ফ'ৰ লেনৰ দুখ

বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ
নাট্যকাৰঃ ঐশ্বৰ্য্য কাকতী, তেজপুৰ
প্ৰস্তাৱনা দৃশ্য:-
মঞ্চৰ সন্মুখ ভাগত ঘোষকৰ মুখত পোহৰ পৰে-
ঘোষক: নমস্কাৰ । মোৰ নাম ভজহৰি । সেই যে দেখিছে--- (মঞ্চত ক্ষীণ পোহৰ পৰে তিনিখন চকীত তিনিজন বৃদ্ধ বহি থাকে।)---সেইখন এখন বৃদ্ধাশ্ৰম, মানে দুৰ্ভগীয়া,দুকপলীয়া লোকৰ শেষ বয়সৰ আশ্ৰয় স্থল । গোটেই জীৱনটো ঘৰ দুৱাৰ সাজি, ল’ৰা-ছোৱালী ডাঙৰ দীঘল কৰি এটা সপোনৰ পাছে-পাছে দৌৰি শেষত স্বপ্ন ভংগ কৰে। চুৱনিৰ কুকুৰ খেদাদি পিতৃ-মাতৃক নীড়হাৰা কৰি ইয়াত থৈ যায় বা নিজে গুছি আহে নিজৰ শেষ আশ্ৰয় বিচাৰি । এয়াই তথাকঠিত আধুনিক জীৱন যাত্ৰাৰ এক নমুন ,এই আশ্ৰয় খনৰ নাম অস্তাচল। এইটো ভাগত চাৰিটা কোঠা পুৰুষৰ বাবে আৰু তিনিটা কোঠা নাৰীৰ বাবে । বৰ্তমান ইয়াত মাথো এটা কোঠা খালি আছে । মই পুৰুষৰ ভাগটো তদাৰক কৰো। তদাৰক মানে যাক ইংৰাজীত কেয়াৰ টেকাৰ বুলি কয় সেইজনেই মই । ৰান্ধনিও ময়েই, বাঢ়নিও ময়েই ।মোৰ পিতৃ-মাতৃ নাই। মই অৱশ্যে এই বৃদ্ধ সকলৰ মাজতেই মোৰ পিতৃ-মাতৃক বিচাৰি পাওঁ। মোৰ এখেত সকলৰ ফা-ফৰমাইচ,গালি-গালাজ শুনি বেয়া নালাগে ।এখেত সকলৰ অন্তৰৰ পৰা প্ৰেম , ভালপোৱা এইবোৰ শব্দ, জীৱনে তেওঁ লোকক কৰা হটকাৰিতাৰ বাবে বাস্পহৈ উৰি গৈছে। প্ৰেম ,ভালপোৱা এইবোৰৰ প্ৰতি তেওঁলোক বৰ উদাসীন বৰং এক প্ৰকাৰৰ ঘৃণাই পুঞ্জীভূত হৈ আছে ।......ৰ’ব , এই তিনিজনৰ লগত চিনাকী কৰি দিওঁ ।তেখেতৰ নাম দিবাকৰ দুৱৰা ...... [দিবাকৰে তলমুৰ কৰি থকা অৱস্থাৰ পৰা মূৰ ডাঙি দৰ্শকলৈ চায়]এখেত হৈছে মদন কলিতা....... [মদন কলিতাই মুৰ ডাঙে]আৰু এইজন হৈছে সুশান্ত সেন........ [ সুশান্ত সেনে মুৰ ডাঙে ]-----(মঞ্চ আন্ধাৰ হয়)
ঘোষক: আপোনালোকক ক’বলৈ
লাজ লাগিছে যদিও কওঁ--, মোৰ এগৰাকী
প্ৰেমিকাও আছে । দেখিবলৈ
দেখিবলৈ ভালেই মানে মই ভালেই দেখো । মইতো
এইখন সত্ৰ এৰি যোৱা টান গতিকে তায়েই আহে গা বঢ়াই । গা
বঢ়াই বুলি এই কাৰণেই কৈছো ইয়াত মানে অস্তাচলত প্ৰেমৰ প্ৰৱেশ নিষেধ। জীৱনৰ আঘাতে প্ৰেমৰ প্ৰতি তিনিওকে বিতৃষ্ণা কৰি পেলাইছে । সেয়েহে
অতি সাবধানে গা বচাই , চুৰকৈ আহিব লাগে মানে কেতিয়াবা কেতিয়াবা আহে । এবাৰ
ধৰা পৰোতে তিনিওজনে মোৰ হাত ভৰি ভাঙিবই খুজিছিল,কথমপি ৰক্ষা
পৰিছো। তাইৰ আকৌ ভয়-ভ্ৰান্তি
নাই—কয়
সেই বুঢ়া কেইটাই কি কৰিব , আপোনালোকেই কওকচোন সেই কেইজনে দৈহিক ভাৱে একো কৰিব নোৱাৰিলেও মই তেওঁলোকক আক্ৰমন কৰিম নেকি ?—আজি তিনিওজন ক’লৈকো
ওলাই যোৱা নাই । তাই
নাহিলেই ৰক্ষা । তাইৰ
নাম সোনপাহী। ধুনীয়া নাম নহয়নে । মোক
তাই মৰমতে ভুজু বুলি মাতে । [নেপথ্যত
নাৰী কণ্ঠস্বৰ
ভুজু ভুজু ]
ঘোষক: (জিভা উলিয়াই) সৰ্ব্বনাশ, সেয়া সোনপাহীৰ মাত,মাতটোও ধুনীয়া নহয়। মই এতিয়া যাও। তাইক কিবা এটা কৰি পঠিয়াব লাগিব ।আকৌ আহিম । মাজে মাজে আপোনালোকৰ লগত কথা পাতিমহি । সোনপাহী মোৰ কলিজাজনী ঔ .....
READ the POST.............
১ম দৃশ্য
[নেপথ্যত নাৰী-পুৰুষৰ কথোপকথন। কথোপকথনৰ মাজতে তিনি বৃদ্ধ মঞ্চলৈ আগমন । মঞ্চত পোহৰ কম। তিনিও যেন সেই কথোপকথন শুনে আৰু যেন দেখে (Direction)]
নাৰী: অ’ মোৰ সোন ভুজু
ভজহৰি: সোনপাহী
সোনজনী ইয়ালৈ কিয় আহিছা। তিনি বুঢ়াই দেখিব লাগিলে মোৰ পিঠি চিৰাচিৰ কৰিব।
সোনপাহী: তোমাক
নেদেখিলে যে মই থাকিব নোৱাৰো ।
ভুজু:
মই জানো পাৰো, কি কৰিবা ভাগ্যৰ লিখন ।
সোনপাহী: ভাগ্য
ভাগ্য বুলি ধিয়াই থাকিলে হ’বনে
। ইফালে
দিনবোৰ যে পাৰ হৈ গৈছে পাখি লগা কাড়ৰ দৰে অবিৰাম।
ভুজু:
আৰু অলপ দিন সোনজনী, অলপ দিনৰ পিছত জমা টকা অলপ পাম ,তেতিয়াই……….
সোনপাহী: সেই
টকা পালে মোক এটা ম’বাইল
ফোন দিবা দেই ।
ভুজু:
ধেৎ তেৰিকা, মই ভাবিছো বিয়খনৰ কথা তাইৰ চিন্তা ম’বাইলৰ
কথা , বাৰু থ’ সেইবোৰ কথা, সময় কম
কিয় আহিলা কোৱা ?
সোনপাহী: মৰম
বিচাৰি আৰু ভুজু , তুমি মোক কি বুলি ভাবা ।
ভুজু:
তুমি মোৰ বাবে এপাহি ফুল ।
সোন:
মই যদি ফুল তুমি মোৰ কাৰণে কি ?
ভুজু:
ভো ভো মই তোমাৰ ভোমোৰা । মই
যেনিবা ভোমোৰা তুমি যেনিবা ফুল , সময় হাতত
কম এতিয়া চোহো আহা [ লাইটৰ
Service connection থাকিব
।
দুয়ো ফালৰ
পৰা লাইটবোৰ
এটা এটাকৈ
জ্বলিব জ্বলি
আগবাঢ়ি এটা
সময়ত ভিন্ন
যেন দুয়োতা
চৰিত্ৰই আগবাঢ়িছে
।
এটা সময়ত
দুটা পোহৰ
লগ লাগিব
আৰু Fliwrring হ’ব। মঞ্চত
তিনিওটা চৰিত্ৰই
নিজৰ নিজৰ
চকু ঢাকিব High pitchৰ
সংগীত। Aporn ৰ
লাইট নুমাই
যায়। মঞ্চত
পোহৰ উজ্জ্বল
হয় । তিনিওজন
যেন সেই
দৃশ্য দেখাৰ
উত্তেজনাত ভাগৰি
পৰে Direction. দিবাকৰ
Perkinson বেমাৰী, মদন
কলিতাৰ Nerveৰ
বেমাৰ মূৰটো
পৰি থাকে
।]
দিবাকৰ: দেখিলে---
মদন:
দেখৱা কিবা বাকী আছেনা-
সুশান্ত: ওৰে
বাবা, কি দাৰুণ প্ৰেম, কেমন যে জড়াজৰি—
মদন:
জড়াজৰী মানে নো কি হা সেন ?
সুশান্ত: দুই
এটা বঙালী শব্দতো শিখবেন ,জড়াজৰি মানে হচ্ছে সাবটা-সাবতি।
মদন:
লতাই গছক হাবছা মাৰি ধৰাদি হাবছা মাৰিছাল এই---
দিবাকৰ: নচলিব , নচলিব এই প্ৰেম-ট্ৰেম ইয়াত
নচলিব। যতচ্চব ফাল্টু । প্ৰেমৰ
পৰা মুক্ত হৈ শান্তিৰ বাবে ইয়াত আছোহি তাতো আহি পুহকৰ লগাদি এইচব লগ লাগিলহি । ইয়াক
আজি ভাল কৈ জাৰিব লাগিব ।
সুশান্ত: একটু
পিছত। মোৰ চকুত জড়াজৰি মানে সাবতা-সাবতি দৃশ্যটো
লেগে আছে। একটু উপভোগ কৰতে দিন ।
মদন:
উপভোগ কৰবা খুজছে । মনত
নাই নিজৰ ল’ৰা-ছোৱালী আৰু প্ৰেমত পৰি বিয়া কৰোৱা তিৰোতাই কি কৰালাহে ।
দিবাকৰ: সেই
প্ৰেম আমুৱা নাই---
সুশান্ত: (দুখত) ভুলে যাই,ভুলে
যায় আমাৰ অন্তৰেৰ মাজত এতিয়াও বাচি থকা প্ৰেমক আমি কবৰ যে দিতে হ’বে
সেটা ভুলে যায় ।প্ৰেমেৰ মাথাই আমি তিন লাথ মাৰি । এই
বেটা ভজহৰি, এই দিকে আয়---।
[মুৰ
খজুৱাই খজুৱাই
ভজহৰি আহে ]
ভজ:
মোক মাতিছিল—
সুশান্ত: এইখানে
তোৰ মত প্ৰেম সম্ৰাটতো এজনেই আছে।
মদন:
হাউ ভজ তোৰ লগত কি চৰ্ত্ত আছিল ? [ভজহৰি নিমাত]
দিবাকৰ: এতিয়া
চামোন ধৰা মানুহ হ’লে
নহ’ব
নহয়, নকৱ কেলৈ
কি চৰ্ত্ত আছিল মনত আছেনে নাই ?
ভজ:
আছে ।
সুশান্ত : তেন্তে
বলিস না কে ?
ভজ:
প্ৰেম নাৰী এইবোৰৰ পৰা দূৰত থাকিব লাগিব।
মদন
: দূৰত ক্যা, একেবাৰে দেখোন কি জৰি---
সুশান্ত: জড়াজৰি
।
মদন
: একদম জড়াজৰি ।
ভজ:
মানে ?
দিবাকৰ : ইস্ এতিয়া সি ভজা মাছ লুটিয়াই খাব নজনা হ’ল
সেইতাত………….
মদন:
আপীৰ লগত……
সুশান্ত: জড়াজৰি, সাবতা-সাবতি বেটা
মজা লুটিছে –
ভজ:
আপোনালোকে অইন কিবা দেখিলে নেকি ? বুঢ়া হৈছেতো চকুৰে জলক পলক দেখি কিবাত কিবাটো দেখিলে নেকি
?
দিবাকৰ : চূপ
অসভ্য। আমি অইন কিবা নেদেখিব পাৰো কিন্তু প্ৰেম……
মদন:
প্ৰেম কৰলি দেখাই নহয় কৰবাত প্ৰেম কৰলি আমি গন্ধও পাঁও বুইছ।
ভজ:
(স্বগোক্তি) বুঢ়া কেইটাৰ পৰা নিগমে মৰিলো । সিহঁতে
যেন প্ৰেম কৰাই নাছিল। ল’ৰা-ছোৱালী সবেই ঠগালে , তাৰ হোৰ তুলিছে আমাৰ দৰে প্ৰেমিকৰ ওপৰত।
দিবাকৰ: ঐ
কি দক্ষিণা নোপোৱা বামুনৰ নিচিনাকৈ ভোৰভোৰায় আছ । তই
সৈ কাঢ়িবিনে বিদায় দিম।
ভজ:
হয়, প্ৰেম কৰিছিলো
। মই
কৰা নাই , তাই কৰিছে , তাইৰ প্ৰেমৰ বৰ উৎসাহ। মই কি কৰিম।
সুশান্ত: নামটো
কি ?
ভজ:
সোনপাহী ।
দিবাকৰ: সোনৰ
পাহী হওক, ৰূপৰ পাহী
হওক, পিতলৰ পাহি
হওক ভবিষ্যতে যদি এইবোৰ ইয়াত চলে, তেতিয়াহ’লে
মোৰ এই কপি থকা হাতৰেই চৰ শোধাম ।[কলিং
বেল বাজিব]
মদন:
এতিয়া যা, বাহিৰত কোনোবাই
আটাহ পাৰবা ধৰছি ।[মদন,সুশান্ত,দিবাকৰ
প্ৰস্থান]
ভজ: নিজৰ হাতৰ তৰণি নাই মোক চৰ শোধায়, হাঁহি উঠা কথা নহয়নে ?[ভজ বাহিৰলৈ যায়। অৰুন্ধুতী দেৱী সোমাই আহে । বয়স ত্ৰিশ । অত্যাধুনিক সাজপোছাক , চকুত কলা চছমা, পাছে-পাছে ভজ]
(ভজই
অৰুন্ধুতীৰ ফালে
থৰ লাগি
চায় –Song with choreograph in Direction + তুনে
মাৰি………..। দিবাকৰ
সোমাই আহে
।
অৰুন্ধুতীক দেখি
তেৱোঁ ৰৈ
যায়। একে
ধৰণৰ গান
choreograph-গান –মাইজান
তোকে দেখা
পাই------সুশান্ত
আহি অৰুন্ধতীক
দেখি ৰৈ
যায় choreograph-গান –মধুৰ
মধুৰ। শেষত
আহে মদন। মদনৰো
একেই অৱস্থা
choreograph-গান-ফুল
ফুল ফুল। Direction
ভজ:
আপোনাক কি লাগে আৰু এইটো হৈছে পুৰুষৰ ব্লক , নাৰীৰ প্ৰৱেশ নিষেধ।
অৰুন্ধতী: তোমাৰ
নাম ?
ভজ:
ভজহৰি।
অৰু:
ভজ বুলি মাতিব পাৰোনে ?
ভজ:
পাৰে আকৌ কিয় নোৱাৰে । আপোনাৰ
মুখত ভজ নামতো শুনি মোৰ টফি এটা খাই থকা যেন লাগিছে ।
অৰু:
মই মাইকী মানুহৰ ব্লকলৈ গৈছিলো ।তাত ৰূম খালী নাই সেই কাৰণে ইয়াত থাকো…………
ভজ:
(লাহেকৈ) এই বুঢ়া কেইজন দেখিছে , মাইকী মানুহৰ নামত সাতটা দোৰ মাৰে আপোনাক যে এতিয়া কি কৰিব , ছে:
অৰু:
ৰ’বা, মই এবাৰ চেষ্টা কৰি চাঁওচোন ।
ভজ:
আপুনি জোৰ কৰি অহা বুলি ক’ব
দেই ,মই বাধা
দিছিলো বুলি ক’ব
।
অৰু:
হেৰি , আপোনালোকে শুনিৱছেনে ( হাত
চাপৰি বজাই
শব্দ কৰিব)---শুনিছেনে ?
READ the POST.......
[তিনিও
যেন সম্বিত
ঘুৰাই পায়
আৰু অৰুন্ধতীৰ
মুখলৈ চাই
থাকে]
অৰু:মোৰ নাম অৰুন্ধতী দত্ত। মই এটা কথাত আচৰিত হৈছো অলপ আগতে ভজই আপোনালোকক বুঢ়া আখ্যা দি কিবা কথা এষাৰ কৈছিল, Now I am surprised আপোনালোকক কিয় বুঢ়া আখ্যা দিয়া হৈছে । আপোনালোকতো
মোৰ চকুত এতিয়াও ডেকা হৈয়েই আছে । মানুহে
চাব জানিব লাগিব । চাব
জানিলে ধূতুৰা ফুলকো গোলাপ ফুল যেনেই লাগে ।
Person is not counted by years , but by mind , খুশবন্ত সিঙে নব্বৈ বছৰ বয়সতো বোলে প্ৰেম কৰিবৰ বাবে মনৰে সাজু আছিল । আপোনালোকৰতো
নব্বৈ হোৱা নাই ?
সমস্বৰে: নাই
নাই আমি বহুত সৰু ।
দিবাকৰ: চিন্তাৰ
বাবে বয়সৰ হয়তো কিঞ্চিত চাপ পৰিব পাৰে ।
মদন:
এথানো ফুটবল খেলবা পাৰো।
সুশান্ত : প্ৰেমেৰ
গীত গাইতে পাৰি (গায়) অলিৰ কথা শুণে বকুল হাসে-----(অৰুন্ধতীয়ে
দৰ্শকে দেখাকৈ
মুখ টিপি
হাঁহে ।)
ভজ:
এখেতে ইয়াত থকাৰ কথা কৈছে ।
অৰু:
মাইকী মানুহৰ ব্লকত খালী নাই । মই
বৰ দুৰ্ভগীয়া , আশ্ৰয়হীনা। মোক অকনমান আশ্ৰয় দিবনে ? (কন্দাৰ ভাও জোৰে)
ভজ:
নাই নাই নহ’ব
। খুড়াহঁতে
মাইকী মানুহৰ ছাঁটোকে সহ্য নকৰে। মাইকী মানুহে খুড়াহঁতৰ জীৱনটোকে তিতা কৰি পেলাইছিল। এতিয়া শান্তি বিচাৰি ইয়াত আছেহি । ইয়াতো
মাইকী মানুহ, নাই নাই নহ’ব
। আপুনি
বেলেগ কৰবাত আশ্ৰয় বিচাৰক ।
দিবাকৰ: (মৰমেৰে) ভজ, অ’
ভজ , মানুহৰ চিন্তা
জানো সদায় একেই থাকে , পৰিৱৰ্তনশীল জগতত চিন্তাৰোতো পৰিবৰ্ত্তন হ’ব
পাৰে ।
মদন:
বাপা ভজ কিয়া ৰত্নাকৰ বাল্মীকি হোৱা নাছিল ?
সুশান্ত: বুদ্ধদেবেৰ
জীবনেৰ কথা জান না ?
ভজ:
মই সেইচব কথা নাজানো -----, মুঠতে এখেত ইয়াত থাকিব নোৱাৰে Not allowed আপুনি যাওক-----(অৰুন্ধতীয়ে
একেথৰে ভজলৈ
চায়----নেপথ্যত
পুণৰ বাজি
উঠে---‘তুনে
মাৰি এণ্ট্ৰিয়াৰ’)
ভজ:
আপুনি নাজানে বাইদেউ----
অৰু: কিয় বাইদেউ বুলি মাতিছা , মইতো তোমাৰ বয়সৰেই, অৰুন্ধতী বুলি মাতিবা...
ভজ:
সঁচাকৈয়ে নে ?
অৰু:
সঁচাকৈ ।
ভজ:
তুমি নাজানা অৰুন্ধতী বাইদেউ-------
অৰু:
আকৌ বাইদেউ ?
দিবাকৰ: তাৰ
মুখত বাইদেউটোৱেই ভাল লাগিছে ।
মদন:
তই বাই বুলিয়েই মাতবি দে ।
সুশান্ত: বাইদেউ ,দিদি---আহা কত মিষ্টি লাগছে ।
অৰু:
আপোনালোকে যেতিয়া ইমানকৈ জোৰ দিছে , ভজ----বাইদেউ বুলিয়েই
মাতিবা ।
ভজ:
(স্বগোক্তি) শালা নাম নুমুৱা বুঢ়া কেইটাই মই পানী খাবলৈ ওলোৱা পুখুৰিটোত বৰবিহ ঢালি দিলে ।
অৰু:
ভজ কিবা কলা---
ভজ:
নাই অৰুন্ধতী---, অ’ নহয় বাইদেউ , মই ক’ব
খুজিছো এখেতসকলে এতিয়া মিঠা মাত দি ভদ্ৰ্লোক হৈছে , পাছত আপুনি ইয়াত থকাৰ বাবে ময়েই দায়ী হ’ম
আৰু মোক চৌদ্ধগোষ্ঠী উজাৰী গালি পাৰিব।
অৰু:
আপোনালোকে কি গালি দিব ?( গোটেই
কেইজনে বিভিন্ন
ধৰণৰ দৈহিক
ভাষাৰে গালি
নিদিয়াৰ ভাও
দিব ।)
দিবাকৰ: ভজ, আশ্ৰয়বিহিন লোকক আশ্ৰয় দিয়াতো অসমীয়া সংস্কৃতিৰ এক অংশ, তাতে নাৰী
নিৰাশ্ৰয়া হ’লে
কথাতো আৰু গভীৰ হয় ।
সুশান্ত: আমৰা
যদি এই আশ্ৰয় নাপালো হেতেন কি হ’ল
হেতেন !
মদন:
বাপা ভজ, এই আপীটো
যদি এতৈ আশ্ৰয় নাপায় যদি কৰবাত চুইচাইড কৰবা লাগে ?
অৰু:
হয় হয় , মই আশ্ৰয়
নাপালে চুইচাইডৰ বাহিৰে আন কোনো গতি নাই ।
ভজ:
ছি:, সেইবোৰ কথা
ক’ব
নাপায়, সেইচব পাপ কথা , তেনে কৰাবোৰ
পাপী,বাৰু অৰু---মানে
বাইদেউ
আপুনি ইমান নিৰশ্ৰয়া হোৱাৰ কাৰণ কি ? আপোনাৰ ঘৰত
মা-দেউতা-ভাই-ককাই
কি কোনো নাই ?
অৰু:
( নাটকীয় ভংগীত) সকলো থাকিও আজি মোৰ একো নাই । মই
সৰু থাকোতেই মা’ ঢুকাল, মা’----(কান্দে)।
মাহী আই আহিল, সতীয়া বাই হ’ল, বাবা মাহী আইৰ কথা মতে উঠা-বহা
কৰা হ’ল
। সতীয়া
ভাইৰ মোৰ ওপৰত অত্যাচাৰ চলিল। মোৰ বিয়াও ঠিক হৈছিল,কিন্তু মাহী
আয়ে বিয়াখন ভাঙি দিলে ।
দিবাকৰ:
খুব ভাল হ’ল !
অৰু:
কিয় ভাল হ’ল ?
দিবাকৰ:
(Nervous) কিয়
ভাল হ’ল
মানে-----কলিতা কিয়
ভাল হ’ল----
মদন:
কিয়া ভাল হ’ল
সেন----
সুশান্ত:
(হাঁহে) তোমাৰ যদি
বিয়া হৈ গ’লহেতেন
তেতিয়া আমি তোমাক
কেনেকৈ লগ পালোহেতেন
অৰু----
ভজ:
(গল হেকাৰ মাৰি)
অৰুন্ধতী---
সুশান্ত:
তাৰ পৰ---?
অৰু:
তাৰ পৰ আমাক
বাড়ী থেকে বেড়
কৰি দিল, এখন
আমি আশ্ৰয়েৰ সন্ধানে----
সুশান্ত:
কি চমৎকাৰ ! কি
চমৎকাৰ !! তুমি দেখেছি
বাংলাও বলতে পাৰ---
অৰু:
Originally আমি বাঙালী। অৱশ্যে
জন্ম আমাৰ আসামেই,
পঢ়া শুনা আসামিজ
মিডিয়ামেই কৰছি
।
আমি অৰুন্ধতী দত্ত,
বাঙালী দত্ত ।
সুশান্ত
: তুমি বাঙালী মেয়ে
কি সুন্দৰ (চুলিত
হাত ফুৰাই, নেপথ্যত
গীত:
তুমি কেন এত
সুন্দৰী হ’ল--।)
দিবাকৰ:
(হঠাৎ) সেন ইউ
আৰ টু মাছ
।
বঙালী মইও জানো
আই ন’ অলচ’
( ভঙা ভঙা বঙালী
কয়)
তোমাৰ কাহিনিটো শুণে
নহয় বৰ দূখ
পাইছো । অৱশ্যে যাৰ
কপালে যিটা লিখা
থাকব’ সেটাতো হ’বে
নে কি কোৱা
অৰু
?
ভজ:
অৰুন্ধতী---
মদন:
মই কি বঙালী
নাজনো---,বুচ্ছা অৰুন্ধতী
তোমাৰ গল্পটা শুনিয়া
তোমাৰ ভাই দুইটাকে
মাইৰাং ফেলাং ফেলাং
লাগছি---,মোৰ মোৰ
বঙালী ভাল নে
অৰুন্ধতী ?
ভজ:
বঙালী মই ক’ব
নোৱাৰিব পাৰো বাইদেউ,
কিন্তু মই সব
বুজি পাওঁ , একদম
ফিটালিং ফাইট (অৰুন্ধতীৰ
চুলিত হাত দিব
খোজে সুশান্তই
আঁতৰাই দিয়ে )
সুশান্ত:
মোৰ নাম সুশান্ত
সেন,
আমি কিন্তু খাটি
বাঙালী।
দিবাকৰ:
দেখিছা, ইমান দিনে
আমাক কৈ আছিল
, ‘মই যদিও উপাধিৰে
বঙালী, দৰাচলতে মই
মনে-প্ৰাণে
অসমীয়া। এতিয়া অৰুক
দেখি……………………
ভজ:
অৰুন্ধতী—
দিবাকৰ:
অ’
এতিয়া অৰুন্ধতীক পাইলৈ
বঙালী হৈ গ’ল
।
মদন:
এথান হে বুজছো
কুকুৰৰ নেজ চুঙাৰ
ভিতৰত দহবছৰ ৰাখিলেও
উলাই অনাৰ পাছত
সি পুণৰ বেকা
হ’বই।
অৰু:
দিবাকৰ দাদা, মদন
দাদা, সুশান্ত দাদা
আমি কোনো বঙালী-অসমীয়া নহয়----, আমি
হৈছো মানুহ---,
আমাৰ পৰিচয় মাথো
মানুহ ।(সুশান্তই গাই—‘মানুষ মানুষ্যেৰ জন্যে—)
মদন/দিবাকৰ:
মানুহ মানুহৰ বাবে
যদিহে----
অৰু:
মই এতিয়া যাওঁগৈ,
Bye bye…..ta ta…
সুশান্ত:
কোথায় যাচ্ছ ?
মদন:
কোথাই যাবা নিৰাশ্ৰয়া
নাৰী ?
দিবাকৰ:
হঠাতে জ্বলি থকা
বাল্ব এটা যেন
ফিউজ হৈ গ’ল।
ভজ:
কিয় যায়নো ?
অৰু:
এইতোটো মতা মানুহৰ
ব্লগ , তদুপৰি দাদাহঁতে
তিৰোতা মানুহৰ
ছাঁটোকে সহ্য কৰিব
নোৱাৰে, মই ইয়াত
কেনেকৈ স্থান লাভ
কৰিব পাৰিম ! মা’
মা’
----(কান্দি কান্দি যাব
খোজে,মাজে-মাজে
ঘূৰি চায়। মদন,সুশান্ত
আৰু দিবাকৰে নিজৰ
ভিতৰতে কথা পাতে)
Direction.
দিবাকৰ:
(কান্দি)- অৰু---
ভজ:
(কান্দি)—অৰুন্ধতী—
দিবাকৰ:
অৰুন্ধতী , আমি এটা
সিদ্ধান্তত উপনিত হ’লো,
আমি পাপ কৰিব
নোৱাৰো।
মদন:
এটা কাই কিছু
নোহোৱা আপীক এই
ৰকম খেদাই দিবা
নৌৰৌ---।
সুশান্ত:
তা হ’লে
আমৰা ওপৰত গৈ
কি জবাব দিম।
তুমি ইয়াতে থাকিবা
।
দিবাকৰ/মদন
: অ’
ইয়াতে থাকিবা। (ভজই হাঁহি-হাঁহি প্ৰস্থান
)
দিবাকৰ:
আমাৰ পৰা তোমাৰ
কোনো অনিষ্ট নহয়
।
মদন:
তোমাক আমি ৰক্ষা
কৰিম ।
অৰু:
সঁচা, মই ইয়াতে
থাকিম ! দিবাকৰ দাদা,
মদন দাদা, সুশান্ত
দাদা----আপোনালোক ইম্মান
ভাল ।
সুশান্ত:
মেচ দিউজৰ জন্যে
চিন্তা নেই, আমিতো
আছো---।
অৰু:
মই নিজে চলি
যাব পৰাকৈ সৰু
চাকৰী এটা কৰো
, সেইটোৰ চিন্তা নাই
, চিন্তা কেৱল মোৰ
আশ্ৰয়ৰ ।
দিবাকৰ:
আমি তোমাক আশ্ৰয়
দিলো।
মদন:
কিয়া নেদিম, আলবৎ
আশ্ৰয় দিছো।
অৰু:
আপোনালোক ইমান ভাল---
You are like honey, so sweet………..
মদন/দিবাকৰ/সুশান্ত: হয়নে-----Direction
ক্ৰমশঃ.........
Comments
Post a Comment
If you have any doubts, please let me know.