ফ'ৰ লেনৰ দুখ

![]() |
কৃষ্ণচুড়া |
এই হাঁহি কৃষ্ণচুড়াৰ বাবে
আকাশ ৰাঙলী হ'লেও আজি কোনো নাই কৃষ্ণচুড়াৰ তলত ।মাত্ৰ কৌশিকী আৰু অনল ...।
কৃষ্ণচুড়াৰ ডালবোৰ আকৌ ৰঙা হৈ বসন্তৰ পৰশত সজাল হৈ উঠিছে..........
কিমান সপোন কঢ়িয়ালে................. , হৃদয়ত মনৰ জোখাৰে ,মনে বিচৰা ধৰণে গজি উঠে এজোপা কৃষ্ণচুড়া ।
এনেকুৱা এডাল কৃষ্ণচুড়াৰ গছৰ তলতে ৰৈ আছিল কৌশিকী ,তাইৰ লগত এটা ৰঙা ছাটি । হোষ্টেলৰ ল'ৰাবোৰৰ ভয়তে চৰ্টকাট লৈ গেটৰ মুখত থিয় হৈছিলহি নতুনকৈ অহা ছোৱালীৰ দলটো । হয়তো ফেন্সি বজাৰলৈ যাব । বতাহজাকত উৰিছিল তাইৰ দীঘল চুলি ।তাই বেগৰ পৰা ক্লিপ এডাল উলিয়াই চুলিত লগাব খোজোতেই সি ওচৰত আহি কৈছিল, "এনেকৈয়ে থাকাচোন ,ভাল লাগিছে "।
মুখ মেল খাই গৈছিল নতুনকৈ অহা ছোৱালীজনীৰ , দৌৰ মাৰিছিল তাই , আৰু তাইৰ খোলা চুলিয়ে চুমি গৈছিল তাৰ গাল মুখ ।
আঃস.............!
সেই অচিন স্পৰ্শৰ প্ৰেমত পৰিছিল অনল.......অনলৰাজ কাশ্যপ ,সেইদিনা হুলস্থুল লাগি গৈছিল কৌশিকীৰ ৰূমত ।
পিছদিনা লাজতে ক্লাছলৈ অহা নাছিল তাই । কিন্তু অনলো কম নাছিল ,সেইদিনা কেন্টিনত চাহ খাই থাকোতেই সি গৈ পাইছিল ।তাই দৌৰ মাৰি ওলাই যাবলৈ লওঁতেই থাপ মাৰি ধৰি লৈছিল লগৰ অনুশ্ৰিতাই ।তেতিয়াই চিনাকি কৰি দিছিল ভালকৈ অনুশ্ৰিতাই অনলক কৌশিকীৰ লগত ।তাৰপিছৰ দিনা ডিপাৰ্টমেন্টত দেখি হাঁহিছিল তাই । সেই হাঁহিৰ সুৱাস খৰিকাজাঁই হৈ শিপাইছিল বায়টেকনলজি বিভাগৰ মেধাৱী গৱেষক ছাত্ৰ অনলৰাজৰ বুকুত ।
আৱেলী কেতিয়া হ'ব ভাবি ভাবি অনলৰ এক্সপিৰিমেন্টত আউল লাগিছিল । কৌশিকী, অনুশ্ৰিতা ,পলাশী হঁতৰ নিচিনা জুনিয়ৰ বোৰে ভিৰ কৰি থকা কেণ্টিনখনলৈ কোনো আহিব নোখোজে যদিও অনলৰ লগত নিৰূপায়ত পৰি সদায় আহিছিল অৰূপ । সেই অৰূপ পিছলৈ হৈছিলগৈ পলাশীৰ সহকৰ্মী, আৰু পলাশী অৰূপৰ সহধৰ্ম্মিণী ।
দিনবোৰ পাৰ হৈছিল । পলাশী আৰু অনুশ্ৰিতাৰ লগ একমুহুৰ্তৰ বাবেও এৰি নিদিয়া কৌশিকীক একো ক'ব পৰা নাছিল সি ।
নৱাগত আদৰণী সভাৰ প্ৰস্তুতি আৰম্ভ হৈছিল আৰু মুল ফাংচনৰ দিনা হালধীয়া ভাৰত নাট্যমৰ সাজৰ লগত ভৰিত নুপুৰ পিন্ধি দীঘল বেণীডালৰে সৈতে হোষ্টেলৰ পৰা গ্ৰুপ ডান্স কৰা তাৰ হৃদয়ৰ ৰাণীৰ জুনুকাৰ গুঞ্জনে বহুজনৰ হৃদয়ৰ তাঁৰ কঁপাইছে বুলি গম পাই তাৰ ভয় লাগিবলৈ আৰম্ভ কৰিছিল । নাই সি ক'বই তাইক মনৰ কথাবোৰ ।
সি মন কৰিছে যে তাই তাৰ লগত বহুত সহজ হৈ উঠিছে । তাইৰ চকুকেইটাই যেন তাকেই বিচাৰি থাকে ..তাৰ তেনেকুৱা লাগে । কিন্তু.....লগৰ মানসে প্ৰস্তাব দিলে যে তাৰ বাৰ্থদে পতা হওক ৰাস্তাৰ সিপাৰৰ নতুন মেঘমল্লাৰ বুলি ৰেষ্টুৰেন্ট খনত ।কথাটো মনঃপুত হ'ল তাৰো ।পলাশী অনুস্ৰিতা যিহেতু তাৰ বিভাগৰ সিহঁতক নিমন্ত্ৰণ কৰিবলৈ তাৰ অসুবিধা নাই ...একেলগে থাকে যেতিয়া কৌশিকীকো মাতি দিব। কথা মতেই কাম ।আলহীক মাতি নি বহুওৱাৰ দায়িত্ব অৰূপৰ ।সি অচিন্ত্যৰ বাইকত উঠি কেক এটা আনি আহি পাওঁতেই এখন টেম্পোক চাইড দিবলৈ গৈ বেঁকা হৈ গ'ল অচিন্ত্যৰ বাইক । আৰু পিছৰ চিটত বহি থকা অনলৰাজ চিটিকি পৰিল ৰাস্তাত ।কিলাকুটিৰ ওচৰত তেজো ওলাল । হৈ চৈ লাগিল চাৰিওফালে ।মেঘমল্লাৰত বহি থকা চব ওলাই আহিল । অলপ পিছতহে পৰিৱেশ শাম কাটিলে আৰু পাৰ্টি আৰম্ভ হ'ল ।
খোৱা বোৱাৰ পাছত আৰম্ভ হ'ল বিহু নাচ । জুবিনৰ বিহুৰ তালে তালে নাচিবলৈ ল'লে সকলোৱে। সি কৌশিকীৰ কাষেদি ইচ্ছা কৰি কেইবাবাৰো পাৰ হ'ল । তায়ো যেন কিবা ক'ব খুজিছে ।মুখ খনত যেন ফুটি উঠিছে হাজাৰ আকুটি ।এবাৰত ফুৰ্টি এটা ল'বলৈ তাই কাউন্টাৰৰ ওচৰলৈ আহিল । অনলে তাইক আৰু কিবা ল'বলৈ ক'লে । তাই সৰু সৰু কৈ ক'লে "আজি বৰ ভয় লাগি গৈছিল দাদা ..অলপ সাৱধানে থাকিব , " তাইৰ চকুত টলমলাই উঠিছে চকুপানী"।
"তুমি কৈছা যেতিয়া থাকিম বাৰু "..সি কৈ তাইলৈ চালে.........তাইৰ মুখখন ৰঙা হৈ উঠিছে ।
সেইদিনা ৰাতি প্ৰথমবাৰৰ বাবে অনলৰাজে ফোন কৰিলে কৌশিকীলৈ ।..............তাৰ পিছদিনা আকৌ .......লাহে লাহে কৌশিকী অনল এটা পৰিচিত কাপল হৈ উঠিল কৃষ্ণচুড়াৰ দেশত ।
কৌশিকী পদাৰ্থবিজ্ঞানৰ অতি মনোযোগী ছাত্ৰী আছিল । ফলত সিহঁতৰ ঘূৰা-ফুৰা বহুত সীমাবদ্ধ আছিল । কৌশিকী দৌৰিছিল নিজৰ কেৰিয়াৰ গ্ৰাফডাল উচ্চগামী কৰিবলৈ আৰু সি চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছিল । কৌশিকীক এৰি সি বেছি দিন থাকিব নোৱাৰিব ।
আৰু তাৰ নিযুক্তি পত্ৰ আহিছিল প্ৰবেচনাৰী অফিচাৰ হিচাপে ।পষ্টিং আছিল অৰুণাচলত ।
সেইদিনা কান্দিছিল কৌশিকীয়ে । কৃষ্ণচুড়া জোপাৰ ছাঁত তাক জোৰেৰে সাবটি ধৰিছিল ।তাইৰ চকুপানীয়ে সেমেকাই দিছিল তাৰ বুকুৰ প্ৰতিটো অলিন্দ।
ছয়মাহৰ পাছত কৌশিকীৰ পঢ়া শেষ হৈছিল আৰু দুয়োখন ঘৰৰ সন্মতিক্ৰমে বিয়া।
সি তাইক লৈ গৈছিল সৰু পাহাৰী চহৰ খনলৈ । ভালপোৱা মৰমৰ সাক্ষী হৈ দুইবছৰৰ মুৰত সিহঁতৰ মাজলৈ আহিছিল ৰূপ আৰু নয়নতৰা । লাহে লাহে সিহঁতো ডাঙৰ হৈ উঠিছিল ।অনলে বিচাৰিছিল কৌশিকীয়ে নিজৰ সপোন পূৰণ কৰক । ওচৰৰ পাহাৰীয়া কলেজখনত চাকৰিটো পাওঁতে দুয়ো অতি সুখী হৈছিল । কেতিয়াবা তাই কৈছিল, "ইমান সুখ ,ইমান শান্তি ভগবানে মোকেই দিছেনে ৰাজ "।সি হাত বুলাই দিছিল তাইৰ দীঘল চুলিকোচাত ।......
সেইদিনা দৌৰাদৌৰিকৈ ওলায় গৈছিল কৌশিকী ।তাৰ আৰু ৰূপ নয়নতৰাৰ বন্ধ আছিল । হঠাতে গুমগুমনি আৰম্ভ হৈছিল চাৰিওফালে । অৰুণাচলখনৰ মৰমলগা ৰাস্তাবোৰত ছৱিৰ দৰে ঘৰবোৰত অদ্ভুত এক কম্পন আৰম্ভ হৈছিল ।
সি বাহিৰলৈ দৌৰিছিল ৰূপ আৰু তৰাক লৈ । ঘনে ঘনে ফোন লগাইছিল কৌশিকীলৈ ।নাই ফোন লগা নাছিল । অলপ সময়ৰ পাছত সকলো সুস্থিৰ হৈছিল । কিন্তু কৌশিকী অহা নাছিল । কলেজৰ পৰা ফোন এটা আহিছিল ....সেইটো ফোন নাছিল ...আছিল এসোঁতা উত্তপ্ত লাভা ...যিয়ে মৰূময় কৰি তুলিছিল সিহঁত চাৰিওটাৰ জোনবাইৰ দেশখন..............।
কৌশিকী আঘাতপ্ৰাপ্ত হৈছিল হঠাতে অহা ভুমিকম্পটোত ।কলকলাই বৈ থকা সুঁতিটো শুকাই গৈছিল....., হয় তাই হেৰুৱাই পেলাইছিল বাকশক্তি । দিল্লী ,মুম্বাই দৌৰিও সফল হোৱা নাছিল ।শেষত ডক্তৰে কৈছিল তাই ভাল পোৱা ঠাই বোৰলৈ লৈ যাবলৈ , পুৰণা স্মৃতিবোৰ কাহিনীৰ আকাৰত ক'বলৈ ।আৰু তাৰেই বাবে এতিয়া গাড়ীত বহি কৃষ্ণচুড়াৰ সন্মুখত এয়া অনুস্ৰিতা পলাশী, অচিন্ত্য ,অনলৰাজ আৰু কৌশিকী ।
সি অকনমান ওলাই গ'ল গাড়ীৰ পৰা ।অনুস্ৰিতা পলাশী তাইৰ লগত । কৌশিকীয়ে চাইছে সকলোকে ...কিবা এটা যেন ভাঁহি উঠিব খুজিছে কুঁৱলী ঠেলি,তাই যেন কিবা ক'ব খুজিছে ।অচিন্ত্য আহিছে ।বাইকৰ পিছফালে সৌটো অনল ...হাতত কেকৰ পেকেট ।টেম্পো এখন আহি প্ৰায় খুন্দিয়াই দিলে সিহঁতক । অনল পৰি গৈছে ........তেজ ..."অনল" । এটা তীব্ৰ চিঞৰ মাৰি দিলে কৌশিকীয়ে । তাইৰ মুৰটো ঘূৰাইছে ....ৰূপ তৰা ক'ত ....ৰূপ ..নয়নতৰা ...। বেহুচ কৌশিকীক লৈ সিহঁত দৌৰিলে GMC লৈ ।
হয় কৌশিকী ঘুৰি আহিল অনলৰ জোন তৰাৰ দেশলৈ ।
আৰু এতিয়া সিহঁতে ৰূপ আৰু তৰাক দেখুৱাবলৈ আনিছে কৃষ্ণচুড়াৰ হাঁহি ।স্মৃতিৰ দীঘল চাদৰ খন গাত মেৰিয়াই ৰৈ আছে অনল ..কৌশিকী ...কৃষ্ণচুড়াৰ পাহিবোৰৰ ভূমিস্পৰ্শত আবেলিটো তেতিয়া বাংময় হৈ উঠিছে.................।
লেখিকাঃ গৌৰী দেৱী ,তেজপুৰ ।
Gouri Devi Editor: Diganta Kr. Bhuyan Sahitya Sofura |
Comments
Post a Comment
If you have any doubts, please let me know.