সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

বেবী হালদাৰ আৰু আলো আঁধাৰি

Baby Halder

বেবী  হালদাৰ আৰু আলো আঁধাৰি Baby Halder and her Autobiography A Life Less Ordinary




:: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ--


কোৱা হয় ভাৰতীয় গ্ৰাম্য দৰিদ্ৰ মহিলাৰ জীৱন একোখন অলিখিত সঁচা উপন্যাসৰ দৰে।ইয়াৰ এক জলন্ত প্ৰমাণ বেবী হালদাৰ নামৰ লোকৰ ঘৰে ঘৰে বনকৰা মহিলা বা বাইৰ এখন আত্মকথা- আলো আঁধাৰি।

হাজাৰ হাজাৰ বেবী হালদাৰ এনেদৰে সময়ৰ সোঁতত হেৰাই গ'ল।কেৱল  এই দিল্লীৰ গুৰগাঁৱৰ মহিলা বনকৰা মহিলা গৰাকীয়ে ২০০২ চনত কিতাপ আকাৰে লিখিলে নিজৰ আত্মকথা ,যি বিশ্ব সাহিত্য জগতত জিলিকি উঠিল। কি দুৰ্বিসহ জীৱন দৰিদ্ৰ  মহিলাৰ ভাৰতবৰ্ষত- যাৰ দুখ স্বাধীনভাৰতৰ আইন,আদালতেও  চুবকে নোৱাৰে।বনকৰা মহিলা গৰাকী কেৱল ভাৰতবৰ্ষতে নহয় পৃথিবীৰ  সাহিত্য জগতত জিলিকি উঠিল এই অস্বাভাৱিক গ্ৰন্থৰ যোগেদি।লেখিকাৰ আত্মকথা আলো আঁধাৰি ১৩ টা বিদেশী ভাষালৈ অনুবাদ হ'ল আৰু লগতে ভাৰতৰ ২৪ টা ভাষালৈও কিতাপখন অনুবাদ  হ'ল।আমাৰ অসমীয়া ভাষালৈও কিতাপ খন অনুবাদ  হৈছে।পেৰিচ,ফ্ৰেঙ্কফুট,হংকং আদিলৈ লেখিকাক আমন্ত্ৰন কৰা হ'ল।বিশ্বতে জিলিকি উঠিল এই ব্যতিক্ৰমী আত্মকথা খন।এগৰাকী অখ্যাত বাই বিশ্বত জিলিকি উঠিল।



১৯৭৩ চনৰ ১৯ জুনত বেবী হালদাৰৰ জন্ম হৈছিল কাশ্মীৰৰ এটি অতি দৰিদ্ৰ মটৰ ড্ৰাইভাৰ পৰিয়ালত।অত্যাচাৰী গেলা মদাহী বাপেকৰ চৰ,গতা,মাৰধৰ আৰু সৎ মাকৰ মমতা আৰু আদৰত লালিত হ'ল বেবী।কিন্তু অত্যাচাৰী বাপেকৰ নিৰ্যাতনত অতিষ্ঠহৈ বেবীৰ মাক এদিন মাত্ৰ ৪ বছৰীয়া বেবীক এৰি নিজৰ জীৱন বচাবলৈ ঘৰৰ পৰা পলাই গ'ল ।ঘৈনিয়েক পলাই গলে গিৰিয়েকৰ  কি আহে যায়।আৰু এজনী চপাই আনিলে দেউতাকে।এইবোৰ তাইৰ মদাহী দেউতাকৰ বাবে সাধাৰণ কথা।বেবী  ষষ্ঠমানত পঢ়োতে তাইক স্কুল এৰুৱাই  দিলে দেউতাকে।ছোৱালীয়ে কিয় স্কুল পঢ়িব।তাই আখৰ শিকিলে হৈ গ'ল।শিশুৰ অধিকাৰ বুলি কোনো কথাই নাই,দেউতাকৰ ঘৰখনত।

মাত্ৰ ১৩ বছৰ  বয়সতে বেবীক বিয়া দিয়া হ'ল,তাইতকৈ ১৪ বছৰ ডাঙৰ মানুহ এজনৰ লগত।বাল্যবিবাহৰ আইনে ঢুকি নাপালে বেবীক।পচন্দ অপচন্দৰ কথা কি আছে।মতা মানুহৰ কি বয়সৰ হিচাব হয়।তাৰপিছত সমাজৰ  বিয়াৰ আইন মতে উপযুপৰি স্বামী নামৰ দানৱটোৱে তাইক ধৰ্ষণ কৰিলে ।১৪ বছৰতে তাই মাক হ'ল।ইয়াৰ পিছত প্ৰতি বছৰে এটাকৈ মুঠ তিনি বছৰত তিনিটা সন্তান জন্ম দিলে বেবীয়ে। নাৰীৰ জীৱন আৰু জন্তুৰ জীৱনৰ পাৰ্থক্য ক'ত। লগতে নিতৌ চলিল  স্বামীৰ অসভ্য  গালি ,মাৰধৰ। ক্ৰমে মাকৰ দৰে অসহ্য হৈ পৰিল তাইৰ জীৱন।কিন্তু তাই গম পালে দেশৰ বাওনা আইন-আদালতেও তাইক ৰক্ষা কৰিব নোৱাৰে।তাই এইবাৰ মাকৰ দৰে পলোৱাৰ পৰিকল্পনা কৰিলে,কিন্তু লগতে সন্তান তিনিওটাকে লৈ যাব তাই -ভাল মানুহ চাগে পৃথিৱীত গৰীৱৰ বাবেও আছে।এদিন গিৰিয়েকক এৰি তাই দিল্লী অভিমুখি ট্ৰেইনত উঠিল।লগত ল'লে কনমানি সন্তান সুবোধ,তাপস আৰু প্ৰিয়াক।প্ৰথম দুটা ল'ৰা,শেষৰ জনী ছোৱালী।বুকুত অলেখ সপোন।ভাৰতৰ ৰাজধানীৰ মানুহ চাগে দানব নহ'ব।সিহঁতক তাই মানুহ কৰিব এই দিল্লীত।কাশ্মীৰৰ পৰা মুৰ্চীদাবাদ,মুৰ্চীদাবাদৰ পৰা পশ্চিমবঙ্গৰ দুৰ্গাপুৰ,অৱশেষত দুৰ্গাপুৰৰ পৰা নতুন দিল্লীলৈ এক ৰ্দীঘতম ভ্ৰমণ ।

দিল্লীৰ ঘৰে ঘৰে ঘৰুৱা বনকৰা মহিলা হিচাবে তাই জীৱন আৰম্ভ কৰিলে।বাচন ধোৱা,ঠাই সৰাৰ পৰা ৰন্ধা বঢ়া সকলো কাম তাই কৰাত পাৰ্গত।কপালৰ ঘাম মচি মচি মালিকনীৰ কেতেৰা-জেঙেৰা নেওচি নিৰবে কৰি যায় তাই।প্ৰতিবাদ কৰিলে চাকৰি হেৰাই।স্বাধীন দেশৰ দৰিদ্ৰ দাসী তাই।কিন্তু চেগ বুজি ভদ্ৰলোক বোৰে ঘৈনীয়েকৰ আঁৰত বেবীলৈ আশালীন প্ৰস্তাৱ দিয়ে।গাৰ মঙহ বোৰ লৈ লুলুপ দৃষ্টিৰে চাই থাকে ভদ্ৰ সমাজৰ ভদ্ৰ চকুবোৰে।তিনিসন্তানৰ মাক তাই ,এই বুলি বুজালেও নিষ্ঠাৰ নাই তাইৰ।তিনিটা সন্তানৰ মাতৃ বুলি সুৰক্ষাৰ বিশ্বাস দিব নোৱাৰে সমাজে।আইনেটো দৰিদ্ৰক ঢুকিকে নাপায়।ভাগৰি পৰে তাই। তথাপি তাই হাৰিব নোৱাৰে।

এইবাৰ কাম বিচাৰি গুৰগাঁও পালেগৈ।প্ৰবোধ কুমাৰ নামৰ এগৰাকী লেখকৰ ঘৰত কামত যোগ দিলে।মুন্সী পেমছাঁদৰ নাতিনীয়েক প্ৰবোধ কুমাৰ।কামৰ মাজতে তাই এই লেখকৰ ঘৰত বিশ্বাস আৰু নিৰাপত্তা অনুভৱ কৰিলে।হিন্দী ভাষাৰ লেখক জনে মন কৰিলে এই বেবী হালদাৰৰ মাজত আন এজনী মানুহ-এক সৃজনশীল প্ৰতিভা জীপালহৈ আছে।প্ৰবোধ কুমাৰে বেবীৰ ভাগি পৰা মনটো গঢ়ি তুলিলে কিতাপ পঢ়িবলৈ দি।প্ৰৱল আশাবাদ জগাই তুলি তচলিমা নাচৰিণ,আনা ফ্ৰাঙ্ক,ঝুম্পা লাহিড়ী আদি মহিলাৰ কিতাপ পঢ়িবলৈ দিলে বেবীক।নিজৰ আত্মকথা লিখিবলৈ উৎসাহ যোগালে আৰু কাগজ,কলম দিলে।মাত্ৰ ষষ্ঠমানলৈ পঢ়া বেবী মনত বিশ্বাস ঘুৰি আহিল।এজন দেউতাক,এজন স্বামী হেৰুৱাৰ পিচত এজন দেৱতুল্য পিতৃ তাই বিচাৰি পালে প্ৰবোধ কুমাৰক।ভাল মানুহ এতিয়াও আছে‌।তাই লিখা আৰম্ভ কৰিলে ,নিজৰ সঁচা কথা,পুৰুষতান্ত্ৰিক সমাজত বাৰে নিৰ্যাতন ভোগ কৰা,নাৰীক পন্যৰ  দৰে যৌন আনন্দৰ বাবে ব্যৱহাৰ কৰা নিজৰ কাহিনীবোৰ,ভদ্ৰ সমাজৰ পুৰুষৰ মানসিকতা বোৰ তাই লিখি গ'ল। এই লেখনিৰ ভাষাৰ বৈশিষ্টও নতুন।এই ভাষা বনকৰা বাই এজনীৰ মুখৰ ভাষা।বঙলাৰ পৰা হিন্দী লৈ বেবীৰ লেখা অনুবাদ কৰিলে প্ৰবোধ কুমাৰে আৰু প্ৰকাশ হ'ল প্ৰথমখন হিন্দীত আত্মকথা আলো আঁধাৰে ২০০২ চনত। নতুন ষ্টাইলৰ নতুন সৰু মানুহৰ আত্মকথা।সাহিত্য জগতত তোলপাৰ লাগিল।প্ৰবোধ কুমাৰে কিতাপ খন ইংৰাজীতে অনুবাদ কৰি প্ৰকাশ কৰিলে।নাম দিলে  A Life Less Ordinary ।বিশ্ব জুৰি লেখিকাৰ খ্যাতি কঢ়িয়াই আনিলে বেবী হালদাৰলৈ।ইয়াৰ পিছতে বেবীয়ে প্ৰকাশ কৰিলে দ্বিতীয় আত্মকথা ঈষৎ ৰূপান্তৰ।তথাপি আজিও তাই প্ৰবোধ কুমাৰৰ ঘৰৰ বনকৰা বাই ।বিদেশলৈও গৈছে লেখনিৰ যোগেদি ,তথাপি  অহংকাৰ কৰিবলৈ শিকা নাই,নিজৰ আত্মকথা লিখি তাই শান্তি পাইছে,লগতে উদঙাই দিছে ভাৰতীয় দৰিদ্ৰ মহিলাৰ দৈহিক-মানসিক নিৰ্যাতন আৰু শোষণৰ মৰ্মদ  ধাৰাবাহিক কাহিনী যাক ঢুকি নাপায় প্ৰচলিত স্বাধীনদেশৰ আইনে।তদুপৰি সমাজেও নাৰীৰ প্ৰতি এই বৈষম্যতাৰ সুৰক্ষাই দি আহিছে।বেবী হালদাৰে নিজৰ অসীম দুখৰ মাজতো নিজৰ মাজত এক সাহসী আশাবাদ জীয়াই ৰাখি সুবিধা পাই তাক প্ৰকাশ কৰিলে।

 

লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

 

 

 

সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়