সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

*পেটেন্ট আৰু আত্মনিৰ্ভৰ ভাৰত*


*পেটেন্ট আৰু আত্মনিৰ্ভৰ ভাৰত*

আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাক বুনিয়াদী কিছু পৰিবেশৰ দৰকাৰ । য'ৰ পৰা যুঁজি আমি চীনৰ দৰে শক্তিকো প্ৰতিৰোধ কৰিব পাৰো। সেয়ে প্ৰয়োজনত চীনৰ পৰাও কিছু কথা  শিকা উচিত । শত্ৰুৰ পৰা শিকিব পৰাটো বীৰৰ লক্ষণ।  ইয়াৰ বাবে প্ৰয়োজন হোৱা  'বাতাবৰণ' আৰু 'বিজ্ঞলোক'ৰ প্ৰয়োজন ভাৰত বৰ্ষত কোনো দিন অভাৱ হোৱা নাই । আজিও বহু বিশ্বযোৰা খ‍্যাতি সম্পন্ন ভাৰতীয় অৰ্থনীতিবিদ বিশ্বৰ বিভিন্ন প্ৰান্তত আছে। কথা হ'ল তেওঁলোকক একত্ৰিত কৰি আমি আত্মনিৰ্ভৰশীল ভাৰত গঢ়াত প্ৰয়োজন হোৱা পৰিবেশ এটা আমি গঢ়িব পাৰো নে নাই ?


আমাৰ মতে এইক্ষেত্ৰত প্ৰথম লক্ষ‍্য হব লাগিব উৎপাদিত সামগ্ৰীৰ 'পেটেন্ট' লাভ। বিশ্বৰ বজাৰত জাতীয় স্বাভিমান লৈ জীয়াই থাকিবলৈ হলে বিক্ৰি কৰিব খোজা বস্তুৰ পেটেন্ট লাগিব'ই আমাক । পেটেন্ট হ'ল এনে এক বিশ্ব জনীন অনুজ্ঞাপত্ৰ যাৰ দ্বাৰা আপুনি প্ৰস্তুত কৰা সামগ্ৰীৰ ওপৰত মাত্ৰ আপোনাৰেই আধিপত‍্য থাকিব। আনে আপোনাৰ সামগ্ৰী বিনা অনুমতিত বনাবও নোৱাৰে আৰু বেছিবও নোৱাৰে। অৱশ‍্যে ইয়াৰ বাবে আপোনাৰ উৎপাদিত সামগ্ৰী বিধ আনৰ সৈতে সকলো ফালৰ পৰা অতুলনীয় হ'ব লাগিব, একক হব লাগিব। এই স্বত্ব বিশ বছৰলৈ একেৰাহে থাকে যদিও পাছত ই নবীকৰণো হব পাৰে । যদিহে নিৰ্মাতা গৰাকীয়ে ইচ্ছা কৰে। এই অনুজ্ঞা বিভিন্ন চৰ্তত বিক্ৰিও হব পাৰে। এয়া শুনাত যিমান সহজ যেন লাগে বাস্তৱত তেনে নহয়। তাৰ বাবে  প্ৰথম সঠিক হব লাগিব আমাৰ গৱেষণা আৰু তাৰ সৈতে জড়িত  শিক্ষা খণ্ড। ইয়াৰ বাবে আমাৰ শিক্ষা খণ্ডৰে জড়িত চৰকাৰী যন্ত্ৰ হব লাগিব সচেতন আৰু বিচক্ষণ। কিয়নো তেওঁলোকৰ অধীনত থাকিব দেশৰ বিশ্ব বিদ‍্যালয় সমূহৰ আচাৰ্য্য, উপাচাৰ্য্য, অধ‍্যাপক সকল। এই বিশ্ব বিদ‍্যালয়বোৰত হোৱা গৱেষণাৰ পৰাহে পেটেন্ট লাভৰ মূল যুঁজ খন আৰম্ভ হব। সেয়ে বিশ্ব বিদ‍্যালয়ৰে জড়িত অধ‍্যক্ষ, অধ‍্যাপক আৰু উপাচাৰ্য্য সকলো বিচিক্ষণ, অধ‍্যয়ণপুস্ত আৰু অনুসন্ধিৎসু হব লাগিব। ৰাজনীতিক একাষৰীয়া কৈ থৈ তেওঁলোকৰ প্ৰজ্ঞাক কামত খতুৱাব লাগিব। প্ৰয়োজনীয় উপাচাৰ্য্য, অধ‍্যক্ষ আদি যদি দেশত নাই তেনে  বিচিক্ষণ পণ্ডিত লোক দেশলৈ আনিব পাৰিব লাগিব। পাছে এই দিশত  বৰ্তমান আমাৰ অৱস্থা ইমানেই পুতৌ লগা যে আলোচনা কৰিবলৈকো অসুবিধা। ফলত বহু পণ্ডিত লোক আজি ভাৰতৰ পৰা আমেৰিকা আদি চহৰলৈ গৈ শিক্ষাৰ পোহৰ বিলাইছে বা গৱেষণাত আত্মনিয়োগ কৰিছে।  ইয়াৰ ফলত দিনে দিনে আমাৰ বিশ্ববিদ‍্যালয়ৰ মান তিলে তিলে বিধ্বস্ত হৈ আহিছে। শুনিবলৈ ৰুঢ় হলেও এইতো সত‍্য যে আজি আমাৰ দুই এখন বিশ্ব বিদ‍্যালয়ৰ উপাচাৰ্য্যই ছাত্ৰক এনে কথাও বুজাবলৈ চেষ্টা কৰে যে দেশত নিবনুৱাৰ সমস‍্যাই নাই। এয়া বিৰোধিয়ে প্ৰচাৰ কৰা  মিছা কথা মাত্ৰ। কিয়নো তেওঁ নিজে এদিন ৰে'লত যাত্ৰা কৰোটে এনে এজন অন্ধ মানুহ পাইছিল যি মাত্ৰ এটি সামান‍্য খঞ্জৰীলৈ ভজন গাই এঘন্টাতে দুদিনৰ খোৰাকি গোটাই পাছৰ ষ্টেশ্চনটোত নামি গৈছিল। গতিকে তেওঁৰ অকাত‍্য যুক্তি দেশত নিবনুৱা সমস‍্যা নাই।  যদি কোনো নিবনুৱাই ভজন গাই পইচা গোটাব খোজে তেনে তেওঁ প্ৰয়োজন হলে খঞ্জৰী কিনি দিব।

আপুনি বিশ্বাস কৰক এয়া জলপুৰৰ বীৰ বাহাদুৰ সিং পূৰ্বাঞ্চল বিশ্ব বিদ‍্যালয়ৰ  উপাচাৰ্য্যই বিশ্ব বিদ‍্যালয়ৰ ছাত্ৰৰ আগত দিয়া বক্তব‍্য।  ইমানেই নহয়, ২০১৮ চনৰ ২৯ ডিচেম্বৰৰ দিনা তেওঁ গাজিপুৰৰ এখন মহাবিদ‍্যালয়ত ভাষণ প্ৰসঙ্গত কৈছিল "মোৰ ছাত্ৰ সকলে কৰবাত কিবা হলে কান্দি কান্দি আহিব নালাগে। যুঁজ বাগৰ কৰি বিজয়ী হৈ আহিব লাগে আৰু প্ৰয়োজনত মাৰি থৈ আহিব লাগে । পাছত যি হয় মই চাম।" উৎস : 0৩/৬/২০২০ তাৰিখৰ ৰাষ্ট্ৰীয় সাংবাদিক  অজিত আঞ্জুমৰ ইউ টিউৱৰ বাতৰি) এইয়া এটা মাত্ৰ উদাহৰণহে । ইয়াৰ পৰা  আমাৰ শৈক্ষিক অৱস্থাটোৰ এখন ছবি নিশ্চয় আপুনি আঁকিব পাৰিব। এনে ধৰণৰ বাতাবৰণত উচ্চ শিক্ষাৰে শিক্ষিত কোনো পণ্ডিত লোক কিয় বাৰু আমাৰ মাজত থাকিব বিচাৰিব ? মন কৰক আমাৰ ভাৰতৰ বিদগ্ধ পণ্ডিত সকল ক'ত আৰু কিয় আছে ? আৰ্মত‍্য সেনে আজি হাভাৰ্ড বিশ্ব বিদ‍্যালয়ত পঢ়ুৱায়। 


অৰ্থনীতিৰ পণ্ডিত অভিজিত বেনাৰ্জী থাকে আমেৰিকাত। মুঠতে এনে কুৰিজন বিশ্বযোৰা খ‍্যাতি সম্পন্ন মেধা অৰ্থনীতি বিজ্ঞানৰ পণ্ডিত আছে যি ভাৰতীয় হৈয়ো আছেগৈ আমেৰিকাতহে। কিয়নো ভাৰতত তেওঁলোকৰ গুৰুত্ব নাই। বিচাৰোটাও নাই ! আৰ্মত‍্য সেনৰ দৰে পণ্ডিত লোক নালন্দা বিশ্ব বিদ‍্যালয়ৰ উপাচাৰ্য্য আছিল যদিও তেওঁক প্ৰকাৰন্তৰে আঁতৰোৱা হ'ল। ফলত তেওঁৰ দৰে অৰ্থনীতি বীদ এজন আমি হেৰুৱাই এনে পৰ্য্যায়লৈ আহিলো যে এতিয়া ভাৰতীয় ৰিৰ্জাভ বেঙ্কৰ গৰ্বনৰ জনো যদি ইতিহাসৰ মানুহো হ'য়  তাত কাৰো আপত্তি কৰিব লগা নাই! ন'হেলেনো ভাৰতত ৯৩৫ খন বিশ্ববিদ‍্যালয়ত তেওঁলোকৰ স্থান নাথাকিবনে ?  এই বিশ্ব বিদ‍্যাযলয়বোৰত উপাচাৰ্য্য আদিৰ দৰে সন্মানীয় পদ বোৰ  ৰাজনৈতিক আওতালৈ নিয়াৰ বাবেই বহুতে দেশত  সেৱা আগবঢ়াব  নোখোজে। হোৱাই নোহোৱাই আজি আচাৰ্য্য, উপাচাৰ্য্য আদিক ৰদ-বদল কৰি থকাৰ বাবে  বিশ্ব বিদ‍্যালয় বোৰৰ গূণগত  মান বিশ্বৰ মানদণ্ডৰ তুলনাত হোৰা হোৰে কমিছে। জনা বুজা বিজ্ঞ লোকে দেশ এৰি বিদেশত কাম কৰিছে। সেয়ে চেন্নাই উচ্চ ন‍্যায়ালয়ে এবাৰ আক্ষেপ কৰি কৈছিল যে "এই দেশত স্বয়ং আলবাৰ্ট আইনষ্টাইন আহিলেও বিশ্ব বিদ‍্যালয়ৰ উপাচাৰ্য্য হব নোৱাৰিব যদিহে তেওঁৰ ৰাজনৈতিক ক্ষমতা নাথাকে" !  এনেবোৰ কাৰণতে আজি ভাৰতত এশৰো অধিক গৱেষণা আৰু প্ৰযুক্তি বিদ‍্যাৰ প্ৰতিস্থান আছে যদিও পৃথিৱীত তাৰ মান‍্যতা নাই! আন্তৰ্জাতিক পৰ্য্যায়ত হোৱা গৱেষণাৰ তুলনাত আমাৰ ইয়াত হোৱা গৱেষণা বোৰ ৰাষ্ট্ৰীয় বা ৰাজ‍্যিক পৰ্য্যায়ৰে হৈ থকাত পেটৈন্টৰ দৰে বিষয়ত আমি বহু পিছ পৰি ৰৈছোঁ।  দেশত আজি প্ৰায় তিনিলাখ অধ‍্যাপক, প্ৰায় ন শ আচাৰ্য্য সেই মতে  উপাচাৰ্য্য আৰু প্ৰায় তিনি লাখ প্ৰবক্তা আদিকে ধৰি সকলোৰে ওপৰত সদায় ৰাজনৈতিক সুবিধাবাদৰে ৰদ-বদল, মকৰল আদি হৈ থকাত শৈক্ষিক বাতাবৰণ নষ্ট হৈছে। 

জানিব পৰা মতে প্ৰায় ৬২৫ খন বিশ্ব বিদ‍্যালয়ৰ উপাচাৰ্য্য নিযুক্তিত আজি ছয় বছৰে সঘন সাল সলনি হৈছে। এই অস্থিৰ পৰিবেশত গৱেষণাৰ দৰে কথাৰ কি সংস্কাৰ  হব পাৰে ? মন কৰক দেশৰ ভিতৰত সুনাম থকা  দিল্লী বিশ্ববিদ‍্যালয়ৰ এটা সুকিয়া স্থান আছিল। তাৰ বাবে উপাচাৰ্য্য দীনেশ সিংৰ এক সুকিয়া সুনাম আছিল। কিন্তু  তেওঁক তাৰ পৰা আঁতৰাই পঠোৱা হ'ল! তেনেকৈ বিশ্বতে সুনাম থকা  অশোকা বিশ্ববিদ‍্যালয়ৰ উপাচাৰ্য্য প্ৰতাপ ভানু মেহতাকো আঁতৰোৱা হ'ল। ইয়ো এক শৈক্ষিক স্খলনৰ  আন এক উদাহৰণ। ইয়াত এইতো বিচাৰ কৰা নহল যে তেওঁৰ কি এক বলিষ্ঠ অৱদানত 'চছিয়েল চায়েঞ্চ' বিষয়ৰে  বিশ্ব বিদ‍্যালয় খন  বিশ্ব পৰ্য্যায়ত গঢ় লৈ উঠিছিল। ফলত কি হৈছে ?  ৰাষ্ট্ৰীয় পৰ্য্যায়ত  ভাৰতৰ বস্তু ভাৰতত পেটেন্ট হৈছে মাত্ৰ ১৫,২৮৩ টা সামগ্ৰীৰ আৰু বিশ্বৰ আন আন কোম্পানীয়ে ভাৰতলৈ আহি ভাৰততে পেটেন্ট কৰিছে বছৰত ১২ হাজাৰৰো অধিক সামগ্ৰীৰ। এয়া ২০১৮-১৯ বৰ্ষৰ তথ‍্য। এই বিষয়ত অতি সুন্দৰ বাখ‍্যা আগবঢ়াইছে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ‍্যমৰ এগৰাকী বিদ্বৎ সাংবাদিক পূণ‍্য প্ৰসুন বাজপেয়ী ডাঙৰীয়াই। তেখেতৰ নিজস্ব প্ৰচাৰ মাধ‍্যমৰ জড়িয়তে ২/৬/২০২০ তাৰিখে প্ৰকাশ কৰা "Voiceless Democracy" শীৰ্ষক সংবাদটো সঁচাকৈয়ে এই ক্ষেত্ৰত এক তথ‍্য গধুৰ সংবাদ। তেখেতেৰ তথ‍্য মতে ,
আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত পেটেন্ট লাভ কৰা অঙ্কটো আৰু ভয়ঙ্কৰ । তেওঁ কৈছে ২০১৭ চনত ভাৰতে পেটেন্ট লাভ কৰিলে মাত্ৰ ১২ হাজাৰটা সামগ্ৰীৰ  আৰু চীনে লাভ কৰিলে চাৰি লাখটা  সামগ্ৰীৰ। পাৰ্থক‍্যটো মন কৰক। তাতোকৈ ডাঙৰ কথা এইটোৱেই যে ভাৰতত পেটেন্ট লাভ কৰিবলৈ সময় লাগে প্ৰায় ৪ ৰ পৰা ৫ বছৰ আৰু চীনত সময় লাগে এবছৰ মাত্ৰ। আমি যে আত্মনিৰ্ভৰ ভাৰতৰ কথা কও তেতিয়া আমাৰ ৰাজনৈতিক নেতা বা পলিচি মেকাৰ সকলে  এইবোৰ কথা চিন্তা কৰেনে ? সন্দেহ! ভাৰতে গৱেষণা আৰু উন্নয়ণ (R&D) ৰ নামত কি কৰি আছে ? মাত্ৰ তিনিটা বিষয়তহে এই অনুস্থানটোৱে গুৰুত্ব দিব পাৰিছে । আনবিক শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি তথা মহাকাশ। বচ! ইমানেই ! 

এনেবোৰ কাৰণতেই ভাৰতৰ প্ৰখ‍্যাত অৰ্থনীতিবিদ প্ৰণৱ বৰ্ধনে আজি পঢ়ুৱাই আছে কেলিফৰ্ণীয়া বিশ্ব বিদ‍্যালয়ত। কৌশিক বসু, জগদীপ ভগৱতী আছে কলম্বীয়া বিশ্ব বিদ‍্যালয়ত। গীতা গোপীনাথনৰ দৰে প্ৰজ্ঞাৰ সাধক গৰাকী আজি আই,এম,এফ,ত হে সেৱা আগ বঢ়াই আছে। মন থাকিলেও তেওঁৰ  ভাৰতত কৰিব পৰাকৈ বুনিয়াদী সুবিধাকণেই নাই ! তেনেকৈ ৰাজ চেণ্ডী ভাৰতীয় পণ্ডিত। কিন্তু আছেগৈ হাভাৰ্ডত। দেৱৰাজ ৰয় আছে নিউ য়ৰ্ক বিশ্ব বিদ‍্যালয়ত। ভেষজৰ ক্ষেত্ৰ খনটো বহু ভাৰতীয় গৱেষক পণ্ডিত আৰু বিশ্বযোৰা খ‍্যাতি থকা ভাৰতীয় লোক আছে গৈ বিদেশত। মঞ্জুল ভাৰ্গভ আছে প্ৰিন্সটন বিশ্ববিদ‍্যালত। সমিত কস্ৰু আছে ষ্টেন ফৰ্ড বিশ্ব বিদ‍্যালয়ত। ৰাম শঙ্কৰ অভয়ঙ্কৰ , ৰাহুল পাণ্ডে আদি কিমানৰ নাম লব ? এই সকলো বোৰ ভাৰতৰ। আমেৰিকাৰ শৈক্ষিক ক্ষেত্ৰ খনতেই ভাৰতৰ প্ৰায় ২৭ জন পণ্ডিত লোকে সেৱা আগ বঢ়াই আহিছে। তেনেকৈ সঞ্জয় শৰ্মা, ৰাকেশ কুনাৰা, গীতা মোহন আদি ২২জন পণ্ডিত লোক আন্তৰ্জাতিক ভাবে প্ৰখ‍্যাত যদিও আছেগৈ বিদেশৰ সেৱাত। অমিত শেঠ, কে, মনিচেত্তী, শ্বেতাঙ্গ পেটেল, আৰোগ স্বামী, গায়ত্ৰী চক্ৰৱৰ্তী, কে,আৰ, ৰাও, ৰাজেশ জৈন, এচ,পি, কুঠাৰী আদি প্ৰায় ৮৩ জন পণ্ডিত প্ৰৱৰ ভাৰতীয়ই আমন্ত্ৰণ ক্ৰমে বিশ্বৰ বিভিন্ন শৈক্ষিক ক্ষেত্ৰখনত সেৱা আগবঢ়াই আছে। ভাৰতত কিন্তু তেওঁলোকৰ স্থান শূন‍্য! অথচ কাষৰ চীন দেশত তাৰ সম্পূৰ্ণ ওলোটা। চীনত পণ্ডিতলোকৰ যথা স্থানত  সংস্থাপন হৈছে। দেশৰ পুঁজিৰে মেধা ছাত্ৰক বিদেশত শিক্ষিত কৰাই দেশৰ কামত ব‍্যৱহাৰ কৰিছে। ৰিচাৰ্চ এণ্ড ডেভেলপমেন্টৰ নামত হাত খুলি খৰছ কৰিছে। ফলত ক্ৰীড়াৰ পৰা ক্ৰিয়ালৈক চীনৰ গতি চমৎকাৰ। চীনত আজি আঠ লাখ পঞ্চাশ হাজাৰ খন খেল পথাৰেই আছে। আছে ছয় লাখ বিশ হাজাৰ খন ষ্টেডিয়াম আৰু চৌচালিছ হাজাৰখন ক্ৰীড়াৰ বিদ‍্যালয়।(উৎস: ৰেঙণি ইয়ুথ স্পৰ্টচ ফাউণ্ডেচনৰ ২য় সংখ‍্যক বাৰ্তালোচনী 'ৰেঙণি') ইফালে বৃহত জনসংখ‍্যাৰ দেশলৈ ঢাপলি মেলা ভাৰতৰ মুক্ত বজাৰ খনলৈ আজি সকলোৰে শেন চকু।  সেয়ে ৰাছিয়া, আমেৰিকা, ফ্ৰাঞ্চ, জাপান সকলোৱে আমাক টেকনলজী বিক্ৰি কৰাৰ প্ৰতিযোগিতাত নামি পৰিছে ।
কাৰণ আমি মুখেৰে আত্মনিৰ্ভৰশীলতাৰ কথা কলেও বাস্তৱত তাৰ কোনো আচনিয়েই নাই। সেই বাবেই বন্দুক-বাৰুদ, কামান, টোপ, গোলা আদি বেছিবলৈ বিদেশী ৰাষ্ট্ৰ উদ্বাউল হৈ আছে। আৰু আজিৰ যুগত কামত নহা সেইবোৰ কিনিবলৈ আমি তৎপৰ হৈ আছো।  ইফালে ৮০ কোটি গৰীৱ ভাৰতীয়ক  মাহে ৫ কেজি আনাজ দিয়াৰ আঁচনি ব‍্যক্ত কৰাৰ দূৰ্ভাগ‍্য বব' লগা হৈছে দেশৰ প্ৰধান মন্ত্ৰীয়ে ! ক'ত পেটেন্টৰ যুঁজ আৰু ক'ত ফ্ৰী ৰেচন দিব লগা দুৰ্ভাগ‍্য ! প্ৰশ্ন হয় ক'ত আমাৰ মন্ত্ৰণা দাতা সকল ? ক'ত আমাৰ প্ৰথম শাৰীৰ ভাৰতীয় প্ৰশাসক সকল ? ক'ত আমাৰ মন্ত্ৰী বিধায়কৰ দৰে  ধৰণী ধাৰক সকল ? যি আমাক সঁচাকৈয়ে আত্মনিৰ্ভৰশীল কৰাব! ক'ত? ক'ত তেওঁলোক ? নে ইয়ো এক 'ঝুমলা' ? যদি নহয় তেনে আচনি ক'ত? বিনা মূলীয়া ৰেচন খাই দেশ কি আত্মনিৰ্ভৰ হব ?
             



লেখক: শান্তনু বৰুৱা,কলিবাৰী,তেজপুৰ


SANTANU BARUAH















Edited by- Diganta Kr. Bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়