সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সাধুঃ চিত্ৰপ্ৰেমীক ৰজাৰ সাধু


সাধু-চিত্ৰপ্ৰেমীক ৰজাৰ-সাধু




সাধুঃ চিত্ৰপ্ৰেমীক ৰজাৰ সাধু

সপোনপুৰ ৰাজ্য

সপোনপুৰ নামৰ এখন ৰাজ্য আছিল। সেই ৰাজ্যখনৰ ৰজাৰ নাম সপোনানন্দ সিংহ। ৰজা সপোনানন্দ চিত্ৰ-ভাস্কৰ্য্য প্ৰেমী আছিল। চিত্ৰৰসিক ৰজা সপোনানন্দই পৃথিৱীৰ বিভিন্ন ৰাজ্য ভ্ৰমণকৰি ফুৰিছিল আৰু সেই ৰাজ্যবোৰৰ পৰা বিভিন্ন অংকিত চিত্ৰপট, শিল কাটি তৈয়াৰ কৰা বিভিন্ন মূৰ্তি আদি সংগ্ৰহ কৰি সপোনপুৰ ৰাজ্য সজাই-পৰাই বিতোপণ কৰি তুলিছিল। 

সাধুতো পঢ়ক#👇

সেই ৰাজ্যৰে এখন সীমামূৰীয়া গাঁ‌ওৰ এটি টিলাত বিচিত্ৰবিজয় নামৰ এজন যুৱ চিত্ৰকৰ মা'কৰ লগত বসবাস কৰিছিল। কিন্তু , প্ৰায় দুশটি পৰিয়াল বসবাস কৰা গাঁ‌ও খনৰ কোনো এজন মানুহেই বিচিত্ৰবিজয়ৰ চিত্ৰাংকণক সলাগ নলৈছিল আৰু খেতি-বাতি নকৰি ছবি আঁ‌কি সময় পাৰকৰা কেলেহুৱা ল'ৰা বুলি তাক হাঁ‌হি,ইতিকিং কৰিছিল। তাৰ ছবিবোৰৰ মোল নুবুজা গাঁ‌ৱৰ মানুহবোৰৰ ব্যৱহাৰত সি মনমাৰি থাকিবলৈ ল'লে। 

সাধু-চিত্ৰপ্ৰেমীক-ৰজা-সাধু


মনৰ দুখত লাহে লাহে সি ছবি আঁ‌কিবলৈও এৰিলে, দিনৰ দিনটো গাঁ‌ওৰ মাজৰে বৈ যোৱা 'জীয়াপানী নদী'ৰ পাৰত বহি একেঠৰে নদীৰ বোৱঁতী সোতলৈ চাই থাকে, মা'কে বিচাৰি আহি তাক মাত দিলেহে সি মুৰ তুলি মা'কলৈ চায়। 

লাহে লাহে দিন বাগৰি মাহ, মাহ বাগৰি বছৰ পাবৰহি হ'ল, বিচিত্ৰবিজয়ে মনৰ বেজাৰত খোৱাবোৱা এৰি দিনক দিনে শুকাই খিনাই যাবলৈ ধৰিলে। সি জীৱ-জন্তু, গছ-লতা,  পাহাৰ-ভৈয়াম, নদ-নদী আৰু মা'কৰ চিত্ৰ আঁ‌কে আৰু বাৰে বাৰে খঙতে ফাঁ‌লি-চিৰি সেই চিত্ৰ নষ্ট কৰি পেলাই। গাঁ‌ওৰ কোনো এজন মানুহেই তাৰ ছবি বোৰ বুজি নাপায়, নাচায় । সেই দুখতে সি আপোঘাটি হোৱাৰ কথাও ভাবিবলৈ ধৰিলে।

বিচিত্ৰবিজয়ৰ আচৰণ দেখি মা'ক বৰ চিন্তাত পৰিল। একেটাই মাথোঁ পুত্ৰ, সিও যদি মনচন মাৰি থাকে, খোৱা-বোৱা এৰি দিয়ে তেন্তে অকালতে দেখোন সি মৰি থাকিব। পুত্ৰৰ চিন্তাত মা'কৰো শোৱন-খাৱন নোহোৱা হ'ল। কিন্তু কি উপায় কৰিব তাকে ভাবি মাক বিবুধিত পৰিল। উপায়বিহিন হৈ মা'কে পুত্ৰ বিচিত্ৰ আৰু সি অংকন কৰা চিত্ৰ কিছুমান লগত লৈ দেওলগা পাহৰত থকা মহাজ্ঞানী পুৰুষ ঋষি কল্যাণীয়বৰ শৰণাপন্ন হ'লগৈ।

ঋষি কল্যাণীয়বৰে বিচিত্ৰবিজয়ৰ চিত্ৰাংকণ সমূহ অতি মনদি চালে আৰু তাৰ বিষয়ে সমস্ত কথা মা'কৰ মুখৰ পৰা শুনি ধ্যাণত বহিল। কিছু সময়ৰ পিছত ঋষিয়ে চকু মেলিলে। আৰু বিচিত্ৰবিজয়ক অতি মৰমৰে ওচৰলৈ মাতি কাষত বহিবলৈ দি ক'লে, "বাছা বিচিত্ৰবিজয়, এই সংসাৰত গুণিৰ গুণ  বা মোল বুজাৰ সংখ্যা তেনেই তাকৰ, তুমি দুখ নকৰিবা, তোমাৰ এদিন কল্যাণ হ'ব, মাথোঁ তুমি মনোবল আৰু ধৈৰ্য্য ৰাখি একাগ্ৰতাৰে তোমাৰ চিত্ৰ অংকন কৰি যোৱা। " ঋষিয়ে পুণৰ ক'লে, " আজিৰ দিনৰ মানুহ আপোন স্বাৰ্থসিদ্ধিত ব্যস্ত থাকে, ভোগ-বিলাস, মই মোৰ এই চিন্তাৰ বাহিৰে দহৰ হিতৰ কথা ভাবিবলৈ  যেন সময়ৰহে অভাৱ হৈছে, সৃষ্টিশীল কৰ্মৰ প্ৰতি মানুহৰ অনিহা হৈছে, ধন-সম্পত্তি, ঘৰ-বাহন আদিৰ চিন্তাত সকলো মগ্ন, কিন্তু সেইবোৰ ক্ষন্তেকিয়া সুখত বলিয়া লোকে প্ৰকৃত সুখ বিচাৰি নাপায় মদ-বেশ্যাত আসক্তহৈ সমাজ আৰু পৰিয়ালৰ মাজত অশান্তিৰ পাহাৰ গঢ়ি তুলিছে।" , "কিন্তু তোমাৰ কৰ্মত মই মুগ্ধ হৈছো বাছা, তুমি চিত্ৰ অংকন কৰি যোৱা আৰু তাৰ মাজত তুমি প্ৰকৃত সুখৰ অনুভূতি উপলব্ধি কৰিব পাৰিবা আৰু প্ৰকৃত চিত্ৰৰসিকৰ পৰা তুমি আদৰ সন্মান নিশ্চয় পাবা।"কিন্তু ঋষিবৰ? বুলি কৈ বিচিত্ৰই 

ঋষিৰ মুখলৈ চায় ৰ'ল।সাধু-চিত্ৰপ্ৰেমীক ৰজাৰ-সাধু

ঋষিয়ে একো উত্তৰ নিদি বিচিত্ৰক এটি আঙুঠি দিলে আৰু ক'লে,  "বিচিত্ৰ, তুমি এই আঙুঠিটো লৈ বজাৰলৈ যোৱা আৰু যি কোনো এখন দোকানত বেচিবৰ বাবে দেখাবা, কিন্তু মুখৰে তুমি একো নক'বা, তোমাক আঙুঠিটোৰ মূল্য কিমান বুলি সুধিলে তুমি হাতৰ পাঁ‌চ আঙুলি দেখাবা, আৰু তেওঁ কি কয় শুনিবা, কিন্তু তুমি বিক্ৰী নকৰিবা আৰু উভতি মোৰ ওচৰলৈ আহিবা, এতিয়া তোমালোক যোৱা। আঙুঠিটোলৈ ঋষিক প্ৰণাম জনায় বিচিত্ৰবিজয় আৰু মা'ক ঘৰলৈ উভতি আহিল।

ৰাতিপুৱা গা-পা ধুই ঋষিয়ে দিয়া আঙুঠিটো লৈ বিচিত্ৰবিজয় বজাৰ পালেগৈ আৰু বজাৰৰ এখন গেলামালৰ দোকানত সোমাই দোকানীজনক আঙুঠিতো দেখুওৱালে, দোকানীজনে আঙুঠিটো দেখি কিমানত বিক্ৰী কৰিবা বুলি তাক সোধাত সি ঋষিয়ে শিকাই দিয়ামতে সোঁ‌হাতৰ পাঁ‌চটি আঙুলি দেখুৱাই দিলে, আঙুলিৰ মুদ্ৰাবুজি দোকানীয়ে ক'লে, 'পাঁ‌চ টকা' , দোকানীক একো নকোৱাকৈ আঙুঠিটো লৈ সি ঋষিৰ ওচৰ পালেগৈ আৰু ঋষিক বজাৰত ঘটা সমস্ত কথা ক'লে।

ঋষিয়ে বিচিত্ৰবিজয়ক একো নকৈ পিছদিনা পুণৰ  আঙুঠিটো দি বজাৰলৈ পঠালে আৰু তাক আগৰবাৰৰ দৰেই আঙুঠি দেখুৱাই দাম সুধিলে পাঁ‌চটি আঙুলি দেখুৱাবলৈ ক'লে আৰু একো নোকোৱাকৈ আঙুঠিটো লৈ উলটি আহিবলৈ দিহা দিলে।

ঋষিৰ দিহা মতেই পিছদিনা পুণৰ বিচিত্ৰবিজয় বজাৰ পালেগৈ আৰু ইফালে-সিফালে চকু ফুৰাই  এখন সোনাৰী দোকান দেখি তালৈ গৈ সি দোকানীক আঙুঠিটো দেখুৱালে, সোনাৰীজনে আঙুঠিটো দেখি তাক কিমানত বেছিব সুধিলে, সি সোঁ‌ হাতৰ আঙুলি পাঁ‌চটা দেখুৱাই দিয়াত সোনাৰীজনে  ক'লে,  'অ' পাঁ‌ছ হেজাৰ,'  বিচিত্ৰই সোনাৰীক একো উত্তৰ নিদি উভতি আহি ঋষিৰ ওচৰ পালেহি আৰু সকলো কথা ঋষিক বিবৰি ক'লে। ঋষিয়ে তাক একো নক'লে, কিন্তু পুণৰ পিছৰদিনা আঙুঠিটোলৈ বজাৰলৈ যাবলৈ তাক আদেশ দিলে।

ঋষিৰ আদেশ মতেই পুণৰ বিচিত্ৰবিজয়ে পুৱাই ভাত এমুঠি খায় বজাৰলৈ বুলি ৰাওনা হ'ল। বজাৰত ইফালে-সিফালে ঘুৰিপকি থাকোতেই হঠাৎ তাৰ চকুত পৰিল ডাঙৰ ডাঙৰ আখৰৰে লিখি ৰখা 'ৰত্নভাণ্ডাৰ' নামৰ এখন ফলক। সেইখন হীৰা-সোন,মণি- মুকুতা কিনা-বেচা কৰা এখন প্ৰকাণ্ড প্ৰতিষ্ঠান। বিচিত্ৰই প্ৰতিষ্ঠানখনৰ ভিতৰলৈ সোমাই গ'ল। ভিতৰত সোমাই সি দেখিলে আইনাৰ কিছুমান আলমাৰিৰ ভিতৰত সোন ৰূপ মণিমুক্তা খতুৱা বিভিন্ন ধৰণৰ আ-অলংকাৰ সজাই থোৱা আছে। সুন্দৰ সুন্দৰ অলংকাৰ বোৰৰ কাৰুকাৰ্য্য দেখি সি বিভোৰহৈ পৰিল, এনেতে এজন শকত-আৱত পাহোৱাল মানুহ আহি কি লাগে বুলি সোধতেহে সি সম্বিৎ ঘুৰাই পালে। পাহোৱাল মানুহ জনক সি  আঙুঠিটো দেখুওৱাত সেইজনে তাক আন এটি কোঠাত বহি থকা বয়োজ্যেষ্ঠ এজন মহাজনৰ ওচৰলৈ লৈ গ'ল। মহাজনক নমস্কাৰ জনাই বিচিত্ৰবিজয়ে আঙুঠিটি দেখুৱালে, মহাজনে আঙুঠিটো লিৰিকি বিদাৰি চায়, বিচিত্ৰক সুধিলে এইটোৰ দাম কিমান ? বিচিত্ৰই সোঁ‌ হাতৰ পাঁ‌চটি আঙুলি দেখুৱাই দিলে। মহাজনে ক'লে মাত্ৰ পাঁ‌চ লাখ টকা। বিচিত্ৰই মহাজনক একো উত্তত নিদি গুচি  আহিল আৰু ঋষিৰ ওচৰ পালেহি। 

ঋষিয়ে বিচিত্ৰৰ সমস্ত কথা শুনি ক'লে, " বাছা বিচিত্ৰ, তুমি আঙুঠিটো বেছিবলৈ গৈ যি যি অভিজ্ঞতা হ'ল তাৰপৰা তুমি কি বুজিলা বা কি শিক্ষা পালা মোক কোৱাচোন ? ঋষিৰ প্ৰশ্ন শুনি বিচিত্ৰই ক'লে, গুৰুদেৱ, একেটা আঙুঠিকে এজনে মাত্ৰ পাঁ‌চ টকা , এজনে পাঁ‌চ হেজাৰ টকা আৰু এজনে পাঁ‌চ লাখ টকা নিজে নিজেই মূল্য নিৰ্ধাৰণ কৰি মোক ক'লে। কিন্তু মই একো বুজি নাপালো দয়া কৰি মোক বুজাই কওকচোন।

ঋষিয়ে মিচিকিয়া হাঁ‌হি ক'লে, শুনা বাছা বিচিত্ৰ, গেলামালৰ দোকানীজনে তোমাক আঙুঠিটিৰ মূল্য পাঁ‌চ টকা বুলিলে, সেই একেটা আঙুঠিকে সোনাৰীজনে পাচ হেজাৰ টকাৰ মূল্য আগবঢ়ালে আৰু হীৰামুকুতাৰ মহাজনে পাঁ‌চ লাখ টকা মূল্য নিৰ্ধাৰণ কৰি তোমাক ক'লে। ইয়াৰ পৰা তোমাৰ শিক্ষা হ'ল, যাৰ যি মোল বা গুণ অথবা মূল্য বুজোতাইহে বুজে । অৰ্থাৎ গেলালালৰ দোকানীয়ে মূল্যবাণ আঙুটিটোৰ মোল নুবুজি তাৰ মূল্য পাঁ‌চ টকা বুলিলে, সোনাৰীজনৰ জ্ঞানৰ জোখাৰে আঙুঠিটিৰ মূল্য নিৰ্ধাৰণ কৰিলে, কিন্তু আঙুঠিটিৰ প্ৰকৃত মোল বুজা, মূল্যবাণ ৰত্নৰে তৈয়াৰী আঙুঠিটিৰ মোল সেই মহাজনে ঠিক বুজি তোমাৰ আগত উচিত মূল্য নিৰ্ধাৰণ কৰিলে। 

ঠিক তেনেকৈ তোমাৰ চিত্ৰ- চিত্ৰাংকণ সমূহৰ মোল বুজা মানুহ তোমালোকৰ গাঁ‌ও খনত এজনো নাই সেয়ে তোমাৰ চিত্ৰবোৰ কোনেও গুৰুত্ব নিদি তোমাক অবহেলা কৰে, ইতিকিং  কৰে, হাঁ‌হি তামাছা কৰে। গতিকে তোমাৰ গুণৰ সেই মোল নুবুজা মানুহবোৰৰ কথা-কাণ্ডত মন নিদিবা, আৰু নিজৰ সৃষ্টিশীলতাক আগুৱাই নি মন সবল আৰু সাহসী কৰি গঢ়িতোলা।আৰু যি সকলে সৃষ্টিশীলতাক বুজে তেনে লোকৰ মাজলৈ তুমি যোৱা । তোমাৰ মোল বুজা সকলৰ ওচৰলৈ তোমাৰ সৃষ্টিকৰ্মক লৈ যোৱা।

ঋষিৰ জ্ঞানদায়িনী কথাবোৰ শুনি বিচিত্ৰবিজয়ৰ মন পৰিস্কাৰ হৈ পৰিল। আৰু ঋষিক চৰণত প্ৰণাম কৰিলে, ঋষিয়ে হিয়া উজাৰি তাক আশীৰ্বাদ দিলে , আৰু ঋষিয়ে বিচিত্ৰক সপোনপুৰ ৰাজ্যৰ ৰজাৰ ওচৰলৈ গৈ তাৰ চিত্ৰ সমূহ প্ৰদৰ্শন কৰিবলৈ উপদেশ দিলে।

ঋষিৰ উপদেশ মতেই বিচিত্ৰবিজয় গৈ সপোনপুৰ ৰাজ্যৰ ৰজা সপোনানন্দ সিংহৰ ওচৰ পালেগৈ।

 চিত্ৰ ভাস্কৰ্য সমূহ ৰজাক দেখুওৱাত চিত্ৰপ্ৰেমীক ৰজাই বৰ ভাল পালে আৰু বিচিত্ৰৰ চিত্ৰ-ভাস্কৰ্য ৰ পাৰদৰ্শিতাত মুগ্ধহৈ পৰিল।আনন্দত আত্মহাৰা হৈ গুণিৰ গুণ বুজা ৰজাই বিচিত্ৰবিজয়ক ৰাজ্যৰ ৰাজচিত্ৰকৰ দায়িত্বত মকৰল কৰিলে।

ৰচনা ঃ দিগন্ত কুমাৰ  ভূঞা,তেজপুৰ

সাধু-চিত্ৰপ্ৰেমীক-ৰজা-সাধু
diganta kumar bhuyan



Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়