ফ'ৰ লেনৰ দুখ

শতবৰ্ষীয় গৰিমাৰে গৰিমা মণ্ডিত তেজপুৰৰ কেইটিমান অনুষ্ঠানঃ
তেজপুৰ এখন পৌৰাণিক চহৰ
পুৰাণ যুগৰ পৰা দ্বাদশ শতিকালৈকে এই চহৰৰ বিষয়ে বহু কথাই জনা যায় যদিও দ্বাদশ শতিকাৰ পৰা বৃটিছ যুগলৈ বিশেষ একো পোৱা নাযায়। বৃটিছ সকল আহোতে চহৰ খন এক প্ৰকাৰ পৰিতক্ত আছিল। নাম আছিল পুৰাপুৰ। কেতিয়া তেজপুৰ হ'ল তাকো সঠিক জনা নাযায়। গতিকে বৃটিছ শাসনৰ পৰা হিচাপ কৰি ২০২০ বৰ্ষলৈ শত বৰ্ষ গৰকা তেজপুৰ চহৰৰ অনুষ্ঠান প্ৰতিষ্ঠান সম্পৰ্কে জুকিয়াই চোৱা হ'লঃ---
এই বিষয়ে বিশেষ ক'তো একো পোৱা নাযায়। তথাপিও হৰিণ চন্দ্ৰ কলিতাৰ সম্পাদনাৰে প্ৰকাশিত 'ধৰ্মৰত্ম শ্ৰী শ্ৰী গহন চন্দ্ৰ গোস্বামী', কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ শত বৰ্ষীয় আলোচনী 'শতপৰ্ণ'ত প্ৰকাশিত হেমন্ত লহকৰ ডাঙৰীয়াৰ 'Hard Earn Repute', নামৰ প্ৰৱন্ধ আৰু তেজপুৰ মহোৎসৱ ২০০৪ বৰ্ষৰ 'উৎসৱ' ত প্ৰকাশিত ড°বিমল নাগ ছাৰৰ প্ৰবন্ধ আদিৰ সহায়ৰে এই লেখাটি প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হ'ল।
(অৱশ্যে সেই কালৰ তেজপুৰ সম্পৰ্কে জানিবলৈ আপোনালোকে আমাৰ "ইতিহাসে গৰকা তেজপুৰ' আৰু ইতিমধ্যে চতুৰ্থ বাৰৰ বাবে প্ৰকাশিত 'তেজপুৰ এখন চহৰ অনেক কাহিনী' পঢ়ি চাব পাৰে। দুয়োখনেই তেজপুৰৰ ভৈৰৱী দেৱালয়ৰ 'ধ্ৰুবৰ দোকান'ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। )
কথা হ'ল আমাৰ উন্নয়ণ নো কেতিয়াৰ পৰা হৈছে বুলিব পাৰি ? সঁচা কথা কবলৈ গ'লে ভাৰত বৰ্ষৰ আটাইতকৈ শেষৰ ফালে উন্নয়ণৰ মুখ দেখা ৰাজ্য বোৰৰ ভিতৰত অসম হ'ল শেষৰ খন ৰাজ্য। যিহেতু চতুৰ ব্যৱসায়িক গোষ্ঠী বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ সকলো ৰাজ্য বস কৰি অনাৰ একে বাৰে শেষত ১৮২৬ ৰ ইয়াণ্ডাবু সন্ধিৰ পাছতহে অসমত নিগাজীকৈ বহাৰ সুযোগ পাই আৰু ৰজা নোহোৱা ঐশ্বৰ্য্যৰে ভৰা দেশ এখন পাই সেয়েহে মান সেনাক খেদি ইয়াণ্ডাবুত সন্ধি কৰি অসম লবলৈ আমি অহা নাই বুলি পত্ৰ প্ৰেৰণ কৰিও শেষত তেওঁ লোকে অসমত খোপনি পুতি বহাৰ পৰাই অসমত এক প্ৰকাৰ স্থিৰতা আহিল বুলি কব পৰা যায়। ইতিমধ্যে পোৰন্দৰ সিংহক সহায় কৰিবলৈ অহা বৃটিছ ফৌজৰ মেজৰ ৰবাৰ্ট ব্ৰুচে ১৮২৩ চন মানতে অসমত চাহৰ সন্ধান পাই আৰম্ভ কৰিছিল চাহ ব্যৱসায়ৰ কুচকাৱাজ। শেষত ১৮৩৯ চনত অসমৰ চাহৰে লণ্ডণত স্থাপন হল আছাম কোম্পানী। গতিকে ঊনবিংশ শতিকাৰ চল্লিছৰ দশকৰ পৰা অসমত এক সুষ্ঠিৰ বাতাবৰণে গা কৰি উঠা বুলি কব পাৰি। কাৰণ ইয়াৰ আগৰ সময়ছোৱা আছিল অস্থিৰ। প্ৰায় ৪০ বছৰ কাল ৰজা নোহোৱা দেশৰ দৰে আছিল অসম। তিনিটাকৈ মানৰ আক্ৰমণ আৰু মোৱামৰীয়া বিদ্ৰোহে বিধ্বস্ত হৈছিল অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বাতাবৰণ। নোহোৱা হৈ পৰিছিল নিজস্ব অৰ্থনীতিও । সেয়েহে তেজপুৰটো বাদেই সমগ্ৰ অসমতেই শত বৰ্ষ গৰকা অনুষ্ঠান প্ৰতিষ্ঠান বৰ এটা পাবলৈ নাই বুলিব পাৰি। তেজপুৰত যি আঙুলিৰ মূৰত গণিব পৰা দুই চাৰিটা অনুষ্ঠান আছে তাকে লৈ আজি আমি আলোচনা কৰিব খুজিছোঁ । শত বৰ্ষ গৰকা তেজপুৰৰ অনুষ্ঠান প্ৰতিষ্ঠান সম্পৰ্কে এইটো এক প্ৰকাৰ টোকা বুলিবও পাৰে। এই প্ৰস্তুটিত আমাৰ ধাৰণাও নিহিত আছে আৰু অতীতৰ বহু কথাও সাঙুৰি লোৱা হৈছে। গতিকে স্পষ্টকৈ এইটো আমাৰ ব্যক্তিগত কিন্তু আন্তৰিক প্ৰয়াস । সেয়েহে ভূল হলে শুধৰাই দিয়াৰ দায়িত্ব কিন্তু আপোনাৰো।
Nikamul Satra |
১৮২৬ চনৰ ইয়াণ্ডাবুৰ পাছত The Governor and Company of Marchent of London Trading into the East Indies (East India Co.)ৰ অধিনত দৰং জিলাৰ মূখ্য স্থান হিচাপে তেজপুৰ নিৰ্বাচন হোৱাত ১৮৩৫ চনত বাঁহ-বেত আৰু খেৰৰে তেজপুৰ কাছাৰী ঘৰ গঢ়ি উঠিল। বৃটিছৰ লগে লগে ব্যৱসায়িক সুচলতা বিছাৰি ফুৰা এচাম ব্যৱসায়িৰ বাবে তেজপুৰ পৰিচিত হবলৈ ধৰাত উত্তৰ প্ৰদেশ ৰাজস্থান, বঙ্গদেশ ঢাকা আদিৰ ব্যৱসায়ী আহি তেজপুৰত বণিজ কৰিব ধৰিলে। সেয়েহে ঢাকাই পট্টি, তেলি পট্টি আদি চ'ক বজাৰৰ আশে পাশে অনেক ব্যৱসায়ীক অঞ্চল গঢ় লৈ উঠিল। মহেসিং ৰায় মেঘৰাজ বাহাদুৰে তেজপুৰত গঢ়ি তুলিলে বৰগোলা। ১৮২৮ চনতে গঢ়ি উঠা এইটোৱেই আছিল তেজপুৰৰ প্ৰথম পকী। এই প্ৰতিষ্ঠানটোৰ বাবেই ঠাই টুকুৰ আজিও প্ৰসিদ্ধ বৰগোলা চাৰিআলি নামে।এই বৰগোলাৰ সমুখতে ১৮৩১ চনত গেলামালৰ ব্যৱসায় আৰম্ভ কৰিছিলে তেজপুৰৰ অন্যতম পুৰণি ব্যৱসায়ী গণেশ দাস আৰু বিলাসীৰাম টিব্ৰেৱালে। আজিও তেজপুৰত এই বংশৰ অনেক জন লোকৰ ব্যৱসায় চৰ্তুদিশে ব্যপ্ত হৈ আছে। বৰ্তমানে 'গণেশ মিল' নামে খ্যাত বিখ্যাত ব্যৱসায়ীক প্ৰতিস্থানটো তেওঁলোকেই স্থাপন কৰা। যাৰ বাবে অঞ্চলটোৰ নাম আছিল গণেশ মিল পাঁচ আলি।এওঁলোকেই ১৯১০-১১ চনত ৰাজস্থানৰ শিল্পীৰ দ্বাৰা মহাভৈৰৱ মন্দিৰৰ সমুখত গণেশ আৰু হনুমানৰ মূৰ্তি দুটা স্থাপন কৰোৱাইছিল।
এইদৰে বৃটিছ সকলৰ তৎপৰতাৰ বাবেই বহু বছৰ পৰিতক্ত হৈ থকা তেজপুৰ চহৰখনত বিভিন্ন পেচাৰ লোক ভৰি পৰিবলৈ ধৰিলে। ফলত প্ৰয়োজন হ'ল শিক্ষানুষ্ঠানৰো। উল্লেখযোগ্য যে ১৮৩৫ খৃষ্টাব্দত বৃটিছ সকলে ভাৰত বৰ্ষত আধুনিক শিক্ষাৰ প্ৰসাৰৰ বাবে কিছুমান বিদ্যালয় খোলাৰ পোষকতা কৰিছিল। তাৰেই ফলশ্ৰুতিত গঢ়ি উঠিছিল তেজপুৰৰ প্ৰথম খন ভাৰ্নিকুলাৰ স্কুৰ তেজপুৰ এম,ভি,। ১৮৩৮ খৃষ্টাব্দত গঢ়ি উঠা এই বিদ্যালয়তে পদ্মনাথ গোহাঞিবৰুৱা, বাণীকান্ত শৰ্মা দেৱৰ দৰে বৰেণ্য লোক সকলে শিক্ষকতা কৰিছিলে। ১৮৩৮ চনতে বৃটিছ সকলে ঘগৰা অঞ্চলত এখন চাহ বাগান খুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিলে। কিয়নো এইখন আছিল তেতিয়াৰ অবিভক্ত দৰংজিলাৰ প্ৰথম খন চাহ বাগিছা।
ইতিমধ্যে তেজপুৰত প্ৰশাসনিক সা সুবিধাৰ বাবে ১৮৩৩ চনতে গঢ়ি তোলা হৈছিল মিছন কম্পাউণ্ড। দৰঙৰ শাসন ভাৰ লোৱা প্ৰিন্সিপেল এছিষ্টেন্ট কমিচনাৰ মেঠি চাহাবে কেপ্তেইন জেমছ, টি, গৰ্ডন, লেফটেনেন্ট চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচ আৰু কমিচনাৰ ফ্ৰেঞ্চিছ জেনকিন্সৰ সহায়ত গণেশ ঘাটৰ ওপৰৰ টিলাটোত গঢ়ি তোলা এই মিচন কম্পাউণ্ডতে ১৮৪০ চনত আলেকজেণ্ডাৰ ব্ৰুচৰ পত্নী এলিজাবেথ ব্ৰুচে অসমৰ প্ৰথম খন মিচন স্কুল গঢ়ি তোলে।
১৮৪৭ চনত কেপ্তেইন জেমছ, টি, গৰ্ডনে গঢ়ি তুলিলে এটি সৰু বৃটিছ আৰ্হিৰ মনোৰম চাৰ্ছ 'চাৰ্ছ অৱ এপিফেণী'। এই চাৰ্ছ টোৰ বাবেই কাষৰ মুকলি ঠাই খন চাৰ্ছ ফিল্ড নামে পৰিচিত হয়।
ইতিমধ্যে বৃটিছৰ চত্ৰ ছায়াত অসমৰ বিভিন্ন প্ৰান্তত চাহ, তেল, প্লায়ুড, কয়লাৰ সৰবৰাহ দ্ৰুত গতিত বৃদ্ধি পোৱাত লুইতেদি নাও জাহাজৰো চলাচল বৃদ্ধি পাব ধৰিলে। বৃটিছেও সুযোগ বুজি দেশৰ শিক্ষিত মানুহৰ সহায়ৰে দেশক লুটাৰ বাধাহীন সুযোগ লৈ বনাঞ্চলৰ পৰা আদিকৰি সকলো বোৰ সম্পদ লুট কৰিবলৈ ৰাস্তা, পদুলি উন্নয়ণ কৰাটো লাগি গ'ল। ১৮৬০ চনত ভাপ জাহাজৰ প্ৰচলন হ'ল। পোনতে RSN Co.আৰু পাছলৈ IGN Co. ও লগ হৈ RSN & IGN Co.য়ে যৌথ ভাবে লগ হৈ ব্ৰক্ষ্মপুত্ৰৰ বুকুত খলকনি তুলিবলৈ ধৰিলে।
এই ৰিভাৰ ষ্টিম নেভিগেশ্চন এণ্ড ইণ্ডিয়ান জেনেৰেল ষ্টিম নেভিগেশ্চন কোম্পানীৰ জাহাজ এইদৰে শদীয়াৰ পৰা তেজপুৰ, গুৱাহাটী হৈ বংগদেশলৈ আৰু বঙ্গৰ গোৱালণ্ডৰ পৰা ইংলণ্ডলৈ জল যোগাযোগৰে বেপাৰ আৰম্ভৰ সূচনা হ'ল। ফলত ১৮৬০ চনতে গঢ় লৈ উঠিল তেজপুৰৰ ব্যস্ত বন্দৰ ঘাট জাহাজ ঘাট। আৰু কাষতেই তাৰ কাঠৰ কুণ্ডা আদি সৰবৰাহ কৰিবৰ বাবে ফৰেষ্ট ঘাট। ষ্টিমাৰ কোম্পানীৰ কাৰ্য্যালয় হলগৈ দৃষ্টি নন্দন এক কাঠৰ বঙলাৰে প্ৰসাদোপম এটি বঙলা যিটো আজি SSB ৰ মাণ্ডলিক কাৰ্য্যালয় হ'ল। তেজপুৰ ঢ়মহাবিদ্যালয়ৰ পিছফালে এই বঙলাটো আজিও অতিব সুন্দৰ হৈ আছে।.....তাৰ পাছত....তেজপুৰত বহু ঘটনাই ঘটি গ'ল.......
ঊনবিংশ শতিকাৰ সত্তৰৰ দশকতে তেজপুৰত দেশী আৰু বিদেশীৰ দপ দপনী বাঢ়ি অহাত দেখ দেখ কৈ দুটা শ্ৰেণীৰো জন্ম হয়। ইয়াৰে বিদেশী বগা চাহাবে তেওঁলোকৰ খেলাৰ সুবিধাৰে গঢ়ি তুলিলে খেৰ বাঁহৰ এটি সূকীয় ৰুম বিলিয়াৰ্ড ৰূম।পাছলৈ ল'ন টেনিছ আদি খেলাৰ সুবিধাৰে ই ষ্টেচন ক্লাৱ নামে পৰিচিত হয় আৰু বাগানৰ বনুৱা আদি নাৱে জাহাজে আনি প্ৰথমে ইয়াতে ৰাখি বিভিন্ন বাগানলৈ প্ৰেৰণ কৰাৰ বাবে ই কুলি ডিপু নামেও পৰিচিত হয়। মহাত্মা গান্ধী প্ৰথম তেজপুৰলৈ আহোতে গণেশ ঘাটৰ পৰা ইয়াতে ৰৈ অগণন ৰাইজৰ সমুখত ভাষণ দিছিল।
এই খিনিতে মোক এদিন চাহ জনজাতিৰ বন্ধু এজনে কোৱা কথা এটা মনত পৰিছে। বৃটিছ সকলে চাহ বাগান গঢ়াত ইমানেই মত্ত আছিল যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাচ বিচাৰ নোহোৱাকৈ অন্যায় ভাৱে মানুহ বোৰ জোৰকৈ নাৱে জাহাজে লৈ আনিছিল। যাৰ বাবে আপোন জনক হেৰুৱাৰ দুখত বহু বনুৱাৰ মানসিক সন্তুলন হেৰাই মানসিক ৰোগীলৈ পৰিণত হৈছিল। সেয়েহে ১৮৭৬ চনত স্থাপন হৈছিল পগলা ফাটেক। ইয়েই আজিৰ উত্তৰ পূৱৰ মানসিক চিকিৎসাৰ গৱেষণা কেন্দ্ৰ ৰূপে পৰিচিত গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান।
কএইখিনি সময়তে ১৮৮০ চন মানত তেজপুৰলৈ আহে মৰাপাটৰ ব্যৱসায়ী সৰ্দাৰমল ডুগৰ। তেওঁৰ ব্যৱসায়িক ব্যস্ততাৰ বাবে ১৫/১৬ বছৰীয়া পুত্ৰ সুহনলাল ডুগৰক তেজপুৰত থৈ আৰম্ভ কৰে কাপোৰকে ধৰি বিভিন্ন আমদানি কৃত সামগ্ৰীৰ। সোহনলাল আছিল বেছ জনপ্ৰিয় আৰু সামাজিক লোক। তেওঁৰ পুত্ৰ বাচৰাজ ডুগৰ আৰু সুমেৰ ডুগৰো জনপ্ৰিয়। এওঁলোকে ১৯৫৫ চনতে তেজপুৰত অসমৰ প্ৰথম পেট্ৰল পাম্পৰ ব্যৱসায় আৰম্ভ কৰে। বাণ থিয়েটাৰ আদিৰ উত্তৰণটো এই পৰিয়ালটোৰ অৱদান স্মৰণীয়। নট সূৰ্য্য ফণী শৰ্মাৰ 'ধুমুহা' বোলছবিৰো প্ৰযোজক আছিল ডুগৰ পৰিয়াল। সোহনলাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ কথা নকলোৱেইবা। তেনেদৰে সবিশেষ নাজানিলেও ১৮৮৮ মানৰ পৰা বিভিন্ন ব্যৱসায়ৰে আন এটি প্ৰতিস্থান তেজপুৰ চহৰত গা কৰি উঠিছিল আৰু সেইটো হৈছে মেছাৰ্ছ হাজাৰিমল ভেৰুদান। এই প্ৰতিস্থানলৈ ১৮৮৮ চনত নলবাৰী ফালৰ ব্যৱসায়ী দুভাগৰাম দাসে নাৱেৰে ধান চাউলৰ যোগান ধৰাৰ কথা জানিব পৰা গৈছে।
তেনেদৰে আন এটি শত বৰ্ষ গৰকা অনুষ্ঠান হৈছে ডাক বাংলা। ১৮৮১ খৃষ্টাব্দত প্ৰশাসনিয় সুবিধাৰ্থে গঢ়ি তোলা এই বঙলাটো ৪,৯০১ বৰ্গফুটৰ এক প্ৰকাণ্ড দৃষ্টি নন্দন বঙলা। বৰ্তমান ইয়াতে তেজপুৰ যাদুঘৰটো অৱস্থিত।
পুণৰ আহো চাহৰ ব্যৱসায়লৈ। ইতিমধ্যে দৰঙৰ বিভিন্ন প্ৰান্তত চাহ বাগানবোৰ গঢ়ি উঠিল। বাগানবোৰ গঢ়িবলৈকো আকৌ কটা হ'ল বিৰাট বিৰাট প্ৰকাণ্ড শাল, চোম, চেগুন, চপা আদি গছ বোৰ। ইফালে চাহ নিবলৈকো প্ৰয়োজন হ'ল কাঠ বা প্লায়ুডৰ বাকচ। সেয়েহে হৰিবিলাস আগৰৱালাই ফৰেষ্ট ঘাটত গঢ়ি তুলিলে চাহ বাকচ বনোৱা কাৰখানা আৰু কাঠ ফলা মিল। ১৮৮৩ চনত গঢ়ি তোলা হৰিবিলাস আগৰৱালাৰ এই কাঠৰ মিলটো ইমানেই বৃহৎ আছিল যে বৃটিছ অভিযন্তাইয়ো ইয়াত কাম কৰিছিল । পাছলৈ বিল অনাদায়ৰ বিষয় এটা উঠোৱাৰ বাবেই বৃটিছ চাহাবে দেশী লোকৰ প্ৰতিপত্তিত নাৰাজ হৈ নিজৰ মানুহৰ দ্বাৰা ব্যৱসায় আৰম্ভ কৰি এই ব্যৱসায়ৰ পতন ঘটায়।
এইটো বৰ্ষতে বৃটিছ সকলে ঠাকুৰবাৰী অঞ্চলত গল্ফ খেলৰ সুবিধাৰে গঢ়ি তোলে ঠাকুৰবাৰী ক্লাৱ। ৩০৯ বিঘা মাটিৰে আগুৰা সেউজীয়া ঘাঁহনিৰে নয়নাভিৰাম সুসমাৰে এই ক্লাৱ অসমৰেই অন্যতম এটি পুৰণি ক্লাৱ। ফলত বৃটিছ সকলৰ বাবে তেজপুৰ চহৰ খন আপোন হবলৈ ধৰে আৰু সেয়েহে বৃটিছ বিষয়া সকলে তেজপুৰক সকলো সুবিধাৰে গঢ়িতোলাৰ চেষ্টা কৰে। এই বাবেই কালক্ৰমত বিষয়া সকলৰ আৰু দুটামান বঙলা গঢ় লৈ উঠিল। জাহাজ ঘাট আৰু ফৰেষ্ট ঘাটৰ কাষতেই সেয়েহে ১৮৮৫ খৃষ্টাব্দত গঢ়ি উঠিল আৱৰ্ত ভৱন আৰু বন বিষয়াৰ কাঠৰ ভৱন।
লাহে লাহে তেজপুৰত স্বদেশী মানুহৰো সোত ববলৈ ল'লে। কৰ্ট কাছাৰি বাগান আদিত চাকৰি কৰিবলৈ আহি তেজপুৰত বসতি কৰা মানুহ খিনিয়ে ১৮৮৭ খৃষ্টাব্দত গঢ়ি তুলিলে প্ৰথমটো সামাজিক সাংস্কৃতিক অনুষ্ঠান শুভ সাধিনি সভা। এই সভাৰ পৰাই পৰবৰ্তি কালত বটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে ১৮৯৪ চনত গঢ় লৈ উঠিল ৰায়ত সভা। এওঁলোকে গাৱৰ দূৰণি বতীয়া মানুহক থকা মেলাৰ সুবিধাৰে বৃটিছৰ আইনী মেৰ পেছৰ পৰা পৰিত্ৰান দিয়াবলৈ তাতে গঢ়ি তোলে টিনৰ এটি দীঘলীয়া ঘৰ। যাক চেণ্ট্ৰেল হল বুলি জনা গৈছিল। ইয়েই আজিৰ হেম বৰুৱা স্মৃতি ভৱন। এই সময় খিনিত অসমীয়া বঙালী ৰাইজৰ যৌথ প্ৰচেষ্টাত কেইবাটিও সামাজিক সাংস্কৃতিক অনুষ্ঠানে জীপ লৈ উঠিছিল। তাৰে উল্লেখ নীয় অনুষ্ঠান কেইটা হ'ল ১৮৮৭ চনৰ বাৰোৱাৰী দুৰ্গা পূজা, ১৮৯৭ চনৰ অবৈতনিক নাট্য সমাজ আৰু অসমীয়া ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবে ১৮৯৭ চনৰ অসমীয়া ভাষাৰ আলোচনা সভা। এই সভাই পাছলৈ ১৮৯০ চনত তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা নামেৰে পৰিচিত হৈ আজিও কলিবাৰী অঞ্চলত জীয়াই আছে। ১৮৯৭ চনত জন্ম হোৱা বঙালী অসমীয়া মানুহৰ অনুষ্ঠান অৱৈতনিক নাট্য সমাজ বা চখেৰ থিয়েটাৰ দলৰ পৰাই ১৯০১ চনত ইটাৰে ৰঙ্গমঞ্চ গঢ় লৈ উঠে যদিও বেঙ্গলী সকলে তাত বেঙ্গলী এমেচাৰ থিয়েটাৰ পাৰ্টি স্থাপিত ১৮৯৮ বুলি লিখি দিয়াত অসমীয়া নাট্য দলে পাছলৈ তেজপুৰ অ:ভা:উ:সা: সভাৰ সহযোগত ১৯০৭ চনত নিজাবৱীয়া ৰঙ্গ মঞ্চ বাণ থিয়েটাৰ পাৰ্টি গঢ়ি তোলে। পদ্মনাথ গোহাঞিবৰুৱা আছিল ১৯০১ চনৰ পৰা ১৯০৮ চনলৈ এই অনুষ্ঠানৰ প্ৰতিস্থাপ সম্পাদক।
তেজপুৰৰ বাবে গৌৰৱৰ কথা যে ১৯০৮ চনতেই তেজপুৰত প্ৰতিস্থা হৈছিল তেজপুৰ বালিকা মজলীয়া বিদ্যালয়। যদিও নামত ই বালিকা বিদ্যালয় আছিল তথাপিও কিন্তু বিদ্যালয়ৰ অভাৱৰ বাবে ইয়াতে পঢ়িছিল অমিয় কুমাৰ দাস, জ্যোতিপ্ৰসাদ আগৰৱালা, দুলাল চন্দ্ৰ ভট্টাচাৰ্য আদিৰ দৰে বৰেণ্য ব্যক্তি সকলে। তেজপুৰ ছোৱালী এম,ভি, নামে খ্যাত এই বিদ্যালয়ত পাছলৈ ছাত্ৰৰ নাম ভৰ্তি বন্ধ হয় । পোনতে এই বিদ্যালয়ত ২২ গৰাকী ছাত্ৰী থকাটো উল্লেখযোগ্য কথা।
ইফালে তেজপুৰত চাহ বাগানবোৰ উৎপাদনক্ষম হৈ উঠাত আৰু সিবোৰত কাৰখানা আদি চলাবলৈ কয়লা আদিৰ প্ৰয়োজন হোৱাত পৰিবহন ব্যৱস্থাৰো প্ৰয়োজন হৈ উঠিল। ফলত ১৮৯২ চনত জন্ম হ'ল তেজপুৰ বালিপৰা ষ্টিম ট্ৰাম ওৱে কোম্পানী লিমিটেডৰ। তাৰ পৰাই উত্তৰণ ঘটি পাছলৈ ১৮৯৫ খৃষ্টাব্দৰ ছেপ্তেম্বৰ মাহৰ পৰা আৰম্ভ হ'ল নেৰ' গজ ৰেল সেৱাৰে তেজপুৰ বালিপৰা লাইট ৰেলৱেৰ ঝক ঝক ঝঙ্কাৰ। ক্ৰমান্বয়ে তেজপুৰৰ শ্ৰী চেহেৰা সলনি হবলৈ ধৰিলে।মানুহ দুনুহৰে ভৰি পৰাত ১৮৯৪ খৃষ্টাব্দত গঢ়ি তোলা হ'ল তেজপুৰ পৌৰ সভা।
এইটো বৰ্ষতে অৰ্থাৎ ১৮৯৪ খৃষ্টাব্দত তেজপুৰত এখন প্ৰাথমিক বিদ্যালয়ো গঢ় লৈ উঠে। দুখীয়াৰ স্কুল বা মিউনিচিপেল্টি স্কুল নামে খ্যাত এই বিদ্যালয়লৈ সেই সময়ৰ অসমৰ চিফ কমিচনাৰ ছাৰ জ'ন কেৰ (Sir John Keer)এ তিনি হাজাৰ টকাৰ অনুদান আগবঢ়োৱাৰ কৃতজ্ঞতাৰ বাবে স্কুলৰ নাম কাৰ মেম'ৰিয়েল ৰখা হয়।
এইদৰে ক্ৰমান্বয়ে তেজপুৰত ব্যৱসায়িক প্ৰতিস্থানো বাঢ়ি অহাত ১৮৯৬ খৃষ্টাব্দত গঢ় লৈ উঠে অসমৰ প্ৰথমটো অংশিদাৰ স্বত্বৰে গঢ়ি উঠা অনুষ্ঠান আসাম ভেলী কোম্পানী। টকা পইচাৰ লেন দেন বাঢ়ি অহাত ১৯০৭ চনত গঢ়ি উঠিল মহাভৈৰৱ আৰবান বেঙ্ক লিমিটেড। তেজপুৰৰ দৰে এখন চহৰত এশ' বছৰ পূৰ্ণ কৰা বেঙ্ক ব্যৱসায় ধেমালি কথা নহয় নিশ্চয়। ভাবিলে গৰ্ব অনুভৱ হয় যে আমাৰ ককা চন্দ্ৰ কান্ত বৰুৱা ১৯৬২ চনৰ চীনা গণ্ডগোলৰ সময়ত এই বেঙ্কৰ ছেয়াৰমেন (সভাপতি) আছিল আৰু তেতিয়াও বেঙ্কটো মৰিবলৈ এৰি দিয়া নিছিল।
চন তাৰিখ সঠিক এই লেখকে নাজানিলেও এটা কথা ঠিক যে ঊনবিংশ শতিকাৰ মাজৰ চোৱাতে তেজপুৰত প্ৰতিস্থা হৈছিলে তেলী,ধুৱী,ধোবা, বেকাৰী আদিৰ ব্যৱসায়।
ঢাকা, ৰংপুৰ, উত্তৰ প্ৰদেশ আদি বিভিন্ন প্ৰান্তৰ পৰা অহা মুছলমান সম্প্ৰদায়ৰ লোক সকলেও তেজপুৰক আপোন কৰি লৈ ১৯০৮ খৃষ্টাব্দতে গঢ়িতোলে ঈদ্ গাহ আৰু ১৮৯৭ খৃষ্টাব্দতে গঢ়ি তোলে বড় মছজিদৰ দৰে অনুষ্ঠান। উল্লেখযোগ্য যে তেওঁলোকৰ কবৰ স্থান ১৮০৭ খৃষ্টাব্দৰে পুৰণি অনুষ্ঠান। কটন ৰ'ডৰ বহু পুৰণি কাঠৰ দুমহলীয়া ঘৰটো দেখিলেই অনুমান কৰিব পাৰি এটা সময়ত এই ঘৰৰ মূল মানুহজন কিমান খিতাপি আছিল ! সেইটো আজিৰ পৰা এশ' বছৰৰো অধিক পুৰণি টি,বি,আৰ, ৰেল'ৰ চুপাৰিনটেন্ডেন্ট ডুকি চাহাবৰ ঘৰ। ১৯২৯ চনত হাজি আচিম্মুদিন সদাগৰে পাছলৈ ঘৰটো কিনি লয়। তেওঁৰ ব্যৱসায় বণিজ কৰা লোক বাবেই স্থানীয় মানুহে সদাগৰ বুলিছিল। বংগ দেশৰ পৰা ডাঙৰ ডাঙৰ নাও লৈ আহি বেপাৰ কৰা লোক আছিল তেওঁলোক। ১৯০৬ চনতে আচিম্মুদ্দিন সদাগৰে তেজপুৰলৈ আহি ব্যৱসায় বণিজ কৰি তেজপুৰক আপোন কৰি লয়। এটা সময়ত তেজপুৰৰ বিখ্যাত পদুম পুখুৰী ওৰফে বেজবৰুৱা সৰোবৰ, বৰ পুখুৰী আৰু কাষৰ পুখুৰীটো ধৰি এই তিনিওটা পুখুৰী আচিমুদ্দিন সদাগৰে তেজপুৰ পৌৰ সভাৰ পৰা ১০০ টকা, ১২০ টকা আৰু ১৫০ টকাত ডাকত লৈ মাছৰ ব্যৱসায় কৰিছিল বুলি তেখেতৰ পুত্ৰ বৰ্তমানৰ ১ নং পৌৰ সভাৰ পৌৰ সদস্য শ্ৰী যুত শ্বেৰ আলম ডাঙৰীয়াই আমাক জানিবলৈ দিয়ে। তেনেকৈ জোনাকী চিনেমাৰ কাষতে থকা লটিফ মাৰ্ছেন্ট আন এটি শত বৰ্ষ গৰকা অনুষ্ঠান। আকৌ, গণেশ মিলৰ পৰা বজাৰলৈ যোৱা পথচোৱা হ'ল আব্দুল হামিদ ৰ'ড। তেওঁ আছিল স্বাধীনতা সংগ্ৰামী। সেই পথত থকা টেইলৰিং কাৰবাৰ আজিৰ নহয় চিপাহী বিদ্ৰোহৰ সময়ৰ পৰা চলি অহা কাৰবাৰ বুলিলেও ভূল কোৱা নহ'ব। ১৮৫৭ খৃষ্টাব্দতে উত্তৰ প্ৰদেশৰ গাজিপুৰৰ দিলদাৰ নগৰৰ পৰা আহিছিল জান আলী খলিফা । অসমত দৰ্জীৰ কাম কৰা মানুহক খলিফা বোলাৰ বাবেই বোধকৰো তেওঁ লোকে খলিফা লিখে। তাহানিৰ জান আলী খলিফাৰ পৰা পৰা আজি চাজ্জাত হুছেইনলৈ এই ছয় পুৰুষলৈ তেওলোকে এই ব্যৱসায চলাই আহিছে। ঠিক একেদৰে বিহাৰৰ পৰা অহা জহুৰ খলিফাই হাফিজ টেইল'ৰিং খুলি তেজপুৰত লেপ তুলি বনোৱা কাৰবাৰ কৰিছিল। আজি প্ৰায় পঞ্চম পুৰুষ হ'ল তেওঁ লোকে এই কাম আজিও গাৰোৱান পট্টি, নেপালি পট্টি আদি অঞ্চলৰ পৰা কৰি আহিছে। লেপ তুলি বনোৱা এই মঞ্চুৰি সকল আজি শত বৰ্ষৰ পূৰ্বৰ লোক।
হাজী ইউচুফ বেপাৰী, কৰিম বেপাৰীও তেজপুৰৰ লেখত ল'বলগীয়া শত বৰ্ষীয় পুৰণি ব্যৱসায়ী। যাৰ প্ৰভাৱ তেজপুৰৰ ১৮৯৭ চনৰ বড় মছদিলৈকে আছিল। শুনা মতে পোনতে ঢাকায়া মছজিদ নামে জনাজাত এই মছজিদৰ মাটি আছিল হাজী ইউচুফ বেপাৰীৰ নামত। তেওঁ পাছলৈ মাটি খিনি দান দি পাঁচ জন মাতোৱালীৰ দ্বাৰা মছজিদ পৰিচালনাৰ দায়িত্ব দি যোৱাত ই আজিও সুচাৰুৰূপে চলি আছে। তেওঁ নিজেও তাৰে এজন মাতোৱালী আছিল। তেওঁ দান কৰা মাটিৰ কাগজত ১৯২০ চনৰ চিল মোহৰ মৰা পোৱা গৈছে। এই মছজিদৰ মাটি পল্টন পুখুৰীৰ পাৰত পলফিল্ডৰ কাষতো আছে পাছলৈ মানিক বেপাৰীয়ে মাটি খিনি ১৯০৭ চনতে কাগজ পত্ৰ কৰি মছজিদৰ বাবে দি যোৱা তথ্য পোৱা যখয়। তেতিয়া এই মাটিৰ সীমাৰ বিৱৰণত পূৱে খেল মাটি বুলি উল্লেখ থকাটো মন কৰিব লগীয়া। খেল মাটি মানে হৈছে খেলাধূলা কৰা মাটি । অৰ্থাৎ আজিৰ পল'ফিল্ড। এইতথ্যবোৰ হেৰাই যাবলৈ নিদি আলোচনা কৰিলে আমাৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় হ'ব বুলি ধাৰণা কৰো। এনে আলোচনাইহে আমাক ধৰ্মৰ নামত কোনেও ভাগ কৰিব নোৱাৰিব বুলি বিশ্বাস। এইখিনি কথা আমাৰ দুজন অন্তৰঙ্গ বন্ধু ইমতিয়াজ দ্বয়ৰ (এজন আব্দুল হামিড ৰ'ডৰ আৰু আনজন নেপালি পট্টীৰ) সৈতে প্ৰায়ে আলোচনা কৰোঁ আৰু আজি লিখি উলিয়ালো। সঁচাকৈয়ে এদিন এই মানুহ খিনিৰ লগত আমাৰ হিন্দু মানুহ খিনিৰ আন্তৰিক সম্পৰ্ক আছিল বাবেই তেজপুৰৰ স্বাধীনতা সংগ্ৰামী মহাদেৱ শৰ্মা তেজপুৰ ঈদ মেহফিলৰ সভাপতি হ'ব পাৰাছিল। পূজা পাতল কৰা এজন নৈস্তিক হিন্দু ব্ৰাক্ষ্মণ হৈয়ো মহাদেৱ শৰ্মাই অসমীয় ভাষাত প্ৰথম হজৰত মহম্মদৰ বিষয়ে কিতাপ লিখিব পাৰিছিল। সেয়েহে বোধকৰো আজিও তেজপুৰৰ মুছলমানে কব পাৰে যে "মই ধৰ্মত মুছলমান কিন্তু জাতিত অসমীয়া।" উল্লেখ কৰো যে মহাদেৱ শৰ্মা মোৰ ককা । মোৰ মাৰ বৰদেউতাক। পৰ্বতীয়াৰ।
এইখিনি সময়ৰ পাছতেই কুৰি। শতিকাৰ প্ৰাৰম্ভণ কালত আচহুৱা যেন লগা অনুষ্ঠান এটি তেজপুৰত গঢ় লৈ উঠে। সেইটো হৈছে মাটি জৰিপ কৰা অনুষ্ঠান এট্ কিন ব্ৰাদাৰ্ছ। ১৯০৮ খৃষ্টাব্দত আলেকজেণ্ডাৰ এট্ কিন আৰু হিল এট্ কিন নামে দুজন ছাৰ্ভেয়'ৰে কালি কুমাৰ ভট্টাচাৰ্য নামৰ ঢাকাৰ ফালৰ অভিজ্ঞ ছাৰ্ভেয়'ৰ এজনৰ সহযোগত প্ৰতিস্থা কৰে এই অনুষ্ঠানৰ। ঊষা উদ্যান (কল পাৰ্ক)ৰ কাষত এই প্ৰতিষ্ঠানটো আজিও আছে।
এইখিনি সময়তে নলবাৰীৰ পৰা অহা চানাৰাম দাস নামে ব্যক্তি এজনে জীৱিকাৰ সন্ধানত আহি কাছাৰীত এখন চাহৰ দোকান দিয়ে। ১৯০৯ চনত দিয়া এই চাহৰ দোকানৰ পৰা তেওঁ মিঠাই বনাবলৈ শিকিবৰ বাবে গোৱালপাৰা জিলাৰ বিলাসীপাৰালৈ যায় আৰু পাছলৈ চানাৰাম দাস মিঠাইৱালা নামে প্ৰখ্যাত হৈ পৰে। পাছলৈ তেওঁ অশেষ চেষ্টাৰ বিনিময়ত ১৯১২ চনত বৰগোলাৰ কাষতে 'ৰাধা ভাণ্ডাৰ' নামে থকা-খোৱাৰ ব্যৱস্থাৰে হোটেল ব্যৱসায় গঢ়ি তোলে। তেনেদৰে হৰিহৰ ডেকা নামৰ যুৱক এজনেও নলবাৰীৰ পৰা আহি ১৯০০ চনত তেলেৰীয়া অঞ্চলত গেলামালৰ ব্যৱসায় কৰি পাছলৈ পুতেকক মাতি আনি তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা ১৯৩১ চনতে মেট্ৰিক পাছ কৰোৱাই ব্যৱসায়ৰে জৰিত কৰোৱাই। সেই সুযোগ্য ব্যৱসায়ী পুত্ৰ জন আছিল ললিত ডেকা। তেওঁৱে ১৯১৫ চনত তেজপুৰত কাপোৰৰ ব্যৱসায় গঢ়ি তোলে। যিখন আজি 'পুবেৰুণ' নামে প্ৰতিস্থিত। তেনেদৰে তেজপুৰত শতবৰ্ষ গৰকিবলৈ সক্ষম হোৱা প্ৰতিস্থান হৈছে 'বি,আৰ, কলিতা এণ্ড কোম্পানী' । তেৱোঁ নলবাৰীৰ পৰা আহি ১৯১৪ চনত ৰাবাৰ, পেঞ্চিল, পেইন, কাগজ আদিৰে ব্যৱসায় আৰম্ভ কৰি পাছলৈ ১৯২২ চনত চ'ক বজাৰত নিগাজিকৈ ব্যৱসায় কৰে। তেওঁ হ'ল ভাবি ৰাম কলিতা। বি, আৰ, কলিতা নামে খ্যাত তেওঁ ভাৰতী প্ৰেছ নামে প্ৰেছ এটি খুলি প্ৰকাশক ৰূপেও পৰিচিত হৈছিল। আজি শত বৰ্ষ গৰকা ইয়ো এক উল্লেখযোগ্য প্ৰতিস্থান।
এশ বছৰ আগেয়ে তেজপুৰৰ দৰে এখন চহৰত এই উন্নয়ন লেখত লব লগীয়া যদিও এইটো সত্য যে ইয়াৰ বাবে বৃটিছ চৰকাৰে কৰাই-গণ্ডাই কৰ আদায় কৰিছিল। মুদ্ৰা দেখি নোপোৱা গাৱৰ কৃষকে মুদ্ৰাৰ বাবে মাটি বেছিব লগা হৈছিল বা বন্ধকত থব লগীয়া হৈছিল। সূদত পইচা দিবলৈ গাৱে গাৱে কেঞা গোলাৰ আবিৰ্ভাৱ হৈছিল। টেক্স দিব নোৱাৰাৰ অপৰাধত খেতিয়ক সকলক কৰ্ট চাৰিআলিত মতাই আনি ৰ'দত আঠুকঢ়াই কাণত ধৰাই ৰাখিছিল আৰু গধূলি যাবলৈ দিছিল। হালৰ গৰুৰ সলনি খেতিয়কৰ কান্ধত যুৱলি লগাই হাল বাবলৈ লগাইছিল। ফলত বিদ্ৰোহ হৈছিল। এনেবোৰ বিদ্ৰোহ দমন কৰিবলৈকে আৰু বৃটিছ বিষয়াৰ নিৰাপত্তাৰ বাবেই তেজপুৰত গঠন কৰা হৈছিল ১২ টাকৈ লাইট ইনফেনট্ৰিজ। এইদৰে সমাজৰ সাধাৰণ মানুহ খিনিক শোষণৰ নেমু চেপা দি বৃটিছে বৰমূৰীয়া সকলক মৌজাদাৰ, চিৰস্তাদাৰ, ৰায় চাহাৱ, ৰায় বাহাদুৰ আদি পাতিলে। ইফালে পাহাৰৰ অঁকা, ডফলা আদি পাৰ্বত্য জাতিবোৰক দমন কৰিবলৈ ১৯১০-১১ চনত কেপ্তেইন লাইট ফুটৰ অধিনত লক্সাত 5th Battelion of Assam Rifles খুলিলে। নিৰাপদ আৰু শাসকৰ ভূমিকাৰে বৃটিছ বিষয়া সকলে ষ্টৈচন ক্লাৱত ভাৰতীয় সকলৰ প্ৰবেশ নিশেধেৰে ইভিনিং ক্লাৱ খুলিছিছল। তাকে দেখি অসমীয়া সকলেও এটা ইভিনিং ক্লাৱ কৰিছিল। সেয়াই আছিল ১৯১৫ চনৰ অসমীয়া ক্লাৱ। ই অৱশ্যেই সাহিত্য সাংস্কৃতিক অনুষ্ঠান হে আছিল। ৰাজনীতিৰে সৈতে কোনো সম্পৰ্ক নাছিল।
তেনেকৈ ৰক্তত বণিজৰ বীজ কঢ়িয়াই ফুৰা কামৰূপ, নলবাৰী, বৰপেটা আদি অঞ্চলৰ লোক সকল তেজপুৰলৈ আহি সৰুসুৰা ব্যৱসায় আদি আৰম্ভ কৰাৰ লগতে সেই ঠাইৰ পৰা কঢ়িয়াই অনা সংস্কৃতিৰ বট বৃক্ষ এডালো ৰূপণ কৰিলে। নাম যাৰ কামৰূপীয় সনাতন ধৰ্ম মণ্ডলী। মূৰ্তি পূজা আৰু নাম প্ৰসঙ্গ এই দুয়োটা মতবাদেৰে ই এক উজ্বল সহন শিলতাৰ দৃষ্টান্ত। যিটো ১৯১৫ চনৰ পৰা আজিও জীপাল হৈ আছে।
এইটৈ বৰ্ষতে অৰ্থাৎ ১৯১৫ চনত কলিবাৰী লুইতৰ পাৰৰ ওখ চুড়াত গঢ়ি তোলা হৈছিল সেই সময়ৰ এক ব্যয় বহুল এক লাখ টকীয়া পানী যোগান আচঁনি। যাৰ বাবে ঠাই খন আজিও পুৰণি পানী কল নামে প্ৰসিদ্ধ।এতিয়াও পুৰণি ঘৰ দূৱাৰ আদিৰে ই তেজপুৰ পৌৰসভাৰ তাহানিৰ সৌৰ্য্যৰ কথাই বখানিব লাগিছে।
আজি বৃটিছ সকল নাই যদিও ১৯০৬ খৃষ্টাব্দ মানত তেজপুৰ পৌৰ সভাৰ চতুৰ্থজন পৌৰ পতি H.W.G. Cole ৰ নামেৰে গঢ়ি তোলা কল পাৰ্কৰ শৈল উদ্যানখন আজিও আছে। শত বৰ্ষ গৰকা চহৰৰ এই অনুষ্ঠান প্ৰতিষ্ঠান বোৰৰ অধিকবৰ্ষ আজিও তেজপুৰৰ বহু কথা কবলৈ যেন ৰৈ আছে !
লেখকঃ শান্তনু বৰুৱা,তেজপুৰ
Editor: diganta kumar bhuyan
Sahitya Sofura,সাহিত্য সঁফুৰা
Comments
Post a Comment
If you have any doubts, please let me know.