সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মোৰ দৃষ্টিত নাটক

 

মোৰ দৃষ্টিত নাটক

মোৰ দৃষ্টিত নাটকঃ

মোৰ দৃষ্টিত নাটকঃ

 

                             নাটকসাহিত্যৰ এক বিশেষ ভাগ বা শাখা তাৰোপৰি নাটক এক শক্তিশালী গণমাধ্যম নাটক এখন ৰচনা কৰোতে নাট্যকাৰে সামাজিক দায়বদ্ধতাৰে সামাজিক ক্ষেত্ৰখনৰ সামগ্ৰিক দিশত গুৰুত্ব প্ৰদান কৰাতো অতি আৱশ্যকীয় বিষয় বিভিন্ন প্ৰকাৰৰ নাটক পাৰে, কেৱল মাথো দৰ্শক-শ্ৰোতাক আনন্দ দিবলৈ মনোৰঞ্জনমূলক নাটক লেও আদৰ্শগত উদেশ্যৰে কোনো বিশেষ ধৰণৰ বাৰ্তা থকাতো প্ৰয়োজন সামাজিক বাতাৱৰণ, জীৱনৰ আনন্দ-সুখ-দুখ-হাঁহি-কান্দোন-হিংসা-বিদ্ৰোহ-সমস্যা ইত্যাদিৰ উপৰিও; ইতিহাস, দেশপ্ৰেম, জাতিপ্ৰেম, সমাজৰ বিভিন্ন বিষয়ৰ সজাগতামূলক নাটক ইত্যাদি ভিন্ন বিষয়ৰ ওপৰত নাটক ৰচনা হয় 

#মোৰ দৃষ্টিত নাটক:

অনাতাঁৰ, মঞ্চ, মুকলি মঞ্চবাটৰ নাট, দূৰদৰ্শণ আদিৰ বাবে নাট্য লেখক সকলে সেই বিষয়বোৰলৈ নাটক ৰচনা কৰে এখন উপন্যাস বা এটি গল্প পাঠ কৰিলে তাৰ পূৰ্ণতা পোৱা যায়, কিন্তু নাটক এখন শুদ্ধ ৰূপত অভিনয়ৰ দ্বাৰা পৰিৱেশন নোহোৱালৈকে সম্পূৰ্ণ হৈ নুঠে বা নাট্যলেখকৰ উদেশ্য সাৰ্থক নহয় সেয়ে নাটক এখন দৰ্শক-শ্ৰোতাৰ আগত পৰিৱেশন কৰাওতে উপস্থাপন শৈলিত বিশেষ ভাবে গুৰুত্ব দিব লাগিব দৰ্শকৰ বোধগম্য হোৱাকৈ

 নাটকে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশাল স্থান দখল কৰি ৰাখিছে সামাজিক ৰাজনৈতিক আদি প্ৰায় সকলো দিশতে নাটকৰ প্ৰভাৱ সুদুৰ প্ৰসাৰী মানুহৰ জীৱন-ধাৰনা বা একোখন জীয়া বাস্তৱ ছবিত অংকন কৰা মানুহৰ হাঁহি-কান্দোন,সুখ-দুখ, ঘাট-প্ৰতিঘাট আদি ঘটনাপ্ৰবাহৰ প্ৰতিফলন হয় নাটকৰ মঞ্চত জীৱন যাত্ৰাৰ  সৰু সৰু কথাবোৰেই, মানুহৰ নানান ধৰণৰ চিন্তাবোৰৰ দ্বাৰাই সৃষ্টি হয় নাটক নাটকৰ লগত দৰ্শক-শ্ৰোতাৰ সম্পৰ্ক অতি ওচৰৰ আৰু প্ৰত্যক্ষ

#মোৰ দৃষ্টিত নাটক:

যিহেতু নাটক সৃষ্টি হয় দৰ্শক-শ্ৰোতাৰ বাবেই, সেয়ে নাটক এখন মঞ্চস্থ কৰাওতে দৰ্শক ৰাইজক দেখাবলৈ বা শুনাবলৈ লোৱা বিষয়টিৰ গুৰুত্ব মুখ্য লাগিব নাটকৰ কাহিনী অথবা বিষয়, চৰিত্ৰ, সংলাপ আৰু পৰিবেশ---; যদিও সংলাপ থাকিব লাগিবই বুলি ধৰা বন্ধা কথা নাই সংলাপ বিহিন অভিনয়ো নাটকৰ অংশ ---,সাধাৰণতে এই চাৰিওটা বিষয়ক গুৰুত্ব প্ৰদান কৰি নাট্য লেখক সকলে নাটক ৰচনা কৰে

সাধাৰণতে প্ৰত্যেক নাটকতে একোটা অথবা কোনো কোনো নাটকত মিশ্ৰিত কাহিনী থাকে সেই কাহিনীক চৰিত্ৰ আৰু সংলাপৰ দ্বাৰা  দৰ্শক শ্ৰোতাৰ সন্মুখত উপস্থাপন কৰা হয় নাটকত মাত্ৰ কাহিনী, চৰিত্ৰ আৰু সংলাপৰ উপৰিও আৱহ সংগীত, পোহৰ, শব্দ, নৃত্য-গীত, দৃশ্যসজ্জা,ৰূপসজ্জা, পোছাক আদিও অত্যাৱশ্যকীয় বিষয়

#মোৰ দৃষ্টিত নাটক:

নাটক এখন অভিনীত কৰোৱাৰ আগতে আখৰা কৰাটোও অতি গুৰুত্বপূৰ্ণ বিষয় আখৰাৰ অন্তত সেই নাটক দৰ্শক-শ্ৰোতাৰ সন্মুখত অভিনয়ৰ দ্বাৰা পৰিৱেশন কৰা হয়

গতিকে নাটক এখন উপস্থাপনৰ এই সমস্ত কাম সমাপন কৰাৰ আগতে, এক নীতি-নিৰ্দেশনাৰ প্ৰয়োজনৰ কথা এৰাই চলিলে মঞ্চত খেলি-মেলি হোৱাতো স্বাভাবিক,সেইয়ে নাটক এখনৰ মুখ্য নিৰ্দেশক বা পৰিচালক থাকিব লাগিব পৰিচালকজনৰ দায়িত্ব অধিক নাট্য বিষয়ক জ্ঞান বা অৰ্হতা নথকা এজনে নাটক পৰিচালনা কৰাটো ভুল বা অসম্ভৱ কথা নাট্য পৰিচালকৰ নাটক খনৰ সম্পূৰ্ণ অধ্যয়ন, অভিনয়, সংগীত, শব্দযোজনা, আলোকসম্পাত, দৃশ্যসজ্জা আদিৰ জ্ঞান থকাতো অত্যন্ত জৰুৰী বিষয়

#মোৰ দৃষ্টিত নাটক:

অৱশ্যে নাট্য বিষয়ৰ উক্ত বৈশিষ্ট্য সমূহ সাধাৰনতে মোৰ দৃষ্টিত দেখা দিয়া আমাৰ সমাজৰ পেছাদাৰী বা অপেছাদাৰী মঞ্চত মঞ্চস্থ হৈ থকা নাটক সমূহৰ বিষয়তহে উল্লেখ কৰা হৈছে সকলো নাটকৰ ক্ষেত্ৰত উক্ত বৈশিষ্ট্য সমূহ প্ৰযোজ্য নহবও পাৰে যেনেকৈ সাম্প্ৰ্তিক সময়ত  অনেক পৰীক্ষাধৰ্মী বা এবসাৰ্ড নাটকত ওপৰত বৰ্ণনা কৰা সেই সচৰাচৰ উপাদানবোৰ নাথাকিবও পাৰে Samuel Beckett ৰচিত নাটক Waiting for Godot আৰু বাদল চৰকাৰৰ থাৰ্ড থিয়েটাৰ বা সাম্প্ৰতিক বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰত নাটকৰ ক্ষেত্ৰত সেইবোৰ বৈশিষ্ট্য প্ৰযোজ্য নহ পাৰে মই মূলত প্ৰথাগত বা আদৰ্শ নাটকৰ বিয়য়তহে আলোচনা আগবঢ়াইছো

আধুনিক নাট্য মঞ্চস্থৰ বাবে আলোকসম্পাত আৰু আৱহ সংগীত অতি আৱশ্যকীয় বিষয় নাটক হৈছে দৃশ্যকলা সেয়ে মঞ্চক দৃশ্যমান কৰাই উপস্থাপন কৰাতোৱেই হৈছে আলোকসম্পাতৰ মুখ্য উদেশ্য আৰু তাৰ লগতে সংগীতে পৰিৱেশ সৃষ্টিত বিশেষ সহায় কৰে, গতিকে আৱহ সংগীতো আধুনিক নাটকত অতি জৰুৰী বিষয়

নাটকে যি ভাবে মানুহক অতি সহজতে স্পৰ্শ কৰিব পাৰে,অইন কোনো শিল্প মাধ্যমৰ পক্ষে সেইতো সম্ভৱ নহয় তাৰোপৰি বিনোদন-মনোৰঞ্জনৰ বাবেও নাটকে সমাজত বিশেষ ভুমিকা পালন কৰে

#মোৰ দৃষ্টিত নাটক:

মোৰ দৃষ্টিত , মই বা আমি নাট্যকৰ্মী সমুহে কিয় নাটক কৰো ?  মই আনৰ কথা নোৱাৰিলেও অৱশ্যে মোৰ নিজৰ কথা পাৰো মই নাটক কৰো প্ৰধানত মোৰ নিজৰ বাবে নাটক ৰচনা,পৰিচালনা কৰি মই ভাল পাওঁতাৰোপৰি এক সামাজিক দায়বদ্ধতাৰ খাতিৰত  আমি নাটক কৰো যিহেতু  নিজকে সমাজৰ এজন সচেতন তথা দায়িত্ববোধ থকা সাধাৰণ নাগৰিক বুলি ভাবো হয়তো নাটক ৰচনা-পৰিচালনাৰ মাধ্যমৰেই অলপ হলেও সমাজত কৰ্তব্য পালন কৰা হৈছে নাটকৰ মাধ্যমেৰে সমাজ পৰিবৰ্তন কৰিব নোৱাৰিলেও , কিন্তু নাটকক অস্ত্ৰ হিচাপেলৈ সমাজত সচেতনতা সৃষ্টি কৰিব পাৰি নাটক কৰি ধন টকা পইচা নাপাওঁ, কিন্তু তাৰ বাবে কোনো আক্ষেপ নাই, নাটক কৰি যি সুখানুভূতি লাভ কৰো, তাৰ মুল্য কোনো টকা-পইচাৰে জুখিব নোৱাৰি অৱশ্যে অনেক চিনাকি-অচিনাকী নাট্যকৰ্মী আছে, যি সকলে পেচা হিচাপে নাটক কৰে, অৰ্থ উপাৰ্জনৰ বাবে নাটক কৰে, খ্যাতিৰ বাবে নাটক কৰে; তেওঁলোকৰ আদৰ্শকো মই সন্মান কৰি ভাল পাওঁ

#মোৰ দৃষ্টিত নাটক:

শেষত, মোৰ দৃষ্টিত নাটকৰ দৰ্শক-শ্ৰোতাই প্ৰধান কেন্দ্ৰবিন্ধু বা তেওঁলোকক সন্তুষ্টি দিব পৰাটোৱেই মুল লক্ষ্য তাৰোপৰি বিনোদনৰ লগতে শিক্ষা, সচেতনেতা সমাজভাৱনা আদি সংযুক্ত কৰি উপভোগ্য এখন নাটক উপহাৰ দিয়াতোটেই লুকাই থাকে নাট্যকৰ্মী সকলৰ আত্মসন্তুষ্টি তাৰোপৰি যি বোৰ কথা এজন দৰ্শক বা শ্ৰোতাই  নিজ মুখৰে উচ্চকণ্ঠৰে সমাজত মুকলি ভাৱে নোৱাৰে সেই কথা যেতিয়া নাটকত অভিনয় কৰা চৰিত্ৰৰ মুখৰে উচ্চাৰিত হোৱা শুনে তেতিয়া তেওঁলোক আনন্দিত হয়, কৰ্তৃত্ববাদী সমাজক অনেক সময়ত যথাৰ্থ কথাবোৰ নোৱাৰি,কিন্তু নাটকত সেইকথাবোৰ অতি সহজেই উল্লেখ কৰিব পাৰি নাটকৰ সহায়ত সমাজৰ অন্ধকাৰ দিশলৈ আলোক নিক্ষেপ কৰিব পাৰি, আৰু সেই আলোকৰ উজ্জ্বলতাৰে সমাজখন উজ্বলাই তোলাত অৰিহণা আগবঢ়াব পাৰি

 =-=দিগন্ত কুমাৰ ভূঞা (নাট্যকাৰ/পৰিচালক)


মোৰ দৃষ্টিত নাটক
diganta kumar bhuyan









দিগন্ত কুমাৰ ভূঞা 

(নাট্যকাৰ/পৰিচালক)


 


                 

 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়