সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

এখন ব্যতিক্ৰমী আত্মকথা:সোনৰ চামুচ মুখত লৈ

এখন ব্যতিক্ৰমী আত্মকথা:সোনৰ চামুচ মুখত লৈ


দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

অসমীয়া ভাষাত নিজৰ জীৱনৰ সকলোবোৰ ভাল আৰু বেয়া কথা মুকলিকৈ আত্মকথাত প্ৰকাশ কৰা লোক অতি লেখত ল'বলগীয়া ।বৰ্তমানে অতি বিতৰ্কিত আত্মকথা  এখন অসমীয়াত পঢ়াৰ সুবিধা হ'ল।কিতাপখনৰ নাম সোনৰ চামুচ মুখতলৈলিখিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসমৰ প্ৰথম গৰাকী অসমীয়া বিচাৰপতি হলিৰাম ডেকাৰ পুত্ৰ ড.প্ৰণৱ কুমাৰ ডেকাই।তেওঁ আছিল একেধাৰে অভিধান প্ৰণেতা ,বহুকেইখন গ্ৰন্থৰ লেখক,বিশিষ্ট গল্পকাৰ।

৬১৬ পৃষ্টাৰ আত্মকথাখনৰ লেখকে এগৰাকী প্ৰখ্যাত লোকৰ ঘৰত জন্ম হৈ কিদৰে নিজৰ তীক্ষ্ণ মেধাৰ বলত  সুখ্যাতিৰে পাছ কৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ দেখিলে,অধ্যাপক এচামৰ নীতি বৰ্হিভূত কাৰ্য দেখিলে,অসমৰ সাহিত্য জগতৰ পৰা সাহিত্য অকাডেমিলৈ হাত-বাট কৰি যি অভিজ্ঞতা সঞ্চয় কৰিলে,তাৰ মাজেদি পাৰিবাৰিক জীৱনৰ লগতে পৰিয়ালৰ লোকৰ বৈচিত্ৰতাৰ যি উপলব্ধি কৰিলে,লগতে অসমৰ বহু কেইগৰাকী ৰাজনৈতিক নেতাৰ লগত হলিগলি কৰি যিবোৰ ধাৰণা গোটালে ,তাৰ লগতে অসমৰ পৰিৱেশ আদি  কথা কেৱল এক পক্ষীয় কোনো লুকঢাক নোহোৱাকৈ ডেকা দেৱে লিখিছে ।তদুপৰি নিজৰ ব্যক্তিগত ধ্যান-ধাৰণা,বদ অভ্যাস,যৌন বিষয়ক কথা,ৰাচীয়ান পত্নীক ভাৰতীয় কৰণত হোৱা সমস্যা,নিজৰ মাক-দেউতাক-বায়েক-পৰিয়াল আদিৰ প্ৰসঙ্গত ধাৰণা,আলহিৰ অকৃজ্ঞতা আদি সকলো কথাই লেখকে মুকলিকৈ লিখিছে ।তদুপৰি তেওঁৰ প্ৰতি কোনো কোনো বিদ্বান,ৰাজনৈতিত নেতা,বিষয়াই কৰা ব্যৱহাৰক কেনেকৈ তেওঁ চেগ বুজি চুঙা চাই সোপাদি এক শিক্ষাদিলে তাকো লিখিছে।

এই কাহিনীবোৰ বৰ ৰসাল ,তদুপৰি গুৱাহাটীৰ বিদ্যৎ সমাজৰ ওপৰত পাঠকে এক ধাৰণা ইয়াৰ যোগেদি ল'ব পাৰে।কোনো কোনো ক্ষেত্ৰত একেখিনি কথাকে ইমান দাম্ভিকতাৰে লিখাৰ বাবে আমনি লাগিলেও কোনো কোনো ক্ষেত্ৰত অতি উত্তেজনাপূৰ্ণ হৈছে আৰু গুৱাহাটীৰ বিদ্যৎ সমাজৰ মানসিকতা লেখকে নগ্ন কৰিহে এৰিছে।মই যেতিয়া আত্মকথাখনি পঢ়িছিলো তেতিয়া ভাৱ হৈছিল এই কিতাপখনৰ তথ্যৰ ওপৰত বহু কেইগৰাকীলোকে চাগে গোচৰ কৰিব আৰু কিতাপখন নিসিদ্ধহৈ পৰিব।তাৰ পাছতে শুনিলো কিতাপখন সাহিত্য অকাডেমি পুৰস্কাৰৰ বাবে তালিকাভূক্ত হৈছে৷কিন্তু এইবোৰ একো নহল।ভাৱ হ'ল তেওঁ লিখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰচ'ৰাত চলি থকা কথাবোৰ নিশ্চয় সঁচা।কিতাপখনৰ ওপৰত এক সুন্দৰ বিশ্লেষণ আগবঢ়াইছে মাজুলি মহাবিদ্যালয় ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক অপূৰ্ব জ্যোতি হাজৰিকাই নতুন পদাতিকৰ ১৯১৮ চনৰ জানুৱাৰীৰ সংখ্যাত।হাজৰিকাৰ মতে সোনৰ চামুচ মুখত লৈ ড.হীৰেণ গোহাঁই দেৱৰ আত্মকথাৰ দৰে ঐক্যসূত্ৰৰে গঁথা য'ত লেখকে সমাজ- সংস্কৃতি-ৰাজনীতিৰ মৰ্ম লৈ অন্তৰ্ভেদী আৰু বস্তুনিষ্ঠ দৃষ্টি আৰু শানিত আত্মব্যংগ প্ৰকাশ কৰিছে ।

এগৰাকী প্ৰখ্যাত লোকৰ ঘৰত 'সোনৰ চামুচ মুখত'লৈ জন্মহোৱা বুলি কিদৰে সকলো পক্ষৰ পৰা শৈশৱৰ পৰা পৌঢ়লৈ লেখক কিদৰে সমাজ-নিৰ্দেশিত আৰু নিৰ্মিত বৃত্তৰ মাজত বন্দী হৈ জীৱনৰ চৰম বীড়ম্বনাৰ বলী হ'ল সেই কথা এক প্ৰচণ্ড শ্লেষ আৰু আত্মব্যংগৰে প্ৰকাশ কৰিছে।

১৯৫৯ চনত বিএছছিত সন্মানত প্ৰথম স্থান প্ৰাপ্তহৈয়ো কিদৰে সোনৰ পদকৰ পৰা বঞ্চিত কৰা হ'ল ,পিএইছ ডি পোৱা অধ্যাপক হৈয়ো ১৩ বছৰ প্ৰমোচনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত বঞ্চিত কৰা হ'ল সকলো বোৰ লিখিছে।আমি ভাবো আমাৰ তলৰ পৰ্যায়ত হে প্ৰতিভাতকৈ পদলেহন ,মিছাকো মিছা বুলি নকৈ মূৰ্খকো সভক্তিৰে মানি চলিলে জীৱনৰ সাপ লু়ুডুত জখলাতে ভৰি পৰে।তাৰ বিপৰীতে সততা,নীতিবানৰ ভূমিকাৰে আগবাঢ়িলে ৰাজনীতি,চাকৰি সকলোতে সাপৰ মুখত বাৰে বাৰে পৰা খাতাং।একেই সাপলুডুৰ খেল গুৱাহাটী বিশ্ববিদ্যালয়ত চলে বুলি পঢ়ি আমাৰ চকু কপালত উঠে।তদুপৰি সামান্য টকাৰ বাবে কিছুলোকে কিদৰে বগা কাগজৰ মিছা ভাওচাৰ দিয়ে,লেখকে তেনে নকৰি বাছি যোৱা ধন ঘুৰাই দিওঁতে হোৱা অভিজ্ঞতা ব্যক্ত‌ কৰিছে।লেখকৰ মতে এনেবোৰ দূৰ্নীতি বিশ্ববিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ চালি আছে।তেওঁ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ সমগ্ৰ শিক্ষাবিভাগ শিক্ষাৰ গুণগত দিশতকৈ স্থানীয়ক গুৰুত্ব দিয়াৰ এক আভ্যন্তৰীণ ৰাজনীতি চলাৰ ফলত শিক্ষাবিভাগ বেয়া হৈছে বুলিছে। সাহিত্যৰ ক্ষেত্ৰতো বহু অসমৰ মুধাফুটা লেখকে বহু অসম্ভৱ কথা সঁচা বুলি লিখি গৈছে,যিবোৰ কোনেও প্ৰতিবাদ নকৰে বুলি লেখকে উল্লেখ কৰি তাৰ কেইটামান দৃষ্টান্তও দাঙি ধৰিছে।সমাজ,সাহিত্য,সংস্কৃতি,ৰাজনীতিৰ বহু ক'লা অধ্যায় উন্মোচন কৰি আত্মমূল্যায়নৰ মাজেৰে বস্তুনিষ্ঠ আৰু নিৰপেক্ষতাৰে কৰা বিশ্লেষণৰ বাবে এই গ্ৰন্থখনিয়ে অসমীয়া আত্মজীৱনী লৈ এক নতুনত্ব দান কৰে।
 
নিজৰ খ্যাতি যশস্যাৰ প্ৰতি উদাসীন বুলি লেখকে বাৰে বাৰে উল্লেখ কৰিলেও চাকৰিৰ পৰা বৌদ্ধিক ক্ষেত্ৰত বঞ্চনাৰ বিপক্ষে ক্ষোভ আৰু প্ৰতিবাদে লেখকৰ উদাসীনতাৰ প্ৰমাণ নকৰে।ড.হীৰেণ গোহাঁই দেৱৰ বাল্যবন্ধু ডেকাই আত্মবিশ্বাসৰ অভাৱৰ বাবে অসমীয়া সাহিত্যত কোনো স্থায়ী কাম গোহাঁই দেৱে কৰিব নোৱাৰিলে বুলি কয়।

ড. সূৰ্যকুমাৰ ভূঞা,ড.মহেশ্বৰ নেওগ,ড.বাণীকান্ত কাকতি আদিৰ দৃষ্টিভঙ্গীৰে সমালোচনা কৰাত গ্ৰন্থখন এখন বিতৰ্কিত গ্ৰন্থলৈ উন্নিত কৰিলে।একেদৰে, 'মোৰ যৌন অন্বেষণৰ কাহিনী 'অংশটোও বৰ বিতৰ্কমূলক।নিজৰ ভূতাত্বিক বহু কথাও লিখা হৈছে যিবোৰে মাজে মাজে কিতাপ খনৰ গল্প ধৰ্মী ষ্টাইল নষ্ট কৰি আমনিদায়ক কৰিছে।ইমান চমু আলোচনাত সকলো দিশত চুই যাবও আমি পৰা নাই স্বীকাৰ কৰিছো । পাঠকে এই কিতাপ খন পঢ়ি আমাৰ শিক্ষা,সাহিত্য,সংস্কৃতি,ৰাজনীতি,বিষয়াতন্ত্ৰ,পাণ্ডিত্য আদি বিষয়ত অন্যএক ধাৰণাৰে ভাবিবলৈ সুবিধা পাব বুলি আশা কৰিছো।




লেখক: দিলীপ কুমাৰ বৰুৱা




সম্পাদনা: দিগন্ত কুমাৰ ভূঞা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়