ফ'ৰ লেনৰ দুখ

সাধুঃ এজাক বান্দৰৰ বিপত্তিঃ-
নদীৰ সিপাৰৰ পৰা এজাক বান্দৰ আহি এই পাৰৰ ৰাজ্যৰ বান্দৰবোৰক তোষামোদৰ ষড়যন্ত্ৰ আৰু বিভিন্ন প্ৰকাৰৰ কামে-কাজে সেৱা-সহায় কৰি এইপাৰৰ এলেহুৱা আৰামপ্ৰিয় বান্দৰ বোৰক ৰাজকাৰ্য্য চম্ভালিবলৈ দি ৰজাপাতি বসতি কৰিবলৈ ল'লে।
নতুনকৈ অহা জাক বান্দৰক দেখি আৰু সাধাৰণ প্ৰজাৰূপত পাই এইপাৰৰ এলেহুৱা বান্দৰ জাকৰ সুখ-আনন্দৰ সীমা নোহোৱা হ'ল। কাম কৰিব নালাগে সকলো সিপাৰৰ পৰা অহা বান্দৰ জাকেই কৰে, সেয়ে এইপাৰৰ বান্দৰৰ সুখেই সুখ আনন্দই আনন্দ.............।
একমাত্ৰ কামৰ ভিতৰত এইপাৰৰ খিলঞ্জীয়া বান্দৰৰ অনুষ্ঠান-প্ৰতিষ্ঠান,পূজা-পাঠ,যজ্ঞ, অধিৱেশন,ৰং-ৰহইচেই প্ৰধানতঃ স্থান পাবলৈ ধৰিলে।
ইফালে , 'এদেও দুদেও লোতা নিয়া চেও', "তোমালোকে ফূৰ্তি কৰা আমি তোমালোকৰ সকলো কাম কৰি দিম " নীতিৰে লাহে লাহে ৰাজকাৰ্য্যৰ গুৰু দায়িত্বও সিপাৰৰ বান্দৰে নিজৰ হাততলৈ ৰাজ্য শাসন কৰিবলৈ ধৰিলে।
শাসনৰ বাঘজৰী সিপাৰৰ বান্দৰৰ হাতত কেতিয়া কেনেকৈ পৰিল, এইপাৰৰ বান্দৰ জাকে ত'তেই ধৰিব নোৱাৰিলে।
ক্ষমতা হস্তান্তৰৰ পিছতেই এইপাৰৰ বান্দৰক দেখিলেই বহিৰাগত বান্দৰে গৰুপিটন দিবলৈ ল'লে আৰু মাইকী বান্দৰীবোৰ ভয়তে গাতৰ পৰা ওলাব নোৱাৰা হ'ল।
লাহে লাহে দিনবোৰ যাবলৈ ধৰিলে, সিপাৰৰ পৰা অহা বান্দৰ জাকৰ অত্যাচাৰ,অতপালি সহ্য কৰিব নোৱাৰি বিভিন্ন স্থানলৈ স্থানান্তৰিত হ'ল এইপাৰৰ বহুতো বান্দৰ, লাহে লাহে সংখ্যাৰ হিচাপ সৰুহৈ আহিল, সংখ্যালঘুত পৰিণিত হ'ল খিলঞ্জীয়াৰ বান্দৰৰ জাক।
আৰু এতিয়া তাহানিৰ সেই নদন-বদন ৰাজ্যখনত আগৰ খিলঞ্জীয়া বান্দৰৰ অস্তিত্ব একেবাৰেই পাবলৈ নাই, দুই এটা স্মৃতিস্তম্ভ, সমাধিক্ষেত্ৰ আৰু স্থান, ঠাই,নদ-নদী,পাহাৰ আদি বোৰৰ কিছুমানত সেইবোৰৰ নামবোৰহে আছে।
কেনেকৈ এজাক এলেহুৱা বান্দৰৰ জাক আনন্দৰ মাজতেই নোহোৱাহৈ গ'ল,আৰু একেই প্ৰাণী আন এজাক বান্দৰ কামে-কাজে দোপত-দোপে উন্নতি কৰি বিনা যুদ্ধতে এখন ৰাজ্য দখল কৰি উন্নতিৰ জখলাৰে বগাব পাৰিলে ভাবি আচৰিত লাগে!! হায় এলেহুৱা বান্দৰৰ জাক!!---
সাধু শেষ
ৰচনাঃ দিগন্ত কুমাৰ ভূঞা
Comments
Post a Comment
If you have any doubts, please let me know.