ফ'ৰ লেনৰ দুখ

গৌৰী দেৱীৰ 'চুটি গল্প' আৰু 'কবিতা'
খৰিকাজাঁই
জনম জনম তোমাৰেই হৈ ৰ'ম বুলি ভাবি থকা ছোৱালীজনী যেতিয়া কপালত বেলেগৰ নামৰ সেন্দুৰ সানি গুচি গ'ল, পুৱতিনিশা তাৰ এনে লাগিছিল যেন ক'ৰবাত ব্ৰজপাত হ'ল ,ধুমুহা হ'ল আৰু শেষনিশাৰ বৰষুণত সৰিপৰিল এপাহি সদ্য প্ৰসফুতিত গোলাপৰ সকলোবোৰ পাহি ॥
তেতিয়াও বিয়াঘৰৰ পৰা ভাঁহি আহি আছিল এটা কোমল সুৰৰ বিষাদৰ বিয়ানাম । ওচৰ চুবুৰীয়া হোৱা হেতু তাৰ ঘৰৰ সকলো মানুহ বিয়াঘৰতে আছিল তেতিয়াও ।সিহে অকল ঘৰত আছিল । মাকে বাৰে বাৰে কোৱাৰ বাবে এপাক মাৰিছিল । ৰক্তজৱাৰ ৰঙেৰে ৰঙীন কাপোৰ এজোৰৰ মাজত নীলিমাৰ মুখখন পুৰ্নিমাৰ জোনবাই যেন লাগিছিল । কোনোবা চিত্ৰকৰে সুনিপুন তুলিকাইদি যেন বোল দিছে চকু মুখত । ধনুভিৰীয়া চেলাউৰিৰ মাজত এটা ৰঙা ফোট ,তাত এটা জিলিকা বাখৰ , দীঘল সেওঁতাৰ মাজেদি বৈ পৰা সেন্দুৰ ,ডিঙিত এডাল সোণৰ হাৰ লগতে এধাৰি মুকুতাৰ মালাই সোণত সুৱগা চৰাইছে ।বগা গালখনত যেন গুলপীয়া ফাকুহে কোনোবাই সানি দিছে। সি লাহে লাহে দেখিলা যে কাপোৰজোৰত ৰঙাৰ মাজত বগা ফুল কিছুমানো আছে গুণাৰ পাত একোটাৰ সৈতে । সুসজ্জিত খোপাটোৰ পৰাও বগা ফুলৰ ঠানি কেইটামান ওলমি আহি কান্ধ চোঁ চোঁ কৰিছে আলফুলে সৰ্ন্তপনে ।
হাত দুটাত কমেও দহপাতমান সোণৰ খাৰু আঙুলীত দহটামান সোনৰ আঙঠিৰে নীলিমাজনীক একেবাৰে ৰূপকথাৰ দেশৰ ৰাজকুমাৰী যেন লাগিছিল ।
নীলিমাক প্ৰথম প্ৰেমৰ
কথা ক'ম বুলি ভাবি থাকোতেই তাৰ প্ৰায় চাৰিবছৰ লাগিছিল । তাৰ কাষে কাষেই আছিল তাই। শৈশবৰ পৰা পাটগাভৰুলৈকে প্ৰায় প্ৰত্যেকদিনেই তাইৰ লগত কথা পাতিছিল । তাৰ পঢ়াকোঠাৰ খিৰিকীমুখৰ পৰা নীলিমা হঁতৰ পিছফালটো দেখি ধুনীয়াকৈ দেখি,নীলিমাই বগাত নীলা পাৰি দিয়া চাদৰখনৰ পিনটো সদায় মাকে লগাই দিয়ে ,তাৰপিছত বেনী দুডালত বগাফিটাদুডালৰ পখিলা বনাই লচপচকৈ স্কুললৈ গুচি যায় । তেতিয়াই সিও কলেজলৈ বুলি ওলায় ।সি চাইকেলখন লৈ তিনিআলিটো পায়গৈ মানে ছোৱালীৰ দলটো পাৰ হৈ যায়গৈ । সি বেলেগ ৰাস্তাটোৰে চাইকেল ঘুৰোৱাৰ আগতে আকৌ এবাৰ নীলিমালৈ চায় । প্ৰায়ে তাই লগৰ কেইজনীৰ লগত খিলখিলাই হাঁহি হাঁহি যায় ।
সি কলেজৰ ডিগ্ৰী ক্লাচ পোৱা মানে তাইৰো হাইস্কুল শেষ হ'ল ।ছোৱালী বোৰৰ দলটো কলেজ অভিমুখী হ'ল । ইতিমধ্যে তাইৰ হাঁহিবোৰ তাৰ বাবে খৰিকাজা্ঁই যেন হৈছিলগৈ আৰু খৰিকাজাঁইৰ সুগন্ধিবোৰে পছোৱা জাকৰ লগ হৈ তাৰ মনৰ গহন বনত জোকাৰণি তুলিছিল ।কিন্তু তাইৰ ওচৰ পালেই যিটো নিৰ্মল হাঁহিৰে তাই সম্ভাষণ জনাইছিল তাৰ তাইক সেই মুহুৰ্ত্তত নিজৰ ভনীয়েক যেনহে লাগিছিল । যন্ত্ৰনাত পিষ্ট হৈ তাৰ ভোক পিয়াহ ৰাতিৰ টোপনী সকলো অন্তৰ্হিত হৈছিল ।
তাৰ কলেজ শেষ হৈছিল আৰু গুচি গৈছিল ইউনিভাৰ্চিটিলৈ। দুবছৰ পাৰ হৈছিল নীলিমাৰ চুলিবোৰ আৰু অলপ দীঘল হৈছিল ,তাই যেন আৰু অকনমান ধুনীয়া হৈছিল ।দুচকুত সপোনে খেলিবলৈ আৰম্ভ কৰিছিল ।
তাৰ পঢ়া শেষ হৈছিল । চাকৰি বিচৰাৰ তিক্ততাপুৰ্ণ অভিজ্ঞতাৰ অন্তত সুমধুৰ সুৰ এটা হৈ এপইন্টমেন্ট লেটাৰ খন হাতত পৰিছিল ।তাৰ আশাৰ ৰজনীগন্ধাদালত এপাহি নতুন ফুল ফুলিছিল যেন । পুজাৰ বন্ধত ঘৰলৈ আহোতেই সি ঠিক কৰি আহিছিল সকলোবোৰ কিন্তু.........।
আহি দেখিছিল যে নীলিমাৰ ঘৰখন যেন ন-ৰূপৰে সাজিকাচি উঠিছে । গ্ৰীলত ৰং, ৱালত নতুন গুলপীয়া বোল ,পৰ্দাবোৰো নতুন ,বেঙুনীয়া ফুল যেন ।তাৰ মনটো ঢক কৈ উঠিল মাকে চাহকাপ দি যেতিয়া আৰম্ভ কৰিলে, "তোক কোৱাই হোৱা নাই অ, নীলিৰ বিয়া নহয় , কালিলৈ আঙঠি পিন্ধাবলৈ আহিব ,দৰাটো তই চিনি পাৱ ,তোৰ লগৰে ,নুপুৰ- নুপুৰ..." ....নুপুৰে তাক কৈছিল বিয়াৰ কথা ,ছোৱালী ইয়াৰ বুলিয়েই কৈছিল ,কিন্তু সপোনতো সি ভবা নাছিল তাই নীলিমা বুলি ।
চাহখিনি তাৰ তিতা যেন লাগিল । মাকক মাত লগাই ক'লে যে তাৰ ভোক নাই, ৰাস্তাতে কিবা কিবি খোৱা কাৰনে । মাক নাচোৰবান্দা ।ভাত খাবই লাগিব ।বাৰে বাৰে তাক ক'লে পিছদিনা নীলিমাৰ ঘৰলৈ যোৱাৰ কথা । কোনোমতে ভাতকেইটা খাই সি বিচনাত পৰিলগৈ। গাৰুটোত মুখ গুজি দিওঁতেই দুখবোৰ পাৰ ভাঙি আহিবলৈ আৰম্ভ কৰিলে ।ডাৱৰৰ লুকাভাকুত তৰাবোল ওলাল সোমাল ,সি উচুপি থাকিল । শেষনিশা বৰষুণ আহিল ,তাৰ ক্ৰমাত ডাঙৰ হৈ অহা উচুপনিবোৰ কোনেও নুশুনিলে ।
পিছদিনা বহুদেৰীকৈ সি বিয়াঘৰ পালেগৈ ।নীলিমাই ক'লে "দেৰী কৰিলা ৰণদা "। সি দেখিলে চকুপানী এটোপাল তাইৰ চকুত সৰো সৰো হৈ ৰৈ যোৱা । তাইৰ হাতত তেতিয়া 'ন' আখৰটো খোদিত কৰা আঙঠিটো জিলিকি আছিল । তাৰ মনটো যেন অকনমান মুকলি হৈ গ'ল।
তাৰ পাছত এই বিছটা দিন সি সদায় তাইক দেখিছে । তাৰ সন্মুখৰেই ঠেলাত বাঁহ আৰু অনান্য বস্তুবোৰ আহিল ।এটা প্ৰকান্ড পেন্দেল থিয় হ'ল ,আৰু এদিন কলপুলিৰ তলত মুখত ৰুমাল লৈ থিয় হ'লহি নুপুৰ....! সুন্দৰ ,দীৰ্ঘদেহী নুপুৰক দৰা সাজ জোৰে তুলি ধৰিছিল । ভাল ল'ৰা নুপুৰ ,নীলিমাক সুখী কৰিবৰ জোখাৰে তাৰ সকলো বোৰ আছে । সেই নুপুৰৰ কাষতে বহি গুচি গ'ল নীলিমা.....।
নীলিমা নাই ,তাৰ খিৰিকি খন খুলিবলৈ মন ন'গল । আন্ধাৰখিনিক তাৰ ভাল লাগিবলৈ ধৰিলে ।খৰিকাজাঁইৰ সুবাসৰ দৰে ।
লেখিকাঃ গৌৰী দেৱী ,তেজপুৰ
অশ্ৰুকণা
আজি পোনাকন পাবহি । উথপথপ লাগিছে বৰুৱা বৰুৱানীৰ । ৰাতিপুৱাই বৰুৱাই গৈ বজাৰৰ ভালৰো ভাল মাছটো আৰু ছাগলী মাংস এক কেজি আনিলেগৈ। বহু বছৰজোৰা নি:সংগতাৰ অন্তত পোনাকনৰ গুৱাহাটীলৈ ট্ৰেন্সফাৰ হোৱাৰ খবৰটোৱে যেন ঘৰখনলৈ বসন্তহে আনিলে । বস্তু বাহানি তাৰ বহুত গতিকে বৰুৱাই আলহীৰ কোঠাটিও ৰং কৰাই নতুন কৰি তুলিলে । পোনাকনৰ কোঠাটোৰ লগতো নতুনকৈ বেলকনী বনাই গ্ৰীল লগাই নাতিল'ৰাকন পৰিব নোৱাৰাৰ ব্যৱস্থা কৰিলে । ৰুমটোৰ এখন ৱালত দিলে বোৱাৰীয়েকে ভাল পোৱা হেঙুল ৰং আৰু বাকীকেইখন যেন পানীয়ে ঢৌৱাই থকা ফেনিল সাগৰ ।নাতিটোৰ বাবে বৰুৱানীয়ে গৈ নিজে চাই এবেগ কাপোৰ আৰু এক মোনা খেলা বস্তু আনি থৈছে । ডাইনিং টেবুলত সময়ত পোনাকনে আৰু বোৱাৰীয়ে ভালপোৱা সকলো বস্তু সজাই দিলে দুয়ো মিলি । খোৱা বস্তুৰ গোন্ধত গোটেইখন মলমলাই গ'ল ।বৰুৱাৰ দ্ৰাইভাৰ অমলে শেষত আনি দিয়া কৰদৈ কেইটাৰ দুটাও পুৰি পিটিকা কৰি দিছে বৰুৱানীয়ে ।
পোনাকনৰ গাড়ীখন সোমাই অহা দেখি দুয়ো উধাতু খাই আগফাললৈ দৌৰি গ'ল । অমল আৰু কাম কৰা ছোৱালী ৰিনিও বাদ নপৰিল । বৰুৱাই আথে বেথে নাতিটোক কোলাত উঠাই আনিলেগৈ । বৰুৱানীৰ উথপথপ লাগিল । ভাতেই বাঢ়ে নে নাতিকে চাই এতিয়া । তাতে পোনাকন হঁতৰ লগত বোৱাৰীৰ মাক দেউতাকো আহিছে ।
ভাত পানী খোৱাৰ অন্তত বৰুৱাই নাতিটোৰ লগত ৰুমকেইটাত খোজ কাঢ়িছে । ঘোঁৰা হৈ খেলিছে । বৰুৱানীৰ মুখৰ হাঁহিটো বহল হৈ গৈ আছে ।
"পোনাকন তোৰ বস্তুবোৰ "...বৰুৱাই পোনাকনক সুধিব খোজোতেই বিয়ৈয়েকে মাত দিলে । "আমাৰ ওপৰ মহলাটোৱেই ইহঁতৰ কাৰনে ঠিক কৰি দিলো বিয়ৈ ।তাৰপৰা জোঁৱাইৰ অফিচ মাত্ৰ দুখোজৰ বাট ।ছোৱালীৰো চাকৰিৰ কথা বতৰা পতা হৈ গৈছে । নাতিটোক আমিয়েই চাম দিনৰ ভাগত। আমাৰো লগ হ'ব ।আপোনালোক গৈ থাকিব পাৰিব ,ঘৰ ডাঙৰেই "।
বৰুৱাৰ মেলা মুখ মেলাতেই ৰ'ল। তেওঁ কিবা এটা ক'ব খুজিছিল ।বৰুৱানীৰ চকুৰ ঠাৰত তেওঁ ৰৈ গ'ল। বৰুৱানীৰ মুখৰ হাঁহিটো দপকৈ নুমাই গ'ল । হঠাৎ যেন বতাহ এজাক আহিল ,চাকিবোৰ নুমাল আৰু এন্ধেৰুৱা হৈ গ'ল চৌদিশ ।
পোনাকনহঁত গ'লগৈ । বহুত দেৰীলৈকে, অমল গাড়ীখন সুমুৱাবলৈ অহালৈকে আগফালৰ বেলকনী টুকুৰাত স্থানু হৈ বহি ৰ'ল দুয়োজন । কামকৰা ৰিনিয়ে আহি দুকাপ চাহ দি গ'ল। ঠান্দা চাহ খাবলৈ বেয়া পোৱা বৰুৱাৰ চাহকাপত চামনি উঠিল । অমল যাবলৈ ওলাল । কি ভাবি জানো বৰুৱাই তাক মাতিলে । "কালিলৈৰ পৰা তই আমাৰ এই নতুন ৰূমদুটাত থাকিবি । গাড়ীখন লৈ ৰাতিপুৱাই বাসবীক আনিবি । তাইক এই অৱস্থাত এৰি তই ইয়াত দিনটো ছটফটাই থাকিব নালাগে ...তুমি কি কোৱা পোনাকনৰ মাক ।"
তেওঁৰ আপত্তি কৰিব লগা একোৱেই নাছিল । বৰুৱাই দেখিলে দুটা শিলীভূত চকুৰ পৰা চকুলো বাগৰিছে অবিৰাম ।মমত্বৰ গবাক্ষইদি পাৰ ভাঙি আহিছে দুখৰ অলকানন্দা ।বৰুৱাই সাবতি ধৰিলে তেওঁক । দুটি নি:সংগ তৰাই যেন সৃষ্টি কৰিব খুজিলে হাতীপটিৰ এটা বাট ।হাজাৰ অশ্ৰুকণাৰ আচাৰণিয়ে তিয়াই পেলালে তেওঁৰো বিষাদময় দুহাত ॥
লেখিকাঃগৌৰী দেৱী, তেজপুৰ
মই বিৰিখে কৈছোঃ
মোক সূচাগ্ৰ মেদিনী দিয়া,
মই ছন্দায়িত কৰি তুলিম চৌপাশ,
ঋতুৰ বাৰংবাৰ্তাৰে বৰণীয়া
পৃথিৱীত আকৌ উন্মোচিত হ'ব
মেজাঙ্কৰি হেঁপাহৰ বনঘোষা।
শাওণৰ পথাৰত জিলিকিব
কৃষকৰ ভৰুণ সপোন ..
বৰষাৰ বৰষুণে কঢ়িয়াই অনা ন
সম্ভাৱনাৰ নিস্বাৰ্থ প্ৰতিশ্ৰুতি সাৱতি
উন্মনা হ'ব মেঘালী দুপৰীয়া।
কঁহুৱা ফুলিব ....দুবৰীত নাচিব নিয়ৰ মুকুতা...শেৱালীত শৰতৰ মায়াময় পৰশ...ক্লান্তিহীন নীলাত দুলিব
আলফুল আবেলীবোৰ।
শীতাৰ্ত ৰাতিৰ জঠৰ- যাতনা সহি
উপত্যকাত ভুমুকি মাৰিব
আমোল মোল বসন্তই...
অনুভূতিৰ দলিচা গচকি
নিগৰিব প্ৰেমিক পৃথিৱীৰ
হেঁপাহৰ নৈসৰ্গিক নিমন্ত্ৰণ ...
পৰিভ্ৰমি চৰাইজাক উৰি যাব
ওঁঠত কঢ়িয়াই ন জীউ-ধাৰাৰ
অমৃত আক্ষৰ।
লেখিকাঃগৌৰী দেৱী ,তেজপুৰ
তুমি গ'লাগৈ
হাতৰ মুঠিত
সুমুৱাই থম যেন
সুখৰ এটি ক্ষন
কিমান যে কথা আছিল
কিমান যে
মৰম থুপ খাই আছিল
একো কোৱাই ন'হল
জানানে ...
জোনবাইৰ ৰ'দালিত হাতে হাত ধৰি এখন্তেক আপোনপাহৰা হোৱা সপোনটোৱে
থমকি জিৰাইছে ..
তুমি কৈছিলা
কৃষ্ণচুড়াৰ ৰংসনা পদুলীৰ কথা
মই এজোপা
সোণাৰুও ৰুইছিলো ।
শিৰৰ সেন্দুৰ সনা
তোমাৰ অনামিকা আঙুলীৰ আঙঠিটো
আৰু তোমাৰ হালধীৰ
দাগ থকা কাপোৰজোৰ ...
তুমি এৰি যোৱা অচিন সুবাসবোৰ
মোৰ বাবে জীয়া বাস্তব..
তুমি মোক এৰি গ'লাগৈ
মোৰ নয়নমনি ...
মহামাৰি অতিমাৰি
মই নুবুজো অ
মোৰ চকুত মাত্ৰ কুন্ডলী
পকাই উৰি গ'ল
এবোজা ধোঁৱা ..
ছাঁইৰ মাজত তোমাৰ
সোণাৰুফুলীয়া মুখখন ॥
লেখিকাঃগৌৰী দেৱী ,তেজপুৰ
Edited by: Diganta Kr.Bhuyan ,Sahitya Sofura সাহিত্য সঁফুৰা
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.