সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

আশাপূৰ্ণা দেৱী আৰু প্ৰথম প্ৰতিশ্ৰুতি



Ashapurna Devi
আশাপূৰ্ণা দেৱী আৰু প্ৰথম প্ৰতিশ্ৰুতি
Ashapurna Devi and her novel Prathan Pratisruti






=দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

এগৰাকী লেখিকা যি কোনো বিদ্যালয়তে পঢ়া নাছিল।পৰিয়ালৰ ল'ৰাবোৰৰ বাবে গৃহ শিক্ষক আছিল,কিন্তু তেওঁলোকৰ লগতো পঢ়াৰ অনুমতি নাছিল।ছোৱালীৰ পঢ়া-শুনাৰ কোনো প্ৰয়োজন নাই,কেৱল ঘৰুৱা কাম শিকিব আৰু ৮/৯বছৰত বিয়া হ'ব-এয়া আছিল সমাজৰ লগতে আইতাকৰ কঠোৰ নিয়ম।কিন্তু ইমান কঠোৰ ৰক্ষণশীলতাৰ মাজতো তাই মনে মনে আখৰ শিকিলে,পঢ়িবলৈ শিকিলে ।মাক আছিল কিতাপ পঢ়াৰ পোক।চেগ বুজি বুজি মাকৰ লগে লগে পঢ়া আৰম্ভ কৰিলে।এদিন এটা শিশু কবিতা লিখি পঠাই দিলে।কবিতাটো প্ৰকাশ হোৱাৰ লগতে আৰু লিখি পঠাবলৈ সম্পাদকে চিঠি দিলে।লিখাৰ প্ৰৱনতাই খলকনি তুলিলে বুকুত ।তদুপৰি এবাৰ সাহস কৰি কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰলৈ এখন চিঠি ডাকত দি তেওঁৰ নিজ হাতৰ আখৰৰ এখন চিঠি বিচাৰিল।কি আচৰিত. ৰবীন্দ্ৰ নাথ ঠাকুৰে চিঠি দিলে।শিশু মন নাচি উঠিল -লেখিকা হোৱাৰ সপোনেৰে।লিখি গ'ল মধ্যবৃত্ত পৰিয়ালৰ নাৰীৰ কল্পনাৰ দৰে মনোৰম তিনি প্ৰজন্মৰ সঁচা কাহিনীবোৰ।

পুৰুষতান্ত্ৰীক সমাজত নিয়ম,ৰীতি নীতি,বিশ্বাস,অন্ধবিশ্বাসৰ মাজত তিলতিলকৈ জীয়াতুভোগা আৰু লাহে লাহে উত্তৰণঘটা সমাজৰ-ৰাজনৈতিক পৰিৱেশত নাৰীৰ মৰ্মদ কাহিনী।এয়া কল্পনা বুলিবও পাৰি,বাস্তৱ বুলিবও পাৰি।এই গৰাকী মহীয়সী লেখিকা হ'ল আশাপূৰ্ণা দেৱী।যি সাহিত্যত অলেখ পুৰস্কাৰৰ উপৰিও লাভ কৰিছিল তেওঁৰ বিখ্যাত উপন্যাস প্ৰথম প্ৰতিশ্ৰুতিৰ বাবে ১৯৭৬চনত ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ পুৰস্কাৰ



১৯০৯ চনৰ ৮ জানুৱাৰীত জন্মহোৱা আশাপূৰ্ণা দেৱীৰ ১৯৯৫ চনৰ ১৩ জুলাই তাৰিখে কলিকতাত মৃত্যু হয়।মাতৃভাষাৰ বাহিৰে কোনো ভাষা তেওঁ নাজানিছিল।আশাপূৰ্ণাৰ দেউতাক হৰেন্দ্ৰ নাথ গুপ্তল এগৰাকী শিল্পী আছিল ,আৰু মাক সৰলা সুন্দৰী গ্ৰন্থপেমী তথা ইংৰাজ বিৰোধী বঙালী স্বাভিমানি মহিলা।

১৫ বছৰ বয়সতে১৯২৪ চনত কালীদাস গুপ্তৰ লগত আশাপূৰ্ণাৰ বিয়া হয়।বিয়াহৈ এখন ভৰাঘৰৰ সকলোবোৰ কাম ভাৰতীয় নাৰী হিচাবে কৰিও,নিজৰ তিনিটা সন্তান আদৰ যত্ন কৰিও তেওঁ নাৰীবাদী চিন্তাৰে  দেৰহাজাৰৰ অধিক চুটিগল্প,বহু সংখ্যা শিশু সাহিত্য,১৭৬ খন উপন্যাস,অনান্য বহু ৰচনাৰে বঙলা সাহিত্য চহকী কৰিথৈ গৈছে।তেওঁৰ কাহিনী ভিত্তিত ২৪ খন বোলছবিও নিৰ্মাণ হৈছে।আনুষ্ঠানিক কোনো শিক্ষা নোহোৱাকৈ ইমানবোৰ ৰচনা কৰাটো ভাৰতৰ সাহিত্য ইতিহাসৰে অতি বিৰল দৃষ্টান্ত।১৯৭৬ চনত আশাপূৰ্ণা দেৱীলৈ ভাৰত চৰকাৰে সৰ্বোচ্চ সন্মান পদ্মশ্ৰী আগবঢ়াই ।ইয়াৰ পূৰ্বেই পশ্চিমবঙ্গ চৰকাৰে তেওঁলৈ ৰাজ্যৰ শ্ৰেষ্ঠ সাহিত্য পুৰস্কাৰ আগবঢ়ায়।কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ডিলিট ডিগ্ৰীও লাভ কৰাৰ উপৰিএ ১৯৯৪ চনত সাহিত্য অকাডেমি য়ে তেওঁলৈ ফেলশ্বিপ আগবঢ়য়।

 
আশাপূৰ্ণা দেৱী ৰ শ্ৰেষ্ঠ সাহিত্য কৃৰ্তি হ'ল ১৯৬৪ চনত লিখা তেওঁ ত্ৰিলজী বা তিনি প্ৰজন্মৰ মহিলাৰ পটভূমিত ৰচিত উপন্যাস প্ৰথম প্ৰতিশ্ৰুতি যাক আকৌ কোৱা হয় মহিলাৰ স্বাধীনতাৰ পৰা ভাৰতৰ স্বাধীনতা লৈ এক মৰ্মদ ভাৰতীয় মহিলাৰ নৱজাগৰণৰ ইতিহাস বুলি।১৮৬৪ চনৰ ইংৰাজ আমোলৰ নাৰীৰ পটভূমিত গ্ৰাম্য মহিলাৰ বাল্য বিবাহ,বিধবা নাৰীৰ জীৱন,সতী প্ৰথা,বহু -বিবাহ ৰ লগতে লিংগ-বৈষম্যতাৰ ,সামাজিক ৰক্ষণশীলতাৰ গা শিয়ৰি উঠা কল্পনা যেন লগা ভাৰতীয় নাৰীৰ সঁচা প্ৰতিছবি যাৰ সাক্ষী লেখিকা নিজেই।উপন্যাসৰ মূল এই তিনি প্ৰজন্ম হ'ল সত্যৱতী-সুৱৰ্ণলতা আৰু বকুল।৪৮ খন্ডৰ এখন বৃহৎ উপন্যাস যি অসমীয়ালৈ অনুবাদ হৈছে। 

২০০৪ চনত এইখন ইংৰাজী ভাষালৈও দি ফাৰ্চট প্ৰ'মিজ (The First Promise)নামেৰে প্ৰকাশ হৈছে। 

লেখিকাৰ মতে এই কাহিনী নাৰীৰ অন্ত:পুৰৰ কাহিনী য'ত নাৰীয়ে নাৰীৰ ৰক্ষণশীলতাৰ বান্ধোনবোৰ প্ৰজন্ম পৰা প্ৰজন্মলৈ বহন কৰি লৈ গৈছে।এটা বৃত্তৰ ভিতৰত ঘুৰি থাকে নাৰীৰ জীৱন।নাৰী কেতিয়াবা চেতনাবিহীন হৈ পৰে,সকলো আৱেক ভাৱনাহীনহৈ পৰে।নিজৰ অধিকাৰৰ পৰা সকলো নুন্যতম পাবলগা খিনিও হেৰুৱাই পেলাই ,তথাপি নিস্তৰঙ্গ এই যাত্ৰা পৰিয়ালকৰ সন্মানৰ বাবে,পৰিয়ালৰ পুন্যৰ বাবে,সমাজত প্ৰচলিত যুগ যুগৰ বঞ্চনাৰ বাবে।সত্যৱতীও ইয়াৰ ব্যতিক্ৰম নহয়।নাৰীটেপা বামুনৰ জীয়ৰী তাই।দেউতাকে   কন্যাই পঢ়া বিচাৰে যদিও সমাজৰ পৰা মুক্ত কৰিব নোবাৰে জীয়ৰীক।সমাজৰ ওচৰত অসহায় পিতা-মাতা।ফলত আঁঠবছৰতে সত্যৱতীৰ বিয়া হ'ল।যি বিয়া কোনেও বাধা দিব নোবাৰে।প্ৰতিবাদ কৰিব নোবাৰে।ই নাৰীৰ পবিত্ৰ হোৱাৰ পৰম্পৰা-কুলিন হোৱাৰ  পৰম্পৰা, কিন্তু বিয়াহৈয়ো সত্যৱতীয়ে শক্তি গোটালে মনত,নিজৰ সন্তানক কলিকতালৈ নি পঢ়াব।দুটি ল'ৰা এজনী ছোৱালী হ'ল,নাম থলে সুৱৰ্ণলতা।সত্যৱতীয়ে ভাৱিলে অন্ত:পুৰৰ অৱহেলিত নাৰী জীৱনৰ পৰা সুৱৰ্ণলতাক নাৰী নহয় মানুহ কৰিব তাই।সকলো বৈষম্যতাৰ পৰা উদ্ধাৰ কৰিব তাইক।নিজৰ দৰে বাল্য বিবাহ হ'বলৈ নিদিয়ে নিজৰ ছোৱালীক।শাহু,ননদ,ইষ্ট-কুটুম্বৰ ককৰ্থনা ,অতিসহ্যা,ভাগ্যৰ বিৰম্বনা পৰা ৰক্ষাকৰি এক মৰ্যদাৰ সন্মানৰ জীৱন দিব তাইক।নিজৰ দৰে দুৰ্ভোগ ভুগিবলৈ নিদিয়ে তাইক।এয়া তাইৰ প্ৰতিশ্ৰুতি-প্ৰথম প্ৰতিশ্ৰুতি।ইতিমধ্যে বহু জটিল ঘৰুৱা সমস্যাৰ লগত যুঁজি যুঁজি সত্যৱতীয়ে এটা ল'ৰা ডাক্টৰ আৰু এটা ল'ৰা উকীল কৰে।ছোৱীলী জনীকো পঢ়োৱাৰ বাবে স্কুলত নাম লগাই দিয়ে।কিন্তু সত্যৱতীৰ সপোন এদিন ধূলিসাৎ হ'ল।ৰক্ষনশীলতা সমাজৰ পৰম্পৰাৰ সৈতে হাৰি গ'ল তাই।দেউতাকে সুৱৰ্ণলতাক পঢ়া এৰুৱাই গাঁৱলৈ নি মাত্ৰ আঁঠ বছৰত বিয়া পাতিলে।সত্যৱতী নগল বিয়ালৈ।পৰম্পৰাৰ শক্তিৰ ওচৰত হাৰি গ'ল সত্যৱতী।প্ৰথম প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ কৰা যুঁজত পৰাজিত হ'ল সত্যৱতী।অকনমানি নিজৰ সন্তানটোক নিজৰ মাতৃত্বৰ মমতাৰ শক্তিৰে ৰক্ষা কৰিব নোৱাৰিলে তাই।কিন্তু একো কৰিব নোৱাৰি সত্যৱতীয়ে প্ৰতিবাদৰ এক সিদ্ধান্ত ললে।এক দুৰ্দান্ত সাহস গোটালে -নাৰী গোঁসানী ৰ  সাহস।যি সময়ত বিবাহ বিচ্ছেদৰ কথা ওলোৱাই নাছিল তেনে সময়তে সত্যৱতীয়ে সংসাৰ ত্যাগ কৰিলে -তাই ইয়াৰ দ্বাৰা যেন এটা কথা প্ৰতিপন্ন কৰিলে নাৰীও মানুহ।ইয়াৰ মাজত অলেখ কাহিনী আছে বিধবা নাৰীৰ।বিষয়বস্তুৰ মৌলিকতাৰ বাবে প্ৰথম প্ৰতিশ্ৰুতি যুগে যুগে জনপ্ৰিয় হৈ ৰ'ব যেতিয়ালৈকে সমাজত লিংগ-বৈষম্যতাৰ থাকিব আৰু নাৰীক মানুহৰ মৰ্যদা দিয়া নহব।

আশাপূৰ্ণাদেৱীয়ে কৈছিল যাক নাৰীয়ে সমীহ কৰে,তেওঁকেই পিছপাকতে নিন্দা নকৰিলে নাৰীৰ জীৱন নাবাচে।তেওঁ কৈছিল পৃথিৱীত ইমান পোহৰ তথাপি পৃথিৱীৰ মানুহ ইমান অন্ধকাৰত থাকিব লগা হয় কিয়??এই প্ৰশ্ন সকলো সময়ৰে প্ৰশ্ন।শেষত লেখিকালৈ একাজলি শ্ৰদ্ধাঞ্জলিৰে সামৰিছো।



লেখক: দিলীপ  কুমাৰ বৰুৱা,তেজপুৰ



সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা (ব্লগ)
 digantas.blogspot.com
email-digbhuyan123@gmail.com
 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়