সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সুৰবালাৰ দৃষ্টিত গোপীনাথ বৰদলৈ

সুৰবালাৰ দৃষ্টিত গোপীনাথ বৰদলৈ





:-দিলীপ কুমাৰ বৰুৱা

সুৰবালা দেবী আছিল ভাৰতৰত্ন অসমৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী অথবা প্ৰথম গৰাকী মুখ্যমন্ত্ৰীৰ পৰিবাৰ,অসমৰ প্ৰথম গৰাকী নাৰী।মই ইমানেই সৌভাগ্যবান যে এই গৰাকী মহিয়সী নাৰীক মই দুবাৰ লগধৰি বহু সময় ধৰি তেখেতৰ লগত মোৰ শিশু গ্ৰন্থ গোপীনাথ বৰদলৈৰ বাবে তথ্য সংগ্ৰহ কৰো।

গোপীনাথ বৰদলৈ দেৱৰ জন্ম হৈছিল১৮৯০ চনৰ ৬ জুনত আৰু মৃত্যু হয় ১৯৫০ চনৰ ৫ আগষ্ট তাৰিখে।আনহাতে সুৰবালাৰ জন্ম হয় ১৯০৫ চনত উত্তৰ গুৱাহাটী ৰ মজুমদাৰ পৰিয়ালত আৰু মৃত্যু হয় ২০০৩ চনৰ ২৪ আগষ্টত।বিয়া হয় ১৩ বছৰ বয়সত ১৯১৭ চনত,গোপীনাথ তেতিয়া সুৰবালাতকৈ ১৮ বছৰ ডাঙৰ।সুৰবালা আইতাৰ চৰণ যুগলত সেৱা জনাই যিবোৰ পুৰণি কথা পাতিছিলো আৰু হাঁহি হাঁহি আইতাই নিজৰ কথা,স্বামী গোপীনাথ বৰদলৈৰ যি কথা কৈছিল,সেইবোৰ মনত পৰিলে আনন্দত মনত সিৰসিৰণী তোলে।মোৰ ভাৱ হৈছিল যেন এগৰাকী অতি মমতাময়ী মাতৃৰ মুখৰে মই সেই অসমৰ প্ৰাক স্বাধীনতাৰ আৰু স্বাধীনতাৰ সময়ৰ দেশৰ সোনালী সংগ্ৰামী ইতিহাস যেন সুৰীয়া গীতত  শুনি আছো।


আইতা যেতিয়া বিয়া হৈছিল আইতাই বিয়া কি বস্তু বুজিকে পোৱা নাছিল।গোপীনাথ আছিল স্নাতক আৰু এল এল বি উৰ্তীণ উকীল আৰু ভাৰতৰ স্বাধীনতা সেনানী।বয়স আছিল ৩১ বছৰ।১৩ বছৰীয়া আইতাৰ ইমান প্ৰকাণ্ড মানুহ জনক মাতিবলৈ,চকুলৈ চাবলৈকে হেনো ভয় লাগিছিল।পিছপিনে বাৰীতগৈ পখিলাখেদি মধুৰিয়াম গছত উঠি আছিল।খেলি আছিল।মনে মনে গোপীনাথৰ জেপত বগা কাগজত লিখি ভৰাইথৈ আহিছিল ঘুৰি আহোতে মোলৈ লজেনলৈ আহিবা,নহলে মই সচাকে তোমাক নামাতো।বাৰীৰ পিছপিনে বৰলৰ বাঁহ ভাঙিও আনন্দ পাইছিল সুৰবালাই।ঘৰৰ পৰা চিঞৰিছিল বোৱাৰী গছত উঠিব নাপায় নহয়।বোৱাৰী কি সুৰবালাই বুজিকে পোৱা নাছিল।শৈশৱৰ কি আনন্দ।বাল্যবিবাহৰ কি দুখ।

লাহে লাহে আইতা ডাঙৰ হ'ল।যুতি যুতিকৈ তাঁত ববলৈ শিকিলে।গোপীনাথ জেলত থাকোতে যঁতৰত সূতা কাটি কাপোৰবৈ পিন্ধিবলৈ জেললৈ পঠালে।অকল স্বামী লৈকে নহয় বন্ধু ফকৰউদ্দিন আহমেদলৈও পঠালে।লাহে লাহে ঘৰখন চম্ভালিব পৰা হ'ল।এটা দুটা নহয় ৯টা সন্তানক ডাঙৰ কৰিলে আইতাই।মুঠ সন্তান আছিল ১০টা,তাৰে এটি হানি হ'ল দুবছৰত।মৃত সন্তানৰ সকামটো ঘৰলৈ আহিব নোৱাাৰিলে গোপীনাথ।বাকী সন্তানৰ নাম আছিল ধীৰেন্দ্ৰ বৰদলৈ,সৰোজ কুমাৰী চাংকাকতি,হেমলতা চাংকাকতি,গিৰিজা চাংকাকতি,অৰুণা বৰুৱা,লিলি মজিন্দাৰ বৰুৱা,বীৰেন্দ্ৰ বৰদলৈ,ৰবিন বৰদলৈ আৰু বলীন্দ্ৰ বৰদলৈ।স্বাধীনতা আন্দোলনত জৰিতহৈ শৰণীয়াৰ কস্তৰৱা ট্ৰাষ্টৰ লগতো আইতা জৰিত হ'ল।ৰাজহুৱা ঘৰ ,আলহিও বেছি।সেই সময়ত মুখ্যমন্ত্ৰী বুলিও গোপীনাথে ঘৰত কোনো সুবিধা লোৱা নাছিল।আচলতে সেই সময়ত সেই ভাৱবোৰ নাছিলেই।ঘৰৰ সকলো দায়িত্ব আছিল সুৰবালাৰ ওপৰত।

আইতাই ইমান ডাঙৰ সংসাৰ এখন পৰিচালনা কৰিও ইংৰাজী-হিন্দী ভাষা শিকিছিল।গোপীনাথে ঘৰত থাকিলে সংগীত চ'ৰা হৈছিল ঘৰত।তদুপৰি বৰশী বাই আৰু চিকাৰ কৰি বৰ ভাল পাইছিল গোপীনাথে।মনিমালা আৰু সুন্দৰ মালা নামৰ দুটি হাতী আছিল ঘৰত।হাতী মাউতৰ উপৰিও বহু কেইজন হৰিজনলোক ঘৰুৱা লোকৰ দৰেই আছিল, সকলোকে বৰদলৈদেৱে চেনেহ কৰিছিল।মৰাৰ পিছটো প্ৰায়ে হেনো হৰিজন দৰিদ্ৰলোক বোৰ আহি আইতাৰ আগতে এসোঁতা কান্দি যায়।সিহঁতৰ লগতে আইতাৰো চকুলোঁ সৰে।আইতাৰ মতে বৰদলৈদেৱ বৰ কৃষ্ণভক্ত আছিল যদিও ৰাজহুৱা জীৱনত অতি গান্ধীবাদী আৰু ধৰ্মনিৰপেক্ষ আছিল।মাতৃভাষা শুদ্ধ উচ্চাৰণেৰে  প্ৰকাশত তেওঁ গুৰুত্ব দিছিল।অসম সাহিত্য সভাক প্ৰাণৰে ভালপোৱাৰ লগতে এবাৰ অভ্যৰ্থনা সমিতিৰ সভাপতিও হৈছিল।

১৯৪২ চনত ছাদুল্লাই মন্ত্ৰীসভা গঠন কৰি বৰ্তমানৰ বাংলাদেশৰ পৰা কৃষি উন্নয়নৰ দোহাইদি পমুৱা মুছলমান অনাৰ যি সিদ্ধান্ত ললে তাক বৰদলৈ দেৱে জেলৰ পৰাই প্ৰতিবাদ কৰে।১৯৪৪ চনত অসুস্থতাৰ বাবে তেওঁক জেলৰ পৰা মোকলাই দিয়ে,১৯৪৬ চনত বৰদলৈৰ নেতৃত্বত মন্ত্ৰী পৰিষদ গঠন হয়।১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হ'ল।কিন্তু পূৰ্ণ স্বাধীনতাৰ খচৰাত অসমক গ শাখাত বঙ্গৰ লগত যুক্ত কৰাত দিল্লীলৈ গৈ বৰদলৈয়ে ইয়াৰ বিৰোধীতা কৰে যদিও ১৯৪৬ চনৰ মোম্বাইৰ জাতীয় কংগ্ৰেছৰ অধিৱেশনত  গোপীনাথৰ প্ৰতিবাদ উপেক্ষা কৰি গ্ৰুপিং মানী ললে।বৰদলৈয়ে নিজৰ দলৰ বিপক্ষে ১০ জনীয়া দলে ইয়াৰ প্ৰতিবাদ কৰি সফল হ'ল। গ্ৰুপিং ৰ পিছতে বৰদলৈ ডাঙৰ অৰিহণা ১৯৪৮ চনৰ ১ জানুৱাৰীত প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়।

আইতাই কোৱা মতে মুখ্যমন্ত্ৰী হিচাবে মাহে তেওঁ মাননী পাইছিল ১৫০০ টকা।তাৰে৫০০টকা বৰদলৈয়ে দুখীয়াক দান দিছিল,বাকী ১০০০ টকাৰে সুৰবালাই অতি কষ্টৰে ঘৰ চলাইছিল।ফলত অনাড়ম্বৰ পূণ পৰিৱেশ বিৰাজ কৰিছিল মুখ্যমন্ত্ৰীৰ ঘৰত।পাহাৰ-ভৈয়াম ঐক্যৰ বাবে বৰ কষ্ট কৰিও অৱশেষত বৰদলৈ বিফল হয়।জনজাতী সকলে পূৰ্ণ মৰ্যদা পোৱাত তেওঁ গুৰুত্ব দিয়ে।ইমান ব্যস্ততাপূৰ্ণ জীৱনৰ ফাকে ফাকে কেইবাখনো গ্ৰন্থও লিখিছিল বৰদলৈদেৱে ।তদুপৰি গ্ৰন্থ অধ্যয়ন,সংগীতৰ প্ৰতি অত্যন্ত অনুৰাগ আছিল তেওঁৰ।বৰদলৈ আছিল স্বল্পভাষী।স্বদেশ স্বজাতিৰ ভালপোৱাৰ ক্ষেত্ৰত দিল্লীৰ ওচৰত আঁঠুলোৱাৰ পক্ষপাতি নাছিল তেওঁ।প্ৰয়োজনত হুঙ্কাৰি নুঠা হ'লে আজি অসমৰ ৰাজনৈতিক ভাগ্য কোন দিশে গ'ল হেতেন চিন্তা কৰিব লগীয়াদ দৃঢ়।ৰাট্ৰীয় দলৰ সদস্য হৈয়ো দলৰ সিদ্ধান্তক বিপক্ষে মাত মাতিব পৰা সাহস যেন অসমৰ ৰাজনীতিত বৰদলৈৰ লগতে বেলিমাৰ গ'ল।গ্ৰুপিংৰ পৰা বচাবলৈ অসমৰ ৰাইজে আন্দোলন কৰিব লগা নহল।বৰদলৈয়ে দেখুৱা বিক্ৰমৰ ফলতে অসম বাচিল।ভীমবৰ দেউৰিয়ে হেনো টেবুলত ঢকিয়াই গৃহমন্ত্ৰী পেটেলক ইংৰাজীত কৈছিল মনত ৰাখিব অসম হিন্দু-মুছলমানৰ নহয় অসম ট্ৰাইবেলৰ।কংগ্ৰেছৰ সভাত সফল নোহোৱাত বৰদলৈয়ে দেৱকান্ত বৰুৱাক এখন বিদেশী ৰাষ্ট্ৰলৈও পঠাই অসমক বচোৱাৰ বিকল্প  পথৰো সন্ধান কৰিছিল।অৱশ্যে ভাৰত-পাকিস্তান বিভাজন হোৱাত গ্ৰুপিং ৰ পৰা অসম বাদ দিয়া হল,আমি  ভাৰতীয় হ'লো।

স্বাধীনতাৰ পিছত মাত্ৰ তিনিবছৰৰ বাবেহে তেওঁ মুখ্যমন্ত্ৰী পদত থাকে বৰদলৈ।১৯৫০ চনৰ ৫ আগষ্ট তাৰিখে  শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি কুমাৰ ভাস্কৰ নাট্যমন্দিৰত প্ৰতিবাদ নামৰ এখন নাটক চাই ঘৰ পোৱাৰ পিছত হঠাতে অসুস্থহৈ হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধহৈ তেখেতৰ বিয়োগ হয়।হেম বৰুৱাই কৈছিল যে গোপীনাথ বৰদলৈ ৰাজনীতিৰ পৰা সমাজনীতিলৈ এজন পূৰ্ণ ব্যক্তি আছিল।প্ৰয়াত ভাৱে ১৯৯৯ চনত গোপীনাথ বৰদলৈলৈ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সন্মান ভাৰতৰত্ন আগবঢ়োৱা হয়।অসমৰ সেই সময়ৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে গোপীনাথক লোকপ্ৰিয় হিচাবে অভিহিত কৰিলে। পৰৱৰ্তী সময়ত বৰঝাৰ বিমান কোঠক লোকপ্ৰিয় বৰদলৈ আন্তৰ্জাতিক বিমান বান্দৰ নামাকৰণ কৰা হয়।তেজপুৰত অৱস্থিত ভাৰতৰ দ্বিতীয় খন মানসিক চিকিৎসা প্ৰতিষ্ঠান তেজপুৰ পগলা ফাটেকক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিস্থান নতুন নামৰে নামাকৰণ কৰা হয়।ভাৰতৰ গৃহমন্ত্ৰী পেটেলদেৱে বৰদলৈক কৈছিল শ্বেৰ ই আসাম,আধুনিক অসমৰ নিৰ্মাতা।আইতাক এৰিথৈ আহি সেই দিনা এনে অনুভৱ হ'ল অসম অসমীয়াৰ সাৰ্বভৌমত্বৰ হকে আপোচ নকৰা আন এজন গোপীনাথক আৰু সহজ সৰল মুখ্যমন্ত্ৰীৰ পত্নী সুৰবালৰ দৰে ত্যাগী নাৰী আমি অসমে ভৱিষ্যতে পামনে???অসমৰ হকে বাৰে বাৰে ৰাজপথত আন্দোলন কৰাৰ মুহূৰ্তত এই অনুভৱ সদায় হৃদয়ত খুন্দা মাৰে।গাবলৈ মনযায় -তাহানি লাচিতে এৰিথৈ......!!


writer:dilip kumar baruah


edited by diganta kr.bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়