 |
Arundhati Roy |
বহু সমাদ্ৰিত আৰু বহু বিৰ্তকিত
অৰুন্ধতী ৰয় আৰু দি গড্ অৱ স্মল থিংচ্
Arundhati Roy and her novel The God of small things
:--দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।
ভাৰতবৰ্ষৰ বৰ্তমানে বহু বিৰ্তকিত এগৰাকী বিশ্বৰ আগশাৰীৰ লেখিকা,মানৱঅধিকাৰ কৰ্মি,ৰাজনৈতিক শক্তিশালী ভাষ্যকাৰ,চিত্ৰনাট্য লেখক,বোলছৱি নিৰ্মাতা বুকাৰ পুৰস্কাৰ পোৱা প্ৰথম ভাৰতীয় লেখিকা,সাহিত্য অকাডেমি বঁটা প্ৰাপক হ'ল অৰুন্ধতী ৰয়।সম্পূৰ্ণ নাম চুজানা অৰুন্ধতী ৰয়( Suzanna Arundhati Roy)।অৰুন্ধতী ৰয়ৰ কাশ্মীৰ প্ৰসঙ্গত দিয়া মন্তব্য আমি বহুতেই সমৰ্থন কৰিব নোৱাৰো যদিও নৰ্মদা বাচাওৰ দৰে প্ৰকৃতি-পৰিৱেশৰ বাবে কৰা আন্দোলন আমি সমৰ্থন কৰিবই লাগিব।অসমৰ নদীবান্ধৰো তেখেতে বিৰোধীতা কৰে।বহু কেইটা মন্তব্য ৰ বাবে বহু কেইগৰাকী ৰাজনৈতিক নেতা,বহু কেইগৰাকী সাংবাদিকে তেওঁক দেশদ্ৰোহী,ভাৰত বিৰোধী লেখিকা আখ্যা দিছে।আনকি বহু কেইটা ৰাজনৈতিক মন্তব্যৰ বাবে তেখেত শাসক দলৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখিন হৈছে আৰু দেশদ্ৰোহী আখ্যা দিয়া হৈছে।বাংলাদেশ চৰকাৰে চিত্ৰশিল্পী শহিদুল আলমৰ মুক্তিৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিবাদ কৰাৰ বাবে লেখিকাক বাংলাদেশত সোমাবলৈ দিয়ো ভাষণ দিয়াৰ অনুমতি নিদিলে।তদুপৰি অতি ধনীলেখিকা বুলিও তেওঁৰ সমালোচনা।তেওঁৰ মতে তেওঁৰ সকলো সম্পতিৰ উৎস কিতাপৰ ৰয়েলিটিৰ ধনহে।আনহাতে লেখিকাৰ বিপক্ষে ইমানবোৰ প্ৰতিবাদৰ পিছতো বিশ্বৰ সাম্প্ৰতিক সময়ৰ ১০০ গৰাকী শ্ৰেষ্ঠ লেখক-লেখিকাৰ তালিকাত অৰুন্ধতী ৰয় জিলিকি উঠিছে।
অৰুন্ধতী ৰয়ৰ ব্যক্তিগত জীৱন অতি কৰুণ।দুবাৰকৈ তেওঁৰ বিবাহ বিচ্ছেদ হৈছে আৰু দুজনী ছোৱালীৰে তেওঁ দিল্লীত জীৱন সংগ্ৰাম চলাই গৈছে।কিন্তু কাহানীও সত্যৰ হকে জনসাধাৰণৰ পক্ষত ঠিয়হৈ সাহসীকতাৰে মাতমাতিবলৈ তেওঁ পিচ হুৱকা নাই।১৯৬১ চনৰ ২৪ নবেম্বৰত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙত তেওঁৰ জন্ম।দেউতাক আছিল চাহ বাগিছাৰ মেনেজাৰ ৰাজীৱ ৰয় আৰু মাক আছিল বিশিষ্ট মানবঅধিকাৰ কৰ্মি খ্ৰীষ্টিয়ান মেৰী।দেউতাক আছিল বঙালী আৰু মাক মালায়ালাম।অৰুন্ধতীৰ জন্মৰ দুবছৰ পিছতে মাক দেউতাকৰ বিবাহ বিচ্ছেদ হয় আৰু পাঁচ বছৰ বয়সতে অৰুন্ধতীক লৈ মাক কেৰেলাৰ গাঁৱলৈ উভতি যায়।স্থানীয় ভাৱে পঢ়াশুনা কৰি অৰুন্ধতী ১৬ বছৰত দিল্লীলৈ গৈ তাতে পঢ়া সমাপ্ত কৰে।তেওঁৰ বিষয় আছিল স্থাপত্যবিদ্যা ।
প্ৰথমবাৰ বিবাহ হয় আৰু বিবাহ বিচ্ছেদ হোৱাত দ্বিতীয় বাৰ চিনেমা জগতৰ প্ৰদীপ কিষাণক ১৯৮৪ চনত বিয়া কৰাই যদিও দ্বিতীয় বাৰো বিবাহ বিচ্ছেদ হোৱাত ছোৱালী দুজনীৰ সৈতে দিল্লীত থাকি লিখা আৰম্ভ কৰে।
তেওঁৰ নিজৰ আত্মজীৱনী সদৃশ উপন্যাস "দি গড অৱ স্মল থিংচ্" তেওঁ ১৯৯৭ চনত ৰচনা কৰে আৰু প্ৰথমবাৰৰ বাবে একে বছৰতে মেন অৱ বুকাৰ পুৰস্কাৰ ভাৰতীয় লেখিকা হিচাবে লাভ কৰিবলৈ সমৰ্থ হয়।ইয়াৰ পিচতে তেওঁ চিডনী শান্তি পুৰস্কাৰ লাভ কৰে।২০০৬ চনত তেওঁক সাহিত্য অকাডেমি য়ে ইংৰাজী সাহিত্য ৰ ক্ষেত্ৰত দি এলজেব্ৰা অৱ্ ইনফাইনিট্ জাষ্টিচ্ নামৰ উপন্যাস খনৰ বাবে সাহিত্য অকাডেমি পুৰস্কাৰ প্ৰদান কৰে।তেওঁৰ কেইখনমান উপন্যাস হ'ল দি মিষ্ট্ৰি অৱ আটমষ্ট,দি এণ্ড অৱ ইমাজিনেচন,মাই চেডিয়েচন হাৰ্ট,কেপিটেলিজম:এ ঘষ্ট,ৱাকিং উইথ কমৰেড,লিষ্টিনিং টু গ্লাছ হপাৰচ্ ইত্যাদি ।তেওঁৰ লেখা ভাৰতীয় মূলৰ বিদেশী লেখক ছলমান ৰুছেডীৰ দ্বাৰা অতি প্ৰভাৱিত বুলি কোৱা হয়।
মাজতে তেওঁ প্ৰায় ২০ বছৰ লেখা এৰি ৰাজনীতি আৰু পৰিৱেশ আন্দোলনত একাত্মহৈ পৰে।সামাজিক অন্যায়,ৰাজনৈতিক চাতুকাৰ,পৰিৱেশ বিনষ্টকাৰী শক্তিৰ বিপক্ষে তেখেতে মাত মাতি নিজৰ সাহসীকতাৰ,সৱল কন্ঠস্বৰৰ গৰাকী বুলি পৰিচয় দিয়ে।ৰাজনৈতিক-সামাজিক ক্ষেত্ৰৰ বহু বিষয়ত ৰাইজৰ পক্ষত গভীৰতৰ বোধসম্পন্ন বুদ্ধিজীৱী বুলি অৰুন্ধতীক সকলো সাধাৰণ ভাৰতীয়লোকে বিশ্বাস কৰে।আমি অতি চমুকৈ তলত তেওঁৰ মেন অৱ বুকাৰ পোৱা বিখ্যাত উপন্যাস ৰ কাহিনী দাঙি ধৰিছো।
"দি গড অৱ স্মল থিংচ" ৰ পটভূমি হ'ল কেৰেলাৰ এখন চহৰ আয়েমেনেম(Ayemenem)ৰ এটা ধনী খ্ৰীষ্টিয়ান পৰিয়াল।উপন্যাসৰ মূল দুটা চৰিত্ৰ হ'ল যঁজা ৰাহেল আৰু এষ্টাৰ আনন্দপূৰ্ণ জীৱন কাহিনী ।আকৌ কোৱা হয় প্ৰেমত পৰি যি সকলে বিফল হৈছে,সেই সকলৰ কাহিনী।প্ৰেমত পৰি লেখিকায়ো বাৰে বাৰে বিফল হৈছিল।প্ৰেমৰ প্ৰচলিত নিয়মৰ বিপক্ষেও ইয়াত বিদ্ৰোহ প্ৰকাশ কৰা হৈছে।উপন্যাখন বিকৃত যৌন উপন্যাস বুলি ভাৰতত তীব্ৰ সমালোচিত।আনকি কেৰেলাৰ মুখ্যমন্ত্ৰীয়ে এই উপন্যাস নিসিদ্ধ কৰণৰ চিন্তা কৰিছিল।সৰু সৰু ঘটনাই মানুহৰ জীৱনত কিদৰে সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাই জীৱনৰ গতি তচনচ কৰি তোলে ইয়াৰ ওপৰতে লেখিকাই নিজস্ব জীৱনৰ অভিজ্ঞতাৰে কাহিনী ৰূপ দিছে।কাহিনীক পটভূমি কেৰেলাৰ সৰু এখন চহৰ আয়েমেনেম( Ayemenem)আৰু সময় ১৯৬৯ চনৰ পৰা ১৯৯৩ চন।সেই সময়ত কেৰেলাত কমিউনিষ্ট সকলৰ প্ৰভাৱিত । কমিউনিষ্ট সকলে একোটা ধনী পৰিয়াল শেষ কৰি সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচাৰে। পৰিয়ালৰ মূল পাপাচী আৰু মামাচী।পাপাচীয়ে ঘৈনীয়েকক মাৰধৰ কৰে।ধনী পৰিয়ালৰ ছোৱালী দুজনী হ'ল আমু আৰু চাকো।তদুপৰি ঘৰত থাকে বেবী কাচেমা নামৰ পেহীয়েক।চাকোৰ একমাত্ৰ ছোৱালীৰ নাম চফী( Sophie)।আনহাতে আমুৰ বাবা নামৰ এজন মদাহীৰ লগত বিয়া হয়।বিয়াৰ পিচত দুটি যঁজা সন্তান জন্ম হ'ল।এষ্টা আৰু ৰাহেল(Estha and Rahel)। দুয়োটাৰে সৰুৰ পৰা বৰ মিলা প্ৰীতি ।এদিন মদাহী গিৰিয়েকে মাৰধৰ কৰাত তেওঁক এৰি মাকে সন্তান দুটি লৈ নিজ ঘৰলৈ ঘুৰি যায়।আনহাতে চাকোৰ মাৰ্গেট নামৰ ইংৰাজৰ লগত বিয়া হয় আৰু ইংলন্ডলৈ যায়। কিছুদিনৰ পিছত মাৰ্গেটৰ অন্য নাৰীৰ লগত সম্পৰ্ক হোৱাত দুয়োৰো বিবাহ বিচ্ছেদ হোৱাত তাই ছোৱালী চফীকলৈ কেৰেলাৰ ঘৰলৈ ঘুৰি আহি, দেউতাকৰ ব্যৱসায় চোৱাচিতা কৰে।সেই সময়তে সিহঁতৰ ফেক্টৰীত ভেলুথা নামৰ অভিজ্ঞ শ্ৰমিকে কাম কৰে।এদিন চাউন্ড অৱ মিউজিক নামৰ চিনেমা চাই ঘুৰি আহোঁতে কমিউনিষ্ট বিদ্ৰোহীৰ কবলত পৰে।এই চেগতে আমুৰ ভেলুথা নামৰ শ্ৰমিকৰ লগত সম্বন্ধ হয় আৰু বিয়াৰ দিশে আগবাঢ়ে। মামাচীয়ে এই বিয়া বিৰোধীতা কৰে।কাৰণ ভেলুথা নীচ জাতিৰ লোক।বেবী কচ্চমা নামৰ পেহীয়েকৰ জৰিয়তে পুলিচত মিছা গোচৰ তৰে যে ভেলুথাই আমুৰ সতীৰ্থ হানি কৰিব বিচাৰে আৰু ভেলুথাই মাৰধৰ কৰাত চফীৰ মৃত্যু হোৱা বুলি মিছা গোচৰ তৰে।আনহাতেআমুক গৃহ বন্দী কৰি ৰাখে।ইপিনে নাৱত পাৰ হওঁতেহে নাও ডুবি চফীৰ মৃত্যু হৈছিল।ভেলুথাক পুলিচে গ্ৰেপ্তাৰ কৰি অত্যাচাৰ কৰি লকআপত ভৰাই থয়।পুলিচৰ মাৰতে ভেলুথাৰ লকআপত মৃত্যু হয়।পুলিচে গোচৰটো মিছা আছিল বুলি পিছতহে গম পায়।তথাপি মিছা গোচৰটো প্ৰমাণ কৰিবলৈ বেবী কাচ্চেমাই চেষ্টা চলাই আৰু ঘৰৰ পৰা আমুক বহিস্কাৰ কৰে।এনেদৰে বহু ঘটনাৰ মাজেৰে এষ্টা আৰু ৰাহেলৰ জীৱনৰ ৩১ বছৰ দুটা দিশত পাৰহৈ যায়।ৰাহেল আমেৰিকালৈ যায় তাতে বিয়া হয় আৰু বিবাহ বিচ্ছেদ হৈ পুনৰ ঘুৰি আহি এদিন নিজৰ যমজ এষ্টাক লগ পায়।শেষত যমজ দুয়ো এষ্টা আৰু ৰাহেল একে লগে স্বামী-স্ত্ৰী সম্পৰ্কৰে সুখেৰে দিন কটায়।উপন্যাসৰ শেষৰ যমজ দুয়োৰো সম্পৰ্কলৈ ভাৰতীয় সমাজে তুমুল আপত্তি জনায়।তথাপি ই এখন বেষ্ট চেলাৰ আৰু মেন অৱ বুকাৰ পুৰস্কাৰৰে সন্মানিত হয়।
অৰুন্ধতীয়ে কৈছিল মানুহক বিনা বিচাৰে মাৰি পেলোৱা,পুৰি পেলোৱা,গণহত্যা এইবোৰৰ বাবে অসহিষ্ণুতা শব্দটোয়েই যথেষ্ট নহয়।তেওঁৰ মতে লেখক- সাংবাদিক সকলৰ কৰ্তব্য নহয় গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ সপক্ষে হাতচাপৰি বজোৱা।কৰ্তব্য হ'ল গণতান্ত্ৰিক অনুষ্ঠান সমূহৰ মাজত চলি থকা অসত্য সমূহ উদঘাটন কৰি সত্যৰ পক্ষত-সাধাৰণ মানুহৰ পক্ষত থকা।আকৌ সুখৰ ক্ষেত্ৰত কয় যে If you're happy in a dream,does that count? শেষত তেওঁৰ এটি উক্তিৰে সামৰিছো When you hurt people,they begin to love you less.That's what careless words do.They make people love you a little less.
Writer: Dilip Kr. Baruah.Tezpur
Edited by:- Diganta Kr. Bhuyan
SAHITYA SAFURA-ASSAMESE (BLOG)
Comments
Post a Comment
If you have any doubts, please let me know.