সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

কিম্বদন্তিৰ নাট্যশিল্পী হেইচনাম কানহাইলাল আৰু মনিপুৰী নাটক


Heisnam Kanhailal   


কিম্বদন্তিৰ নাট্যশিল্পী হেইচনাম কানহাইলাল আৰু মনিপুৰী নাটক
Heisnam Kanhailal and Manipuri Theater





::দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

কেতিয়াব কেৱল নিজৰ মাতৃভাষা,নিজৰ সংস্কৃতি,নিজৰ মানুহক অতি বেছি জনাটো এজন শিল্পীৰ বাবে আৰ্শীবাদ হ'ব পাৰে।ভাৰতীয় হলো বুলি হিন্দী ইংৰাজী জানিবই লাগিব বুলি কোনো কথা নাই।ইংৰাজী- হিন্দী জনাৰ আৱশ্যকতা একেবাৰে নাহে।মনিপুৰী ল'ৰা জনে ৰাষ্ট্ৰীয় নাট্যবিদ্যালয়ত পঢ়াৰ সুবিধা পালে।মনিপুৰিৰ বাদে একো ভাষাই ভালদৰে নাজানে।হীনমান্যতাত ভুগিল।দুখীয়া ঘৰৰ ল'ৰা কোনো মতে চিট পাইছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত।আধাতে মনিপুৰলৈ ঘুৰিও আহিব নোৱাৰে।বুদ্ধি এটা খেলালে ওষ্টাড হিন্দীভাষীৰ লগত বন্ধুত্ব কৰি তেওঁলোকৰ বহীৰ পৰা নকল কৰা।আৰম্ভ কৰিলে নকল।ধৰা পৰিল।তিনিমাহ বহিস্কাৰ হ'ল।বহিস্কাৰে শিকালে নাটকত ইংৰাজী হিন্দী জনাৰ প্ৰয়োজন নাই।লোকৰ অনুকৰণৰ প্ৰয়োজন নাই।মনিপুৰৰ নিজৰ ভাষা,নিজৰ মানুহ,নিজৰ সংস্কৃতিত নাটকৰ সন্ধান বিচাৰিব লাগিব।আৰম্ভ কৰিলে এক সাহসী-দুৰ্জয় নাট্যযাত্ৰা,নতুন সপোনৰ নতুন পৰি কল্পনা।


সহযোগিতা কৰিলে পত্নী সাৱিত্ৰীয়ে।কানহাইলালে সপোন দেখে বাস্তৱায়ীত কৰে সাবীত্ৰীয়ে।কেতিয়াবা দুয়ো সপোন দেখে আৰু দুয়ো মিলি মঞ্চস্থ কৰে নাটক।মনিপুৰী থিয়েটাৰ নতুন শৈলীৰে জিলিকি উঠিল ভাৰতত।সকলো নতুন -নাটকৰ কাহিনী নতুন,নাটকৰ পৰিচালনা নতুন ,পৰিকল্পনা,অভিনয়শৈলী সকলো নতুন ।সেনা বাহিনীয়ে মনিপুৰী গাভৰুক ধৰ্ষণ-হত্যাৰ বিপক্ষে মহাশ্বেতা দেৱীৰ দৌপদীৰ মাজৰে মনিপুৰী থিয়েটাৰে গৰজী উঠিল।প্ৰতিবাদৰ জোৱাৰ আনিলে।ৰাষ্ট্ৰবাদ,দেশপ্ৰেমৰ প্ৰচলিত চিন্তাক ভাঙি নতুন চিন্তা আনিলে।ভাৰতৰ প্ৰতিটো ক্ষুদ্ৰ জাতিৰ সমস্যা,স্বাভিমান,সাংস্কৃতি,মানুহৰ সন্মান শোষণ,নীপিড়ন পৰা মুক্তি,সকলো ৰাজনৈতিক বৈষম্যতাৰ পৰা নিষ্ঠাৰৰ চিন্তাৰে সমৃদ্ধ হ'ব লাগিব ভাৰতৰ জাতীয়তা,দেশপ্ৰেম।জাপি দিয়া ভাষিক,সাংস্কৃতিক হিন্দীবলয়ী অগ্ৰাসনৰ দ্বাৰা নহয়।এই গৰাকী ব্যতিক্ৰমী নাট্যশিল্পী,নাট্যকাৰ,নাট পৰিচালক ,অভিনেতাই হ'ল মনিপুৰ গৌৰৱ হেইচনাম কানহাইলাল।যি নাটকৰে মনিপুৰৰ মানুহৰ হকে ঠিয়হৈ দৰ্শকৰ হৃদয় নাটকৰে স্পৰ্শ কৰি ৰাষ্ট্ৰবাদকো,ৰাজনৈতিক বৈষম্যতাকো তৰ্জনী দেখুৱাই খৱদাৰ কৰি তোলপাৰ লগালে।

Heisnam Kanhailal
কানহাইলালৰ জন্ম হয়১৯৪১ চনৰ ১৭ জানুৱাৰীত আৰু মৃত্যু হয় ২০১৬ চনৰ ৬ অক্টোৱৰত।১৯৬৯ চনত তেওঁ মনিপুৰ কলাক্ষেত্ৰ জন্মদি প্ৰথম গৰাকী সঞ্চালক(Director)হিচাবে নাটকৰ নতুন নতুন গৱেষনা কৰি নিজস্ব একক মনিপুৰী নাট্যশৈলীৰ জন্ম দিয়ে।অভিনয়ৰ এক সুকীয়া কলাকৌশলৰ সৃষ্টি কৰি তেওঁ অভিনয় আৰু দৰ্শকৰ মাজত এক কাব্যময় সাকো  সৃষ্টি কৰে,যি বিশ্ব নাট্যকলাতে অনন্য।দৈহিক সঞ্চালনাৰে ৰাজনৈতিক স্থিতাৱস্থাক নিৰন্তৰ আঘাট তেওঁৰ নাটকৰ প্ৰধান বৈশিষ্ট।তদুপৰি অভিনয়ৰ জৈৱিক ক্ৰিয়া  তেওঁৰ নাটকৰ আন এক বৈশিষ্ট।সৰল,সংগীতময়,মানবীয়বোধো নাটকৰ উল্লেখযোগ্য দিশ।সামাজিক,ৰাজনৈতিক প্ৰগতিশীলতাও তেওঁৰ নাটকৰ বিজ্ঞান।মনিপুৰৰ প্ৰতি কৰা বৈষম্যতাৰ বিপক্ষে প্ৰয়োজনত তেওঁক হিন্দুত্ব বিৰোধী,ভাৰত বিৰোধী যেনো লাগে ।ভৰতীয়ত্বৰ পক্ষত সহৃদয়তাৰে থকাৰ স্বত্বত ভাৰতৰ মনিপুৰী মহিলা ভাৰতীয় সেনাৰ হাতত নিৰ্যাতিতা হব নোৱাৰিব।দিল্লীত মনিপুৰীয়ে নিজৰ স্বাভিমানৰে ভাৰতীয় বুলি গৌৰৱেৰে সন্মান পাব লাগিব।৪০ বছৰ তেওঁ নাটকৰ শিল্পী হিচাবে পত্নী ইমা হেইচনাম সাৱিত্ৰীৰ লগতলৈ অবিৰত ভাৱে ভাৰতৰ বিভিন্ন প্ৰান্তত নাটক কৰি মনিপুৰী নাটকক জগত সভাত প্ৰতিষ্ঠা কৰিলে। তেওঁৰ পৰিচালিত  বিখ্যাত নাটক কেইখন মান হল : ---

Tamnalai(1972),Kabui-Keioiba(1973),Pebet(1975),Laigi Mchasinga(1978),MemoriesofAfrica(1986),Meegi Sharang(1991),Karna(1997),Draupadi(2000),Dakghar(2006),Uchek  Langmeidong(2008)   ইত্যাদি।

 

নাট পৰিচালনাৰ দিশত সংগীত নাটক অকাডেমি য়ে তেওঁলৈ আগবঢ়ালে স্বীকৃতি চৰূপে সংগীত নাটক অকাডেমি পুৰস্কাৰ,ভাৰত চৰকাৰে আগবঢ়ালে ২০০৪ চনত পদ্মশ্ৰী আৰু ২০১৬ পদ্মভূষণ শ্ৰেষ্ট নাগৰিক সন্মান।

কানহাইলালক গুৰু হিচাবে লৈ অসমৰ গোৱালপাৰা জিলাৰ আগিয়াৰ  ৰামপুৰ গাঁৱত শাল গছৰ মাজত শুক্ৰাচাৰ্য ৰাভাই একেধৰণৰ এক প্ৰাকৃতিক থিয়েটাৰ বাদুংডুপ্পা নাট্যগোষ্ঠী ১৯৯৮ চনত জন্ম দি বিশ্ব বিখ্যাতহৈ পৰে।কানহাইলাল নিজেও ৰাভাৰ এই নাট্যকলা চাবলৈ আহিছিল।কিন্তু দুখৰ কথা এই অসমৰ বিখ্যাত নাট্য শিল্পী ৰাভাৰ ৮ জুন,২০১৮ত মাত্ৰ ৪১ বছৰ বয়সত বিয়োগ ঘটে(জন্ম ১০ এপ্ৰিল,১৯৭৭চন)।

কনহাইলালে প্ৰথমে সন্ধান কৰিলে মনিপুৰী লোক- কথাৰ কথনশৈলীৰ।গৱেষণা কৰিলে মনিপুৰী লোক-নাট্য সম্পদ আৰু সম্ভাৱনাৰ।সুদুৰ অতীতৰ পৰা শিশুক মনোৰঞ্জন দিবলৈ মনিপুৰৰ গাওঁৰ আইতা সকলে এলানি সাধু কয়।সাধুবোৰত পিবেট(Pebet)  নামৰ এবিধ বনৰীয়া চৰাই আৰু মেকুৰীৰ কাহিনী।এই মনোৰম কাহিনীবোৰত পিবেট নামৰ অকনমানি চৰাইটোৱে নানা কৌশলেৰে মেকুৰীৰ মুখৰ পৰা নিজৰ অকনমানি পোৱালীবোৰ বচাই আৰু শিশুবোৰে ৰঙ পায়।নাটকত এই পৰম্পৰাগত কাহিনী কথন ষ্টাইল কানাইলালে প্ৰয়োগ কৰিলে।নাটকত মেকুৰী ৰাজনৈতিক শোষণ আৰু দমনৰ প্ৰতীকি ৰূপলৈ ৰূপান্তৰ হয়,অকনমানি পিবেট জনসাধাৰণৰ প্ৰতীকি ৰূপ।নাটকৰ আৰম্ভনি আৰু শেষত পৰমপৰাগত পিবেট সাধুৰ কথন শৈলী প্ৰয়োগ হোৱা নাটক সমূহ মনিপুৰীয়া নাট্য শৈলী হিচাবে জিলিকি উঠিল।এই নতুনশৈলীত বিখ্যাত নাটকো তেওঁ পৰিচালনা কৰিলে।আমি তেওঁৰ ৰবীন্দ্ৰনাথৰ ডাকঘৰ নাটক খন কানহাইলালৰ পৰিচালনাত বান থিয়েটাৰত উপভোগ কৰো,য'ত মুখ্য অমল চৰিত্ৰত অভিনয় কৰিছিল তেওঁৰ পৰিবাৰ সাৱিত্ৰীয়ে।অৱশ্যে কানাইহালাল সেইবাৰ তেজপুৰলৈ অহা নাছিল।তেওঁ ভাৱিছিল জীৱনে কলাক অনুসৰণ কৰে  - Life imitates art.সেনাবাহিনীৰ বিশেষ ক্ষমতা আইনৰ মনিপুৰী মহিলাৰ উলংগ প্ৰতিবাদ কানাইয়ালালৰ নাটকৰে প্ৰতিফলন বুলি ভৱা হয়।দ্ৰোপদী ভাৰতৰ চাওতাল অঞ্চলৰ পটভূমিত লিখা মহাশ্বেতা দেৱীৰ উপন্যাস।দোলন আৰু দ্ৰৌপদী দুই সাহসী নাৰী চৰিত্ৰ। সামন্ত আৰু ৰাষ্ট্ৰবাদী শোষণৰ বিপক্ষে জনগনৰ নেত্ৰী দুয়ো।আৰক্ষীয়ে বিচাৰি ফুৰে দুয়োক।দোলন ধৰা পৰে,দ্ৰৌপদী অৱশেষত আৰক্ষীৰ কৱলত নিৰ্মম নিৰ্যাতনৰ অন্তত ধৰ্ষিতা হয়। ইয়াৰ প্ৰতিবাদত বৃদ্ধা দ্ৰৌপদীয়ে মঞ্চত গাৰ পৰা এপদ এপদকৈ কাপোৰ খুলি নগ্ন হৈ প্ৰতিবাদ কৰে।মহিলাৰ নগ্নশৰীৰ দেখি লজ্জাত মুখ ঢাকে আৰক্ষীয়ে । সামন্তশক্তিৰ বিপক্ষে ধৰ্ষিতা মহিলাৰ কি অভিনৱ প্ৰতিবাদ।


এক্সন আৰু ৰিয়েক্সনৰ মাজেৰে কি সাহসী উপস্থাপনা।সচাই কানাইলালৰ নাটকে জোকাৰি পেলাই ৰাষ্ট্ৰৰ অন্যায়,শোষণ,নীপিড়ন আৰু আৰক্ষীৰ ধৰ্ষন,নিৰ্যাতন ক।শেষত তেওঁ নিজৰ নাটক প্ৰসঙ্গত দিয়া উক্তি এষাৰেৰে সামৰিছো-আমাৰ নাটকৰ কোনো ইস্তাহাৰ নাথাকে-ই পৰীক্ষামূলক , কিন্তু আমাৰ হৃদয় জুৰি যি অনুভৱ আছে,তাক আমি ভাষাৰে কথাৰে প্ৰকাশিত কৰিব নোৱাৰি নাটকৰে কৰো।সচাকে তেওঁৰ নাটক ভাষা আৰু শব্দৰো ওপৰত এক সুকীয়া কলা।




writer: Dilip Kumar Baruah






edited by: diganta kumar bhuyan

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়