বহু সমাদৃত আৰু বহু বিতৰ্কিত..
ড.ৰোমিলা থাপাৰ আৰু প্ৰাচীন ভাৰতৰ ইতিহাস
Dr.Romila Thapar and Ancient Indian History
লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
এগৰাকী বিশ্ববন্দিত ভাৰতীয় বুৰঞ্জীবিদ যি নিজৰ বৌদ্ধিক জ্ঞানৰ ক্ষেত্ৰত অতি বেচি স্বাভিমানী,দুবাৰকৈ ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মান প্ৰত্যাক্ষান কৰা ৮৯ বছৰীয়া সাহসী লেখিকা গৰাকী হ'ল ৰোমিলা থাপাৰ ।তেওঁ সদায় সাহসীকতাৰে ৰাজনৈতিক স্বাৰ্থত বুৰঞ্জীৰ অপবাখ্যাৰ সৱল বিৰোধিতা কৰি আহিছে।তদুপৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাত ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰ পোষকতা কৰি আহিছে।১৯৯২ চনত শ্ৰীলঙ্কাত,১৯৯৩ চনত চিকাগোত , ২০০২ চনত পেৰিছতআৰু ২০০২ চনত অক্সফোড বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডিগ্ৰী প্ৰদান কৰি সন্মানিত কৰিছে।।তেওঁক ভাৰতীয় ইতিহাসৰ স্বতন্ত্ৰতা ৰক্ষাৰ গুৰিয়াল বুলি অভিহিত কৰা হয়।এবাৰ গান্ধীজীক লগ পোৱাৰ পিছত ,আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰি পিছদিনাৰ পৰাই খদ্দৰ কাপোৰ পিন্ধা আৰম্ভ কৰে থাপাৰে।বুৰঞ্জীক মানবীয় বিজ্ঞান হিচাপে তেওঁ গুৰুত্ব দি প্ৰয়োজনত ইয়াৰ সপক্ষে মাত মাতিছিল ।তেওঁৰ মতে বুৰঞ্জীৰ সদায় প্ৰয়োজনীয়তা থাকিব,কাৰণ মানুহে নিজক বুজিবলৈ বা নিজৰ অতিতক বুজিবলৈ ,ব্যক্তি হিচাপে বা সমাজৰ এজন হিচাপে স্বউপলব্ধিৰ কাৰণে বুৰঞ্জী খুবেই প্ৰয়োজন হ'ব।

ৰোমিলা থাপাৰৰ বিখ্যাত গ্ৰন্থ খন হ'ল , "হিস্তৰী অৱ ইন্ডিয়া" প্ৰথম আৰু দ্বিতীয় ভাগ(The History of India I and II part)।আন বিখ্যাত গ্ৰন্থ সমূহ হ'ল অশোক আৰু মৌৰ্য সাম্ৰাজ্যৰ পতন(১৯৬৩),প্ৰাচীন ভাৰত(১৯৬৬),বংশৰ পৰা ৰাজ্যলৈ(১৯৮৩),আদি কালিন ভাৰতৰ বাখ্যা(১৯৯২),মৌৰ্য সাম্ৰাজ্যৰ পুনৰ অৱলোকন,পূৰ্বকালিন ভাৰত,সোমনাথ:এক ইতিহাস:স্বৰ অনেক,শকুন্তলা , The Public Intelectual in India,India Another Millennium?ইত্যাদি।
ৰমিলা থাপাৰৰ জন্ম হয় ১৯৩১ চনৰ ৩০ নবেম্বৰত লক্ষ্নৌ চহৰত।দেউতাক আছিল সেনাবাহিনীৰ চিকিৎসক।তদুপৰি পৰিয়ালটো ভাৰতৰে এটি বৌদ্ধিক পৰিয়াল হিচাবে পৰিচিত।তেওঁৰ ভায়েক ৰমেশ থাপাৰ এজন বিখ্যাত সাংবাদিক।দেউতাকৰ চাকৰিৰ বাবে বিভিন্ন চহৰত পঢ়াশুনা কৰা ৰোমিলা থাপাৰে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক উৰ্তীণহৈ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিষয়ত পুনৰ স্নাতক (দুবাৰ স্নাতক)আৰু পিছত স্নাতকোত্তৰৰ ডিগ্ৰীলৈ ভাৰতবৰ্ষৰ ইতিহাসৰ ওপৰত লণ্ডনৰ পৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰে।ইয়াৰ পিচত তেওঁ ভাৰতলৈ ঘুৰি আহি কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ ৰীডাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিলে।১৯৬১ চনৰ পৰা১৯৬২ লৈ কুৰুক্ষেত্ৰত থাকি তেওঁ দিল্লী বিশ্ববিদ্যালয়ত যোগদান কৰে।১৯৬৩চনৰ পৰা ১৯৭০ চনলৈ দিল্লী বিশ্ববিদ্যালয় ত চাকৰি কৰে।ইয়াৰ পিচত ভাৰতবৰ্ষৰ আগশাৰীৰ জৱহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ( JNU) ১৯৭০ ৰ পৰা ১৯৯০ চনলৈ চাকৰি কৰি অৱসৰ লয় যদিও জে এন ইউৱে থাপাৰক প্ৰফেছাৰ এমিৰেটিচ সন্মান দিয়ে (এইলৈও বৰ বিতৰ্ক হয়)।প্ৰাচীন ভাৰতীয় ইতিহাসৰ ওপৰত বিদগ্ধ পণ্ডিত থাপাৰে বহু কেইখন কিতাপ ভাৰতৰ ইতিহাসৰ ওপৰত লিখিছে।থাপাৰে নিজৰ গৱেষণাপূৰ্ণ জ্ঞানৰ ক্ষেত্ৰত সদায় অতি দৃঢ়।এইলৈ প্ৰধানমন্ত্ৰী মোৰাজী দেশাইৰ দিনৰ পৰা বৰ্তমানলৈ থাপাৰৰ বিপক্ষে ঠিয় দিছে আমাৰ দেশৰ ৰাজনৈতিক শাসক গোষ্ঠী। ৰাজনৈতিকৰ মতে তেওঁলোকে ভৱামতেই লিখা হওক ভাৰতবৰ্ষৰ ইতিহাস, বিজ্ঞানসন্মত থাপাৰৰ গৱেষণা মতে নহয়।ফলত থাপাৰৰ ওপৰত ধাৰাবাহিক মানসিক নিৰ্যাতন চলোৱা হৈছে।থাপাৰে লিখা পাঠ্যপুথিৰ ৰচনা সমূহ( NCERT) সম্পাদিত কৰা হ'ল ৰাজনৈতিক নিৰ্দেশত।বৰ আঘাট পালে বিশ্ববিখ্যাত এই ইতিহাসবিদ জনে।তেওঁক মাক্সবাদী-হিন্দু বিৰোধী বুলি প্ৰচাৰ চলোৱা হ'ল।তেওঁ কলে, 'মই গৱেষণা কৰি পোৱা ইতিহাসসিদ্ধ জ্ঞান যুক্তিৰে মোক মিছা বুজাই দিলে মই মানি ল'ম।'

তেওঁ ৮৯ বছৰটো সাহসেৰে কয় বৌদ্ধিক জ্ঞানৰ ক্ষেত্ৰত দিয়া পুৰস্কাৰ বঁটাৰ বাদে তেওঁ ৰাষ্ট্ৰৰ বঁটা গ্ৰহণ নকৰে।নিজৰ নিৰ্ভিকতাৰ বাবে থাপাৰ বাৰে বাৰে অপমানিত হৈও নিজৰ বৌদ্ধিক জ্ঞানক আপোচ কৰাৰ পক্ষপাতি নহয় থাপাৰ। থাপাৰৰ বহু মতলৈ বৌদ্ধিক মহলতো দুভাগত বিভক্ত হৈছে।বিশ্বজুৰি থাপাৰে বহু বঁটা সন্মান লাভ কৰিও ভাৰতীয় শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মভূষণ দুবাৰ বিনয়ভাৱে প্ৰত্যাক্ষান কৰিছে।থাপাৰৰ বিৰ্তকিত দুই এটা বিষয় অতি চমুকৈ আলোচনা কৰো-----
১৯৭৭ চনত জৰুৰী অৱস্থাৰ অৱসানৰ পিছত মোৰাজী দেশাই ভাৰতবৰ্ষৰ প্ৰধান মন্ত্ৰী হোৱাৰ পিছত মত প্ৰকাশৰ স্বাধীনতা ৰক্ষা কৰিব বুলি থাপাৰে ভাৱিছিল যদিও উক্ত চৰকাৰৰ দিনতে থাপাৰে লিখা এন ছি আৰ টিৰ পাঠ্যক্ৰমৰ সমাজ অধ্যয়ন বিষয়ৰ কিতাপ বিলাকৰ পৰা বহুবোৰ কথা বাদ দিয়া হ'ল ফলত থাপাৰৰ লগত প্ৰথম বিৰোধ আৰম্ভ হ'ল।দ্বিতীয়তে ইংৰাজ ইতিহাসবিদ সকলে লিখিছিল যে ভাৰতবৰ্ষৰ আৰ্য সকল ইয়াৰ থলুৱা বাসিন্দা নহয়,এওঁলোক পশ্চিমৰ পৰা অহা।যিটো মত ৰোমালা থাপাৰে সমৰ্থন কৰে । কিন্তু বহুটো ইতিহাসবিদৰ মতে আৰ্যসকল ভাৰতৰ খিলঞ্জীয়া লোক।ৰাজনৈতিকে তাকেই বিচাৰে।জাৰ্মান ভাষাৰ লগত সংস্কৃত ভাষাৰ মিলৰ বাবে এই মত পোষণ কৰা হয়।তৃতীয়টো বিতৰ্ক হ'ল সোমনাথ মন্দিৰৰ ওপৰত মুছলমান ৰজাৰ লুটপাত।তেওঁৰ মতে ই হ'ল এটা সাধাৰণ ঘটনা।হিন্দু ৰজায়ো মন্দিৰ লুটপাতৰ ঘটনা আছে।গতিকে ইয়াক সাম্প্ৰদায়িক ৰূপ দিব নোৱাৰি।চতুৰ্থ হ'ল ৰামচন্দ্ৰৰ বাস্তৱ অৱস্থিতি।থাপাৰৰ মতে ই পৰিৱেশ সৃষ্ট কাহিনীহে।বৈষ্ণৱবাদৰ উত্থানৰ ফলত ৰামৰ গুৰুত্ব বাঢ়িছিল।এনে বহুত বিতৰ্কই ঘেৰি আছে যিবোৰক লৈ বৌদ্ধিক মহলৰ পৰা ৰাজনৈতিক ক্ষেত্ৰলৈ ৰোমিলা থাপাৰৰ বিপক্ষে বহু মতভেদ আৰু সমালোচনা।তেওঁক দেশদ্ৰোহী,হিন্দু বিৰোধী ,ৰাষ্ট্ৰ বিৰোধী,কমিউনিষ্ট আখ্যা দিয়া হৈছে।তেওঁ ইয়াৰ বিপক্ষে সমাজিক বুদ্ধিজীৱি সকলক ,ইতিহাসবিদ ,বিজ্ঞানী সকলক চৰকাৰী তথা প্ৰতিক্ৰিয়াশীল শক্তি,ধৰ্মীয় শক্তিবোৰৰ উদ্ধত বৌদ্ধিক স্বাধীনতা সাব্যস্ত কৰিবলৈ আহ্বান কৰিছে থাপাৰে। নতুন প্ৰজন্মক বৌদ্ধিক গৱেষণালব্ধ জ্ঞান আৰু পাঠ্যক্ৰম পঢ়িবলৈ নিদিয়াৰ ফলত সুদুৰ ভবিষ্যতে ভাৰতত মৌলিক চিন্তাসম্পন্ন ব্যক্তি সৃষ্টি অন্তৰায় হ'ব বুলিও তেওঁ প্ৰতিবাদ কৰি গৈছে। বুৰঞ্জীক সাম্প্ৰদায়ীক ৰূপ দিয়াটো অতি ক্ষতিকাৰক বুলি আজিও থাপাৰে প্ৰতিবাদ কৰিছে।কাৰণ তেওঁৰ মতে ৰাজনৈতিক ক্ষমতাত থকা সকলে দেশৰ মৌলিক চিন্তা সম্পন্ন ব্যক্তিক ভয় কৰে।তেওঁৰ মতে সকলো চৰকাৰী হেচাঁ প্ৰতিহত কৰি বৌদ্ধিক স্বাধীনতা ৰক্ষা কৰিলেহে দেশৰ ধৰ্মনিৰপেক্ষতা,মানবীয় ঐতিহ্য ৰক্ষা হ'ব।মোৰ জ্ঞান সাধনাৰ পথত মই তাকেই মানী আহিছো বুলি থাপাৰে কয়।কোনো বিতৰ্ককে পৰোৱা নকৰি বুৰঞ্জীৰ মৌলিক গৱেষণালব্ধ জ্ঞানৰ পক্ষত ,ভাৰতৰ ধৰ্মনিৰপেক্ষ বিচাৰ ধাৰাক,গণতান্ত্ৰিক ঐতিহ্যক,ভাৰতীয়ৰ সমন্বয়ক,বৌদ্ধিক স্বাধীনতাৰ হকে আজি ৮৯ বছৰটো সংগ্ৰাম অব্যাহত ৰখা বিদূষী মহিলা পণ্ডিত গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি সামৰিছো।
লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা-অসমীয়া(ব্লগ)
digantas.blogspot.com
Email-digbhuyan123@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.