষত থকা সামাজিক দায়বদ্ধ,বিশ্বাসযোগ্যতা বাইদেউৰ সাহিত্য- ব্যক্তিত্বৰ বৈভৱ।অসম আন্দোলন সমৰ্থন কৰিও ইয়াৰ কিছু অমানবীয় দিশ প্ৰতিবাদ কৰি বাইদেউ সপ্তাহিক নীলাচল কাকতৰ পৰা বহিস্কৃত হয়,আন্দোলনকাৰীৰ দ্বাৰাও সামাজিক বৰ্জিত হয় আৰু অপদষ্টও হয়।এবাৰ আৰ্থিক সমস্যাৰ বাবে গুৱাহাটী এখন কলেজৰ ৫০ টকীয়া চাকৰি এটাৰ বাবে আবেদন কৰি ইংৰাজী আৰু অসমীয়াত এম এ পাছ হোৱা চত্তেও তেওঁ নিৰ্বাচিত নহল।  চৰকাৰী সাহিত্যিক পেঞ্চনৰ বাবে আবেদন কৰাৰ সময়টো বহু তিক্ত অভিজ্ঞতা হয় আৰু পেঞ্চন লাভ কৰে।বহু মাহ মাত্ৰ ৪৫০ টকা পেঞ্চনেৰে তেওঁ ঘৰ চলায়।

তেখেতৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল সেই নদী(১৯৬৩),দিনৰ পিছত দিন(১৯৬৮),অন্ত শ্ৰোতা(১৯৬৯),হৃদয় এটা নিৰ্জন দ্বীপ(১৯৭০),সামান্য অসামান্য(১৯৭১),কেকটাচ ফুল(১৯৭৬),ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ(১৯৭৯),ভবিষ্যত ৰঙা সূৰ্য(১৯৮০),অন্য জীৱন(১৯৮৬),চম্পাৱতী(১৯৯০),অভিযাত্ৰী(১৯৯৫),বৰষুণ(২০১১) ইত্যাদি।

তেখেতৰ দুখন আত্মকথা হল বিশ্বাস আৰু সংশয় আৰু এবাৰ উভতি চাওঁ।অভিযাত্ৰী উপন্যাস ৰ বাবে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে আৰু২০০৪ চনত অসম উপত্যকা বঁটা লাভ কৰে।অসম সাহিত্য সভায়ো তিনিটা পুকস্কাৰৰে বাইদেউক সন্মানিত কৰে।২০১৫ চনত ভাৰত চৰকাৰৰ সাম্প্ৰদায়িক নীতি বিৰোধীতাৰে সাহিত্য অকাডেমি বঁটা হোমেন বৰগোহাঞিসহ দুয়ো ঘুৰাই দিয়ে।আমি তলত অতি চমুকৈ বাইদেউৰ অগ্নিকন্য চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন ভিত্তিক  সাহিত্য অকাডেমি বঁটা প্ৰাপক উপন্যাসৰ এক আলোচনা কৰো।




চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন ,নাৰী সৱলীকৰণৰ দীৰ্ঘকালীন সংগ্ৰাম,ভাৰতৰ স্বাধীনতা সংগ্ৰাম,অস্পৃশ্যতা,জাতি বৈষম্যতা,নাৰী শিক্ষা,কানি বিৰোধী আদি বহুমুখী সংগ্ৰামৰ দলিল।

তেজপুৰ বিশ্ববিদ্যালয়ত সুন্দৰকৈ সজাই ৰখা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মূৰ্তিৰ তলতৰৈ মই প্ৰায়ে ভাৱো প্ৰেমৰ মাজতে থনথনকৈ ভাগি পৰা নাৰী জীৱনৰ মৰ্মদ দুখৰ মাজতো গান্ধীবাদৰ সংগ্ৰামী ধ্বজা উৰুৱাবলৈ আইতাই ক'ত ইমান সাহস পালে।নিৰুপমাক উপন্যাস আৰম্ভ হৈছে বজালীৰ দৈশিঙৰি নামৰ এখন পিছপৰা গাঁৱত,য'ত সৰু ঘৰ এটী সাজি চন্দ্ৰপ্ৰভা নামৰ প্ৰাথমিক শিক্ষাৰে শিক্ষিত এজনী ছোৱালীয়ে এখনি কন্যাবিদ্যালয়  পাতে।চৰকাৰী বিদ্যালয় পৰিদৰ্শক আহি ১৩ বছৰীয়া চন্দ্ৰপ্ৰভাৰ সাহস আৰু সপোন জানি তেওঁক  নগাৱৰ মিচন স্কুলত এম ভি বিনামূলীয়াকৈ পঢ়াৰ সুবিধা কৰি দিয়ে।বায়েক ৰজনীপ্ৰিয়াও যায় নগাৱত পঢ়িবলৈ।ৰজনীপ্ৰিয়া পিছত শ্বিলংত পঢ়ি চিকিৎসক হয়।এম ভিৰ উপৰিও নৰ্মাল পাছ কৰিলে বাইদেউৱে নগাঁৱৰ পৰা।ইতিমধ্যে নগাওঁত মহিলা সমিতি খুলি জনপ্ৰিয় হৈছিল চন্দ্ৰপ্ৰভা ।এইবাৰ তেজপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হৈ তেজপুৰ পালেহি চন্দ্ৰপ্ৰভা (১৯১৮চন)।স্বাধীনতা আন্দোলনত জৰিত হ'ল।সুন্দৰ বক্তা হিচাবে জিলিকি উঠিল।তেজপুৰত অনুষ্ঠিত ছাত্ৰ সন্মিলনৰ অধিৱেশনত কানিৰ বিৰুধে বক্তৃতা দিলে চন্দ্ৰপ্ৰভাই।তাৰ পিছতে১৮ বছৰীয়া চন্দ্ৰপ্ৰভাই তেজপুৰ মহিলা সমিতি পুনৰ গঠন কৰিলে।সদৌ অসম মহিলা সমিতি ধুবুৰীত ১৯২৬ চনত গঠন কৰি প্ৰধান সম্পাদিকাৰ দায়িত্ব ললে।এই  সময়তে তেজপুৰৰ এগৰাকী যুৱ লেখক শিক্ষক  সংস্পৰ্শলৈ আহিল চন্দ্ৰপ্ৰভা।প্ৰেমত পৰিল।মহাভৈৰৱ মন্দিৰত দুয়োৰে বিবাহ সম্পন্ন হ'ল।প্ৰেমাস্পদৰ হিয়াৰ প্ৰতিশ্ৰুতি পায় গৰ্ভাৱতী হ'ল।কিন্তু ই কি বিয়াৰ স্বীকৃতি নিদিলে লেখকৰ সমাজে চন্দ্ৰপ্ৰভাক।নিম্নজাতিৰ চন্দ্ৰপ্ৰভাক  উচ্চজাতিৰ  লেখকজনে  বিয়া কৰায়ো স্বীকৃতিৰ সাহস গোটাব নোৱাৰিলে।কান্দি কান্দি অস্থিৰ হ'ল চন্দ্ৰপ্ৰভা। এম ভি স্কুলৰ চাকৰিও হেৰুৱালে চন্দ্ৰপ্ৰভাই।তেজপুৰ এৰি সকলো দুৰ্ভাগ্যৰ বোজালৈ আপোন ঘৰলৈ দুছি গ'ল।আৰ্থিক দৰিদ্ৰতা আৰু সামাজিক দুৰ্নামৰ যন্ত্ৰনালৈ চন্দ্ৰপ্ৰভাই গৰ্ভৰ সন্তান জন্ম দিবলৈ দৃঢ় প্ৰতিজ্ঞ হ'ল।একক মাতৃ হিচাবে তেওঁ নিজৰ সন্তানক ডাঙৰ কৰিব।১৯২৩ চনত এটা পুত্ৰ সন্তান জন্ম হ'ল।নাম ৰাখিলে অতুল শইকীয়া।(এই অতুল শইকীয়া এদিন ডাঙৰহৈ এম এল এ হৈছিল)জন্মৰ পিছতে  কনমানী শিশুটো  মাক-দেউতাকক চমজাই দিলে।ভাগি যোৱা মনক সংজত কৰিলে।হাজাৰজনী চন্দ্ৰপ্ৰভা ৰ চিন্তা আহিল মনলৈ।চন্দ্ৰপ্ৰিয়া মজুমদাৰ এদিন নগাঁৱলৈ আহি চন্দ্ৰপ্ৰভা দাস হ'ল,শেষত হ'ল চন্দ্ৰপ্ৰভা শইকীয়া।এক অগ্নিশিখাহৈ জ্বলিবলৈ সাহস গোটালে।জীৱনৰ বিষ পান কৰি কৰি নীলকন্ঠী হব তাই।এদিন এখন মহিলা আলোচনী সম্পাদনা কৰিছিল চন্দ্ৰপ্ৰভাই ,নাম আছিল অভিযাত্ৰী।এইবাৰ ৰণক্ষেত্ৰলৈ ওলাল জীৱনৰ নতুন অভিযাত্ৰীহৈ।দুৰ্বলা,অৱলা নাৰীৰ সংগ্ৰামৰ লগতে স্বাধীনতা সংগ্ৰামত জৰিত হ'ল।গান্ধীবাদী কৰ্মিহৈ ঘুৰি্ ফুৰিল অসমত।জপিয়াই পৰিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত।এবাৰ দুবাৰ নহয় তিনিবাৰ গ্ৰেপ্তাৰহৈ জেল খাটিলে তেওঁ।গান্ধীজী আহোঁতে তেওঁৰ সহযোগী হ'ল।এনেদৰে এদিন ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে। চন্দ্ৰপ্ৰভা এইবাৰ জৰিত হ'ল নাৰীৰ সৱলীকৰণ আন্দোলনত।এবাৰ নিৰ্বাচনতো অংশ লৈছিল বাইদেউৱে।জিকিব নোৱাৰিলে।বিনোৱাভৱেৰ লগত ভূদান আন্দোলনত জৰিত হ'ল.…........... ১৯৭২চনৰ ১৬ মাৰ্চত চন্দ্ৰপ্ৰভাৰ মহাপ্ৰয়ান ঘটিল।শেষত নিৰুপমা বাইদেউৰ এষাৰ কথাৰে সামৰিছো-দুখৰ সময়ত তললৈ চাব লাগে,ভাৱিব পাগে যে মোতকৈও দুখীয়া মানুহ আছে  আৰু সুখৰ সময়ত ওপৰলৈ চাব লাগে  অহংকাৰ যেন নহয়।বৰ্তমানে ৮৮ বছৰত ভৰিদিয়া মানৱতাবাদী ,গান্ধীবাদী ,সমাজবাদী সাহসী অসমীয়া ভাষা-সাহিত্যৰ বিশিষ্টা লেখিকা গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।   (১৭জুলাই২০২০)

লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ




সম্পাদনা: দিগন্ত কুমাৰ ভূঞা, সাহিত্য সঁফুৰা (ব্লগ)
digantas.blogspot.com
 E-mail= digbhuyan123@gmail.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়