ফ'ৰ লেনৰ দুখ

সপোন
--------------------
ৰাতিপুৱা ৭-৩০ -৮-০০ মান বজাতে হৰেনে সদায় কাম বিচাৰি ওলাই যায়। এইখিনি সময়তে চাৰিআলিৰ চকত সিঁহতকেইটা লগ হয়। সিঁহত মানে তাৰ লগতে কাঠ মিস্ত্ৰী কাম কৰা যতীন, ৰঙৰ কাম কৰা মফিকুল , দিন হাজিৰা কৰা বাবুল আৰু তেনেধৰণৰ কেইজনমান। কেতিয়াবা কাম পায়, কেতিয়াবা নাপায়। এইদৰেই সিহঁতে সিহঁতৰ সংসাৰবিলাক টানি- টুনি চলাই থাকে।
ঠিকাদাৰৰ তলত কাম কৰা ৰাজমিস্ত্ৰী বা যোগালীৰ কথা অৱশ্যে সুকীয়া।হাজিৰাৰ পৰিমাণ কম হ'লেও সিহঁতৰ নিয়মিত কাম থাকে আৰু কামৰ কাৰণে ৰৈ থাকিবলগীয়া নহয়। সিঁহত অৰ্থনৈতিক ভাৱেও টনকিয়াল। বহুতে বাইক লৈ কামলৈ আহিবৰ জোখাৰে টকা- শিকাও কৰিছে।
হৰেনে পাইপৰ কাম কৰে। আগতে ঠিকাদাৰৰ অধীনত কৰিছিল।পাছলৈ নিজে নিজে দুই এটা কাম পাবলৈ ধৰিলে। তাৰ হাতখন ভাল। কামত খুট নাই। পয়ছা- পাতিৰ ক্ষেত্ৰতো বৰ বেছি দাবী নাই। ঠিকাদাৰৰ অধীনত কৰাৰ সময়তে এই সৰু চহৰখনৰ প্ৰায়বোৰ মানুহৰ লগত চিনাকি হৈছিল তাৰ।সেইসূত্ৰে সি কাম পাই আছিল ইমানদিনে। কিন্তু বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাম একেবাৰে কমি গ'ল।
এইখন চহৰলৈ অহা হৰেনৰ বৰ বেছি বছৰ হোৱা নাই। তাৰ ঘৰ আছিল বৰদলনি গাৱত।চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত। মাক-দেউতাক , ককায়েক- বৌৱেক আৰু ভায়েকৰ সৈতে এটা যৌথ পৰিয়ালৰ অংশীদাৰ আছিল সি।
খেতিয়কৰ ঘৰৰ ল'ৰা সি।ককায়েকে খেতিৰ লগতে গাৱৰে স্কুল এখনত চকীদাৰৰ কাম কৰে। ভায়েকৰ তেনেকুৱা কোনো সংস্থাপন নাই। ইতিমধ্যে ৫ বছৰমান আগতে তাৰ মাক - দেউতাকে এবছৰ অগা- পিছাকৈ ইহ সংসাৰ ত্যাগ কৰিলে।
মাক - দেউতাক ঢুকোৱাৰ পিছতে এই চহৰখনলৈ সি গুচি আহিছিল। খেতি - বাতি কৰিবলৈও সৰহীয়া মাটি নাই। থকাখিনিকো বাৰিষা বানপানী আহি কেতিয়াবা ঢাহি -মুহি লৈ যায়। গতিকে ককায়েক, ভায়েককে খেতি- খোলাৰ দায়িত্ব দি সি চহৰমুখী হ'ল।
দুবছৰমান আগতে গাৱৰে ছোৱালী দেৱযানীক বিয়া কৰাই চহৰলৈ আনিছে। চহৰখনৰ একোণত আৱাসিক অঞ্চল এটাত খেৰ-বাঁহ আৰু টিনৰ চালিৰে ঘৰ এটা ভাড়া লৈ সিঁহত আছে। আচলতে ঠিক ভাড়া বুলিবও নোৱাৰি। চৌহদত মালিক নাথাকে। গুৱাহাটী মহানগৰীত থকা মালিকে এই চহৰখনত মাটিটুকুৰা কিনি পকীবেৰ দি থকাৰ কাৰণে ঘৰটো সাজি তাক ৰখীয়া হিচাবেহে ৰাখিছে।
ইতিমধ্যে ৰাজ্যত কৰোনা মহামাৰীৰ ২ য় ঢৌ আৰম্ভ হৈছে। যোৱা বছৰ বছৰৰ প্ৰায় আধাখিনি সময় এনেকুৱা পৰিস্থিতিতে সিহঁত যেনেতেনে চলি আছিল।এইবাৰ পুনৰ এই বেমাৰটো আহিছে। ৰাজ্যত সন্ঢালনিকৈ লক-ডাউন চলি আছে। হৰেণ থকা নগৰখনো বাদ পৰা নাই। দুখীয়া আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থা অতিকৈ শোচনীয় হৈছে। চৰকাৰী সামান্য সাহাৰ্যৰে কিমান দিন চলিব। ব্যৱসায়- বানিজ্যও স্থবিৰ হৈছে।মানুহে গৃহ নিৰ্মাণ বা ঘৰৰ অন্যান্য যাৱতীয় কাম বাদ দিবলগীয়া হৈছে। ফলত হৰেনহঁতৰ দৰে মানুহৰ কাম নোহোৱা হৈছে।
উপায়হীন হৈ হৰেনে এইবাৰ জীৱিকাৰ অন্য পথ উলিয়াবৰ চিন্তা কৰিলে। সি থকা ঘৰৰ চৌহদৰ সন্মুখতে ৰাষ্টাৰ কাষত এখন শাক-পাচলিৰ দোকান দিয়াৰ কথা চিন্তা কৰি সৰুকৈ চাং এখন সাজি ল'লে আৰু কেইদিনমান আগতে সি তাৰ কামৰ শুভাৰম্ভ কৰিলে। ওচৰ-পাজৰৰ মানুহখিনি লগতে ৰাষ্টাৰে অহা -যোৱা কৰা মানুহখিনি তাৰ দোকানৰ গ্ৰাহক হ'ব বুলি আশা কৰিলে।
চহৰৰ মূল বজাৰৰ পৰা চাইকেলেৰে পাইকাৰী দামত আলু, পিঁয়াজকে আদি কৰি বতৰৰ পাচলি কিছুমান আনি সি চাংখনৰ ওপৰতে ভাগে ভাগে সজাই ৰাখিলে । পত্নী দেৱযানীৰ সহযোগত সি যোৱা কেইদিনমানত গ্ৰাহকৰ ভাল সহাৰিয়ে পাইছে।মানুহেও দূৰলৈ যোৱাতকৈ থাউকতে আৰু উচিত দামত পোৱা পাচলি ল'বলৈ তাৰ দোকানলৈকে অহা হ'ল। সি সপোন দেখিবলৈ আৰম্ভ কৰিলে। সি দেখিলে দোকানখন তাৰ ডাঙৰ হৈ গৈছে। চাঙৰ সলনি গুমটি হৈছে আৰু তাৰ পিছত পাচলি বিক্ৰীৰ উপাৰ্জনেৰে আহল -বহল ডাঙৰ দোকান হৈছে তাৰ। তাত গেলামাল আৰু মনোহাৰী সামগ্ৰীৰে ঠাহ খাই পৰিছে। সি চাইকেল এৰি বাইক এখন কিনিছে। ঘৈনীয়েকক নতুন সাজ-পাৰ , গহনা দিছে। সি এজন প্ৰতিস্থিত ব্যৱসায়ী হৈছে।
কিন্তু তাৰ সপোনে পোখা মেলিব ধৰোতেই সেই দূৰ্যোগপূৰ্ণ বাতৰিটো আহিল।
তাৰ চহৰখনৰ লগতে সমগ্ৰ জিলাতে কাৰ্যকৰী হোৱাকৈ সম্পূৰ্ণ সান্ধ্য আইন ঘোষণা কৰা হৈছে। গেলামালৰ লগতে শাক-পাচলি বিক্ৰীও নিষিদ্ধ কৰিছে। ইতিমধ্যে পুলিচ আহি তাৰ দোকান সামৰি থ'বলৈ নিৰ্দেশ দিছে।
হৰেন কিংকৰ্তব্যবিমুঢ় হ'ল।তাৰ মন-মগজুত বাহ লোৱা সপোনবোৰ কেনিবা উৰি গ'ল। ভগৱানক উদ্দেশ্যি সি প্ৰাৰ্থনা জনালে :-
" হে প্ৰভু ! আমাকো জীয়াই থাকিবলৈ দিয়া । "
Comments
Post a Comment
If you have any doubts, please let me know.