 |
Jumpa Lahiri |
ঝুম্পা লাহিড়ী আৰু দি নেমচেক্
Jhumpa Lahiri and her novel The Namesake.
:==দিলীপ কুমাৰ বৰুৱা,তেজপুৰ==
Pet names are persistent remnant childhood ,a reminder that life is not always so serious ,so formal,so complicated.They are a reminder ,too ,that one is not all things to all people- Jhumpa Lahiri.
মোৰ নিজৰ এটা ঘৰত মতা মৰমৰ নাম আছে-ভাইটি।এই নামটো মোৰ বৰ প্ৰিয়।মোৰ নিজৰ জন্মস্থান বিহালীত নমাৰ লগে লগে মানুহ বোৰে মোক ঘৰুৱা নামৰে মাতে আৰু মই শৈশৱআৰু যৌৱনৰ সেই সোনালী দিনবোৰলৈ ঘুৰি যাওঁ।সেই আনন্দ মই কাকো বুজাব নোৱাৰো।প্ৰৱাশী সকলো লোকৰে তেনে অনুভৱ থাকে।ক'বলৈ গ'লে আমাৰ দিনত সেই সময়ত এটা ল'ৰাৰ প্ৰায় চাৰিটা নাম আছিল।এটা ঘৰত মতা নাম(সোনটো,জানটো,বাখৰ,ভাইটি ,অকন আদি),এটা অকালতে হানি নহ'বলৈ দিয়া নাম(গোৱৰ,নগা,নেপালী,ভেকোলা আদি),এটা জোকোৱা নাম (ফটেং,ফাইদাং,লেৱা,মেকুৰী,মোলাই ,বাকআদি)আৰু এটা স্কুলৰ নাম।
প্ৰবাসী সকলো সংবেদনশীল লোকৰে নিজৰ জন্মস্থান ৰ ৰীতি নীতি,সংস্কৃতি সকলোৰে প্ৰতি এক প্ৰৱল দুৰ্বলতা,এক ধৰণৰ ৰক্ষণশীলতা থাকে,কাৰণ শৈশৱ তেওঁ এনে ঠাইত যাপন কৰিছিল।প্ৰথম পুৰুষত ইয়াৰ পৰিৱৰ্তন নহয়।বিদেশতগৈ চাকৰি কৰি সেই দেশৰ নাগৰিক হোৱাৰ পিছতো নিজৰ মাটি-সংস্কৃতি আমোলমোল সুৱাস প্ৰায় বহুতেই কঢ়িয়াই ফুৰে।শিপা বিচাৰি ৰোমাঞ্চিত হয়।ইয়াক পুঁজিবাদী সংকটৰ বৰ্হিক্ৰীয়া বুলিও কোৱা হয়।আনহাতে বিদেশত জন্মহোৱা তেওঁলোকৰ দ্বিতীয় পুৰুষে মাক-দেউতাকৰ সংস্কাৰ আৰু নতুন দেশখনৰ আধুনিক ৰীতি-নীতি গ্ৰহণৰ ক্ষেত্ৰত এক সংঘাতময় পৰিৱেশত পৰে।
এই পটভূমিতে বঙালী বংশদ্ভৱ আমেৰিকান সুলেখিকা পুলিৎজাৰ বঁটা বিজয়ী ঝুম্পা লাহিড়ীৰ উপন্যাস ২০০৩ চনত প্ৰকাশিত দি নেমচেক্ (The Namesake / ঘৰত মতা নাম)।২০০৭ চনত এই উপন্যাসৰ ভিত্তিত মীৰা নায়াৰৰ পৰিচালনাত এখন ছবিও নিৰ্মাণ হৈছে।
 |
jumpa lahiri |
১১ জুলাই,১৯৬৭ চনত ঝুম্পা লাহিড়ীৰ জন্ম হয় লণ্ডনত।১৯৯৯ চনত তেওঁৰ চুটি গল্প সংকলন ইন্টাৰপেটাৰচ্ মেলাডিচৰ বাবে তেওঁ বিখ্যাত পুলিৎজাৰ বঁটা লাভ কৰে আৰু ইংৰাজী সাহিত্যত জনপ্ৰিয় হৈ পৰে।লেখিকা বৰ্তমান প্ৰিন্সটনৰ বিশ্ববিদ্যালয়ৰ সৃজনশীল লেখন বিভাগৰ অধ্যাপিকা।
কাহিনীৰ পটভূমি হ'ল আমেৰিকাত বাসকৰি আমেৰিকান নাগৰিকত্ব লোৱা এক বঙালী গাঙ্গুলী পৰিয়ালৰ প্ৰথম পুৰুষ আৰু দ্বিতীয় পুৰুষৰ মাজত হোৱা ভাৰতীয় সংস্কৃতি,মানসিকতা ৰ লগত পশ্চিমীয়া আমেৰিকান দৃষ্টিভঙ্গীৰ দ্বন্দ্ব।নতুনকৈ আমেৰিকান হোৱা ভাৰতীয় পৰিয়ালৰ আভ্যন্তৰীন সমস্যা সমূহ।
দি নেমচেকৰ মূল নায়ক হ'ল গোগল(ৰচীয়ান লেখকৰ নাম নিকোলাই গোগলৰ নামেৰে)।পিছলৈ তেওঁ ভাৰত ভ্ৰমণ কৰি মাক দেউতাকৰ শিপাৰ নাম নিখিল বুলি পৰিচিত হ'ব বিচাৰে।নিখিল ওৰফে গোগলৰ দেউতাক অশোক গাঙ্গুলী,মাক আসীমা গাঙ্গুলী আৰু ভনীয়েক চোনিয়া।গোগল ডাঙৰহৈ কেলিৰ্ফনীয়াৰ পৰা আৰ্কিটেক্টত ইঞ্জীয়াৰ হয়। ডাঙৰ হোৱাৰ লগেলগে গোগলৰ আন্ত:সাংস্কৃতিক মূলক বঙালী সাংস্কৃতি আৰু পশ্চিমীয়া সংস্কৃতি দুয়ো তাৰ মাজত মনৰ ভিতৰত এক দ্বন্দ্বৰ আৰম্ভ হয়।সি কিছু একাকীত্ব অনুভৱ কৰে।মাক যিহেতু কলিকতাত ডাঙৰ হৈছিল গতিকে তেওঁ নিজৰ পুৰণি সংস্কৃতি পৰম্পৰা ৰক্ষাৰে সন্তান দুয়োটাক ডাঙৰ কৰিব বিচাৰে যদিও স্বাভাবিক ভাৱে দুয়ো সম্পূৰ্ণ আমেৰিকান হৈ ডাঙৰ হয়।মাক-দেউতাকৰ লগত দুয়ো মাজে মাজে কলিকতালৈ আহে যদিও মাক-দেউতাকে যি ধৰণৰ আনন্দ পাই কলিকতাত, সেই আনন্দ নিখিল ওৰফে গোগল আৰু চোনিয়াই নাপায়।ভাৰতলৈ আহিলে বিদেশী ৰাষ্ট্ৰলৈ অহা যেন সিহঁতৰ অনুভৱ হয়।কেলিৰ্ফনীয়াত পঢ়ি থাকোতে গোগল ধনী মেক্সিন নামৰ সুন্দৰীৰ প্ৰেমত পৰি বিবাহৰ পূৰ্বৰ ডেটিং ৰ বাবে তেওঁলোকৰ ঘৰত থাকিবলৈ লয়।এই সময়ত হাৰ্ট এটেক হৈ দেউতাক অশোক মৰাত গোগল ঘৰলৈ আহে আৰু মেক্সিনৰ প্ৰেমত যতি পৰি যায়।ইয়াৰ পিছত একে ধৰণৰ বঙালী মূলৰ আমেৰিকান গাভৰুৰ লগত গোগলৰ বিয়া হয় ৷ ভৱা হৈছিল দুয়ো যিহেতু বঙালী মূলৰ,সুখী হ'ব বৈবাহিক জীৱন।কিন্তু মৌচুমী বৰ স্বাধীন ছোৱালী আছিল।বিয়াৰ পিছতো তাইৰ পুৰণি প্ৰেমিকৰ লগত সৰ্ম্পক থকাৰ উপৰি আন এটা ল'ৰাৰ লগতো প্ৰেমৰ সৰ্ম্পক চলি থাকে।তাই বিবাহৰ যোগেদি নিজৰ ব্যক্তি স্বাধীনতা হানি কৰিবলৈ ৰাজি নহল।এজন মাত্ৰ পুৰুষৰ লগত সম্বন্ধৰ বিবাহৰ যোগেদি নিজৰ স্বাধীনতা হেৰুৱা নোৱাৰে তাই।ফলত ডাইৰ্ভচ- বিবাহ বিচ্ছেদ হ'ল।এই সময়তে চোনিয়া আমেৰিকান ল'ৰা এটাৰ লগত বিয়া হ'ল।মাকে ছমাহ কলিকতাত আৰু বাকী ছমাহ আমেৰিকাত থকা আৰম্ভ কৰিলে।গোগলে এদিন দেউতাকৰ কিতাপ খুচৰি নিকোলাই গোগলৰ পুৰণি কিতাপ খন পায়।এবাৰ দেউতাকৰ এক ডাঙৰ দুৰ্ঘটনা হোৱাৰ সময়ত সেই কিতাপ খন পঢ়ি তেওঁ আৰোগ্যহৈ পিছত প্ৰথম ল'ৰাৰ নাম গোগল ৰখা বুলি গম পালে।গোগলে দেউতাকৰ কিতাপখন পঢ়ি থাকোতে উপন্যাস খন সমাপ্ত হয়।
আমেৰিকাৰ প্ৰেছিডেন্ট বৰাক অবামাৰ দিনত লাহিড়ী সাংস্কৃতি উপদেষ্টা আছিল আমেৰিকাৰ আৰু নিৰ্বাচন সময়ত তেওঁ উক্ত পদৰ পৰা পদত্যাগ কৰে।তেওঁ বিশ্বাস কৰিছিল মানুহৰ সম্বন্ধক কোনো নীতিবাদেও বাধা দিব নোৱাৰে।শেষত লাহিড়ীৰ বাক্যৰে শেষ কৰো-
We are all humans and we all make mistakes,we hurt people even if we don't want to.
লেখক:দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা, সাহিত্য সঁফুৰা,
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.