ফ'ৰ লেনৰ দুখ

বিষাদগ্ৰস্ততা, হতাশাগ্ৰস্ততা, আত্মহত্যা
আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়।"
বিষাদ বা দুখ মানুহৰ স্বাভাৱিক আৱেগৰ ভিতৰতে ই এটা অন্যতম। এই অনুভূতিৰ অভিজ্ঞতা প্ৰায় সকলো মানুহৰেই আছে। ই স্বাভাৱিক আৱেগ। ইয়াক বেমাৰ বুলি ধৰিব পৰা নাযায়। যেতিয়া মনৰ অৱস্থা বা আৱেগ বহুদিন ধৰি থাকে, ইয়াৰ কোনো কাৰণ বিচাৰি নাপায় তেতিয়া ইয়াক বেমাৰ হিচাবে গণ্য কৰা হয়।
মানসিক চিকিৎসা বিজ্ঞানত বিষাদগ্ৰস্ততা অতি সঘনাই দেখা পোৱা এবিধ বেমাৰ। এই বেমাৰ মানৱ সভ্যতাৰ সমানেই পুৰণি বুলি কোৱা হয়। মহাকাব্য ৰামায়ণৰ ৰজা দশৰথেও মানসিক হতাশাত আক্ৰান্ত হৈছিল। ইয়াৰ উপৰিও হলিউডৰ মেৰলীন মনৰো, সাহিত্য জগতৰ বালজাক, এডগাৰ এলেন পো আদি প্ৰসিদ্ধ ব্যক্তিসকলেও জীৱনৰ এটা সময়ত হতাশাৰ সন্মুখীন হৈছিল। বিভিন্ন ধৰণৰ গৱেষণাৰ পিছত এইটো সিদ্ধান্তলৈ আহিছে যে প্ৰতি দহজন লোকৰ ভিতৰত এজনেই হতাশাগ্ৰস্ততাত ভোগে। ভাৰতীয় তথ্য মতে ১০০০ জনৰ ভিতৰত ৩৪ জনেই হতাশাগ্ৰস্ততাৰ সন্মুখীন হয়।
হতাশাগ্ৰস্ততানো কি?
হতাশা হৈছে এক ধৰণৰ মানসিক অৱস্থা। যেতিয়া জীৱনৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলায়, নিৰাশাই আৱৰি ধৰে, নিজৰ সম্বন্ধে, আনৰ সম্বন্ধে, আনকি সমগ্ৰ পৃথিৱীৰ সম্পৰ্কে নেতিবাচক ধাৰণা পোষণ কৰে। এই অৱস্থা যদি অন্তত ১৫ দিন বা ততোধিক সময় ধৰি চলে, তেনে এই অৱস্থাকে হতাশাগ্ৰস্ততা বোলা হয়। হতাশা বাঢি গৈ পিছলৈ বিষন্নতালৈ গতি কৰে। আচলতে হতাশা এটা স্বাভাৱিক প্ৰক্ৰিয়া। স্বাভাৱিকতে এনেকুৱা হ'ব পাৰে। কিন্তু সমস্যা হয় তেতিয়া, যেতিয়া এই হতাশাক আঁৰাবলৈ এজন ব্যক্তিয়ে নিজৰ মনত যুঁজি যুঁজি এক অসামাজিক সিদ্ধান্ত লয়।
হতাশ কিয় হয় ?
১)বহুদিন নেতিবাচক অৱস্থাৰ মাজেৰে গ'লে মানুহৰ হতাশা আৰম্ভ হয়।
২) কিছুমান মনৰ চিন্তাৰ ক্ৰটি থাকে। কোনো কামত ব্যৰ্থ হ'লে, তেওঁ ভাৱে গোটেই জীৱন ব্যৰ্থ হ'ব। এনে ভাৱনাই তেওঁক হতাশ কৰে।
৩) বহু সময়ত কৰ্ম্মহীনতাইও মানুহক হতাশ কৰে।
৪) অৰ্থনৈতিক অসুবিধাৰ কাৰণেও বহু সময়ত মানুহ হতাশাগ্ৰস্ত হয়।
৫) পঢ়া - শুনা ক্ষেত্ৰত অকৃতকাৰ্যতাৰ বাবেও হতাশাগ্ৰস্ত হয়।
৬) সমস্যাৰ সন্মুখীন হোৱাৰ দক্ষতা কম থাকিলে ভয় সোমাই হতাশ হয়।
৭) কেতিয়াবা কেতিয়াবা একাকীত্ব বা অকলশৰীয়া (নিঃসংগ) হ'লেও মানুহে হতাশাগ্ৰস্ততাত ভোগে।
৮) প্ৰেমৰ বিফলতাই মানুহক হতাশাগ্ৰস্ততাত ভোগায়।
৯) কেতিয়াবা কোনো ব্যক্তিয়ে জানিয়েই হওঁক বা অজানিতে কৰা ভুলৰ বাবে ঘৰৰ, পৰিয়ালৰ, সমাজৰ লোকসকলে কৰা দুৰ্ব্যৱহাৰেও হতাশ কৰে।
১০) কিছুমান বিশেষ ব্যক্তিত্ব মানুহে অতি সোনকালে হতাশাত ভোগে। উদাহৰণ স্বৰূপে.. তেও যদি অন্তৰ্মুখী ব্যক্তিত্বৰ হয়। আনৰ ওপৰত নিৰ্ভৰশীল, যাৰ সহনশীল ক্ষমতা কম, এনেলোকো হতাশাগ্ৰস্ত ভোগে ।
হতাশাগ্ৰস্ততাৰ লক্ষণ সমূহ----
দীঘ দিনৰ বিষন্নতাই হ'ল এই বেমাৰৰ প্ৰধান লক্ষণ। কোনো কাৰণ নোহোৱাকৈ (অৱশ্যে কেতিয়াবা কিব কাৰণ থাকিব পাৰে) মানুহ এজন দুখী হৈ পৰে, টোপনি নহা হয়। আগতে আনন্দ পোৱা কামবোৰ কৰি ভাল নোপোৱা হয়। অনবৰতে বেয়া চিন্তা (Negative thought) আহি থাকে ।চখৰ সাজপাৰ পিন্ধা, নিজকে সুন্দৰকৈ ৰখা ইচ্ছাবোৰ লাহে লাহে নাইকিয়া হৈ আহে। এনেকৈ থাকি থাকি তেওঁলোকে লাহেকৈ মানুহৰ সংগৰ পৰা ক্ৰমান্বয়ে আঁতৰি আহে। অকলশৰে থাকি ভালপোৱা হয়। এনেদৰে থাকোতে তেওলোকে অধিক নিজৰ মাজত সোমাই পৰে।
হতাশাগ্ৰস্ততাত ভোগা মানুহে কোনো কাম কৰিবলৈ উৎসাহ অনুভৱ নকৰে। সকলো দিশতে তেওঁলোকে নিৰাশ হয় ফলত উদাসীন আৰু আত্মবিশ্বাস হেৰুৱাই পেলায়। ভৱিষ্যতৰ বাবেও নিৰাশাবাদী, অৰ্থহীন। বহুদিন মনত এনে নিৰাশা ভাৱ আহি থাকিলে তেওঁলোকে নিজকে শেষ কৰাৰ প্ৰতি আগ্ৰহী হয় যাক কয় আত্মহনন।
"আত্মহত্যা" সামাজিক জীৱন ধাৰণত এটা ভয়ানক শব্দ। যিটো শব্দৰ আন্তৰালত লুকাই আছে জীৱনৰ আকস্মিক পৰিসমাপ্তি। জীৱনৰ গতিপ্ৰৱাহত উক্ধক নেপাই, নতুবা মানসিক ভাৱে যান্ত্ৰণা ভোগ কৰি ইয়াৰ পৰিত্ৰাণ বিচাৰি একাংশ ব্যক্তিয়ে আত্মহত্যাক আঁকোৱালি লয়।
আত্মহত্যাৰ মানৱীয় প্ৰবৃত্তি ভাৰতবৰ্ষৰ লগতে অসমতো সময়ৰ লগে লগে ভয়ানকভাৱে বৃদ্ধি পাব ধৰিছে। জীৱনৰ অনেক সমস্যাৰ সৈতে আপোচ নতৰি অনেক ব্যক্তিয়ে এই প্ৰক্ৰিয়াটোক আঁকোৱালি লয়। আত্মহত্যাৰ ক্ষেত্ৰত ন্যায়পালিকাৰ স্থিতি সুদৃঢ় নহয়।
জীৱ শ্ৰেষ্ঠ মানৱ জন্ম লাভ কৰিও ইচ্ছা মৃত্যুৰ পিছত মানুহবিলাক দৌৰিব লাগে কিয়? এই সন্দৰ্ভত আজিৰে পৰা এক শতাব্দীৰ আগতে ফ্ৰান্সৰ প্ৰসিদ্ধ সমাজশাস্ত্ৰী এমিল দুবখায়েমে এক বিশ্লেষণাত্মক দৃষ্টি প্ৰকাশ কৰিছিল "সামাজিক পৰম্পৰাই আত্মহত্যাৰ মূল কাৰণ।" পৃথিৱীৰ উন্নতশীল দেশসমূহত আত্মহত্যাৰ সংখ্যা ভাৰতকৈ সাতগুণ বেছি। ৰুছ দেশত আত্মহত্যা পৰিসংখ্যাৰ মতে প্ৰতিলাখত ৬৫, জাপানত ৩৩ আৰু আমেৰিকাত ২৭। ভাৰতৰ বিভিন্ন প্ৰান্তৰ ভিতৰত পণ্ডিছেৰীত আত্মহত্যাৰ সংখ্যা বেছি। কিন্তু সাম্প্ৰতিক মোম্বাইত আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাব ধৰিছে।
বিশ্বৰ মানসিকৰোগী চিকিৎসক আৰু বৈজ্ঞানিকসকলৰ অভিমত অনুসৰে মানসিক অৱসাদ আৰু মানসিক বিহ্বলতাই মানুহৰ মনলৈ আত্মহত্যাৰ প্ৰৱণতা জগাই তোলে। জীৱনৰ কিছুমান দুখজনক ঘটনা তথা প্ৰেমজনিত ব্যক্তিগত সম্বন্ধৰ বিফলতাও আত্মহত্যাৰ মূল কাৰণ।
সাম্প্ৰতিক সমগ্ৰ ভাৰতবৰ্ষতে ৩০ বছৰৰ কম বয়সীয়া যুৱক যুৱতীয়ে বৰ্দ্ধিত হাৰত আত্মহত্যাক আঁকোৱালি লৈছে। এই বয়সৰ যুৱক যুৱতীৰ সংখ্যা ৫৫ শতাংশ। মানসিকৰোগ বিশেষজ্ঞৰ মন্তব্য অনুসাৰে কম বয়সীয়া যুৱক যুৱতী সকলে শিক্ষা ব্যৱস্থাৰ বাবেই আত্মহত্যাক আঁকোৱালি ল'ব লগীয়া হৈছে। সাংসাৰিক জীৱনত বিভিন্ন কাৰ্যত নিজকে ব্যস্ত ৰাখিও বহুসংখ্যক গৃহিনীক আত্মহত্যা কৰা দেখা যায়। ইয়াৰ কাৰণ হ'ল বৰ্তমান পৰিবৰ্তনশীল সমাজ। মানসিক অসন্তুষ্টিত ভোগীও বহুতে আত্মহননৰ পথ বাছি লয়।
আত্মহত্যা কৰা ব্যক্তিসকলে নিজৰ ব্যাথাভৰা কথাবিলাক প্ৰায়ে আনৰ আগত প্ৰকাশ কৰে। আত্মহত্যাৰ আগমূহুৰ্তত এই ব্যক্তিসকলৰ মানসিক দিশটো পৰিবৰ্তন হোৱা দেখা যায়। কোনো আকস্মিক দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত কিছুমান মানুহে আত্মহত্যা প্ৰক্ৰিয়াটোক বিচাৰি লয়। যিটো দুৰ্ঘটনাই মানুহগৰাকীক সাংঘাটিক ভাৱে অন্তৰ্দ্বন্দ্বত পতিত কৰে। এই ধৰণৰ ব্যক্তিয়ে এসপ্তাহ, এমাহ পৰ্যন্ত আত্মহত্যাৰ গুনাগঠা কৰে। মানসিক ৰোগ বিশেষজ্ঞৰ মতে আত্মহত্যাৰ বিষয়ে চিন্তা কৰা ব্যক্তিসকলৰ যদি মানসিক অৱস্থাটো বুজি পোৱা যায় তেনেহ'লে তেওলোকক সম্ভাৱ্য দূৰ্ঘটনাৰ পৰা আঁতৰাই আনিব পাৰি।
হতাশাগ্ৰস্ততালোকক কিদৰে আত্মহত্যাৰ পৰা আঁতৰাই ৰাখিব পাৰি ?
ইয়াৰ প্ৰতিকাৰ হৈছে - - - -
১)হতাশাগ্ৰস্ত লোকৰ মানসিক অৱস্থাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগে। তেওলোকক সদায় সহানুভূতিশীল হৈ পৰামৰ্শ দিব লাগে। মানুহৰ শৰীৰ আৰু মন এটা মূদ্ৰাৰ দুটা পিঠিৰ দৰে। মনোবৈজ্ঞানিক কাৰণ বিলাক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। সেয়ে ব্যক্তিৰ শাৰীৰিক আৰু মানসিক ভাৱে স্বাস্থ্যৱান কৰি তুলিবলৈ পৰিয়ালৰ ব্যক্তিসকলৰ লগতেওচৰ চুবুৰীয়া ব্যক্তি সকলৰো কৰ্তব্য।
২)যোগ আৰু এৰবিক্সৰ দ্বাৰাই আমাৰ সুস্বাস্থ্যৰ লগতে সুষ্ট মনৰো গৰাকী হ'ব পাৰি। কাৰণ সুষ্ট মনে আমাক বেয়া চিন্তাৰ পৰা দূৰত ৰাখে। এৰবিক্সৰ অনুশীলন কৰাৰ সময়ত দ্ৰুত শৰীৰৰ সঞ্চালনৰ ফলত শ্বাস প্ৰশ্বাস দ্ৰুত হয় আৰু প্ৰচুৰ অক্সিজেন শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। তেজৰ লগত অক্সিজেন মিলি শক্তি তৈয়াৰ কৰে আৰু এই শক্তিয়ে মানুহৰ কাৰ্যক্ষমতা বঢ়ায়, ফলত মানসিক ভাৱেও সবল হয়।
৩)যোগাসন ঃব্যায়াম আৰু যোগাসনৰ মাজত কিছু পাৰ্থক্য আছে। ব্যায়ামৰ জৰিয়তে শৰীৰৰ পেশীসমূহ দৃঢ় আৰু মজবুত হয়। কিন্তু যোগাসনৰ অৰ্থ হৈছে যি মৌলিক প্ৰক্ৰিয়াই তেজ চলাচলৰ গতি নিয়ন্ত্ৰণ কৰি দেহৰ বিভিন্ন অংগ সূস্থ আৰু স্বাভাৱিক কৰি ৰাখে। লগতে আমাৰ মনৰ অৱস্থাও সূস্থ কৰি ৰাখে। সূস্থ মনত কেতিয়াও হতাশে বাহ বান্ধিব নোৱাৰে। গতিকে যোগ আৰু এৰবিক্সৰ দ্বাৰা আত্মহত্যাৰ পৰা আমি প্ৰতিকাৰ পাব পাৰোঁ।
৪)আমি নিজকে সৃজনীমূলক কৰ্মত ব্যস্ত ৰাখিব লাগে। অধ্যয়নপুষ্ট মনত আমাক হতাশৰ পৰা মুক্তকৰি ৰাখে। আমি পৃথিৱীৰ মহৎ লোকৰ জীৱনী পঢিব লাগে। তেওঁলোকৰ জীৱন আদৰ্শই আমাক নতুন প্ৰেৰণা যোগায়।
৫)আমি আমাৰ ব্যক্তিগত সমস্যাবোৰ পৰিয়ালৰ সকলোৰে আগত প্ৰকাশ কৰি তাৰ সমাধান বিচাৰিব লাগিব।
৬)সকলোবোৰ মানসিক ৰোগৰ ভিতৰত ডিপ্ৰেশ্যন বা হতাশাগ্ৰস্ততা সকলোতকৈ ভালদৰে চিকিৎসা কৰাব পৰা ৰোগ। আজিকালি উন্নত মানদণ্ডৰ চিকিৎসা সেৱাৰ ফলত প্ৰায় ৮০ শতাংশ লোকেই ডিপ্ৰেশ্যনৰ পৰা মুক্ত হ'ব পাৰে। ইয়াৰ বাবে সঠিক সময়ত সঠিক দৰবৰ প্ৰয়োজন হৈ পৰে। ঘৰৰ মানুহে এই বেমাৰটো ধৰিব পাৰিলে ততালিকে মানসিক ৰোগচিকিৎসকৰ কাষ চাপিব লাগে। যেতিয়া মানসিক চাপ বেছি হয় আৰু দৰবে কাম নকৰে তেতিয়া ৰোগীৰ মনত প্ৰবল আত্মহত্যাৰ প্ৰৱণতা জন্মে। তেনে অৱস্থাত ইলেক্ট্ৰভালছিভ থেৰাপী য়ে(Electroconvulosive Therapy Ect) খুব ভাল কাম কৰে। ইয়াৰ উপৰিও চাইক'থেৰাপীৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। আৰন বেকে ডিপ্ৰেশ্যনৰ এক বিশেষ থেৰাপী উলিয়াইছিল। সেয়া আছিল ক'গানিটিড বিহেভিয়াৰ থেৰাপী (Cognitive Behave Therapy) ।হতাশাগ্ৰস্ততাত ভোগা লোকসকলৰ চিন্তাধাৰাতো ভুল থাকে। সেয়ে বিভিন্ন থেৰাপীৰ দ্বাৰা তেওঁলোকক যিকোনো ঘটনাক নতুনকৈ চাবলৈ শিকোৱা হয়।
৭)আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ' ল আমি হতাশাগ্ৰস্ততাত ভোগা লোকৰ প্ৰতি সহানুভূতিশীল হ'ব লাগিব। হতাশাত ভোগা লোকৰ মনৰ স্থিতি যিহেতু বৰ স্পৰ্শকাতৰ গতিকে তেওঁ লোকে আঘাত পোৱা কাম আৰু কথাৰ পৰা আঁতৰি মৰমেৰে কথাবোৰ ক'ব লাগিব।
সামৰণিত ইয়াকে কওঁ হতাশাগ্ৰস্ততাত ভোগা লোকসকলক আমি মৰম আৰু সহানুভূতিৰে সহায়ৰ হাত আগবঢোৱা উচিত। তেওঁলোকৰ মানসিক চিন্তাক উলাই নকৰি সমাধানৰ উপায় দিয়ক। এইয়া প্ৰতিজন ব্যক্তিৰে প্ৰধান কৰ্তব্য।
লেখিকাঃ উৰ্বশী বৰগোহাঁই, ডিব্ৰুগড়
লেখিকাঃ উৰ্ৱশী বৰগোহাঁই
Editor: diganta kumar bhuyan
Sahitya Sofura, সাহিত্য সঁফৰা
Comments
Post a Comment
If you have any doubts, please let me know.