Posts

Showing posts from July, 2020

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

নট সূৰ্য্যৰ জীৱনালেখ‍্য

Image
Nata Surya Phani Sarmah নট সূৰ্য্যৰ জীৱনালেখ‍্য তেওঁৰ নাট‍্যাভিনয় যদিও দেখা নাই মই , জানো মই নট সূৰ্য্য তেওঁৰ এক প্ৰাপ‍্য ভূষণ।মঞ্চতে হওক কিম্বা অনাতাঁৰ,বোলছবি যতেই নহওক কিয়,অভিনয় দিপ্তীৰে দিপ্ত সূৰ্য্য তেওঁ চানেকি 'চিৰাজ' অথবা 'পিয়লি ফুকন'।             এৰা,  ফণী শৰ্মা ! ভাবিলে আচৰিত লাগে যে আজিৰ পৰা বহু বছৰ আগেয়ে বাট পথ নথকা দিনত তেওঁ নাটক কৰি ঘুৰি ফুৰিছিল অসমৰ বিভিন্ন নগৰ চহৰ গাওঁ আদি । বিশ খনকৈ বোলছবিৰ অভিনেতা আছিল তেওঁ । তেওঁ অভিনয় কৰা ছখনকৈ বোলছবিয়ে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাইছিল ।  Braja Sarmah ১৯৩১ চনত নাট‍্য সম্ৰাত ব্ৰজ শৰ্মাৰে লগ লাগি ডুমডুমা নাট‍্যমন্দিৰত প্ৰথম সহ অভিনয়ৰ বাট মুকলি কৰিছিল। আজি ফণীশৰ্মাৰ পঞ্চাশ সংখ‍্যক মৃত‍্যু তিথি। তেওঁলৈ শ্ৰদ্ধা জনাব খুজিছোঁ তেখেতৰ স্মৃতি চাৰণৰে। ফণী শৰ্মাৰ জন্ম হৈছিল তেজপুৰ কলিবাৰীৰ এটি সম্ভ্ৰান্ত পৰিয়ালত। পিতৃ মোলান শৰ্মা আছিল তেজপুৰ কৰ্টৰ পেচকাৰ আৰু বাণ থিয়েটাৰ পাৰ্টীৰ অৰ্কেষ্ট্ৰা দলৰ বাঁহি বাদক। সেয়ে বাণ থিয়েটাৰৰে আছিল তেওঁৰ নিবিড় সম্পৰ্ক। মাত্ৰ ন বছৰ বয়সতে তেওঁ বাণ থিয়েটাৰ...

অসমৰ ৰঙ্গমঞ্চত সহ-অভিনয়: বাটকটীয়া কোন? ওস্তাদ ব্ৰজনাথ শৰ্মা নে ওস্তাদ ভূবন বায়ন?

Image
ওস্তাদ ব্ৰজনাথ শৰ্মা অসমৰ ৰঙ্গমঞ্চত সহ-অভিনয়: বাটকটীয়া কোন? ওস্তাদ ব্ৰজনাথ শৰ্মা নে ওস্তাদ ভূবন বায়ন? ভাৰতবৰ্ষত ঋক্ সংহিতাৰ যুগৰে পৰা প্ৰচলিত নাট্য পৰম্পৰাৰ সহ-অভিনয়ৰ গৌৰৱময় ঐতিহ্য প্ৰবাহ প্ৰাচীন অসমত বৈ থকাৰ সাক্ষ্য তাম্ৰলিপি সমূহত পোৱা যায়। ভাস্কৰ বৰ্মনৰ ডুবি তাম্ৰ শাসন( প্ৰকৃততে এই শাসন ভাস্কৰবৰ্মনৰ আজো ককাক মহাভূতি বৰ্মনে জাৰি কৰা আৰু ভাস্কৰ বৰ্মনে পুন: জাৰি কৰা)ত দেৱদাসী সকলৰ উল্লেখে এইকথা প্ৰতীয়মান কৰে যে সুপ্ৰাচীন কালৰে পৰা অসমত নৃত্য-গীত আদি বিনোধন ধৰ্মী পৰিবেশ্য কলাত মহিলাৰ সমাবেশ ঘটিছিল। পৰৱৰ্তী কালত ঘৃণা সূচকভাবে নট-নটী শব্দৰ ব্যৱহাৰে সমাজত এনে বৃত্তিত জড়িত লোকক নীহ কূলীয়া হিচাপে ভবাৰ পৰম্পৰা এটা আৰু আনহাতে শিৱ-পাৰ্বতীক নট-নটী হিচাপে সম্বোধন কৰাৰ আঁৰত এনে বৃত্তিৰ প্ৰতি সন্মানসূচক পৰম্পৰা এটা প্ৰচলিত হৈ থকাৰো উমান পোৱা যায়।  প্ৰাচীন মহিলাৰ দ্বাৰা নৃত্যাভিনয়ৰ এই ঐতিহ্যৰ পৰিৱৰ্তে মধ্যযুগৰ অসমত নৃত্য-গীত তথা নৃত্যাভিনয়ৰ লগত জড়িত হৈ পৰা ব্যভিচাৰ আৰু মহাপুৰুষসকলৰ বাধা নিষেধৰ ফলশ্ৰুতিতেই ঊণবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধলৈকে আধুনিক অসমৰ নাট্য-মঞ্চ আদি পৰিবেশ্য কলাত  স্...

ড.ৰোমিলা থাপাৰ আৰু প্ৰাচীন ভাৰতৰ ইতিহাস

Image
বহু সমাদৃত আৰু বহু বিতৰ্কিত.. ড.ৰোমিলা থাপাৰ আৰু প্ৰাচীন ভাৰতৰ ইতিহাস Dr.Romila Thapar and Ancient Indian History লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ এগৰাকী বিশ্ববন্দিত ভাৰতীয় বুৰঞ্জীবিদ যি নিজৰ বৌদ্ধিক জ্ঞানৰ ক্ষেত্ৰত অতি বেচি স্বাভিমানী,দুবাৰকৈ ভাৰত চৰকাৰৰ পদ্মভূষণ সন্মান প্ৰত্যাক্ষান কৰা ৮৯ বছৰীয়া সাহসী লেখিকা গৰাকী হ'ল ৰোমিলা থাপাৰ ।তেওঁ সদায় সাহসীকতাৰে ৰাজনৈতিক স্বাৰ্থত বুৰঞ্জীৰ অপবাখ্যাৰ সৱল বিৰোধিতা কৰি আহিছে।তদুপৰি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ ব্যৱস্থাত ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰ পোষকতা কৰি আহিছে।১৯৯২ চনত শ্ৰীলঙ্কাত,১৯৯৩ চনত চিকাগোত , ২০০২ চনত পেৰিছতআৰু ২০০২ চনত অক্সফোড বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডিগ্ৰী প্ৰদান কৰি সন্মানিত কৰিছে।।তেওঁক ভাৰতীয় ইতিহাসৰ স্বতন্ত্ৰতা ৰক্ষাৰ গুৰিয়াল বুলি অভিহিত কৰা হয়।এবাৰ গান্ধীজীক লগ পোৱাৰ পিছত ,আৰু তেওঁৰ অনুৰোধ ৰক্ষা কৰি পিছদিনাৰ পৰাই খদ্দৰ কাপোৰ পিন্ধা আৰম্ভ কৰে থাপাৰে।বুৰঞ্জীক মানবীয় বিজ্ঞান হিচাপে তেওঁ গুৰুত্ব দি প্ৰয়োজনত ইয়াৰ সপক্ষে মাত মাতিছিল ।তেওঁৰ মতে বুৰঞ্জীৰ সদায় প্ৰয়োজনীয়তা থাকিব,কাৰণ মানুহে নিজক বুজিবলৈ বা নিজৰ অতিতক বুজিবলৈ ,ব্যক্তি হিচ...

নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ

Image
নেতাজী সুভাষ চন্দ্ৰ বসু নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজ লেখক:-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কিংবদন্তী জননেতা আছিল নেতাজী সুভাষ চন্দ্ৰ বসু।তেওঁৰ ব্যক্তিগত জীৱন,স্বাধীনতা আন্দোলনত সুভাষৰ ভূমিকা,তেওঁ গঠন কৰা আজাদ হিন্দ ফৌজ,তেওঁৰ বিয়া,মৃত্যু প্ৰসঙ্গত আজিও মানুহৰ মুখে মুখে কাহিনীৰ শেষ নাই।সুভাষ আছিল ভাৰতবৰ্ষৰ অতি দুৰ্দান্ত সাহসী,বুদ্ধিমান ৰাজনৈতিক সংগ্ৰামী আৰু সসস্ত্ৰ সংগ্ৰামত বিশ্বাসী স্বাধীনতা সেনানী। ইংৰাজ চৰকাৰে তেওঁক ইমানেই ভয় কৰিছিল যে তেওঁক ১১ বাৰ জেলত বন্দী কৰাৰ উপৰি ইউৰোপলৈ নিৰ্বাসন দিয়ে।তেওঁ ভাৰত বাসীক আহ্বান দিছিল- "তোমালোকে মোক তেজ দিয়া,মই তোমালোকক স্বাধীনতা দিম "।আকৌ কৈছিল, 'ভাৰতৰে জয়-জয় হিন্দ।' কংগ্ৰেছ দলৰ সভাপতি পদত দুবাৰকৈ নিৰ্বাচিত সুভাষে শেষলৈ ইংৰাজৰ বিপক্ষে সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলি প্ৰায় ৮৫০০০ পদাতিক সৈন্যৰে এক যুদ্ধ ঘোষণা কৰি প্ৰতিকুল পৰিস্থিতিত পৰাজয়হৈ নিজেও এক বিমান দুৰ্ঘটনাত আত্মবলীদান দিয়ে যদিও তেওঁৰ ত্যাগ,সাহস আৰু মাত্ৰ ৪৮ বছৰত হাঁহি হাঁহি বৰণ কৰা অপৰাজেয় মৃত্যুৰ বাবে ভাৰতবাসীৰ অন্...

অলৌকিকত্বৰ বিশ্বাস আৰু সংশয়

Image
অলৌকিকত্বৰ বিশ্বাস আৰু সংশয় অলৌকিকত্ব, জ্যোতিষ চৰ্চা, জীৱনত স্বপ্নৰ প্ৰভাৱ  আদিৰ সম্পৰ্কে  আমি বেছিভাগ মানুহেই বিশ্বাস-সংশয়ৰ দোমোজাৰ মাজেৰেই জীৱন অতিবাহিত কৰিবলগীয়া হয়।  বিশেষকৈ ইতিহাসৰ ছাত্ৰ হিচাপে আমাৰ দৰে মানুহে ভাৰতীয় বস্ত্তবাদী দৰ্শনৰ ইতিহাস( লোকায়ত দৰ্শন বা ব্ৰাহস্পত্য দৰ্শন বা চাৰ্বাক দৰ্শন) অধ্যয়নৰ লগতে মাৰ্ক্সীয় দৰ্শন আৰু ইয়াৰ ইতিহাসৰ বস্তবাদী ব্যাখ্যা যিহেতু পঢ়িবলগীয়াত পৰে অলৌকিকত্ব, জ্যোতিষ আদি বিষয়ৰ প্ৰতি থকা পূৰ্বৰ আস্হা ধূসৰিত হৈ পৰে। কিন্ত্ত গ্ৰন্হ অধ্যয়নৰ বাটত পোৱা কিছুমান কথাৰ মাজৰ কথাই আমাৰ অবিশ্বাসৰ পৰিক্ৰমাৰ পথ অমসৃণ কৰি তোলাৰ লগতে থমকি ৰৈ তলকি চাবলৈ বাধ্য কৰে। তাৰে দুটামান উদাহৰণ ইয়াত ডাঙি ধৰাৰ অভিপ্ৰায়েৰে আমাৰ আজিৰ এই লেখাৰ অৱতাৰণা।       দ'পৰ্বতীয়াৰ প্ৰখ্যাত শৈল দ্বাৰ তেজপুৰৰ দ'পৰ্বতীয়াৰ প্ৰখ্যাত শৈল দ্বাৰখন আবিস্কাৰৰ আঁৰত যে এগৰাকী সাধু বাবাৰ ভবিষ্যতবাণী জড়িত আছিল আমি বহুতে নাজানো। সেই সময়ৰ পৰ্বতীয়াৰ লেঙা চুবুৰীৰ ৰাইজক এগৰাকী অনামী সাধুৱে বৰ্তমান শৈল দ্বাৰ থকা ভেঁটিটোৰ লগতে শৈল দ্বাৰ (প্ৰাচীন স্মৃতি চিহ্ন আ...

অৰুন্ধতী ৰয় আৰু দি গড্ অৱ স্মল থিংচ্

Image
Arundhati Roy বহু সমাদ্ৰিত আৰু বহু বিৰ্তকিত অৰুন্ধতী  ৰয় আৰু দি গড্ অৱ স্মল থিংচ্ Arundhati Roy and her novel The God of small things :--দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। ভাৰতবৰ্ষৰ বৰ্তমানে বহু বিৰ্তকিত এগৰাকী বিশ্বৰ আগশাৰীৰ লেখিকা,মানৱঅধিকাৰ কৰ্মি,ৰাজনৈতিক শক্তিশালী ভাষ্যকাৰ,চিত্ৰনাট্য লেখক,বোলছৱি নিৰ্মাতা বুকাৰ পুৰস্কাৰ পোৱা প্ৰথম ভাৰতীয় লেখিকা,সাহিত্য অকাডেমি বঁটা প্ৰাপক হ'ল অৰুন্ধতী ৰয়।সম্পূৰ্ণ নাম চুজানা অৰুন্ধতী ৰয়(  Suzanna Arundhati Roy)।অৰুন্ধতী ৰয়ৰ কাশ্মীৰ প্ৰসঙ্গত দিয়া মন্তব্য আমি বহুতেই সমৰ্থন কৰিব নোৱাৰো যদিও নৰ্মদা বাচাওৰ দৰে প্ৰকৃতি-পৰিৱেশৰ বাবে কৰা আন্দোলন আমি সমৰ্থন কৰিবই লাগিব।অসমৰ নদীবান্ধৰো তেখেতে বিৰোধীতা কৰে।বহু কেইটা মন্তব্য ৰ বাবে বহু কেইগৰাকী ৰাজনৈতিক নেতা,বহু কেইগৰাকী  সাংবাদিকে তেওঁক দেশদ্ৰোহী,ভাৰত বিৰোধী লেখিকা আখ্যা দিছে।আনকি বহু কেইটা ৰাজনৈতিক মন্তব্যৰ বাবে তেখেত শাসক দলৰ ক্ষুৰধাৰ সমালোচনাৰ সন্মুখিন হৈছে আৰু দেশদ্ৰোহী আখ্যা দিয়া হৈছে।বাংলাদেশ চৰকাৰে চিত্ৰশিল্পী শহিদুল আলমৰ মুক্তিৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিবাদ কৰাৰ বাবে লেখিকাক বা...

আশাপূৰ্ণা দেৱী আৰু প্ৰথম প্ৰতিশ্ৰুতি

Image
Ashapurna Devi আশাপূৰ্ণা দেৱী আৰু প্ৰথম প্ৰতিশ্ৰুতি Ashapurna Devi and her novel Prathan Pratisruti =দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। এগৰাকী লেখিকা যি কোনো বিদ্যালয়তে পঢ়া নাছিল।পৰিয়ালৰ ল'ৰাবোৰৰ বাবে গৃহ শিক্ষক আছিল,কিন্তু তেওঁলোকৰ লগতো পঢ়াৰ অনুমতি নাছিল।ছোৱালীৰ পঢ়া-শুনাৰ কোনো প্ৰয়োজন নাই,কেৱল ঘৰুৱা কাম শিকিব আৰু ৮/৯বছৰত বিয়া হ'ব-এয়া আছিল সমাজৰ লগতে আইতাকৰ কঠোৰ নিয়ম।কিন্তু ইমান কঠোৰ ৰক্ষণশীলতাৰ মাজতো তাই মনে মনে আখৰ শিকিলে,পঢ়িবলৈ শিকিলে ।মাক আছিল কিতাপ পঢ়াৰ পোক।চেগ বুজি বুজি মাকৰ লগে লগে পঢ়া আৰম্ভ কৰিলে।এদিন এটা শিশু কবিতা লিখি পঠাই দিলে।কবিতাটো প্ৰকাশ হোৱাৰ লগতে আৰু লিখি পঠাবলৈ সম্পাদকে চিঠি দিলে।লিখাৰ প্ৰৱনতাই খলকনি তুলিলে বুকুত ।তদুপৰি এবাৰ সাহস কৰি কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰলৈ এখন চিঠি ডাকত দি তেওঁৰ নিজ হাতৰ আখৰৰ এখন চিঠি বিচাৰিল।কি আচৰিত. ৰবীন্দ্ৰ নাথ ঠাকুৰে চিঠি দিলে।শিশু মন নাচি উঠিল -লেখিকা হোৱাৰ সপোনেৰে।লিখি গ'ল মধ্যবৃত্ত পৰিয়ালৰ নাৰীৰ কল্পনাৰ দৰে মনোৰম তিনি প্ৰজন্মৰ সঁচা কাহিনীবোৰ। পুৰুষতান্ত্ৰীক সমাজত নিয়ম,ৰীতি নীতি,বিশ্বাস,অন্ধবিশ্বাসৰ মাজ...

নীলকন্ঠী নিৰুপমা বৰগোহাঞি আৰু অভিযাত্ৰী

Image
 নিৰুপমা বৰগোহাঞি নীলকন্ঠী নিৰুপমা বৰগোহাঞি আৰু অভিযাত্ৰী =====দিলীপ কুমাৰ বৰুৱা,তেজপুৰ। নিৰুপমা বৰগোহাঞিৰ দৰে সমাজৰ বঞ্চিত,নীপিড়ীত মানুহৰ ন্যায়ৰ পক্ষত গোটেই জীৱন আপোচহীন ভাৱে সাংবাদিকতা-সাহিত্যচৰ্চা কৰা লেখিকা অসমীয়া ভাষা-সাহিত্যৰ বাবে এক গৌৰৱ।ৰাজনৈতিক অন্যায়ৰ,সামাজিক অন্যায়,লিংগ-বৈষম্যতা,নাৰীৰ সৱলীকৰণৰ যোগেদি নাৰী-পুৰুষৰ সমবিকাশৰ হকে নিৰ্ভিক ভাৱে সাহসেৰে কলম চলাই ৰখা মানৱতাবাদী নিৰুপমাৰ লেখনিয়ে সদায় আমাক  উৎসাহিত কৰে। নিৰুপমা  তামূলী ৰ(বৰগোহাঞি) ঘৰত মতা নাম বকুল।গুৱাহাটীৰ মাজ মজিয়াত জোৰপুখুৰি অঞ্চলত ১৯৩২চনৰ ১৭ মাৰ্চত বাইদেউৰ জন্ম।গুৱাহাটীৰ পানবজাৰ হাইস্কুলত পঢ়ি থাকোতেই বাইদেউৱে শলিতা নামৰ হাতেলিখা আলোচনী প্ৰকাশ কৰি সাহিত্যৰ প্ৰথম খোজ দিয়ে।অষ্টমমানত পঢ়ি থাকোতেই বিদ্যালয় লৈ অঞ্জলি লাহিড়ী নামৰ এগৰাকী কমিউনিষ্ট দলৰ নেতা আহি ছাত্ৰী সকলৰ আগত সমাজবাদ প্ৰতিষ্ঠাৰ হকে কাম কৰিবলৈ জনোৱা আহ্বানত বাইদেউৰ মনত সমাজবাদী আৰ্দশই খোপনি পোতে আৰু দৰিদ্ৰপীড়িত জনতাৰ পক্ষত কাম কৰাৰ অঙ্গীকাৰবদ্ধ হয়।এই আৰ্দশৰ পথতে বাইদেউ আজিও অটল।অৱশ্যে বাইদেও গান্ধীবাদী কমিউনিষ্টহে।গুৱ...

ৰতন থিয়াম আৰু ভাৰতীয় নাট্যশিল্প

Image
ৰতন থিয়াম আৰু ভাৰতীয় নাট্যশিল্প ::-দিলীপ কুমাৰ বৰুৱা,তেজপুৰ নাটক এক আধ্যাত্মিক বিষয়-ঠিক পূজাৰ দৰে।নাটক ব্যৱসায় নহয়।নাটকৰ পৰা এজন নাট্যশিল্পীয়ে একো নিবিচাৰে বা বিচাৰিব নালাগে।।নাটকে প্ৰতিস্থাও নিদিব পাৰে।নাট্যশিল্পীৰ কোনো ষ্টাৰ ইমেজ নাথাকে।নাটক কৰি টকা-পইছা ঘটিব নোৱাৰি।নাটক এক ব্যৱসায় নহয়।নাটক হ'ল এক কলাগত অন্তহীন যাত্ৰা,যাৰ শেষ নাই। ই এক ত্যাগ,ই শিল্পবোধৰ বা নান্দনিকতাৰে হকে কৰা সৎ কৰ্ম ,যাক এক দৈনন্দিন আধ্যাত্মিক কৰ্ম হিচাবে নল'লে নাট্যশিল্পী হ'বও নোৱাৰি । মই দৰ্শকৰ বাবে নাটক নকৰো,নিজৰ বাবে নাটক কৰো,নাটকে মোক এক গভীৰ আধ্যাত্মিক প্ৰশান্তি দিয়ে-যাৰ বাবে মই দৈনন্দিন  অনুশীলন কৰো আৰু নাট্যশিল্পৰ হকে কাম কৰো।এয়া উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী নাট্যশিল্পী ৰতন থিয়ামৰ অনুভৱ। ৰতন থিয়ামৰ মাক দেউতাক দুয়ো আছিল মনিপুৰী নৃত্য শিল্পী। বিভিন্ন ঠাইত মনিপুৰী নৃত্য প্ৰৰ্দশন কৰি ঘুৰি ফুৰোতে পশ্চিমবঙ্গৰ নৱদ্বীপত ১৯৪৮ চনৰ ২০জুনত ৰতন থিয়ামৰ জন্ম হয়। ১৯৭৪ চনত নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি , "মনিপুৰী কোৰাছ ৰেপাটেৰী থিয়েটাৰ" দল খুলি ইম্ফল চহৰৰ পৰা বহু দ...