ফ'ৰ লেনৰ দুখ

“বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ” (Part-6,7&8)বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ
নাট্যকাৰ:- ঐশ্বৰ্য্য কাকতী ,তেজপুৰ
৬নং দৃশ্য
(মঞ্চৰ আন্ধাৰত জুনুকাৰ শব্দ হয়। লগে লগে মঞ্চ পোহৰ হয়। মঞ্চত ভজক দেখা যায়। ভজই জুনুকাৰ শব্দ অনুধাৱন কৰিবৰ চেষ্টা কৰে।)
ভজঃ
জুনুকাৰ শব্দ কৰ
পৰা আহিছে ! ৰাতি
বিয়লি হোৱা হেতেন
ভুতুনী বুলি ভাবিলোহেতেন,
কিন্তু দিনতে-----!! অৰুন্ধতী
বাইদেউতো নাচনী নহয়,
হ’লেও
হঠাৎ কিয় নাচিবলৈ
আহিব ! তথাপিওঁ সঠিককৈ
জানি লোৱা ভাল
।
(অৰুন্ধতীৰ কোঠাৰ ফালে গৈ)
ভজঃ
বাইদেউ--, অ’ বাইদেউ
----
(অৰুন্ধতী আহে)
অৰুঃ
কি হ’ল ?
ভজঃ
আপুনি বাৰু জুনুকা
পিন্ধিছে নেকি?
অৰুঃ
মই অকৌ জুনুকা
কিয় পিন্ধিম, কিয়
সুধিলি ?
ভজঃ
নাই ইয়াত মই
জুনুকাৰ শব্দ শুনিছিলো।
অৰুঃ
জুনুকাৰ শব্দ ক’ৰ
পৰা আহিব , ইয়াত
কৰ নাচনী আছে
?
তেখেত
সকলৰ কোনোবাই নাচিলেহে
হ’ব
।
ভজঃ
নক’ব
বাইদেউ, যি দিন
কাল পৰিছে, কোনোবা
এজনে নৃত্য কৰিলেও
আচৰিত হ’ব
লগা একো নাই,
আপোনাৰ মহিমা-------
অৰুঃ
যা,
তই বৰ দুষ্ট
হৈছ’
দেই-----
ভজঃ
মই দুষ্ট নে
আন কোনোবা । বুঢ়া
কেইটাক নাকত ধৰি
চাকত ঘূৰাইছে কোনে
?
অৰুঃ
শেষ দৃশ্যলৈ আহি
আছে ভজ, দুই
এদিনতে যৱনিকা পৰিব
।
ভজঃ
নুবুজিলো------!
অৰুঃ
সময়ত বুজিবি-----, এতিয়া
ক’লৈ
যাৱ
?
ভজঃ ফাৰ্মেচীৰ পৰা আহো-----
( ভজৰ প্ৰস্থান। অৰুন্ধতী চকীত বহে। ভিতৰত পুণৰ জুনুকাৰ শব্দ হয়। অৰুন্ধতীয়ে কাণ পাতে, লাহে লাহে দূৰৰ পৰা অহা নূপুৰৰ শব্দ ওচৰ চাপি আহে। মুৰে-গায়ে কাপোৰেৰে ঢকা এটা মূৰ্ত্তি জুনুক-জানাককৈ সোমাই আহে । অৰুন্ধতীৰ নাতি দূৰত ৰয়)
অৰুঃ
কোন
? কোন আপুনি ? কি
লাগে ?
(মূৰ্ত্তিটোৱে কাপোৰৰ সামান্য ফাঁক কৰি চতুৰ্দ্দিশে গৈ চায়। পুণৰ আগৰ ঠাইলৈ আহে। কাপোৰ পেলাই দিয়ে । দেখা যায় নাচৰ পোচাকত মদন কলিতা)
অৰুঃ
(হাঁহি) মদন দাদা,
আপুনি এই বেশত
?
মদনঃ
(লাজ লাজ) কিয়া
তুমি নাচ ভাল
পাওঁ বুলি কোৱা
নাছিলা , মই নাচ
শিকি পেলালো।
অৰুঃ
মোৰ কাৰণে -----মানে
মই কোৱা কাৰণেই
?
মদনঃ
তোমাৰ বাবেই অৰু,
আৰু যে কিমান
কি কৰবা লাগব,
দৰকাৰ পল্লি নৰকক
গেলিও যাবা পাৰো
------
অৰুঃ
আপুনি নাচিব এতিয়া
-------
মদনঃ
কিয়া নানচিম, ইমান
কষ্ট কৰছো নাচ
শিকবাক লাগি, এয়া-----সেই
নাচ তোমাক দেখাম,
এয়া চোৱা----------
(নাচৰ
বোল বাজে। মদনৰ
নৃত্য, মাজে মাজে
ফোপাই, জেপৰ পৰা
কিবা উলিয়াই খায়)
অৰুঃ
কি খাইছে ?
মদনঃ
গ্লুকজ-----, নাচবাক লাগি
দম লাগে-----।
(পুণৰ
নাচ । সোমাই আহে
এফালৰ পৰা দিবাকৰ
আৰু আন ফালৰ
পৰা সুশান্ত)
দিবাকৰঃ
অৰু,
তুমি নাচ ভাল
নোপোৱা কবিতাহে ভাল
পোৱা ।
(দিবাকৰে
কবিতা মাতিবলৈ ধৰে।
মাজতে সুশান্তই ভিতৰৰ
পৰা ঢোলটো আনে)
সুশান্তঃ
সবাই বন্ধ কৰ,
অৰু ঢোল শুনতে
ভাল বাসে (ঢোল
বজাই)
মদনঃ
নাচ ভাল পায়------
দিবাকৰঃ
কবিতা ভাল পায়--------
সুশান্তঃ
ঢোল ভাল পায়-----
(কবিতা/নাচ/ ঢোল একেলগেব চলে---Direction.) ( অৰুন্ধতী কাণত হাত দি বহি পৰে )
READ the POST....
৭নং দৃশ্য
(লাউঞ্জত মদন/সুশান্ত/দিবাকৰ বিভিন্ন প্ৰকাৰে বিভিন্ন প’জত ব্যায়াম কৰি থাকে। ভজ সোমাই আহে)
ভজ: (দৰ্শকক) এই কেইজনৰ আকৌ কি হ’ল ? আজি চাৰি-পাঁচ বছৰে কেতিয়াবা ৰাতিপুৱা ,কেতিয়াবা গধূলি অলপ ভ্ৰমণলৈ যোৱাৰ বাহিৰে একো কৰা দেখা নাই, হঠাৎ আকৌ কি হ’ল ? অৰুন্ধতী বাইদেউ ইয়াত থাকিবলৈ লোৱাৰ পৰা গঢ়-গতিবোৰ কেনেবা লাগিছে ।(প্ৰস্থান) Direction (ব্যায়াম অলপ সময় চলি থাকে লাহে লাহে লাইট নুমাব)
৮ নং দৃশ্য(A)
(আন্ধাৰতে ভাওনাৰ কল্যান খৰমান বাজে। লাহে লাহে ঘোষকৰ মুখত পোহৰ পৰে)
ঘোষকঃ
সেয়া অস্তাচলত কল্যান
খৰমান বাজিছে । ইমান
দিন যেন অস্তাচলত
এখন মজাৰ নাটক
চলি আছিল। এতিয়া
সেই নাটকৰ শেষ
দৃশ্যত উপনিত হৈছোহি
।
অলপ পাচতে যৱনিকা
পৰাৰ উমান পোৱা
গৈছে । অস্তাচলত
পুণৰ আৰাম্ভ হ’ব
সেই ৰুটিন মাফিক
জীৱন যাত্ৰাৰ। চেনী
নিদিয়া চাহ, দালিত
দিয়া সিজোৱা শাক
পাচলি,বিধে বিধে
দৰব
, এক উত্তাপ বিহীন
, হাঁহিয়ে বিদায় লোৱা
জীৱন। হঠাৎ অৰুন্ধতী
দত্তই অস্তাচলতৰ পৰা
বিদায় ল’ব
খুজিছে। অস্তাচলত আশ্ৰয়
ল’বলৈ
অহা অৰুন্ধতী দত্তৰ
দৰাচলতে কি অভিপ্ৰায়
আছিল ? কিয় তেখেতে
তিনি বৃদ্ধৰ মন-প্ৰাণত
এক নতুন আৱেগৰ
সঞ্চাৰ কৰিছিল? কিয়
নিজে জন্ম দিয়া
আবেগক নিজেই মষিমুৰ
কৰি যাবলৈ ওলাইছে
? এটা ডাঙৰ সাঁথৰ
! সেই সাঁথৰৰ ভেদ
খুলিব অৰুন্ধতী দত্তই
নিজেই , আহক সেই
ভেদৰ অংশীদাৰ হওঁ।
৮নং দৃশ্য(B)বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ
[মদন/ সুশান্ত/দিবাকৰ বহি আছে। এটা কৰুণ সুৰ বাজি থাকে]
দিবাকৰঃ
অৰুন্ধতী যাবগৈ----
মদনঃ
কে বা যাব
লাগে---!
সুশান্তঃ
সে এসেছিল নিজৰ
খুছিতে,এতিয়া যাবগৈ
নিজৰ খুছিত ।
দিবাকৰঃ
এৰা আমি ধৰি
ৰাখিবৰ কোন !
মদনঃ
হাও সেন , বেজাৰ
লাগা নাই ?
সুশান্তঃ
বেজাৰ একটু লাগছে,
কিন্তু দিনেৰ সংগী
ছিলতো ! কিন্তু একটা
জিনিস মনেৰ মধ্যে
আসাছে !
মদনঃ
কি হা সেতো-----?
সুশান্তঃ
বেজাৰেৰ মধ্যেও যেন
কিছু একটা , কিছু
একটা--------না, আমি
বুজাতে পাৰছিনা।
দিবাকৰঃ
এৰা!
মোৰো মনটোত এটা
অচিন ভাব জাগিছে।
সেইটো কি মই
ধৰিব পৰা নাই!
মদনঃ
মোৰ এনাই লাগছিৰ্যেন
আমাৰ অতীতেৰ দুখ
বেজাৰ সব গিলা
পাহৰি যেন------! নাই
ময়ো বুজাবা নৰিম।
(অৰুন্ধতি আহে)
অৰুন্ধতিঃ
মই পাৰিম------। আপোনালোকৰ
অন্তৰত এনে এটা
শক্তি জাগ্ৰত হৈছে,
যিটো শক্তিয়ে আপোনালোকৰ
অতীতৰ সকলো গ্লানি,
তিক্ততা,পত্নীৰ সকলো
হঠকাৰিতাৰ ক্ষমা কৰি
দিয়াৰ স্বৰ্গীয় বাসনা
জাগিছে। প্ৰেমে আপোনালোকক
এক ক্ষমা নামৰ
ভূষন পিন্ধাই দিছে,যিতো
মানৱ জীৱনৰ শ্ৰেষ্ঠতম
আভূষন। মই এতিয়া
যাবগৈ লাগিব ।
দিবাকৰঃ
এৰা
! পৃথিবীলৈ মানুহ যাবলৈকে
আহে-----!!
সুশান্তঃ
কাউকে কেউ ধৰে
ৰাখতে পাৰে না
!
মদনঃ
আমিনো তোমাক ধৰি
ৰাখবাৰ কোন !
দিবাকৰঃ
তুমিতো কৈছিলা তুমি
নিৰাশ্ৰয়া ?
সুশান্তঃ
ভাগ্যৰ চাবুকে জৰ্জৰিত
কৰা এক মেয়ে
?
মদনঃ
ভাই-ককাইয়ে
মাৰপিত কৰা এজনী
আপী
?
অৰুন্ধতীঃ
আপোনালোকক মই এতিয়া
এটা নতুন সম্বন্ধৰে
মাতিম। সেই সম্বন্ধটো
বৰ পবিত্ৰ। আপোনালোক
মোৰ এতিয়াৰ পৰা
খুড়া---। (মদন/সুশান্ত/দিবাকৰৰ
Reaction)
অৰুন্ধতীঃ
মদন খুড়া, সুশান্ত
কাকু, দিবাকৰ খুড়া----,
যুধিষ্ঠিৰেও কুৰুক্ষেত্ৰৰ ৰণত
‘অশ্বথমা হত’ কিন্তু
ইতি গজ’ বুলি
নিজৰ অভীষ্ট পূৰণ
কৰিবলৈ মিছাৰ আশ্ৰয়
লৈছিল। ময়ো এক
উদেশ্য সিদ্ধিৰ বাবে
মিছাৰ আশ্ৰয় লৈছিলো---।
দিবাকৰঃ
কি উদেশ্য ?
অৰুন্ধতীঃ
দৰাচলতে মই এটা
N.G.O ট কঅম কৰো
।
আমাৰ N.G.O. ই এটা
সমীক্ষা চলোৱাৰ মোক
দায়িত্ব দিছিল।
সুশান্তঃ
কিসেৰ সমীক্ষা ?
অৰুন্ধতীঃ
জীৱনৰ শেষ বয়সত
বা জীৱনে প্ৰত্যাখিত
কৰা লোকৰ অন্তৰত
প্ৰম থাকিব পাৰে নে
নোৱাৰে -----! প্ৰেম
কি বয়সৰ, দেহা,
স্থান-কাল এই
বিলাকৰ লগে লগে
জীৱনৰ পৰা হেৰাই
যায় নেকি------?
(সুশান্ত /মদন/ দিবাকৰ Reaction)
অৰুন্ধতীঃ
প্ৰেম, ভালপোৱাৰ মৃত্যু
নাই ।-----দৈহিক অক্ষমতাতেই
প্ৰেম সীমাবদ্ধ নাথাকে,
প্ৰেমৰ পৰিধি অনেক
ব্যাপক---, সেই পৰিধি
সীমাহীন । আপোনালোকৰ অন্তৰতো----------
দিবাকৰঃ
ভজ,
ঐ ভজ কেঁচিখন
লৈ আহ---(মঞ্চ
ক্ষন্তেক নিস্তব্ধ, ভজই
কেঁচি আনে)
দিবাকৰঃ
ভজ
, এই প্লাষ্টাৰ ডাল
কাটি দে। মোৰ
হাতখন মুক্ত কৰি
দে,
হাতখন পুণৰ কঁপি
উঠক--,সেই
কম্পনে মোক বাস্তবলৈ
লৈ যাওক----(ভজৰ
তথাকৰণ)
মদনঃ
ভজ
, মোৰ মূৰতোকো মুকলি
কৰি দি----, লৰি
থাকা মূৰাটোক লৰাক
গেলি সুযোগ দি।
তই বেটা নাচনী
নহয়,
মদন কলতা (ভজৰ
তথাকৰণ)
(সুশান্ত/মদন/দিবাকৰ
ভিতৰলৈ যাব খোজে)
অৰুঃ
দিবাকৰ খুড়া, মদন
খুড়া, সুশান্ত খুড়া
ৰ’ব
।
দিবাকৰঃ
কি ৰ’ম
অৰুন্ধতী---, নাজানো কি
হৈছিল--! এটা অহৈতুকী
খেলত যেন আমি
মত্ত হৈ গৈছিলো---। আমি
যেন এটা উজ্জল
গুহাৰ মাজত সোমাই
দিক-বিদিক
হেৰুৱাই ঘুৰি ফুৰিছিলো—। এটা
লজ্জাহীন খেলত যেন
বলিয়া হৈ পৰিছিলো।
কিবা এটা অনুভুতিয়ে
আমাৰ অন্তৰত জীয়াই
থকাৰ হাবিয়াস পুণৰ জাগ্ৰত
কৰিছিল ।
সুশান্তঃ
আমাদেৰ মাথাৰ মধ্যে
কিছু যেন ছিলনা।
কোনো যুক্তি নাছিল
।
তথাপি এক আনন্দৰ
মধ্যে আমৰা চিলাম
।
সেই আনন্দৰ কোনো
যুক্তি নাই , বন্ধন
নাই । সেই আনন্দ
নিঃশব্দে আহিছিল।
মদনঃ
জীৱনটো হঠাৎ অৰ্থবহ
হৈ যোৱা হেন
লাগিছিল ।
অৰুন্ধতীঃ
শুনক, জীৱনটো এতিয়াওঁ
আপোনালোকৰ অৰ্থহীন হৈ
যোৱা নাই। আপোনালোকৰ
অন্তৰত আপোনালোকৰ অজ্ঞাতেই
এক প্ৰেমৰ সত্ত্বা
জাগ্ৰত হৈছিল। সেই
প্ৰেম নিয়ম ভঙাৰ
প্ৰেম, নিয়ম নমনা
প্ৰেম, বয়সে বান্ধি
ৰাখিব নোৱাৰা প্ৰেম,--------সেই
প্ৰেমৰ আলোকৰে আপোনালোক
উদ্ভাসিত হৈ উঠক
।
দেখিব সেই প্ৰেমৰ
জ্যোতিয়ে আপোনালোকক এক
নতুন পথৰ সন্ধান
দিছে। সেই প্ৰেমৰ
যোগেদিয়েই ভগৱানৰ লগত
আপোনালোকৰ যোগসূত্ৰ স্থাপন
হৈছে---। মাথো আপোনালোকে
সেই অতীন্দ্ৰিয় প্ৰেমক
উপলব্দ্ধি কৰক। প্ৰত্যেক
মানুহৰ মূৰৰ ওপৰত
এটা জ্যোতিয়েই থাকে-----,
সেই জ্যোতি প্ৰেমৰ
জ্যোতি---। সেই জ্যোতিয়েই
ঈশ্বৰ, আল্লা, যিচু
সকলো---। সেই
জ্যোতিক কল্পনা কৰক
, উপলব্ধি কৰক, দেখিব
আপোনালোকৰ অৰ্থহীন হৈ
যোৱা জীৱনলৈ পুণৰ
নতুন আশাৰ ঢল
নামি আহিছে । মৃত্যুভয় নোহোৱা হৈ
গৈছে। সেই জ্যোতিত
বিলীন হৈ যোৱাৰ
আপোনালোকৰ প্ৰৱল হাবিয়াস
জাগিছে । (দেৱ আহে)
দিবাকৰঃ
শেষ মূহুৰ্তত সহকৰ্মী
আকৌ আহিলা ।
অৰুঃ
তেওঁ মোৰ সহকৰ্মী
নহয় । তেওঁৰ নাম
দেৱ কুমাৰ শইকীয়া
।
তেওঁ মোৰ প্ৰেমাস্পদ
।
দেৱঃ
মোক ক্ষমা কৰিব
আপোনালোকে ।
অৰুঃ
সুশান্ত কাকু, আপোনাৰ
পৰা লোৱা এই
পাঁচ হেজাৰ টকা
লওঁক । আপুনি পইচা
খৰচ কৰাত টান
বুলি জানি প্ৰেমৰ
বাবে হাত খুলি
যায় নেকি তাৰ
প্ৰমাণ চাবলৈ এই
টকা পাঁচ হেজাৰ
লৈছিলো ।
সুশান্তঃ
টাকাৰ এখন কি
দৰকাৰ । সেটা তুমি
ৰেখে দাও । কিবা
সৎ কামত খৰছ
কৰিবা ।
মদনঃ
এই বয়সোত মানুহে
ভগৱানক বিচাৰি তীৰ্থক
গেলি যায় । আমাৰ
তীৰ্থ আমাৰ অন্তৰোতে
লুকেই আছে, আমি
মুঠেই দেখা নাপাওঁ
।
সেই তীৰ্থৰ নাম
প্ৰেম তীৰ্থ । ইতাহে
বুজছো---তোমাৰ প্ৰতি
উঠেলি উঠা প্ৰেমে
ইতা সেই তীৰ্থৰ
সন্ধান দিছি।
দিবাকৰঃ
সেই প্ৰেম আমি
মানুহৰ মাজত বিলাই
দিম আৰু মানুহৰ
মাজতেই পাম তুমি
কোৱা সেই জ্যোতিৰ
সন্ধান ----। দেখিবলৈ পাম
এক জ্যোতিৰ আহ্বান----।
সুশান্তঃ
সেই জ্যোতিৰ আলোকে
আমাক পথ দেখুৱাব
অন্য এক জগতৰ
, যে মানে শুধো
প্ৰেমময় জীৱন । প্ৰেম
চাৰা আৰ কিছু
নেই ।
দিবাকৰঃ
ক্ষন্তেক আগতে মনলৈ
এক বিষন্নতা আহিছিল---। এতিয়া
সেই বিষন্নতাৰ ঠাই
লৈছে এক স্বৰ্গীয়
আনন্দই ------, এক আনন্দময়
অটল সাগৰত অৱগাহন
কৰি যেন আমি
মুক্তিৰ সোৱাদ লভিম
।
সুশান্তঃ
আঃ জীৱন কি
মধুময় । জীৱন যে
এত ৰঙীন, তা
আগে বুজা নাছিলো।
সকলোঃ
আমি আহিছো।
সমাপ্ত
Comments
Post a Comment
If you have any doubts, please let me know.