ফ'ৰ লেনৰ দুখ

বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ ( part-2 & part-3)
নাট্যকাৰঃ ঐশ্বৰ্য কাকতি
২
য় দৃশ্য
ঘোষক:
অস্তাচলত সোঁতৰ বিপৰিতে যেন ঘটনাক্ৰমে সাঁতুৰিবলৈ যো-জা চলাইছে। নাৰীৰ নামত,প্ৰেমৰ নামত সাত জাপ মৰা তিনি বাবু সুৰ-সুৰিয়া হৈ গ’ল। তিনিওজনৰ জীৱন নাৰীয়ে দুঃসহ কৰি তুলিছিল। দিবাকৰ বাবুৰ স্ত্ৰী পৰকীয়া প্ৰেমত পৰি ল’ৰা-ছোৱালী হালকে লৈ কৰবালৈ গুছি গ’ল। মদন বাবুৰ স্ত্ৰী অত্যাধুনিক আছিল। মদন বাবুক সম্পূৰ্ণ উপেক্ষা কৰি মদন বাবুৰ সন্মুখতে অচিন ডেকা ল’ৰাৰ লগত হলি-গলি কৰি মদন বাবুক একেবাৰে নিচ্ছুপ কৰি তুলিছিল।সুশান্ত বাবুৱে প্ৰেম কৰি দক্ষীণ ভাৰতীয় নিৰামিষভোজী ছোৱালী এজনীক বিয়া কৰাইছিল। বিয়াৰ পিছত এই খোৱা-বোৱাক লৈয়েই এক অথন্তৰ ঘটিল। এজনে মাংস খায়, এজনে নাখায়। সুশান্ত বাবুৱে আকৌ মাজে-মাজে সিমিত পৰিমানে সিবিধ ধৰে। এদিন পৰিমান বেছি হোৱাত মনৰ আনন্দত ঘৈনিয়েকক জোৰকৈ এটুকুৰা মাংস খুৱাই দিলে । সুশান্ত বাবু নিচাত গভীৰ নিদ্ৰাত পৰি থাকোতেই ঘৈনিয়েকে ৰাতিয়েই ঘৰৰ পৰা গুছি গ’ল, গ’ল যি গ’লেই। অকলশৰীয়া সুশান্ত বাবু এক প্ৰকাৰ বলিয়াহৈ পৰিল। সেই অৱস্থাত ডাক্তৰৰ পৰামৰ্শ মতে ঠাই সলনি কৰিব লগীয়া হোৱাত ঘৈনিয়েকৰ স্মৃতিয়ে আমনি কৰি থকা ঘৰ-দুৱাৰ বেছি এই খিনি পালেহি।----এইয়াই চমুকৈ তিনিওঁজনৰ কাহিনী। এতিয়া প্ৰশ্ন হ’ল, এনে নাৰী বিদেষী লোক, কিহৰ বাবে পুৰুষৰ ব্লকত এগৰাকী নাৰীক আশ্ৰয় দিবলৈ মান্তি হ’ল ! নাৰীৰ দ্বাৰা প্ৰত্যাক্ষিতহৈ নাৰীৰ প্ৰতি প্ৰচণ্ড ঘৃণাৰ ভাৱ প্ৰকাশ কৰা লোকে পুণৰ কিহৰ বাবে এনে এটা সিধান্ত ল’লে !! নাৰীৰ কি এনে শক্তি আছে যে, শিলকো গলাব পাৰিলে !!! সেই শক্তিক কি নাম দিয়া যাব ? সেইটো পুণৰ বাৰ যেতিয়া লগ পাম তেতিয়া ক’ব পাৰিম নেকি-----! এতিয়া বা তিনিওজনে কি ৰেহ-ৰূপ ধাৰণ কৰিছে…………।
READ the POST.......
অস্তাচলত
লাউজত। মদন-সুশান্ত-দিবাকৰ
বহি থাকে । তিনিওজন
কিন্তু যেন বেচ
চিন্তাক্লিষ্ট। সুশান্তই গানৰ
কলি এটা গুণ
গুণাই থাকে।
মদনঃ
হাউ সেন, কিনো
ভোমোৰাৰ দৰে ভোন-ভোনাই
থাকে হে----অলপ
মনে-মনে
থাকক চোন।
সুশান্তঃ
কেন মনে-মনে
থাকিব লাগে ?
মদনঃ
মই মনে-মনে
কিবা এটা চিন্তা
কৰি আছো ।
দিবাকৰঃ
মইও কিবা এটা
চিন্তা কৰি আছো
।
সুশান্তঃ
আপোনালোক দুয়োজনে যদি
চিন্তা কৰি ভাল
পাইছে আমিও তেনেহ’লে
চিন্তা কৰি--!
মদনঃ
নালাগে, আপুনি চিন্তা
কৰিলেই বিপদ ।
সুশান্তঃ
আপুনি কি চিন্তা
কৰিছেনো ?
দিবাকৰঃ
হাঁ,
কি চিন্তা মানে
?
সুশান্তঃ
আপুনি কিবা খাৰাপ
চিন্তা কৰিছে , আপোনাৰ
হাতটো বেছিকৈ কঁপিছে---
দিবাকৰঃ
খবৰদাৰ , মোৰ হাতক
ধৰি কথা নক’ব
।
মদন:
কথাটো মিছাটো নহয়,
আপুনি যেতিয়াই আমাক
ক’ব
নৌওৰা কথা ভাৱবা
ধৰে আপোনাৰ হাতাৰ
কাপনি বাঢ়ি যায়
।
দিবাকৰঃ
আপোনাৰাতো মূৰটো বেচিকৈ
হালি পৰিছে , মোৰ
যিটো দোষৰ কথা
কৈছে, আপোনাৰো সেই
দোষটোৱেই আছে---, মানে
ভবা কথা আনক
Share কৰিব নোৱাৰিলে আপোনাৰ
মূৰতো ফাগুন মাহৰ
গছৰ ডালৰ দৰে
কঁপে ।
[মদনে মুৰৰ কঁপনি কমাবলৈ চেষ্টা কৰে,হাতৰে মূৰতো ধৰে]
মদনঃ
কিয়া কাপবহে ,ক’তা
কাপাতো নাই ।
সুশান্তঃ
হাতটা চেড়ে দিন----[মদনে হাত এৰে,দুগুণ কঁপে]
দিবাকৰঃ
আপুনিওতো অজি গুন
গুনাইছে ,প্ৰেমৰ কথা
মনলৈ আহিলেহে আপুনি
এনেকুৱা কৰে।
সুশান্ত:
আমিতো মশাই প্ৰেমিকলোক
।
গছত ফুল ফুলা
দেখিলেও আমাৰ প্ৰেম
ভাব জাগে ।
মদনঃ
কথা ক’বা
আহিছি, কথা কৰবাত----সেই
কাৰণে গুণ গুণাইছে----আমি
কি নাজানো ।
[ভজই হাতত তিনি কাপ চাহলৈ সোমাই আহে]
ভজঃ
চাহ খাওক ।
দিবাকৰঃ
ভজ,
অৰু……….
ভজঃ
অৰুন্ধতী –
দিবাকৰঃ
অ’
অৰুন্ধতী----
ভজঃ
অফিচৰ পৰা অহা
নাই,
মই কিন্তু সেইজনীক
আৰু ৰাখিব নোৱাৰো-----
সমস্বৰেঃ
কিয়
???
ভজঃ
মেছ ডিউজটো বাদেই
, চিকিউৰিটিৰ পইচা খিনিয়েই
দিয়া নাই, শেষত
গোঁজেই গজালি হ’ব
যেন পাইছো, সেইবাবে
আজিয়েই বাহিৰ কৰি
দিম ।
[তিনিওজনৰ মুখত আতংকৰ Reaction]
দিবাকৰঃ
(মৰমৰে) ভজ, অ’ ভজ
তই বাৰু তোৰ
সোনপাহীৰ ওচৰত ইমান
কঠোৰ হবিনে ?
ভজ:
তাৰমানে সেই গৰাকী
আপোনালোকৰ সোনপাহী ?
মদনঃ
ছিঃ ছিঃ ছিঃ
কি কথা……….
সুশান্তঃ
আমাক এৰকম অপমান
কৰৱে না ভজ,
সেই মেয়েটা কি
আমাদেৰ সোনপাহী হোৱাৰ
কথা ভাবিব পাৰি-----?
ভজ: পাৰি, কিয় নোৱাৰি ? বিদেশত বোলে আশী বছৰীয়া বুঢ়া মানুহেও পুণৰ বিয়া কৰাই । কিছুমান দেশৰ বেলেগ ধৰ্মৰ মানুহেও সত্তৰ-আশী বছৰ বয়সত তিনি নম্বৰ জনী বিয়া কৰাই........[মদন-সুশান্ত-দিবাকৰৰ আনন্দৰ Reaction] –Direction.
দিবাকৰঃ সঁচা ভজ, ইমান বয়সৰ মানুহেও বিয়া কৰায় ।
মদনঃ
তই গাজা মাৰছা।
সুশান্তঃ
(গান গাই) আমাৰ
সাঠ না মিটিল---------
দিবাকৰঃ
গান বন্ধ কৰকহে
, বয়সতো কম হোৱা
নাই,
তাতে আপুনি বঙালী
দেহোপজীৱিনীৰ মুখৰ মেক
আপ নুগুচাদি মুখৰ
গান নুগুচাই হ’ল
।
ভজঃ
উস্---,
আপোনালোকে এইবোৰ কি
আৰাম্ভ কৰিছে ? আচল
কথালৈ আহক---, মই
কালিলৈ ৰাতিপুৱাই সেই
অৰুক মানে বাইদেউক
ওলাই যাবলৈ কম,
কাৰণ দুপৰীয়া ট্ৰাষ্টীৰ
চেয়াৰমেন আহিব---, এইটো
ব্লকত ছোৱালী ৰখাৰ
যি জবাব দিব
লাগে আপোনালোকে দিব,কিন্তু
চিকিউৰিটি নিদিয়াকৈ ৱাৰ্ডাৰ
ৰখাৰ বাবে জবাব
দিব লাগিব মই।
[অৰুন্ধতী সোমাই আহে]
অৰুঃ
কি হ’ল
ভজ
? কিহৰ গৰমা-গৰমী
চলিছে ?
দিবাকৰঃ
অৰু আহিলা----
ভজঃ
অৰুন্ধতী বাইদেউ---
অৰুঃ
মই কথাবোৰ শুনিছো
ভজ। বহুত চেষ্টা
কৰিও টকা পাঁচ
হেজাৰ জোগাৰ কৰিব
নোৱাৰিলো। গতিকে , কাপোৰ-কানি
বান্ধি থৈয়েই আহিছো,
তোমালোকৰ পৰা বিদায়
ল’ম,
এই কেইটা দিনতে
যে--মদন দাদা, দিবাকৰ
দাদা, সুশান্ত দাদা
কিমান আপোনহৈ গৈছিল
মই কি ভাষাৰে
বুজাম--------, ভজ--, তুমিও
মোৰ বৰ আপোনহৈ
পৰিছিলা (কান্দে)
ভজঃ
(চকুলো মচি) নাকান্দিবা
বাইদেউ, আমাৰ হাতত
ৰাতিটোতো আছেই, মই
কি কৰিব পাৰো
চাম ।
দিবাকৰঃ
(খঙৰে) ইস্--, সি
কি দাল কৰিব
? তই কি কৰিবি
? তাৰ হাতত পাচশ
টকাও নাথাকে সি পাঁচ
হেজাৰ টকা জোগাৰ
কৰে------
মদনঃ
এটা বৃদ্ধাশ্ৰমত কাম
কৰা মানুহৰ পৰা
টাকা লব অৰুৱে---?
ভজঃ
অৰুন্ধতী—
সুশান্তঃ
তুমি চিন্তা কৰনা
অৰু----
ভজঃ
অৰুন্ধতী , আৰু কিমান
বাৰ শুধৰাম ?
সুশান্ত:
টাকা আমি দেব
অৰুন্ধতী, বেতন পালে
সোধ কৰে দাও।
দিবাকৰঃ
সেন বাবু আপুনি
পইচা দিব ? যোৱা
মাহত মই টকা
পাচশ ধাৰ বিচাৰোতে
আপুনি যেনেকুৱা খন
কৰিলে যেন আপুনি
এডাল ৰস-তস
নোহোৱা শুকান গছ।
মদনঃ
কিয়া চিন্তা কৰা
অৰু-----মানে
অৰুন্ধতী টাকা মই
দিম ।
ভজঃ
হে ৰাম ! আপুনি
দিব
? টকা দহতা কেতিয়াবা
খুজিলেও আপুনি গাত
দহটা মান বিছা
লগা যেন কৰে
দেখোন---, আপুনি দিব
?
দিবাকৰঃ
কোনেও দিব নালাগে
।
টকা মই দিম
অৰু---নহয়
অৰুন্ধতী, ৰ’বা
টকা মই ৰূমৰ
পৰা লৈ আহোগৈ
।
ভজঃ
(স্বগোক্তি) হে ভগবান,
কৰাইচৰ আউসীৰ আকাশত
আজি পূৰ্ণিমাৰ জোন
ওলাব খুজিছে।
দিবাকৰঃ
কি কলি ? ----ৰ’বাদেই
মই…………
সুশান্তঃ
টাকা আমি দেব
।
অৰু:
ৰ’ব-ৰ’ব----
মদন দাদা, সুশান্ত
দাদা, দিবাকৰ দাদা
[প্ৰত্যেকৰ ওচৰলৈ গৈ হাতত ধৰে---Rieaction আৰু Direction]---- আপোনালোকে
মোক ইম্মান মৰম
কৰে-------
দিবাকৰঃ
হয় অৰু, ভোজৰ
ভাততকৈও-----
ভজঃ
অৰুন্ধতী----
দিবাকৰ:
(উত্তেজিত ভাবে) চুপ
! কথাৰ মাজত এতিয়া
কথা কোৱাৰ সময়
নহয়।
মদনঃ
মই পিয়াহৰ পানীতকৈ
অৰু…………….
সুশান্তঃ
আমি আমাৰ উশাহতকৈও
বেছি…………….
ভজঃ
মই কিবা এটা
ক’ব
পাৰো নেকি ?
মদনঃ
খামোছ-----।
অৰুঃ
বাঃ বাঃ মোৰ
কি ভাগ্য , মোৰ
দৰে এজনী নিৰাশ্ৰয়া
কেওঁ কিছু নোহোৱা
ছোৱালীয়ে ইমান মৰম
পাইছো----, মৰম Love আৰু
কি লাগে ।
[মদন-দিবাকৰ-সুশান্ত নাচি নাচি মৰম মৰম দিম-----Direction ]
ভজঃ
(দৰ্শকক)
দেখিলে মোক লাথমাৰি
খালত পেলাই দিলে
।
মোৰ ইয়াত স্থান
নাই(প্ৰস্থান)
অৰুঃ
মই কাকো নিৰাশ
নকৰো, টকা তিনিওজনে
সমানে ভাগ কৰি
দিব----,
মানে গাইপতি দুইহেজাৰকৈ
, কিন্তু এটা কথা
মদন দাদা, সুশান্ত
দাদা, দিবাকৰ দাদা------মোৰ
দৰমহা বৰ কম,
টকাখিনি ঘুৰাই দিয়াত…………..
দিবাকৰঃ
তোমাক মৰম, মৰম,
টকা নালাগে………
মদনঃ
ঘূৰাই কিয়া দিবা
লাগে, নালাগে দিবা………
সুশান্তঃ
তোমাৰ দৰকাৰ থাকিলে
আৰু নিবা, ফিৰিয়ে
দিতে হবেনা , এইটা
একটা মৰমেৰ ব্যাপাৰতো…….
অৰুঃ
হয়,
আপোনালোক Like honey, So sweet…..
দিবাকৰ/মদন/সুশান্তঃ
Sweet……….
ক্ৰমশঃ...........
নাট্যকাৰঃ ঐশ্বৰ্য কাকতি
Comments
Post a Comment
If you have any doubts, please let me know.