সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

খুচৱন্ত সিং আৰু ট্ৰেইন টু পাকিস্তান



                                            Khushwant Singh
Khushwant Singh And His Novel Train to Pakisthan
খুচৱন্ত সিং আৰু  ট্ৰেইন টু পাকিস্তান

দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

স্বাধীনতা হ'ল শিক্ষিত লোকৰ বাবে,যাৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিছিল,আমি ইংৰাজৰ দাস আছিলো,এতিয়া শিক্ষিত ভাৰতীয়ৰ বা শিক্ষিত পাকিস্তানীৰ দাস(ট্ৰেইন টু পাকিস্তান)।


এয়া হ'ল ভাৰতীয় এগৰাকী বিখ্যাত লেখক,সাংবাদিক,অধিৱক্তা,হাস্যৰসিক,ৰাজনৈতিক (ৰাজ্য সভাৰ সদস্য)চৰ্দাৰ খুচৱন্ত সিঙৰ সাহসী মন্তব্য।

১৯১৫ চনৰ ২ ফেব্ৰুৱাৰী ত পাঞ্জাৱত জন্ম গ্ৰহণ কৰা সিঙৰ ৯৯ বছৰ বয়সত দিল্লীত ২০১৪ চনৰ ২০ মাৰ্চত মহাপ্ৰয়ান ঘটে।ভৰতবৰ্ষ আৰু পাকিস্তানত সমানে সিং জনপ্ৰিয় আছিল নিজৰ ধৰ্মনিৰপেক্ষ বলীষ্ঠ মতাদৰ্শৰ বাবে।ভাৰতীয় ইংৰাজী লেখন শৈলীত তেওঁ প্ৰথম বাৰলৈ সহজ সৰল ইংৰাজী শৈলী ব্যৱহাৰ কৰি এক যুগান্তকাৰী পৰিৱৰ্তন সূচনা কৰে।


খুচৱন্ত সিঙৰ খুৰাৱক  চৰ্দাৰ উজ্জ্বল সিং পাঞ্জাৱ আৰু তামিলনাডুৰ গৱৰ্ণৰ আছিল আৰু ভায়েক সভা সিং এগৰাকী প্ৰখ্যাত বিল্ডাৰ আছিল(দিল্লীৰ)।

শিখ ধৰ্মালম্বী পৰিয়ালত জন্ম গ্ৰহণ কৰা সিঙে হাইস্কুল শিক্ষা দিল্লী মদাৰ্ণ স্কুলত সমাপ্ত কৰি লাহোৰ চৰকাৰী কলেজৰ পৰা ১৯৩৪ চনত তৃতীয় বিভাগত অৰ্থাৎ কোনোমতে বিএ পাছ কৰি লণ্ডনৰ কিংচ কলেজৰ পৰা১৯৩৯ চনত বেৰিষ্টাৰ পাছ কৰে।কোৱা হয় লণ্ডনত, সিং এগৰাকী অকলশৰীয়া অনবৰতে গালি পাৰি থকা বৃদ্ধাৰ ঘৰত ভাৰাত আছিল,যিয়ে সিঙৰ ইংৰাজী ভাষাৰ ওপৰত দখল সৱল কৰি তোলে।ভাৰতলৈ ঘুৰি আহি তেওঁ লাহোৰ হাই কৰ্টত যোগদান কৰি ৮ বছৰ অধিৱক্তা হিচাবে সেৱা আগবঢ়ায়।ভাৰতৰ স্বাধীনতা ৰ পিছত ১৯৫১ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ সাংবাদিক চাকৰিত যোগ দিয়ে। ১৯৫৬ চনত পেৰিচলৈ এবছৰৰ বাবে যায়।১৯৭০ চনৰ পৰা ১৯৮০ চনলৈ তেওঁ বহু কেইখন ইংৰাজী কাকতৰ সম্পাদকৰ দায়িত্ব লয় আৰু ধাৰাবাহিক লেখা মেলা কৰে।ইংৰাজী লিখাৰ নতুন ষ্টাইল,হাস্যৰসিক,কবিতা,ধৰ্মীয় চিন্তাৰ উদ্ধত নিৰপেক্ষ  অনুসন্ধানৰ বাবে এগৰাকী অতি জনপ্ৰিয় লেখক আৰু সাংবাদিক হিচাবে ভাৰত-পাকিস্তানত তেওঁ জনপ্ৰিয় হৈ পৰে।

নিয়মীয়া লেখাৰ উপৰি তেওঁ ৮০ খন গ্ৰন্থ লিখে।১৯৮০ চনৰ পৰা ১৯৮৬ চনলৈ ৰাজ্যসভাৰ সদস্য পদ অলঙ্কিত কৰে।১৯৭৪ চনত তেওঁলৈ পদ্মভূষণ সন্মান ভাৰত চৰকাৰে আগবঢ়াই,যি সন্মান ভাৰতীয় সেনাই স্বৰ্ণমন্দিৰত প্ৰৱেশৰ প্ৰতিবাদত ১৯৮৪ চনত ওভোতাই দিয়ে।২০০৭ চনত পুনৰ তেওঁকলৈ পদ্মবিভূষণ সন্মান আগবঢ়ায়।

তেওঁ লিখা ৮০ খন গ্ৰন্থৰ উল্লেখযোগ্য সকেইখনমান হলThe Mark of Vishnu and Other Stories, ( 1950)The History of Sikhs, 1953
Train to Pakistan, (Novel) 1956The Voice of God and Other Stories,  1957,I Shall Not Hear the Nightingale, 1959,The Sikhs Today, 1959,The Fall of the Kingdom of the Punjab, 1962,A History of the Sikhs, 1963,Ranjit Singh: The Maharaja of the Punjab, 1963,
Ghadar 1915: India's first armed revolution, 1966,A History of the Sikhs, 1966 ইত্যাদি।



আমি তেখেতৰ ট্ৰেইন টু পাকিস্তান উপন্যাস খনৰ এক অতি চমু আলোচনা তলত দাঙি ধৰিছো।উপন্যাস খন লিখা হৈছে ভাৰত পাকিস্তানৰ স্বাধীনতা ৰ সময়ত হোৱা সাম্প্ৰদায়িক হিংসা য'ত ভূলুন্ঠিত হৈছিল মানৱতাবাদ।
,ট্ৰেইন টু পাকিস্তান ১৯৪৭ চনৰ আগষ্টত দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম মূহুত্তৰ হাজাৰ হাজাৰ মানুহৰ ধৰ্মৰ নামত হত্যা ৰ এক গতিশীল ঐতিহাসিক পটভূমিৰ শক্তিশালী কাহিনী।কাহিনীৰ পটভূমি পাকিস্তানৰ সীমান্তৰ এখন গাওঁ মনো মাজৰা।প্ৰায় শতাধিক বছৰ ধৰি গাঁৱৰ শিখ আৰু মুছলমান লোক অতি শান্তিৰে বসবাস কৰিছিল।সাম্প্ৰদায়িকতাৰ কোনো চিন্তাই কাৰো মনত নাছিল।মাহাত্মাৰ নাম শুনিছে যদিও ইংৰাজ ভাৰত এৰি যাব,দুখন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হ'ব,সীমা নিৰ্দ্ধাৰণ হ'ব তেওঁলোকে নাজানে।আনকি মুছলমান সকল পাকিস্তানলৈ যাব লাগিব বুলিও নাজানে।গাঁৱৰ ইমামৰ কন্যা নুৰুণ।নুৰুণক ভাল পায় শিখ যুৱক ডকাইট জাগাই।গাৱৰ জমিদাৰ লীলা ৰামলালক কোনো লোকে হত্যা কৰে।ইয়াৰ তদন্তৰ বাবে হুকুম সিং মেজিষ্ট্ৰেট কনিষ্টবল সহ গাৱলৈ আহে।এই সময়তে বিদেশত পঢ়া নাষ্টিক যুৱক ইকবাল আহি গাৱত আশ্ৰয় লয়।হুকুম সিঙে নানান চক্ৰান্তত কৰি গাওঁখনক শিখ আৰু মুছলমান দুভাগত ভাগ কৰিবলৈ কিছু সমৰ্থ হ'ল আৰু মুছলমানক ট্ৰাকত উঠাই পঠোৱাৰ চেষ্টা কৰিলে।নুৰুণে জাগাক এৰি যাবলৈ মান্তি নহল,তাই জগাৰ সন্তান পেটত ধাৰণ কৰাৰ কথা জনালে।ইপিনে হুকুম সিঙে ইকবালক আৰু জাগাত বন্দী কৰি থলে।এটা শিখ যুৱক দলে বিয়লিৰ ট্ৰেইনৰ ওপৰত অহা মুছলমানক এদাল ৰছী বান্ধি হত্যা ৰ পৰিকল্পনা কৰিলে।নুৰুণ জাগাক এৰি যাব লগা হ'ল।ইপিনে এনে সময়তে জাগা আৰু ইকবালক হুকুম সিঙে মুক্তি দিলে।বিয়লি মুছলমান ভৰ্তি ট্ৰেইন অহা সকলোৱে দেখিলে।গছত উঠি এজন যুৱকে মুছলমান মাৰিবলৈ বন্ধা ৰচীদাল কৃপানৰে কাটি থকা  দেখিলে।ল'ৰাটো আছিল জাগা নুৰুণৰ প্ৰেমিক।ইতিমধ্যে ট্ৰেইন  আহি পোৱাত  জাগাই দাঁতৰে ৰচীদাল কাটিলে,লগে লগে জাগা ৰচীৰ সৈতে ট্ৰেইনৰ চিৰিত পৰি গ'ল,তাৰ ওপৰেদি ট্ৰেইন পাকিস্তানলৈ আগবাঢ়িল।ইমানতে কাহিনী সমাপ্ত হয়।

খুচৱন্ত সিং বৰ নিয়মানুৱৰ্তী লোক আছিল।পুৱা ৮ বজাত উঠি নিশা ৮-৩০ বজাত দুই পেগ খাই তেওঁ শুই গৈছিল।এবাৰ জাইল সিঙৰ লগত কথা পাতি থাকোতে হঠাৎ নিশা ৮ বাজি যোৱাত তেওঁ জাইল সিঙক ভদ্ৰতাৰে বিদায় দিয়ে।তেওঁৰ নাৰীক লৈ বহু সমালোচনা থাকিলেও সংসাৰ আছিল সুখৰ।পৰিবাৰ আছিল তেওঁৰ শৈশৱৰ লগৰী কনোৱাল মালিক।তেওঁৰ ল'ৰাৰ নাম ৰাহুল আৰু কন্যাৰ নাম মালা।

খুচৱন্ত সিঙৰ গাজাবোৰ বৰ মনোৰম।এবাৰ হেনো এখন বিমানত উঠি এজন মানুহে বুঢ়ী মানুহ এজনীৰ খিৰিকি মুখৰ চিটত বহি নুঠা হল।এয়াৰ হোষ্টেজে বুজালে তথাপি তেওঁ নাচোৰ বান্দা।পাইলট আহি তেওঁৰ কানে কানে কিবা কলে।লগে লগে তেওঁ নিজৰ চিটলৈ আহিল।এয়াৰ হোষ্টেজে পাইলটক সুধিলে এনে কি কথা ক'লে যে সুৰসুৰকৈ চিট এৰিলে।পাইলটে হেনো ক'লে এই চিটটো চণ্ডীগড়লৈ নাযায় জলন্ধৰলৈ যাব।লগে লগে তেওঁ চিট এৰিলে।তেওঁ চিন্তাচৰ্চা আছিল অতি আধুনিক।তেওঁৰ মতে কেৱল ধনী মানুহ হে নীতিবান হ'ব পাৰে।দৰিদ্ৰলোকে নীতিবান হ'ব নোৱাৰে,সেয়েহে তেওঁলোকে ধৰ্মক বেছি বিশ্বাস কৰে।আকৌ কৈছিল In a country which had accepted caste distinctions for many centuries,inequality had become an inborn mental concept.তেওঁৰ এপিটাপৰ ওপৰত কি লিখিব তাকো তেওঁ এনেদৰে লিখিছিল
Here lies one who spared neither man nor God;Waste not your fears on him
he was a sod;
Writing nasty things he regarded as great funny.Thanks the Lord he is dead,
this son of gun.



লেখক: দিলীপ কুমাৰ বৰুৱা




সম্পাদনা; দিগন্ত  কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়