ফ'ৰ লেনৰ দুখ

"ঘৰ-জেউতি"
প্ৰথম অসমীয়া মহিলা আলোচনী--
#ঘৰ-জেউতি #
সাহিত্য হৈছে এনে এক ৰচনাৰাজি যিবোৰ পঢ়ি মানুহে ৰস, আনন্দ পায়। অৰ্থাৎ সাহিত্যই বিষয়বস্তু আৰু প্ৰতিপাদন নীতিৰে বিশেষতাৰ বাবে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে। সাহিত্যত ৰূপ-সৌষ্ঠৱৰ মূলতত্ত্বৰ হেতু আনন্দ, উদ্বেগ নিহিত হৈ আছে। সাহিত্যপুথিয়ে প্ৰত্যেক শ্ৰেণীৰ নৰ-নাৰীক আনন্দ দিয়ে। সাহিত্যৰ সৃষ্টি হৈছে মানুহৰ জীৱন অতিকৈ মনোৰম আৰু সুখী কৰিবলৈ। সাহিত্যৰ উদ্দেশ্য হৈছে পাঠকৰ মনত আনন্দপূৰ্ণ মানসিক অৱস্থাৰ উৎপন্ন কৰা। আমাৰ মনৰ সুখ-দুখ, খং-বেজাৰ, আনন্দ আদি প্ৰকাশ কৰিবলৈ বাহ্যিকত নানা ভাব-ভঙ্গীৰ ইংগিতৰ সহায় লওঁ। অন্যহাতে হৃদয়ৰ, মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ সাহিত্যৰ আশ্ৰয় লওঁ। সাধাৰণতে সাহিত্যক উদ্দেশ্যমূলক বুলি ক'ব পাৰি। সাহিত্যৰ অৰ্চনা চিৰন্তন চলি আহিছে আৰু ই আগলৈও বৰ্তি থাকিব। সাহিত্য অধ্যয়নৰ যোগেদি পাঠকসকলে আনন্দ উপলব্ধি তথা আত্ম-বিস্মৃতি হয়। সাহিত্য হৈছে একোটা জাতিৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ ভাষাৰে ৰচিত হোৱা বিভিন্ন চিন্তাৰাজি। মানৱ জীৱনক আনন্দ দিব পৰা সুখ-দুখ, আনন্দ - আকাংক্ষাৰ হৃদয়ৰ অনুভূতি প্ৰকাশ ভাষাৰ দ্বাৰা সাহিত্যৰ জৰিয়তে কৰিব পাৰে। ভাষাৰ অবিহনে কোনো জাতিৰে সাহিত্য ৰচনা কৰা সম্ভৱ নহয়।
#ঘৰ-জেউতি#
বিশ দশকৰ প্ৰায় শেষৰ ফালে ইংৰাজী আৰু হিন্দীৰ লগতে ভাৰতৰ অন্য প্ৰাদেশিক ভাষাত মহিলাৰ বাবে প্ৰকাশ হোৱা মহিলা আলোচনীৰ কোনো তথ্য নাই। কিন্তু ১৯২৭ চনতে অসমীয়া ভাষাত "ঘৰ-জেউতি" নামৰ এখন মহিলা মাহেকীয়া আলোচনী প্ৰকাশ পাইছিল। ই অতি গৌৰৱৰ কথা অসমীয়াৰ বাবে। মহিলাসকলৰ মাহিলী আলোচনীৰূপে "ঘৰ-জেউতি" প্ৰথম বছৰৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১৯২৭ চনৰ ছেপ্টেম্বৰ মাহত।
#ঘৰ-জেউতি#
সেই সময়ত অসমীয়া ভাষাত বাকৰিকাকত আৰু আলোচনী চলোৱাটো অতি দূৰূহ কাম আছিল।তেনেস্থলত মহিলা আলোচনী এখন প্ৰকাশ কৰি উলিওৱাটো বহুত কঠিন কাম আছিল। সেই যুগত অধিকাংশ পুৰুষে মহিলাৰ প্ৰতিটো খোজতে যেন দোষকে আৱিষ্কাৰ কৰিবলৈ সষ্টম হৈ আছিল। তেতিয়াৰ মহিলা মানেই যৌথ পৰিয়ালৰ স্বামী আৰু সন্তানকে ধৰি ঘৰখনৰ সকলো সদস্যকে পৰিচৰ্য্য কৰি ৰান্ধনী ঘৰৰ নানানটা লেঠা মাৰি "সতী সাধবী" হৈ ঘৰৰ ভিতৰতে সোমাই থাকিব লগীয়া হয়। তেওঁলোকৰ মনৰ খবৰ ল'বলৈ কাৰো আহৰি নাথাকে।
#ঘৰ-জেউতি#
কিন্তু তাৰ মাজতো সাহসী আৰু ব্যতিক্ৰমী নাৰী নথকা নহয়। এনে একাধিক নাৰীৰ উদাহৰণ আছে। তাৰ মাজৰে দুগৰাকী নাৰী হ'ল কনকলতা চলিহা আৰু কমলালয়া কাকতি। দুয়োগৰাকীৰে ঘৰ আছিল শিৱসাগৰত। কনকলতা চলিহা আছিল বেৰিষ্টাৰ তাৰাপ্ৰসাদ চলিহাৰ পত্নী। শিক্ষিতা কনকলতা চলিহাই নিজাববীয়াকৈ কিবা এটা কৰিবলৈ মন মেলিছিল। যিহেতু তেখেত সাহিত্য চৰ্চাত জড়িত আছিল। সেয়ে মহিলাসকলৰ বাবে মাহেকীয়া আলোচনী উলিওৱাৰ কথা ভাবিলে। তেখেতৰ স্বামীৰ সৈতে বহুত আলোচনা আৰু পৰামৰ্শ অন্তত ১৯২৭ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম অসমীয়া মহিলা মাহেকীয়া আলোচনী "ঘৰ-জেউতি" প্ৰকাশ পালে। প্ৰথম সংখ্যাটো অসমীয়া ৰাইজেও সাদৰেৰে আদৰি ল'লে। কনকলতা চলিহাই সম্প্ৰাদিকা পদত অকলে নাথাকি যুটীয়া সম্প্ৰাদিকাৰূপে এগৰাকী মহিলাক লগত ল'লে। তেখেত সুশিক্ষিতা কমলালয়া কাকতি।
#ঘৰ-জেউতি#
"ঘৰ-জেউতি"ক ৰাইজে মৰমেৰে আদৰি লোৱাত সম্প্ৰাদিকাদ্বয় বেছ উৎসাহিত হৈছিল। পুৰুষ আৰু মহিলাসকলে প্ৰথম সংখ্যা "ঘৰ-জেউতি" দেখিয়েই উপযাচি গ্ৰাহক - গ্ৰাহিকা হৈ অনেক উপদেশপূৰ্ণ চিঠি, প্ৰৱন্ধ পঠিয়াই বিশেষ উৎসাহ দিছিল।
#ঘৰ-জেউতি#
প্ৰায়ে পাওঁ যে, ছোৱালীয়ে পঢিবলৈ শিকাতো বৰ লাজৰ কথা আছিল। কোনো ছোৱালীয়ে যদি পঢিবলৈ ইচ্ছা কৰে তেনে অতি গোপনে শিকিব লগীয়া হৈছিল। কাৰণ ওচৰ চুবুৰীয়াই গম পালে নিন্দা বাক্য সহ্য কৰিব লগীয়া হয়। অৱশ্যে সেইকথা আজিকালি একবিংশ শতিকাৰৰ মহিলাসকলে সাধুকথা বুলি ভাবি হাঁহিবহে। আজিকালি যিকোনো ভাষাৰ মহিলা আলোচনীত এটা উল্লেখযোগ্য শিতান হ'ল "ৰন্ধন প্ৰণালী"। ১৯২৭ চনৰ "ঘৰ-জেউতি" ও ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰথম বছৰৰ তৃতীয় সংখ্যাৰ পৰাই এই শিতান অন্তভূৰ্ক্ত কৰিছিল।
#ঘৰ-জেউতি#
এইখিনিতে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰোঁ। আজি আমি কিমান অসমীয়াই এই কথা জানো যে বিশ দশকৰ আৰম্ভণিতে এলাহাবাদৰ এখন ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল এগৰাকী অসমীয়া গাভৰু, যাৰ নাম আছিল কুমাৰী সুধালতা দুৱৰা।তেখেতৰ শিক্ষাগত অৰ্হতা আছিল এম, এ, বি, টি।এই কুমাৰী সুধালতা দুৱাৰৰ মৃত্যু বাতৰি দশম সংখ্যা "ঘৰ-জেউতি" ত প্ৰকাশ পাইছিল।
#ঘৰ-জেউতি#
লেখিকাঃ উৰ্বশী বৰগোহাঁই , ডিব্ৰুগড়।
Urbashi Borgohain
Editor: Diganta kumar Bhuyan
Sahitya Sofura সাহিত্য সঁফুৰা
Comments
Post a Comment
If you have any doubts, please let me know.