সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

জীৱন যাত্ৰাৰ সংগী

জীৱন যাত্ৰাৰ সংগী







জীৱন যাত্ৰাৰ সংগী

"জীৱন  যাত্ৰাৰ সংগী" ঐশ্বৰ্য  কাকতি  ৰচিত এখন সম্পূৰ্ণ উপন্যাস। নটসূৰ্য্য বঁটা প্ৰাপক ঔপন্যাসিক  ঐশ্বৰ্য কাকতি  ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষ  তথা  আন্তৰ্জাতিক পৰ্যায়ৰ এজন সফল নাট্যকাৰোঁ।  'জীৱন যাত্ৰাৰ সংগী' উপন্যাসখন হ'ল  ভিন্নস্বাদৰ এখনি অগানুগতিক উপন্যাস।  নিস্বাৰ্থ  স্নিগ্ধ প্ৰেমৰ  জ্যোতিৰে  আলোকিত হোৱা  কেইবাটিও ভিন্ন বৈশিষ্ট্যৰ   চৰিত্ৰৰ মাজৰে  আজিৰ সময়ৰ  ভাঙি যাবলৈ ধৰা যৌথ পৰিয়ালৰ বেদনাৰ লগতে  ঔপন্যাসিক গৰাকীয়ে  'টপু' চৰিত্ৰৰ মাজৰে  ভোগবাদৰ লালসাত  বেছি সংখ্যক লোকেই  প্ৰকৃতিক ধ্বংসকৰি গঢ়িতোলা আকাশচুম্বি  অট্ৰালিকাৰ  সাম্প্ৰতিক ছবিখন আঁকিবলৈ চেষ্টা কৰিছে।  যুৱপ্ৰজন্মৰ  মাজত 'টপু' এক আদৰণীয় ব্যতিক্ৰম।  টপুৱে নদী,প্ৰকৃতি   ভাল পায়, সমাজৰ নিষ্পেষিত  দৰিদ্ৰজনৰ বাবে  তাৰ হৃদয়ে  কান্দে,যিমান পাৰে  সহায়ৰ হাত আগবঢ়াই সেই দুৰ্ভগীয়া সকলৰ কাৰণে,কিন্তু  আনক নেদেখুৱাই  নিজৰ হৃদয়ত  লৈ ফুৰাই  মা'কৰ চৰিত্ৰ স্খলনৰ এক সীমাহীন অব্যক্ত বেদনা। উপন্যাস খনত দেখা যায় পিতৃৰ জীয়ৰীৰ প্ৰতি থকা মাত্ৰাধিক চেনেহ আৰু আৱেগিক বন্ধন। সমাজৰ তথাকথিত ভদ্ৰলোক সকলৰ দুমুখীয়া চৰিত্ৰ আৰু স্বাৰ্থপৰতা ,বৰ্তমান সমাজখনৰ অধিক সংখ্যকৰ  নৈতিক মূল্যবোধৰ  অভাৱ আৰু স্খলন।

আমি পঢ়িৱৈ সমাজলৈ  ই-বুক মাধ্যমত  এই উপন্যাস খনি আগবঢ়াছোঁ , পঢ়িৱৈ সমাজে আদৰি ল'লে আমি কৃতাৰ্থ  হ'ম।  

👇  👇👇👇




জীৱন যাত্ৰাৰ সংগী
Writer: Aiswaryya Kakoti

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়