সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

অসমৰ ৰঙ্গমঞ্চত সহ-অভিনয়: বাটকটীয়া কোন? ওস্তাদ ব্ৰজনাথ শৰ্মা নে ওস্তাদ ভূবন বায়ন?



ওস্তাদ ব্ৰজনাথ শৰ্মা
অসমৰ ৰঙ্গমঞ্চত সহ-অভিনয়: বাটকটীয়া কোন? ওস্তাদ ব্ৰজনাথ শৰ্মা নে ওস্তাদ ভূবন বায়ন?

ভাৰতবৰ্ষত ঋক্ সংহিতাৰ যুগৰে পৰা প্ৰচলিত নাট্য পৰম্পৰাৰ সহ-অভিনয়ৰ গৌৰৱময় ঐতিহ্য প্ৰবাহ প্ৰাচীন অসমত বৈ থকাৰ সাক্ষ্য তাম্ৰলিপি সমূহত পোৱা যায়। ভাস্কৰ বৰ্মনৰ ডুবি তাম্ৰ শাসন( প্ৰকৃততে এই শাসন ভাস্কৰবৰ্মনৰ আজো ককাক মহাভূতি বৰ্মনে জাৰি কৰা আৰু ভাস্কৰ বৰ্মনে পুন: জাৰি কৰা)ত দেৱদাসী সকলৰ উল্লেখে এইকথা প্ৰতীয়মান কৰে যে সুপ্ৰাচীন কালৰে পৰা অসমত নৃত্য-গীত আদি বিনোধন ধৰ্মী পৰিবেশ্য কলাত মহিলাৰ সমাবেশ ঘটিছিল। পৰৱৰ্তী কালত ঘৃণা সূচকভাবে নট-নটী শব্দৰ ব্যৱহাৰে সমাজত এনে বৃত্তিত জড়িত লোকক নীহ কূলীয়া হিচাপে ভবাৰ পৰম্পৰা এটা আৰু আনহাতে শিৱ-পাৰ্বতীক নট-নটী হিচাপে সম্বোধন কৰাৰ আঁৰত এনে বৃত্তিৰ প্ৰতি সন্মানসূচক পৰম্পৰা এটা প্ৰচলিত হৈ থকাৰো উমান পোৱা যায়।  প্ৰাচীন মহিলাৰ দ্বাৰা নৃত্যাভিনয়ৰ এই ঐতিহ্যৰ পৰিৱৰ্তে মধ্যযুগৰ অসমত নৃত্য-গীত তথা নৃত্যাভিনয়ৰ লগত জড়িত হৈ পৰা ব্যভিচাৰ আৰু মহাপুৰুষসকলৰ বাধা নিষেধৰ ফলশ্ৰুতিতেই ঊণবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধলৈকে আধুনিক অসমৰ নাট্য-মঞ্চ আদি পৰিবেশ্য কলাত  স্ত্রী সকলে অংশ গ্ৰহণ কৰাতো আকাশ-কুসুম কথা আছিল।বিংশ শতিকাৰ প্ৰথমছোৱালৈকে অসমৰ নাট্যমঞ্চসমূহত মঞ্চস্হ হোৱা নাট সমূহৰ স্ত্রী চৰিত্ৰ ৰূপায়ন পুৰুষসকলৰ দ্বাৰাই ৰূপায়িত হোৱাৰ পৰম্পৰা প্ৰচলিত আছিল। পুৰষ প্ৰধান সমাজৰ এলান্ধুকলীয়া ৰীতি নীতিৰ বেষ্টনী ভাঙি ত্ৰিশৰ দশকত পোন প্ৰথমবাৰৰ বাবে আধুনিক অসমৰ নাট্য মঞ্চত মহিলাৰ অভিনয়ৰ সংযোগ ঘটে।

Ustad Brajanath Sarmah
অসমত সহ-অভিনয়ৰ বাটকটীয়া হিচাপে সবাতোকৈ প্ৰতিষ্ঠাপিত নামটোৱেই হৈছে ওস্তাদ ব্ৰজনাথ শৰ্মাৰ। ব্ৰজনাথ শৰ্মাই জন্ম দিয়া যাত্ৰা দল 'কহিনুৰ অপেৰা পাৰ্টী'ৰ জৰিয়তে ১৯৩১ চনত ডুমডুমাৰ মঞ্চত  অসমত সহ-অভিনয়ৰ সূত্ৰপাত ঘটে। এই ক্ষেত্ৰত ব্ৰজনাথ শৰ্মাৰ প্ৰধান সহযোগী আছিল অসমৰ নাট্যাকাশৰ আন এগৰাকী কৰিৎকৰ্মা পুৰুষ ----নটসূৰ্য ফণী শৰ্মাদেৱ




নটসূৰ্য ফণী শৰ্মা
ডুমডুমা নাট্যমঞ্চত সহ-অভিনয়ৰ পাতনি মেলা মহিলাসকল আছিল ক্ৰমে পূৰণিগুডামৰ গোলাপী দাস, সৰ্বেশ্বৰী দাস, যোৰহাটৰ শৈলবালা দেৱী, নাজিৰাৰ বিনোদা গগৈ, উত্তৰ গুৱাহাটীৰ লাৱণ্য দাস আৰু চামগুৰীৰ ফুলেশ্বৰী দাস। এইসকল মহিলা  ‍১৯৩১ চনত ব্ৰজনাথ শৰ্মাৰ হাৰকিউলিছ প্ৰচেষ্টা আৰু ফণী শৰ্মাৰ যুগজয়ীয সহযোগত সহ-অভিনয়ৰ যুগান্তৰৰ বতৰা কঢ়িয়াই আনিছিল যদিও এইখিনিতে কামৰূপ জিলাৰ বজালী অঞ্চলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নাট্য আন্দোলনৰ এক  ধাৰালৈ দৃষ্টি নিৱদ্ধ কৰা প্ৰয়োজন।কামৰূপৰ বজালী(বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত) অঞ্চলৰ ডুবি গাওঁত 1927-28 চনত পৰিহৰেশ্বৰ যাত্ৰা পাৰ্টি নামৰ এটা যাত্ৰা পাৰ্টিৰ জন্ম হৈছিল। 


যাত্ৰা পাৰ্টিটোৰ মূল উদ্যোক্তা বা ওস্তাদ আছিল খ্যাতনামা অভিনয় শিল্পী ভূৱন বায়ন ডাঙৰীয়া।তেওঁ অকয়া সত্ৰৰ সৈতে জড়িত আছিল। ভুবন বায়ন ডাঙৰীয়াই স্হানীয় পৰিহৰেশ্বৰ দেৱালয়ৰ ১০(দহ) গৰাকী নৰ্তকী বা দেৱদাসীক যাত্ৰা দলটিৰ সহ অভিনয়ৰ বাবে নিয়োগ কৰিছিল। মহিলা অভিনয় শিল্পীসকলৰ নাম হৈছে-ৰৈয়াবালা দাস, জানকী বালা দাস, হালধিপুৰীয়া দাস, সুশীলা দাস, কৌশল্যা দাস, সজনী দাস, প্ৰমীলা দাস, শশী দাস, যামিনী দাস, আৰু সাৱিত্ৰী দাস। এই মহিলা শিল্পী সকলে অংশগ্ৰহণ কৰা প্ৰথম আৰু একমাত্ৰ  নাটকখনৰ নাম আছিল 'ঘোঁৰাসুৰ বধ' । স্মৰণীয় যে 'ঘোঁৰাসুৰ বধ নাটকখন প্ৰায় দুবছৰ কাল ধৰি বজালী অঞ্চলৰ লগতে সমগ্ৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত মঞ্চস্হ কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিছিল। সেইসময়ৰ দুৰ্বাৰ ৰক্ষনশীল  সমাজখনত নটী হিচাপে পৰিচিত এইসকল নৰ্তকীক দেৱালয়ৰ চাৰিবেৰৰ পৰা উলিয়াই আনি জনমানসত অভিনয় শিল্পী হিচাপে প্ৰতিষ্ঠা কৰাৰ এই দুৰ্ণিবাৰ প্ৰয়াস কম সাহসৰ পৰিচায়ক  নাছিল। ওস্তাদ ভূবন বায়নে প্ৰায় একক ভাবেই এই যুগান্তৰৰ ইতিহাস ৰচিছিল।


নি:সন্দেহে  ওস্তাদ ব্ৰজনাথ শৰ্মাই  দীৰ্ঘকাল জুৰি সহ:অভিনয়ৰে অসমৰ নাট্যমঞ্চ সমুজ্বল কৰি তুলিলে। জীৱিত কালত তেওঁৰ এই বৃহৎ অবদানৰ কি স্বীকৃতি বা সন্মান লাভ কৰিলে আমাৰ সকলোৰে জ্ঞাত। হস্পিতালত দীৰ্ঘকাল ধৰি পৰি থকা আধুনিক অসমৰ নাট্যমঞ্চ আৰু ভ্ৰাম্যমান দলৰ পিতামহ ওস্তাদ ব্ৰজ শৰ্মাৰ মৃতদেহে অন্তেষ্টিক্ৰিয়াৰ বাবে চাৰিজন মাত্ৰ অসমীয়া মানুহ বিচাৰি নাপালে। সাম্প্ৰতিক কালত ব্ৰজনাথ শৰ্মাৰ এই যুগজয়ী অৱদানক কিঞ্চিৎ হ'লেও স্বীকৃতি প্ৰদানৰ প্ৰচেষ্টা অসমৰ সাংস্কৃতিক জগতখনে কৰিছে যদিও তথ্যাদিৰ অভাৱত ওস্তাদ ভূৱন বায়নৰ কৃ্চ্ছসাধনা কালৰ গ্ৰাসত ধূসৰিত হৈ উঠিল, অৱলুপ্ত হৈ পৰিল। অসমৰ আধুনিক কালৰ নাট্যমঞ্চৰ সহ:অভিনয়ৰ দুৱাৰ মুকলি কৰা  ওস্তাদ ভূৱন বায়নৰ অবদানক কালৰ গ্ৰাসলৈ ঠেলি পঠোৱাতো অসমৰ নাট্য সংস্কৃতিৰ জগতৰ বাবে শুভলক্ষন নহয়। এই বিস্মৃতি বৰ বেদনা দায়ক!

লেখক: পল্লৱ ভট্টাচাৰ্য্য, তেজপুৰ

writer: Pallab Bhattacharya,tezpur.

 

 Edited By: diganta kr.bhuyan
SAHITYA SAFURA-ASSAMESE(Blog)
digantas.blogspot.com
diganta123@gmail.com 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়