ফ'ৰ লেনৰ দুখ

গৌৰী দেৱীৰ কবিতাঃ
জীয়াধলৰ সুঁতিত জীৱন
বৰষুণ আহিছে
পানীমেটেকাৰ সপোন জীয়াধলৰ বুকুত
জীৱনে কন্দুৱাই ....ৰং কাঢ়ি লৈ যায়
পলকতে এমুঠন নল খাগৰিৰ
হাঁহিৰ জুনুকা বজাই
আহে ৰামধেনু আশা
বৰশীৰ চিপত হাঁহে
কাঁন্দে দুলে ৰঙীন সময়
পানীমেটেকাৰ ৰঙত ডুবে দৈনন্দিন
চকুলোৱে সেমেকাই
চোতালৰ দুৱৰী
তথাপিও দেওলগা
জীৱনৰ আশা
বৃন্দাৱনত ভ্ৰমৰে গুঞ্জৰিব
ফুল পাত পখিলাৰ
এটি সাধু কঢ়িয়াই
গান গোৱা চৰাইজনী
আহিব
জীয়াধলৰ বুকুৰ পৰা তাম্ৰপত্ৰত খোদিত
কৰিব ন জোনে .....
আশাৰ আন্তৰিক আবেলিৰ আমন্ত্ৰণৰ বৈভৱ ......আৰু এটি
তৰা ভৰা নক্ষত্ৰখচিত
নিশাৰ সাধু ॥
জীৱনৰ তাম্ৰলিপিত
ডাৱৰৰ ঠিকনা
আৱতৰীয়া
বৰষুণজাকত ডাৱৰৰ সপোন নামিল
বুটাবচা মেজাংকৰিত
নতুন জীউ-ধাৰাৰ অংকুৰণ
এটি পাত ওলাল
ওলাল দুটি
জিলমিল ৰ'দত
হালেজালে সেঁউজীয়া হাঁহি ।
বগা ডাৱৰৰ নীলৰঙী পঁজাঘৰ
হুৰ হুৰ কৈ বৰষুণ নামিল
অম্ৰিত্যাক্ষৰ ছন্দৰে
গজি উঠিল আশা
মোৰ মাটিখিনিও
সেমেকিছে
লুকাই থকা ভ্ৰুণৰ
গজালিয়ে খোপনি পুতিছে বুকুত.....
ডাৱৰ অ'
ছটিয়াই দে এজাক ৰিমঝিম বৰষুণ
দোভাগ ৰাতিত
ছন্দায়িত হওত
ঝিকমিক ধৰাতল
আজলী পাতি ধৰিম এসোঁতা বৰষুণ
হৃদয়ৰ বাটত
জীৱনৰ বাবে
এটি চম্পাফুলীয়া হাঁহিৰ
নীৰন্ধ্ৰ যাত্ৰাৰ বাবে ॥
তৃষ্ণা
পিপাসাৰ্ত মই
শুষ্ক কন্ঠত এতিয়া
নাই সংগীতৰ মুৰ্চ্ছনাৰ মাদল ।
তেজৰ কৰালবন্ধা
কঠিন সময়ৰ বলুকাত
স্তিমিত হৈ ৰৈ ৰৈ বিনায়
সোঁৱৰণিৰ কাপ মৈলাম....
এটা দিন আছিল
ভৰপক বাৰিষাৰ
পলসে উৰ্ব্বৰা কৰা ভুমিস্পৰ্শত সিচৰিত
কৰা স্বপ্নৰ বীজ-মন্ত্ৰত
উদ্বেলিত হোৱা
মোৰ সপোনৰ
আহুতি যজ্ঞত
অৰ্পনৰ বাবে
ভৰপুৰ হৈ আছিল এখন সাগৰ ..
মৰম বিশ্বাস সহমৰ্মিতাৰ
এতিয়া অক্সিজেন কঢ়িওৱা এজাক
বতাহৰ
পিয়াহ গুচাবৰ বাবে
বিশুদ্ধ এজাক বতাহ বৰষুণৰ
অতিশয় অভাৱ ,
পানীপিয়া চৰাইজনীয়ে কান্দিছে
আহিবনে এজাক
বৰষুণ তৃষ্ণাৰ্ত ধৰাতল
সেমেকাবলৈ ....
গান গোৱা চৰাইজনীয়ে
কথা ক'ব তেতিয়াহে
উজ্জলিব জোনৰ
কাষৰ তৰা
নতুন পানীৰ বুকুত।
আৰু এক সন্যাসিনী
তোমাৰ মন আকাশত তৰা ছটিয়াব নোৱাৰিলো মই কোনোদিনে
কিমান হেমন্ত লুকাল শীতৰ গহ্বৰত
গ্ৰীষ্মৰ আকুল বিকুল দিন
কিমান যে পাৰ হ'ল
মই তোমাৰ বাবে হ'ব নোৱাৰিলো
বসন্তৰ এটা গান
তোমাৰ ঝালিকটা
চাংঘৰৰ বুকুৰ পৰা
কঢ়িয়াই আনিব নোৱাৰিলো
এখন জোনাকী পৰুৱাৰ দেশ
এটা সেঁউজীয়া হাঁহি
এতিয়া চকুপানীৰে সদায় তিতি থাকে
মোৰ আধাখোলা
শাৰীৰ আঁচল
আমন্ত্ৰণৰ আৱেলিটোত
কোনো বাটৰুৱাই থমকি
ৰৈ নোসোধে
গধূলি গোপালৰ
কাহিনী ॥
তুমি আঁতৰাই নিদিলা
আৱৰণৰ এটা তৰপ
উন্মুক্ত হৈয়ো
লুকাল
সকলোবোৰ
সময়ৰ শুকুলা ধুলিত
প্ৰশান্ত পবিত্ৰ পংকজিনীত
এতিয়া ধুসৰ চুলি
আৰু নিৰ্মিলিত
চকুৰ পতাৰে
আৰু এক সন্যাসিনী ॥
বালিচন্দাৰ নাচোন
আঘোণৰ পথাৰত
হালিছে-জালিছে
আশাৰ এখন সোণালী চাদৰ
নিয়ৰত তিতা ধাননি,সূৰ্য উঠা দুপৰীয়াত
উপত্যকাৰ সপোনৰ নিনাদ
হৈমন্তিক আৱেলিত বিৰিয়াত এমুঠি
সোণগুটিৰ আৱেগিক প্ৰতিশ্ৰুতি ॥
আঘোনত আবেশ আছে ..আছে আৱেগ ..সিঁচৰিত হৈ আছে অনুভৱ নিস্বাৰ্থ জীউ-ধাৰাৰ।
আঘোনৰ দুবৰীত নিয়ৰৰ জিলিক মিলিক খোজ ...
আশাৰ চিত্ৰপটত চিত্ৰলেখাৰ
আমন্ত্ৰণ
ভৰুণ পথাৰত ভাস্বৰ
ৰঙিয়াল ৰান্ধনী বেলিৰ ৰূপান্তৰৰ ৰং ॥
দাৱনীৰ
ৰঙা মুখত বৰ্হমথুৰিৰ বোল
হাঁচতিৰ তামোলত দৈনন্দিনৰ
আঁক-বাঁক ।
ৰবাব টেঙাৰ গোন্ধত আমোলমোল আঁচলত জীৱনৰ ছন্দময় ,লাস্যময় খোজ,
বালিময় জীৱনৰ বুকুত
বালিচন্দাৰ নাচোন ॥
বৰষুনৰ মাদলত
বৰষুণৰ মাদলত নৃত্যৰতা ধৰণীত নাঙলৰ সীৰলুত
নৱ উন্মেষনৰ গীতিমালিকা
জিৰিক জিৰিক স্পৰ্শ মৌ-কুঁৱৰী মৌচুমীৰ বসন্তৰ আলফুল চিৰসেঁউজ কোমলতাবোৰক।
বৰষুণত লুকাই থাকে সৃষ্টিৰ অামোলমোল অক্ষৌহিণী মহামন্ত্ৰ।
বৰষুণেই কঢ়িয়াই ভৰুণ শাওণৰ
বাধাহীন ৰূপময় সেউজীয়া সৃষ্টিৰ
সহস্ৰ সম্ভাৱনা।
ভৰা নদীয়ে ভাঙো ভাঙো কৰে দু্য়োপাৰ........পলকতে খন্ডিত হয় যেন আকাশখন ......
সপোন হেৰাই হাতৰ মুঠিতেই....
তথাপিও সকলোৰে বৰ অাপোন
বৰষুণৰ বাংময় ছন্দ,
য'ত থাকে সুৰুজমুখীৰ এটা লেউসেউ সপোন....
যি চিত্ৰায়িত কৰে কাঁচোনমতী সময়ৰ
দাপোনমতী ৰূপ ....
মেজাঙ্কৰি দৈনন্দিনত।
নদীৰ দৰেই গতি সলনি হয় জীৱনৰ,
ৰূপান্তৰে মায়াময় কৰা ছন্দিত জীৱনৰ বুকুত স্পন্দিত হয় জীউ-ধাৰাৰ মালিতা।
দিন যায় হয় ৰাতি ...
মহাকালে সামৰে অক্লান্ত অবিনশ্বৰ গতিৰে সকলোবোৰ....আকৌ বাৰিষা আহে ...মেঘৰ মাদল বাজে.....বিজুলী চমকে... নৱ জীউ-ধাৰাৰ সাক্ষী হৈ ৰৈ যায় বৰষুন বহুজাক।
কবিঃ গৌৰী দেৱী,তেজপুৰ
Lecturer Gauri Devi |
সম্পাদনা ঃ দিগন্ত কুমাৰ ভূঞা
সাহিত্য সঁফুৰা, Sahitya Sofura
Comments
Post a Comment
If you have any doubts, please let me know.