সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

অলৌকিকত্বৰ বিশ্বাস আৰু সংশয়




অলৌকিকত্বৰ বিশ্বাস আৰু সংশয়


অলৌকিকত্ব, জ্যোতিষ চৰ্চা, জীৱনত স্বপ্নৰ প্ৰভাৱ  আদিৰ সম্পৰ্কে  আমি বেছিভাগ মানুহেই বিশ্বাস-সংশয়ৰ দোমোজাৰ মাজেৰেই জীৱন অতিবাহিত কৰিবলগীয়া হয়।  বিশেষকৈ ইতিহাসৰ ছাত্ৰ হিচাপে আমাৰ দৰে মানুহে ভাৰতীয় বস্ত্তবাদী দৰ্শনৰ ইতিহাস( লোকায়ত দৰ্শন বা ব্ৰাহস্পত্য দৰ্শন বা চাৰ্বাক দৰ্শন) অধ্যয়নৰ লগতে মাৰ্ক্সীয় দৰ্শন আৰু ইয়াৰ ইতিহাসৰ বস্তবাদী ব্যাখ্যা যিহেতু পঢ়িবলগীয়াত পৰে অলৌকিকত্ব, জ্যোতিষ আদি বিষয়ৰ প্ৰতি থকা পূৰ্বৰ আস্হা ধূসৰিত হৈ পৰে। কিন্ত্ত গ্ৰন্হ অধ্যয়নৰ বাটত পোৱা কিছুমান কথাৰ মাজৰ কথাই আমাৰ অবিশ্বাসৰ পৰিক্ৰমাৰ পথ অমসৃণ কৰি তোলাৰ লগতে থমকি ৰৈ তলকি চাবলৈ বাধ্য কৰে। তাৰে দুটামান উদাহৰণ ইয়াত ডাঙি ধৰাৰ অভিপ্ৰায়েৰে আমাৰ আজিৰ এই লেখাৰ অৱতাৰণা।


     
দ'পৰ্বতীয়াৰ প্ৰখ্যাত শৈল দ্বাৰ
তেজপুৰৰ দ'পৰ্বতীয়াৰ প্ৰখ্যাত শৈল দ্বাৰখন আবিস্কাৰৰ আঁৰত যে এগৰাকী সাধু বাবাৰ ভবিষ্যতবাণী জড়িত আছিল আমি বহুতে নাজানো। সেই সময়ৰ পৰ্বতীয়াৰ লেঙা চুবুৰীৰ ৰাইজক এগৰাকী অনামী সাধুৱে বৰ্তমান শৈল দ্বাৰ থকা ভেঁটিটোৰ লগতে শৈল দ্বাৰ (প্ৰাচীন স্মৃতি চিহ্ন আছে বুলি)খন খান্দি উলিয়াবলৈ( এটা সূত্ৰ মতে পুখুৰীৰ পানীৰ তলৰ পৰা) উচতাইছিল। ৰাইজে সাধুৰ অলৌকিক বাণীৰ দ্বাৰা প্ৰভাবিত হৈ বৰ্তমান সমগ্ৰ ভাৰততে বিখ্যাত হৈ পৰা স্মৃতিচিহ্নটিৰ লগতে মন্দিৰৰ ভেঁটি টুকুৰা উদ্ধাৰ কৰে।


১৯২২-২৩ চনৰ আৰ্কিউলজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ বছৰেকীয়া প্ৰতিবেদনত কে.এন.ডিক্সিতে  এই বিষয়ে এনেদৰে উল্লেখ কৰিছে---

"A little over a mile to the north-west of Tezpur in Darrang district is the village of Parbatiya, where a number of old temple sites known as dols are still to be seen. A brick strewn mound in the Lenga Suburi quarter of the village rising to a height of about 15 feet above the surrounding level was recently dug into at the top by the villagers at  the instance  of a SADHU. In the course of this digging, the foundation of an ancient Vishnu shrine and a stone door- frame were discovered.

             -K.N.Dixit. Annual report of Archaeological survey of India 1922-23.

সাধু বাবা এগৰাকীৰ ভৱিষ্যত বাণীৰে  ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ হোৱা এনে উদাহৰণ বোধকৰোঁ ভাৰততে বিৰল।
Nalinibala Devi

প্ৰখ্যাত লেখিকা অতিন্দ্ৰীয়বাদী কবি নলিনীবালা দেৱীৰ আত্মজীৱনী 'এৰি অহা দিনবোৰ'ত  এনে অলেখ অলৌকিক ঘটনাৰ সমাবেশ ঘটিছে। সকলোতকৈ গুৰুত্বপূৰ্ণ অলৌকিক  ঘটনাতো হৈছে তেওঁৰ পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জীৱনী গ্ৰন্হ ৰচনাক কেন্দ্ৰ কৰি হোৱা ঘটনা। কৰ্মবীৰৰ  মৃত্যুৰ পিচত নলিনীবালা দেৱীয়ে পিতৃৰ জীৱনী গ্ৰন্হ লিখিবলৈ মনস্হ কৰিলে যদিও পিতৃৰ এখনি দিনলেখাৰ বহি বিচাৰি নোপোৱা হ'ল। 



বহু চিন্তা কৰি  তেখেতে প্লেইন চিটৰ জৰিয়তে
Ouija board

 পিতৃৰ আত্মাক মাতি অনাৰ দিহা কৰিলে। ভবা মতেই পিতৃৰ আত্মাক মাতি আনি তেওঁৰ ডায়েৰীখন ক'ত আছে সুধা হ'ল, উত্তৰত সেইখন পদ্মধৰ চলিহাৰ ঘৰত  আছে বুলি কোৱাত অবিশ্বাস্য ভাবে পদ্মধৰ চলিহাৰ পুত্ৰ পৰাগ চলিহাৰ পৰা সেইখন উদ্ধাৰ কৰা হয়। তাৰ ফলতে অসমীয়া সাহিত্যৰ এখনি গুৰুত্বপূৰ্ণ জীৱনী গ্ৰন্হ 'স্মৃতি তীৰ্থ'ৰ জন্ম হয়। নলিনীবালা দেৱীয়ে জীৱনত অলেখবাৰ প্লেইন চিটৰ জৰিয়তে আত্মাৰ সৈতে কথা পতাৰ কথা বৰ্ণনা কৰিছে, তেজপুৰৰ  বঙালী পৰিয়াল এটা এইক্ষেত্ৰত সিদ্ধহস্ত আছিল বুলি জনা যায়।

লেখক শৈলধৰ ৰাজখোৱাৰ 'অতীতৰ সোঁৱৰণী' গ্ৰন্হত তেজপুৰৰ বাঙালী পৰিয়াল এটাৰ সহায়ত প্লেইনচিটত আত্মা আহ্বানৰ কথা বৰ্ণিত হৈছে। স্বপ্ন নিৰ্দেশ লাভ কৰা এগৰাকী অচিনাকী মুছলমান ধৰ্মালম্বী লোকৰ অনুৰোধত শিৱৰ আৰাধনা কৰি ঘৰুৱাহী দুৰ্যোগৰ পৰা মুক্তি লাভ কৰাৰ কথা উল্লেখ কৰিছে।

কবিগুৰু ৰবিন্দ্ৰনাথেও প্লেইনচিটৰ মাধ্যমেৰে নিজৰে পৰিয়ালৰে মৃত সদস্যৰ আত্মা মাতি কথোপকথন কৰাৰ কথা তেওঁৰ ৰচনাত পোৱা যায়। যি কি নহওক এনেবোৰ উদাহৰণ অবিশ্বাস্য হৈ পৰিলেও মানুহৰ জীৱনৰে এক অংগ হৈ পৰে। জীৱন অৰ্থৰ সন্ধানৰ এটি এৰাব নোৱাৰা অংশও হৈ উঠে  এনেবোৰ উদাহৰণ আৰু কেতিয়াবা হৈ উঠে মহৎলোকৰ অনিসন্ধিৎসু জীৱনৰ জীৱন জিজ্ঞাসা।




লেখক: পল্লৱ ভট্টাচাৰ্য্য,তেজপুৰ

writer: Pallab Bhattacharya,tezpur.

 


সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা--অসমীয়া(ব্লগ)
digantas.blogspot.com
Email: digbhuyan123@gmail.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়