ফ'ৰ লেনৰ দুখ

![]() |
বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ |
বৃদ্ধাশ্ৰমত প্ৰেমৰ ফাগুণ
( part-4 & part-5)
নাট্যকাৰঃ ঐশ্বৰ্য কাকতি
৪ নং দৃশ্য
[অৰুন্ধতীয়ে Laptop ত কাম কৰি থাকে । লাউঞ্জত দেৱৰ প্ৰৱেশ। দেৱ অৰুন্ধতীৰ প্ৰেমিক, বয়স ৪৫ মান হ’ব । সোমাই আহিব আৰু চুচুক-চামাককৈ ইফালে সিফালে চায়। অৰুন্ধতী বুলি মাতিব খোজোতেই অৰুন্ধতী সোমাই আহে ।]
অৰুন্ধতীঃ
তুমি ইয়ালৈ কিয়
আহিছা ? মই মানা
কৰা নাছিলো ? [অৰুন্ধতী আৰু দেৱই কথা পাতে, দৰ্শকে নুশুনে কেৱল অংগী-ভংগী দেখে । সোমাই আহে দিবাকৰ । অৰুন্ধতী আৰু দেৱ অপ্ৰস্তুত হয়।]
দিবাকৰঃ
কোন তুমি ? ইয়াত
প্ৰয়োজনেই বা কি
?
অৰুঃ
দিবাকৰ দাদা, এওঁ
মোৰ অফিচৰ সহকৰ্মী।
বৰ দৰকাৰী চহী
এটা থাকি গ’ল
গতিকে চহীটো কৰাবলৈ
আহিছে।
দিবাকৰঃ
চহী
! চহী কিহত কৰিবা
? হাতত নেকি ?
দেৱঃ
লৰালৰিত চাইকেলতে ফাইলটো
এৰি আহিছো, লৈ
আহোগৈ (প্ৰস্থান)
দিবাকৰঃ
অৰু---(কৰবাৰ পৰা যেন ভজৰ মাত ভাঁহি আহে ----অৰুন্ধতী---, দিবাকৰে ইফালে সিফালে চায়)
দিবাকৰঃ
(গল হেকাৰি মাৰি)—অৰুন্ধতী,
অফিচৰ সহকৰ্মীবোৰ বৰ
ডেঞ্জাৰাছ বস্তু। সদায়
সাবধানে থাকিব লাগে
।
মোৰ এগৰাকী অফিচৰ
সহকৰ্মীনী আছিল বুজিছা,
চহী কৰোৱাৰ চলেৰে
প্ৰায়েই মোৰ হাতত
হাত লগাই, গাত
গা লগাই ( দিবাকৰে অৰুন্ধতীৰ হাতত হাত লগাই, গাত গা
লগাই, অৰুন্ধতী অলপ আঁতৰী আহে) মানে
ঠিক এইদৰে। বৰ
দিগদাৰ কথা। ময়ো
তেতিয়া ডেকা, মোৰোতো
এটা ইয়ে বুজিছা
নহয়---
অৰুঃ
বুজিছো, ইয়ে মানে
দৈহিক উত্তেজনা , এটা
প্ৰেম প্ৰেম ভাবৰ
উদয়----নহয়
জানো ?
দিবাকৰঃ
Exactly , সকলো সহকৰ্মী বা
সহকৰ্মীনীৰ এক স্বভাৱ
গতিকে……………
[দেৱ আহে হাতত ফাইললৈ]
দেৱঃ
বাইদেউ চহীটো কৰক
।
দিবাকৰঃ
তোমাৰ নাম ?
দেৱঃ
দেৱজিত দুৱৰা।
দিবাকৰঃ
তোমাৰ নামটোত Romantic
romantic ভাৱ
এটা আছে, মনটোতো
চাগৈ Romanticism ৰ ভড়াল
এটা পুহি ৰাখিছা
।
দেৱঃ
দুখীয়া মানুহ ককা
কি আৰু…………
দিবাকৰঃ
(খংৰে) ককা ? কোন
ককা
? তুমি ইয়াত কি
মৰিবলৈ আহিছা ? চেহেৰা
পাতিত আবেলিৰ বেলিৰ
ৰং অকণমান পৰিলেই
ককা বুলি মতাৰ
বদ অভ্যাস এটা
গঢ়ি তোলাটো তোমালোকৰ
Generationৰ এটা অভ্যাস।
তোমাক যেন ইয়াত
দুনাই দেখা নাপাও----,
যি চহী-তহী
কৰাব লগা আছে
অফিচত কৰাবা । অ’ ৰ’বা
, তুমি চহী কৰাওতে
অৰুন্ধতীৰ হাতত হাত
লাগে----?
দেৱঃ
কেতিয়াও নালাগে বাইদেউক
আমি ভয় কৰো
।
দিবাকৰঃ
গাত গা লাগে
? মানে এনেকৈ অৰুন্ধতীৰ
গাত গা লগাই
[Direction]
দেৱঃ
(জিভা উলিয়াই) বাপৰে
বাইদেউৱে জান খাব।
দিবাকৰঃ
মানে জান নাখালে
লগালা হেতেন ?
দেৱঃ
ক’ব
নোৱাৰো ।
অৰুঃ
এয়া চহী হ’ল
তুমি এতিয়া যোৱা
(যাব খোজে )
দিবাঃ
শুনা, তোমাৰ মুখত
যদি পুণৰবাৰ সেই
ককা শব্দটো শুনো,
তেন্তে মই----(খঙত
হাতখন বেছিকৈ কঁপে)
দেৱঃ
আপোনাৰ হাতখন বৰকৈ
কঁপিছে।
অৰুঃ
দেৱ
, তুমি যোৱা দিবাকৰ
দাদাৰ হাত কঁপা
নাই
,এইয়া এটা স্বভাব
।
দিবাকৰঃ
How sweet ,you are, শুনিলা মই
দিবাকৰ দাদা your…….
দেৱঃ
যাওঁ বাৰু দিবাকৰ
দাদা, পৰাহেতেন দিবাকৰ
ভাইটি বুলিয়েই মাতিলো
হেতেন……
দিবাকৰঃ
You rascal.
(দিবাকৰে
খেদি যায়,দেৱ
পলাই, অৰুন্ধতীয়ে মুখ
টিপি হাঁহে, দিবাকৰ
পুণৰ আহে।)
দিবাকৰঃ
Disgusted, অৰু এনেকুৱা সহকৰ্মীৰ
লগত কাম কৰা
বৰ টান নহয়
?
অৰুঃ
কি কৰিম দিবাকৰ
দাদা, পেটৰ দায়ত
চাকৰি, আৰু চাকৰিত
এইবোৰ আছেই।
দিবাকৰঃ
উপায় নাই নহয়,
কিন্তু এটা কথা,
তুমি চহী-তহীবোৰ
কৰোঁতে তাক-------, মানে
সেই rascal টোক
দুৰত ৰৈ থাকিবলৈ
দিবা । চল পালে
কুকুৰে গললৈকে জপিয়াই
বুলি কথা এষাৰ
আছে নহয় ।
অৰুঃ
দিবাকৰ দাদা, মই
সেই বিষয়ত বৰ
সাৱধান। অলপো আসৈ
যাতে নাপায় তাৰ
বাবে মই সদায়
Careful.
দিবাকৰঃ
Very good, very good…..[দিবাকৰৰ হঠাৎ
কথা নোহোৱা হৈ
যায়। অৰুৱে কাগজ
চায়। দিবাকৰে কিবা
ক’ব
খোজে,পুণৰ মনে
মনে থাকে। অৰুৱে
কাগজৰ আঁৰলৈ দিবাকৰলৈ
চায়। হঠাৎ দিবাকৰে
প্ৰায় চিঞৰি কয়-----]
দিবাকৰঃ
You are beautiful……………………..
অৰুঃ
কিবা ক’লে
?
দিবাকৰঃ
ভুলতে মুখৰ পৰা
ওলাই গ’ল
You are
beautiful বুলি ।
অৰুঃ
Really , you are so sweet বাঃ…………….
দিবাকৰঃ
(সেপঢুকি) মই সঁচায়
sweet ?
অৰুঃ
সঁচাকৈয়ে দিবা দাদা-----
দিবাকৰঃ
Repeat কৰা,
Repeat কৰা
!
অৰুঃ
দিবা দাদা----------
দিবাকৰঃ
লাহেকৈ, সেই বুঢ়া
দুটাই শুনিব , তেওঁলোক
মোৰ ওপৰত Jealous.
অৰুঃ
কিয়
?
দিবাকৰঃ
এই যে তুমি
মোৰ প্ৰতি অলপ
Soft.
অৰুঃ
আপুনি কেনেকৈ জানিলে
?
দিবাকৰঃ
(কবিতা) নাৰীৰ অন্তৰ
পঢ়িব পৰা ক্ষমতা
আছে মোৰ,
নাৰীক
জুখিব পৰা মগজত
আছে মোৰ জোৰ
!
অৰুঃ
বাঃ কি সুন্দৰ
কবিতা , মই কবিতা
বৰ ভাল পাওঁ
জানে---------
দিবাকৰঃ
তুমি কবিতা ভাল
পোৱা , মইওঁ ভাল
পাওঁ কবিতা, আৰু
শুনিবা------
অৰুঃ
অইন এদিন শুনিম
, আজি কবিতা শুনা
Moodটো কম আছে।
দিবাকৰঃ
নালাগে নালাগে, মুড
নাথাকিলে কবিতা শুনিব
নাপায় ,নজমে, অইন
এদিন শুনাম ।
অৰুঃ
আজিলৈ ইমানতে সামৰো,
একেদিনাই সকলো শেষ
কৰিব নাপায় নহয়,
You naughty boy…….
দিবাকৰঃ
Naughty তাকো boy,হ’ব
আজিলৈ ইমানতে শেষ
কৰা ভাল , লজেঞ্চ
চুপি চুপি লাহে
লাহে খাব লাগে,
মই যাওঁ----
(দিবাকৰ যাব খোজে অৰুৱে মাতে)
অৰুঃ
দিবা দাদা, আপোনাৰ
এই কপনিটো কিমান
দিনৰ ?
দিবাকৰঃ
(স্বগোক্তি) মৌচাকৰ জোল
খাবলৈ লওঁতেই মৌৰ
কামোৰ, এইয়া কপনি
নহয়----,
এয়া এক ছন্দ--,
পৃথিৱীখন এক ছন্দত
ঘুৰি আছে , আমাৰ
জীৱন------, মানে Heart টো
এটা ছন্দত চলি
আছে-------লাব
ডুব,
লাব ডুব । এই
ছন্দৰ বাবেহে মই
ছন্দায়িত (গায় নাচে)
বিশ্বৰ ছন্দে ছন্দে……………
অৰুঃ
তাৰমানে আপুনি এজন
ছন্দায়িত লোক, পিছে
এই ছন্দটো দেখিবলৈ
কুৰূপা আৰু আপোনাৰ
সৌন্দৰ্যৰ লগত ছন্দটো
খাপ নাখায়, bad looking bye(যায়)
দিবাকৰঃ
চিন্তা , এক গভীৰ
চিন্তাত মই নিমগ্ন
হ’ব
লাগিব, এই ছন্দক
দণ্ড দিবই লাগিব,
মই যাওঁ-----,প্ৰেমত
উৰিছে ভূ-মণ্ডল,
প্ৰেমত ফুলিছে শতদল। (প্ৰস্থান)
অৰুঃ
(হাঁহে)---- প্ৰেমত পৰিছে
বুঢ়া দিবাকৰ, প্ৰেমত
হৈছে মতি লৰচৰ----। Direction.
(অৰুৱে সুশান্তৰ কোঠালৈ চায় মাতে)
অৰুঃ
সুশান্ত দাদা, অ’ সুশান্ত
দাদা- অকণমান মাত
দিয়কচোন ।
সুশান্তঃ
(ভিতৰৰ পৰা) অৰু
আমি এখন যাব
নোৱাৰিম।
অৰুঃ
আহক না অকণমান---Please
darling……
সুশান্তঃ
(ভিতৰৰ পৰা) Darling, Darling ,
তেনেহ’লেতো যাবই
লাগিব। যাই লাং-
থাকে লাং।
(সুশান্তৰ
প্ৰৱেশ)
অৰুঃ
কিনো মেয়ে ছেলেৰ
মত ভিতৰত সোমাই
থাকে , আহক না
কথা পাতো Bore লাগিছে
জানে।
সুশান্তঃ
ছয়টা বাজতে পোন্ধৰ
মিনিত বাকী ,আমি
শুধু পোন্ধৰ মিনিট
তোমাৰ সংগে আলাপ
কৰব।
অৰুঃ
মাত্ৰ পোন্ধৰ মিনিট
কেন
?
সুশান্তঃ
পোন্ধৰ মিনিট পৰ
আন্ধাৰ হ’ব
।
মানে ৰাত্ৰি নেমে
আসবে---।
অৰুঃ
তাতে কি হ’ল ?
ৰাতি হ’ল
হ’ল----।
সুশান্তঃ
না--,
মানে ইয়ে আৰ
কি
---ৰাত্ৰে বেলায় তোমাৰ
মত সুন্দৰীৰ লগত
কথা পাতি থাকিলে
বদনাম হৈ যোৱাৰ
Chance থাকে
তো সে জন্যে----।
অৰুঃ
নাই নাই, সেইটোলৈ
ভয় কৰা ছোৱালী
মই নহয়। ভয়
কৰা হেতেন মতা
মানুহ থকা আশ্ৰমত
নাথাকিলোৱেই হেতেন। আহক
সেই তাতে বহো।
আপুনি অলপ বহক,
মই অলপ বাথৰুমৰ
পৰা আহো।
সুশান্তঃ
(ভয়ত)
দেৰী কৰবে না
তো
?
অৰুঃ
নাই নাই, এই
যাম আৰু এই
আহিম ( অৰু যায়)
(সুশান্তই Mobile জেপত ভৰাব খোজোতেই হাতৰ পৰা পৰি যায়। কুজাহৈ বিচাৰি থাকে। Direction বাহিৰৰ পৰা ভজ আহে আৰু ভিতৰৰ পৰা অৰুন্ধতী )
ভজঃ
(স্বগোক্তি) বচ, কাম
হৈ গ’ল।
অৰুঃ
(আচৰিতহৈ এবাৰ ভজলৈ
এবাৰ সুশান্তলৈ চায়)—ভজ
কৰপৰা আহিলা ?
ভজঃ
কেবলৰ বিল দিবলৈ
গৈছিলো ।
অৰুঃ
অ’
হয় নেকি , সুশান্ত
দাদা----আপুনি কি
বিচাৰি ফুৰিছে ?
সুশান্তঃ
Mobile তো কোথায় ৰাখালাম,বিচাৰি
পোৱা নাই।
ভজঃ
কেনেকৈ বিচাৰি পাব,
আপুনি হৈছে………………..
সুশান্তঃ
চুপ
! তুই মাজখানে কথা
কবি না। তুই
ভিতৰে যা----
ভজঃ
মই যাওঁ। কিন্তু
মই নাথাকিলে আপোনাৰ
কি অৱস্থা হ’ব ?
সুশান্তঃ
আমি যেতে বলছি
যা---(ভজ
যায়)---এখন
বল’
অৰু কি কথা
।
অৰুঃ
মোৰ আজি মুদ
বৰ ভাল, গান
গাবৰ মন গৈছে।
সেই দুজন Walk লৈ
গৈছে। ঘৰত আপুনি
আৰু মই , গতিকে-----
সুশান্তঃ
তুমি গান ভাল
বাস না ?
অৰুঃ
অ’
মই গান ভীষণ
ভাল পাওঁ।
সুশান্তঃ
আমি আমি গান
Practice কৰব,
তোমাকে মিষ্টি মিষ্টি
গান শুনাব।
অৰুঃ
বাঃ আপনি কত
মিষ্টি ছেলে।
সুশান্তঃ
তুমি বলেছিলে গান
গাবে, এখন গাওঁ।
(অৰুন্ধতী গান গায়। গাই গাই মঞ্চৰ একাষে যায়। সুশান্তই অইন ফালে বিচাৰে ) Direction…
অৰুঃ
সুশান্ত দাদা, মই
এইফালেহে আছো। আজি
আপুনি কিয় এনেকুৱা
কৰিছে ? গা ভাল
নাই নেকি?
সুশান্তঃ
I am all right. মোৰ শৰীৰ ঠিক
আছে । মই এতিয়াও
এক কিল’মিটাৰ
দৌৰতে পাৰি। মই
আছলতে ঐ দিকে
কিবা এটা চাইছিলো।
(অৰুৱে পুণৰ গান আৰাম্ভ কৰে। সুশান্তই উজুটি খাই পৰে। অৰু দৌৰি আহে ,ভিতৰৰ পৰা ভজ আহে)
ভজঃ
মই জানিছিলোৱেই এনেকুৱা
কিবা এটা হ’ব
।
অৰুঃ
কি হ’ল
দুখ পালে নেকি
? আপুনি সেইখন দেখা
নাছিল নেকি ?
ভজঃ
ক’ত
দেখিব------
সুশান্তঃ
খবৰদাৰ , খবৰদাৰ----একটা
শব্দও উচ্চাৰণ কৰবি
না ।
অৰুঃ
আপুনি আজি মোৰ
Mood টোৱেই Breck কৰি দিলে
।
বলক সৌ তাতে
বহি কওঁ বলা
কথাটো কওঁ । ভজ,
তুমি ভিতৰলৈ যোৱা
ভাই।
সুশান্তঃ
মই গ’লে
এই কিকুৰী………………….
সুশান্তঃ
তোৰ জান আজকে
খটম কৰিম------
অৰুঃ
কি কুকুৰীৰ কথা
ক’লে
ভজই
?
সুশান্তঃ
কুকুৰী নহয় , খুকুৰী---খুকুৰী---,
আমাৰ খুকুৰীতা তাকে
লাগে , সেই জন্যেই।
ভজঃ
ফাঁকি দি কি
লাভ-----,
আপুনি যে কুকুৰীকণা
কৈ নিদিয়ে কিয়
?
সুশান্তঃ
তোক আজকে……………
(সুশান্তই ভজ বুলি অৰুৰ গালত চৰ মাৰে। ভজ পলাই)
অৰুঃ
আপুনি মোক চৰ
মাৰিলে সুশান্ত দাদা
!
সুশান্তঃ
খটম!
চব গৰবৰ ! আমাৰ
আশাৰ কাৰেং ভেঙে
চুৰমাৰ হয়ে গেল।
অৰুঃ
আপুনি মোক চৰ
মৰাৰ ফাইন দিব
লাগিব ।
সুশান্তঃ
কি কৰতে হ’ব
বল,
তুমি যা চাইবে
তাই দেব, তুমি
শুধু খাৰাপ পাবে
না ।
অৰুঃ
আপোনাৰ ফাইন হৈছে
দুইহেজাৰ টকা।
সুশান্তঃ
দুইহেজাৰ কেন, পাঁচ
হাজাৰ দেব । তুমি
শুধু খাৰাপ পাবে
নাতো ।
অৰুঃ
কিয় পাম মোৰ
কুকুৰীকণা Darling
(সুশান্তি জিভা উলিয়াই)
৫ নং দৃশ্য
(লাউঞ্জৰ দৃশ্য। দেৱ সোমাই আহে)
দেৱঃ
(চেপা
মাতৰে) অৰু, অৰু
,অৰু আছানে ?
অৰুঃ
তুমি আকৌ আহিলা,তেওঁলোকে
দেখিলে ----------
(বাহিৰৰ পৰা দিবাকৰ আহে )
দিবাকৰঃ
সহকৰ্মীৰ পুণৰ আবিৰ্ভাৱ,
তুমিতো বৰ অভদ্ৰ
সহকৰ্মী। তোমাকতো সিদিনা
ইয়ালৈ আহিবলৈ মানা
কৰিছিলো। সহকৰ্মীৰ সঘন
অহা যোৱাটো বৰ
ভাল লক্ষণ নহয়।
চহী কৰিবলৈ অনা
ফাইল ?
দেৱঃ
অ’
সেইটো ফাইল, মানে
হেৰি হ’ল------
দিবাকৰঃ
কি হেৰি হ’ল ?
দেৱঃ
হেৰি হৈ গ’ল ,
মানে গৰুৱে খাই
দিলে ।
দিবাকৰঃ
বাৰু ফাইল গৰুৱে
খালে, তোমাৰ মুৰতো
কোনে খাব ?
দেৱঃ
আপুনিয়েই খাওঁক।
অৰুঃ
তুমি যোৱা । শইকীয়া
, ভবিষ্যতে কিবা চহী
কৰিব লগা থাকিলে
সকলো ফাইল মই
ঘৰলৈ আহিবৰ সময়ত
দি পথাবা……..Understand.
দেৱঃ
Understand বাইদেউ, কিন্তু এই
সকলৰ কাম কাজবোৰ
কিবা Non-understand যেন লাগিছে।
ভজঃ
মোৰ আকৌ আপোনাক
Understand ৰ বাহিৰৰ যেন
লাগিছে ।
দিবাকৰঃ
ভজ
No comment, অৰু-----,
অৰুন্ধতীৰ অফিচৰ সহকৰ্মী।
তই ভিতৰলৈ যা
(ভজ প্ৰস্থান। দেৱক
ক’ব)----
তুমি কবিতা জানা
?
দেৱঃ
নাজানো ।
দিবাকৰঃ
Very good, কবিতা-চবিতা জানিবলৈ-পঢ়িবলৈ
চেষ্টা নকৰিবা । মই
আকৌ কবিতা জানো।
কবিতা যেয়ে সেয়ে
আয়ত্ব কৰিব নোৱাৰে
।
তোমাৰ দৰে গৰুক
ফাইল খুওৱা লোকেতো
আৰু নোৱাৰে।
দেৱঃ
অৰু
!
দিবাকৰঃ
কি বুলিলা ? অৰু--?
সহকৰ্মীৰ ধৃষ্টতা দেখা
অৰু,
ই বৰ Dengerous সহকৰ্মী।
ইয়াক দোকোব নিদিয়ালৈকে
শান্তি নাই, ভজ
টাঙোনদাল আন।
(অৰুৱে ইংগিতৰে দেৱক যাবলৈ কয়। দেৱই দিবাকৰৰ ফালে চাই দাঁতমুৰ কঁৰচি যায়)
দিবাকৰঃ
আজিৰ পৰা অফিচ
চুটিৰ সময়ত তোমাৰ
অফিচৰ আগত মই
ৰৈ থাকিম গৈ
।
তুমি মাথো মোক
অফিচটো দেখুৱাই দিবাগৈ।
অৰুঃ
কিয়
?
দিবাকৰঃ
নহ’লে
এই
Dengerous সহকৰ্মীটো ফাইল চহীৰ
নামত এনেয়ে আহি
দিগদাৰ কৰি থাকিব।
NO No you never know the intention of the Such person.
অৰুঃ
দিবা দাদা, নালাগে-----,
ইমান কষ্ট কৰিব
কিয় লাগে ? তাতে
আপুনি এই বয়সত………..
দিবাকৰঃ
No I am Still young…….
অৰুঃ
হয়নে দিবা দাদা,
মই আজি এই
Rascal টোৰ কথা অফিচাৰক
কমগৈ যাতে action লয়।
দিবাকৰঃ
ক’বা,
তাক
Suspend কৰিবলৈ ক’বা
।
কি
Suspendহে একদম Dismiss কৰিবলৈ
ক’বা।
অৰুঃ
আপোনাৰ কথা আৰু
মই পেলাম নে
? You are Naughty boy………..
দিবাকৰঃ
You young Naughty boy,মই কৰিলো
তোমাক জয় । (নাচি
নাচি প্ৰস্থান)
অৰুঃ
সুশান্ত দাদা, অ’ সুশান্ত
দাদা-------
সুশান্তঃ
(সুশান্তি ভিতৰৰ পৰাই
ক’ব) মই
এতিয়া যাব নোৱাৰিম
।
অৰুঃ
আপুনি মাজে-মাজে
ভিতৰত সোমাই কি
কৰে
? মাতিলে যদি ওলাই
নাহে----মই ইয়াৰ
পৰা গুছি যাম-----
সুশান্তঃ
(সুশান্ত মুখত Facial কৰি
ওলাই আহে) বাপৰে,
তুমি গুছি গ’লে
সব খটম হয়ে
যাব।
অৰুঃ
সুশান্ত দাদা, মুখত
এইবোৰ কি সানিছে
?
সুশান্তঃ
অলপ হেৰি সানিছিলো,
মানে সানি দিছিল।
অৰুঃ
কোনে ?
সুশান্তঃ
কোনে মানে , এইযে
কইনাবোৰক বিয়াৰ দিনা
সানি-মেলি দিয়ে--------
অৰুঃ
Beautician…
সুশান্তঃ
Yes সেইজনীয়েই মেখে দিলে।
অৰুঃ
আপুনি নিশ্চয় মাতিছিল-----
সুশান্তঃ
(লাজ লাজ) হাঁ----
অৰুঃ
কি কৰিবলৈ মাতিছিল
?
সুশান্তঃ
আমাৰ লজ্জা কৰছে-------
অৰুঃ
কিহৰ লাজ সুশান্ত
দাদা, মোক হে
ক’ব-----।
সুশান্তঃ
কাউকে বলবে না
টো,
সেই বুঢ়া দুটাকো
বলবে না। মানে
একটু Facial কৰছিলাম,
আৰ কি।
অৰুঃ
(হাঁহি)—কিয় ?
সুশান্তঃ
এইযে একটু Young young, তুমি
ভাল পোৱা Skim, soft,
Glage-Glow এইসব আৰ কি-----।
আৰু
একটা জিনিচ দেখাব
, একটু দাড়াও---------
(সুশান্ত ভিতৰৰ পৰা মূৰত লগোৱা Device এটা পিন্ধি আহে )
অৰুঃ
অ’
মা,
এইটো আকৌ কি
?
সুশান্তঃ
শালা কুকুৰীকণা তাক
লাথ মাৰি দিছো।
এতিয়া শালা সি
মোৰ পা চাটবে।
অৰুঃ
বাঃ সুশান্ত দাদা
Facial, মূৰত নতুন Divece, You are
looking handsome. সুশান্তঃ সত্য
বলছ’
অৰু---
অৰুঃ
Really সুশান্ত
দাদা ।
সুশান্তঃ
আমি কি তোমাৰ
সংগ লভিছো।
অৰুঃ
হয় সুশান্ত দাদা,
আপুনি লভিছে মোৰ
সংগ।
[Choreograph—কি যে তোমাৰ ,সংগ প্ৰিয়া]
TO BE CONTINUE..........
WRITER: AISWARYYA KAKOTI, TEZPUR
Comments
Post a Comment
If you have any doubts, please let me know.