ফ'ৰ লেনৰ দুখ

![]() |
মহাদেৱ শৰ্মা |
জননায়ক মহাদেৱ শৰ্মা
দেশৰ স্বৰাজ আন্দোলনৰ হোতা ,বৰেণ্য সাহিত্যিক মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক মহাদেৱ শৰ্মা দেৱৰ আজি ওপজা দিনত "সাহিত্য সফুঁৰা" ৰ পৰা মিনাক্ষী দেৱীৰ এটি লেখাৰে জনালোঁ গভীৰ শ্ৰদ্ধাঞ্জলি।
জননায়ক মহাদেৱ শৰ্মা
বৰেণ্য ব্যক্তিসকলৰ জীৱন গাথা অধ্যয়ন কৰিলে জনা যায় যে তেখেতসকলৰ জীৱনৰ অভিজ্ঞতা, কঠোৰ সাধনাৰ অন্তৰালত এক মহৎ উদ্দেশ্য নিহিত হৈ থাকে । প্ৰাপ্তিৰ প্ৰতি কোনো আশা নৰখাকৈ তেখেতসকলে দহৰ উপকাৰৰ কথা চিন্তা কৰে। সমাজত এনে বিশাল ব্যক্তিত্বৰ অধিকাৰী বহু প্ৰতিভা আছে যিসকলে সমাজ জীৱনলৈ এক কল্পনাতীত অৱদান আগবঢ়াই থৈ গৈছে। কিন্ত সেয়া হয়তো বহুতৰে অবগত নহয় বা যেনেদৰে তেখেতসকলৰ কীৰ্তি কলাপৰ বিষয়ে চৰ্চা হ'ব লাগিছিল সেয়া হয়তো বহু যোজন দূৰত।
"মইনা পাৰিজাত"ৰ প্ৰতিষ্ঠাপক
"মইনা পাৰিজাত"ৰ প্ৰতিষ্ঠাপক, শিশু সাহিত্যিক , শিশুৰ উত্তৰণৰ বিষয়ে চিন্তা কৰা শিশুপ্ৰেমী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী, পাৰিজাত ৰত্ন ৰূপে খ্যাত জননায়ক মহাদেৱ শৰ্মাদেৱৰ গুণ গৰিমা হয়তো কৈ অন্ত কৰিব নোৱাৰি। কিন্ত তেখেতৰ পৰিচয় হয়তো বহুতৰে জ্ঞাত নহয়। এইগৰাকী যুগদ্ৰষ্টাৰ কাপেৰে নিগৰি আহিছিল শিশু সকলৰ মানসিক তথা বৌদ্ধিক বিকাশৰ বাবে অমৃত তুল্য ভোজ্যদ্ৰব্য। অসমীয়া শিশু সাহিত্যৰ বাটকটীয়া মহাদেৱ শৰ্মাদেৱে ৩২ খনৰো অধিক শিশু সাহিত্য ৰচনা কৰিছিল। কলিকতাত থাকোতে তেখেতে নিজে ছপাশাল প্ৰতিষ্ঠা কৰি ১৯২৬ চনৰ পৰা ১৯২৮ চনৰ ভিতৰত 'অকণ' আৰু 'অৰুণ', ১৯১৮ চনৰ 'লৰাবন্ধু'ৰ পৰা ১৯২৩ চনৰ 'মইনা' নামৰ শিশু আলোচনী প্ৰকাশ আৰু পৰিচালনা কৰিছিল।শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতে কৈছিল........,
শিশুৱেই দেশৰ ধৰণী
"শিশুৱেই দেশৰ ধৰণী, ভৱিষ্যত দেশ গঢ়োঁতা এই শিশু সকলেই, গতিকে এই শিশু সকলৰ বাবে যদি এখনি আছুতীয়া পথাৰ নেথাকে য'ত তেওঁলোকৰ জন্মগত সহজাত প্ৰবৃত্তিবোৰৰ পূৰ্ণবিকাশৰ সুবিধা নেথাকে তেন্তে মানুহৰ আশা ভৰসা তেনেই নিষ্ফল হ'ব।" সেয়েহে মইনা পাৰিজাত তেখেতৰ প্ৰাণ আছিল। ১৯৫০ চনৰ পৰা ১৯৬৭ চনলৈকে তেখেতে মইনা পাৰিজাতৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
জননায়ক মহাদেৱ শৰ্মা ৰ জন্ম
এইগৰাকী মহান মনীষীৰ জন্ম হৈছিল ১৮৮৮ চনৰ ১০ জুলাই তাৰিখে তেজপুৰৰ বামপৰ্বতীয়া গাঁৱত। তেখেতৰ পিতৃ পণ্ডিত জয়দেৱ শৰ্মা আৰু মাতৃ আছিল এগৰাকী ধর্মপ্রাণা মহিলা মোহিনী দেৱী। পণ্ডিত জয়দেৱ শৰ্মা তেজপুৰৰ প্ৰথমজন সাংবাদিক আছিল আৰু তেখেতে ১৯০১ চনৰপৰা ১৯০৫ চনলৈ সাপ্তাহিক বাতৰি কাকত " অসম বন্তি" সম্পাদনা কৰিছিল। তেজপুৰ চহৰৰ মধ্য বঙলা স্কুলত প্ৰাথমিক শিক্ষা জীৱন আৰম্ভ কৰা মহাদেৱ শৰ্মাদেৱে তেজপুৰ চৰকাৰী স্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কলিকতাৰ বিদ্যাসাগৰ কলেজৰ পৰা আই. এ. পাছ কৰি স্কটিছ চাৰ্চ কলেজত নামভৰ্তি কৰিছিল যদিও বি. এ. সম্পূৰ্ণ কৰিব নোৱাৰিলে।
কৰ্মযোগী ,সমাজ হিতৈষী আৰু ধৰ্মপ্ৰাণ মহাদেৱ শৰ্মা
এইগৰাকী জননায়ক, ধৰ্মপ্ৰাণ ব্যক্তি মহাদেৱ শৰ্মাদেৱ ১৯১৪ চনত তেজপুৰ এম. ভি. স্কুলত শিক্ষক হিচাপে নিযুক্তি হৈ এগৰাকী আদৰ্শ শিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিও ১৯২০ চনত চৰকাৰী চাকৰি ত্যাগ কৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল।মহামানৱ মহাত্মা গান্ধীৰ ১৯২১ চনত অহিংস অসহযোগ আন্দোলনত যোগ দি ব্ৰিটিছ নীতিৰ বিৰুদ্ধে থিয় দি কেইবাবাৰো কাৰাবাস খাতিবলগীয়া হৈছিল। তেখেতে ১৯২৩ চনৰ পৰা ১৯৪৫ চনলৈ লেজিচ্ লেটিভ্ কাউঞ্চিলৰ সদস্য হৈ স্বৰাজ্য দলত যোগদান কৰিছিল। ১৯৪৫ চনৰপৰা ১৯৫০ চনলৈ শৰ্মাদেৱে লোকেল বৰ্ডৰ সভাপতি পদত অধিষ্ঠিত হৈ শিক্ষা, স্বাস্থ্য আৰু যাতায়তৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।তাৰোপৰি ১৯৬০ চনৰ পৰা ১৯৬৭ চনলৈকে তেজপুৰ মহকুমা শিক্ষা বৰ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি বিদ্যালয় সমূহৰ উন্নয়নৰ হকে বহু কাম কৰিছিল। ১৯৩৬ চনত তেখেতে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচিত হয় আৰু ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈকে বিধায়ক হৈ থাকে আৰু জিলা কংগ্ৰেছৰ দায়িত্ব ল'ব লগা হৈছিল। ১৯২৬ চনত আসাম এচেম্বলীত প্ৰথম অসমীয়া ভাষাত ভাষণ দি মান্যতা লাভ কৰা স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী নেতা মহাদেৱ শৰ্মাদেৱ বিশিষ্ট শিশু সাহিত্যিক হোৱাৰ উপৰিও ৰসাল কথক, চিন্তাশীল লেখক, সুদক্ষ ৰাজনীতিবিদ, কৰ্মযোগী আৰু সমাজ হিতৈষী ব্যক্তি আছিল। বুৰঞ্জীবিদ, সাহিত্যিক বেণুধৰ শৰ্মাদেৱে কৈছিল-"মহাদেৱ শৰ্মা আধ্যাত্মিকতাত ইমান প্ৰোক্ত, ৰসিকতাত ইমান সহযোগী আৰু চিন্তা উদ্ভাৱনত ইমান ততোৱাল যে আমি তাৰ ওচৰকে চাপিব নোৱাৰো। নৈতিকতাতো তেওঁ চুড়ামণি আছিল।"
মহাদেৱ শৰ্মা অসম সাহিত্য সভাৰ প্ৰথম কাৰ্যনিৰ্বাহকৰ তেজপুৰৰ প্ৰতিনিধি হিচাপে সদস্য হৈছিল। অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা তেখেতৰ অতুলনীয় অৱদানৰ কাৰণে অসম সাহিত্য সভাই ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু হৰিপ্ৰসাদ নেওঁগৰ উদ্যোগত ১৯৬৬ চনৰ ১০ জুলাই তাৰিখে ৰাজহুৱা সম্বৰ্ধনা জনায়।
মহাদেৱ শৰ্মা দেৱৰ দৃষ্টিভংগী আছিল অত্যন্ত গভীৰ । তেখেতৰ মতে- "দোষ মানুহেই কৰে কিন্তু দোষীজনক পংকিলতাৰ পৰা উদ্ধাৰ কৰি সৎ পথলৈ অনাৰ চেষ্টাতহে মহত্বৰ প্ৰকাশ হয় - ই মানৱ ধৰ্ম।"
ধৰ্মপ্ৰাণ এইগৰাকী ব্যক্তিয়ে কাৰাগাৰত থকাৰ সময়তে ১৯৪২ চনত ঘট পাতি দুৰ্গা পূজা আৰম্ভ কৰিছিল আৰু একেৰাহে বাৰ বছৰ নিজে পূজা কৰিছিল। এতিয়াও সেই পূজাভাগ কৰি থকা হৈছে।
সংস্কৃত ভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা থকা মহাদেৱ শৰ্মাদেৱে পৰ্বতীয়াত এখনি সংস্কৃত টোল আৰু গৌৰীমাতা প্ৰাথমিক বিদ্যালয় স্থাপন কৰি সমাজলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।
এইগৰাকী মহীৰূহই ১৯৬৮ চনৰ ৭ ছেপ্টেম্বৰ ৰ দিনা পৰমধামলৈ গতি কৰিলে। তেখেতৰ মহাপ্ৰয়ান সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। এনে এগৰাকী প্ৰবাদ পুৰুষৰ যাউটিযুগীয়া খ্যাতি মাজে মাজে ম্লান পৰি যোৱা যেন পৰিলক্ষিত হয়। তেখেতৰ খ্যাতি উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকক।
আজি তেখেতৰ ওপজা দিনত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ,
------লেখিকা।
লেখিকাঃ মিনাক্ষী দেৱী,তেজপুৰ।
(সম্পাদনা কক্ষঃ লেখিকা মহাদেৱ শৰ্মা তেজপুৰ শাখা সাহিত্য সভা সম্পাদিকা )
https://digantas.blogspot.com/2021/07/----_12.html
Comments
Post a Comment
If you have any doubts, please let me know.