ফ'ৰ লেনৰ দুখ

![]() |
(ৰাৱন)ভাওনা শিল্পীঃ প্ৰশান্ত কুমাৰ বৰা |
সুৰ, অসুৰ, দৈত্য, দানৱ এই সকলো বোৰ কোনো নহয় কোনো ঋষি, মুনি, দেৱতা আদিৰ সন্তান। ঋষি কাশ্যপৰ তিনি গৰাকী পত্নী দীতি, অদিতি আৰু দানুৰ পৰাই যিহেতু অসুৰ, দেৱতা, দানৱৰ সৃষ্টি সেই হিচাপত এওঁলোক সকলোৰে সম্পৰ্ক তেনেই ওচৰ চপা। সেয়ে হ'লেও শাস্ত্ৰ, পুথি আদিত দেৱতা সকলৰ যিমান সদ গুণৰ বাখ্যা পোৱা যায় তাৰ তুলনাত তিৰ্লাদ্ধ মানো কিন্তু অসুৰ, দৈত্য, দানৱ আদিৰ বিষয়ে পোৱা নাযায়।
শাস্ত্ৰ পুথি আদিত দেৱতা সকলক সদায় মহান বুলি প্ৰতিস্থা কৰা হৈছে আৰু অসুৰ সকলক চল চাতুৰিৰে বেয়া শক্তি বুলি প্ৰতিস্থা কৰি বধ কৰা হৈছে। নৰকাসুৰ, বাণাসুৰ, ৰাৱণ, হিৰণ্যকশিপু আদিৰ দৰে যি সকল অসুৰৰ নাম শুনা যায় তেওঁলোক সংখ্যাত কম কিন্তু শক্তিত অদ্বিতীয় হোৱাটো মন কৰিবলগীয়া । সেয়ে হ'লেও দেৱতা সকলৰ তুলনাত অসুৰ সকলৰ বিষয়ে বিশেষ একো পোৱা নাযায়। উদাহৰণ স্বৰূপে শ্ৰী কৃষ্ণৰ বংশ লতিকা বিচাৰিলে ৭২ পুৰুষলৈকে পোৱা যায় যদিও বাণাসুৰ ৰাৱণ আদি অমিত বিক্ৰমশালী অসুৰৰ বিষয়ে মাত্ৰ ৬/৭ পুৰুষ মানলৈকেহে পোৱা যায়। পুৰাণ উপপুৰাণকে আদি কৰি ৰামায়ণ, মহাভাৰত আদিৰ বিভিন্ন স্তৱ-স্তোত্ৰত অসুৰৰ বিষয়ে যি পোৱা যায় তাৰ পৰা নিৰপেক্ষ দৃষ্টিভংগীৰে বিচাৰ কৰিলে দেখা যায় যে------------
১/ অসুৰ সকল দেৱতা সকলতকৈ বহু শক্তিশালী। অন্যায় আৰু চল চাতুৰি নকৰিলে দেৱতা সকলে হয়তো কোনো এজন অসুৰকে পৰাভূত কৰিব নোৱাৰিলে হয়।
২/ অসুৰ সকলে কথা দিলে নিজৰ প্ৰাণ দি হলেও তাক ৰক্ষা কৰিছিল। সি লাগে দেৱতাৰ চলনাই নহওক কিয় ! যেনে ভগৱান বিষ্ণুয়ে বামণ ৰূপত বলি ৰজাৰ পৰা ত্ৰিপদ বিচৰাটো চলনা বুলি জানিও বলি ৰজাই কথা দিয়াৰ বাবেই তিনি পদ ভূমি দান কৰি নিজৰ পতন মাতি আনিছিল।
৩/ অসুৰ সকলে কেতিয়াও অন্যায় যুদ্ধ নকৰিছিল। যিটো দেৱতা সকলে পাকে প্ৰকাৰে কৰিছিল। নিৰস্ত্ৰ অৱস্থাত আৰু পিঠি ফালৰ পৰা অস্ত্ৰ ব্যৱহাৰ শাস্ত্ৰ সন্মত নহয় যদিও দেৱতা সকলে দুষ্টক দমনৰ দোহাই দি তাকে কৰিছিল।
৪/ অসুৰ সকলক লঘু দোষত গুৰু শাস্তি দিয়াৰ কথা শাস্ত্ৰবোৰ পঢ়িলেই বুজিব পাৰি। য'ত দেৱতাই কৰা হত্যা ধৰ্ষণ আদিক বিধিৰ বিধান বুলি উল্লেখ কৰা হৈছিল ।
৫/ মিত্ৰতাৰ দোহাই দি ঐক্যবদ্ধভাৱে কাম কৰাৰ কথা কৈ সময়ত শ্ৰম আৰু ত্যাগৰ শোষণ কৰাটো দেৱতা সকলৰ যেন ধৰ্মই আছিল।
উদাহৰণ স্বৰূপে সাগৰ মন্থনৰ পাছত অমৃত ভাগ বতৰা কৰাৰ কথাই কব পাৰি !
এনেবোৰ কথাৰ বাবেই অসুৰ সম্পৰ্কে কিছু কথা জানিব বিচাৰি আলোচনাৰ পোষকতা কৰিলোঁ। এয়া আমাৰ কোনো ধৰ্মীয় সমালোচনা নহয় কিম্বা কোনো ধৰ্মক হেয় কৰাৰ প্ৰৱণতাও নহয়। এয়া মাত্ৰ সুৰ আৰু অসুৰ সম্পৰ্কে আমাৰ এক নিৰপেক্ষ আলোচনা হে।
এতিয়া চোৱা যাওঁক এই অসুৰ সকল কোন ?
অসুৰ সকল খেতি বাতি কৰি গৰু গাই আদি পুহি একে ঠাইতে থাকি খেতি বাতি কৰি ভালপোৱা অনাৰ্য গোষ্ঠীৰ জনজাতীয় লোক। আনহাতেদি সুৰ বা দেৱতা সকল প্ৰব্ৰজিত হৈ অহা বিভিন্ন ঘাট প্ৰতিঘাটৰে অভিজ্ঞ যুঁজাৰু জাতিৰ লোক। ফলত য'তেই তেওঁ লোক গৈছে তাতেই গাওঁ পাতি বাস কৰা অসুৰ সকলৰ মাটি বাৰি ভূমি আদিক লৈ সংঘাটৰ সৃষ্টি হৈছে ।
খৃষ্ট জন্মৰ প্ৰায় ৩,০০০ বছৰ পূৰ্বে যেতিয়া ইৰাক ইৰাণ আদি মধ্যপ্ৰাচ্যৰ দেশ সমূহত এচিৰীয় সভ্যতাই গা কৰি উঠিছিল তেতিয়া সেই সভ্য জাতিটোৰ অন্তৰ্গত থকা লোক সকলেই আছিল অহুৰ বা অসুৰ। যাৰ কলা কৃষ্টিক পাছলৈ অসুৰীয় বা অচুৰীয় বা এচিৰীয় বোলা হৈছিল।
পাৰ্চি সকলৰ জৰাস্তিয়ান ধৰ্ম মতৰ ধৰ্ম গ্ৰন্থ জেইন আবেস্তাত থকা তেওঁ লোকৰ ঈশ্বৰ 'অহুৰ মাজদা'ৰ বিষয়েটোও মন কৰিব লগীয়া । এই অহুৰ আৰু বৈদিক যুগৰ অসুৰ একেই আছিল বুলি কব পাৰি। কিয়নো ঋগ্বেদত উল্লেখ আছে যে মিত্ৰ, বৰুণ, অগ্নি, ৰুদ্ৰ আদি সকলো দেৱতাই অসুৰ। সেয়েহে পৃথিৱীৰ এক মাত্ৰ দৃশ্যমান দেৱতা সূৰ্য্যও অসুৰ। এই বাবেই ঋগ্বেদে সূৰ্য্যক সোণালী হাতৰ দয়ালু অসুৰ বুলি কৈছে। অৰ্থাৎ অসুৰ কোনো ঈশ্বৰ বিৰোধী চয়তান নহয়। শক্তিমান এক পুৰুষ হে। সেয়েহে কব পাৰি যে জেইন আবেস্তাৰ অহুৰ মাজদা আৰু বৈদিক যুগৰ অসুৰ একেই।
খৃষ্ট পূৰ্ব ৬০০ ত এচিৰীয় ৰজা অসুৰবনিপালৰ এক শিলালিপি আবিষ্কাৰ হৈছে। য'ত অহুৰ মাজদাৰ কথাৰ লগতে সিংহ চিকাৰ কৰা সচিত্ৰ ভাষ্স্কৰ্য্য পোৱা গৈছে। যি খন বৰ্তমানে বৃটিছ যাদুঘৰত সংৰক্ষিত হৈ আছে। অসুৰ সকল যে সিংহৰ দৰে হিংস্ৰ পশুকো বস কৰিব পৰা শক্তিৰ অধিকাৰী সেই কথাই যেন অসুৰবনিপালে তেওঁৰ লিপিত উল্লেখ কৰি গৈছে।
এই দৃষ্টিৰে সিন্ধু উপত্যকাৰ সভ্যতাও অসুৰ জাতীয় কৃষ্টিৰেই সৃষ্টি বুলিও বহু জনে ধাৰণা কৰে। যিটো আৰ্য্য সকলৰ আগ্ৰাসনত এদিন ধ্বংস হৈছিল। আৰ্য সকলৰ ৰথ আৰু ঘোৰাৰ ব্যৱহাৰ আছিল তেওঁলোকৰ শক্তিৰ অন্যতম কাৰক। যিটো অনাৰ্য সকলৰ নাছিল। ইয়াৰ প্ৰমাণ হিচাপে কব পাৰি যে সিন্ধু আৰু ভাৰতীয় সভ্যতাৰ প্ৰত্নতাত্বিক সমলৰ কতো ৰথ বা ঘোঁৰাৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা হোৱা নাই। এই ঘোৰা বা অশ্ব শক্তিয়েই আছিল আৰ্য্য শক্তিৰ মূল ।
সুৰ অসুৰ সম্পৰ্কে পোৱা আন এক তথ্য মতে যি সুৰা পাণ কৰে তেওঁলোকেই সুৰ আৰু যি সুৰা পাণ নকৰে তেওঁলোক অ-সুৰ। অৰ্থাৎ আৰ্য সকল আছিল সুৰা পাণ কৰা বাবে 'সুৰ' আৰু অনাৰ্য সকল আছিল সুৰা পাণ নকৰা বাবে 'অসুৰ'।
আজিৰ সময়ত এই কথা বিশ্বাস কৰা কঠিন যদিও আৰ্য সকলৰ যাগ-যজ্ঞ, পূজা সেৱা আদিত সুৰাৰ ব্যৱহাৰ সন্ঢালনিকৈ যে চলিছিল তাৰ প্ৰমাণ পোৱা যায় ।
বাল্মিকী ৰামায়ণতে সুৰাৰ ব্যৱহাৰ বিভিন্ন সময়ত বহু ঠাইত পোৱা গৈছে।
যেনে সীতাই ১৪ বছৰ বনবাস পাৰ কৰি আহিলেই গংগা নৈত এক হাজাৰ কলহ আৰু যমুনা নৈত এশ কলহ সুৰাৰে পূজা দিব বুলি কোৱা তথ্য পোৱা গৈছে। ভাৰত বৰ্ষত দেৱতা অসুৰৰ যুদ্ধৰ বৰ্ণনাই দৰাচলতে আৰ্য-অনাৰ্য ৰ সংঘাটৰ কথাই প্ৰমাণ কৰে।
বৈদিক যুগৰ পাছৰ কালৰ দেৱ স্তাৱক সকলে অৰ্থাৎ ব্ৰাহ্মণ সকলে দেৱতাৰ পক্ষত শ্ৰুতি ৰচনাৰে কথাবোৰ কওতে কওতে বা পাছৰ কালত লিখিব পৰা হলত লিখোতে লিখোতে ইয়াৰ ভূস্বামী জনজাতীয় সকলক অসুৰ আখ্যা দি এক ন্যঞৰ্থক ভাবৰ জন্ম দি দেৱতা সকলক মহান কৰি ডাঙি ধৰাৰ ফলতেই আজি অসুৰ সকল আমাৰ দৃষ্টিত অসভ্য বৰ্বৰ বুলি ধৰা দিছে।
উদাহৰণ স্বৰূপে চাওক প্ৰথম মহাকাব্য ৰামায়ণত থকা ৰাৱণৰ কথা লৈ। ৰাৱণ আছিল এজন মহান শাসক। তেওঁ শাস্ত্ৰজ্ঞ পণ্ডিত আছিল। তেওঁৰ দৰে শৈৱ ভক্ত দ্বিতীয় জন নাছিল। তেওঁ ইমানেই ধাৰ্মিক আছিল যে কুবেৰে তেওঁক লংকা নগৰীৰ লগতে পুষ্পক বিমান খন এটা অনুৰোধতে দান দি দিছিল। সম্পৰ্কত কুবেৰ তেওঁৰ জেষ্ঠ্য ভাতৃ আছিল। তেওঁ চাৰি বেদ আৰু ছয় শাস্ত্ৰৰ পণ্ডিত আছিল। তেওঁৰ জ্ঞানৰ পৰিসৰৰ বাবেই তেওঁক দহোটা মূৰৰ সমান বুলি জ্ঞান কৰি দশানন বুলিছিল। তেওঁ কেবলমাত্ৰ এজন ভাল অসুৰ ৰজাই নহয় কেইবাখনো গ্ৰন্থৰো প্ৰণেতা আছিল তেওঁ। গ্ৰহ, নক্ষত্ৰ, সমুদ্ৰ, হস্তৰেখা, জন্ম কুণ্ডলী আনকি উন্নত চিকিৎসা পদ্ধতি আদি সকলো দিশতে তেওঁৰ পাণ্ডিত্য আছিল অপৰিসীম। জ্যোতিৰ বিজ্ঞান সম্পৰ্কীয় তেওঁৰ 'অৰুণ সংহিতা' আজি লাল কিতাৱ বা ৰাৱণ সংহিতা নামেও জনাজাত। আৰ্ক সংহিতা তেওঁৰ দ্বাৰা প্ৰণিত আয়ুৰ্বেদ শাস্ত্ৰৰ এখন অদ্বিতীয় পুথি। ৰাজনীতি, সমৰ নীতি সকলোতে তেওঁৰ আছিল অতুলনীয় পাণ্ডিত্য ।
ডবা বা Chess খেলৰো আবিষ্কাৰ কৰিছিল তেওঁ। ইয়াৰ দ্বাৰা তেওঁ প্ৰমাণ কৰি দিছে যে তেওঁ কিমান ৰণ নৈপুণ্য। সংগীতৰ সপ্তসুৰো তেওঁৰহে সৃষ্টি বুলি আজি এচাম গৱেষকে প্ৰমাণ ডাঙি ধৰিছে। সমস্ত জ্যোতিষ শাস্ত্ৰ আছিল তেওঁৰ আয়ত্ত্বত।
এনেবোৰ কথাৰ বাবে ৰাৱণ এজন পূজ্য লোক হ'ব লাগিছিল। তেওঁৰ দৰে গুণি জ্ঞানি পণ্ডিত লোক কাৰো লগতে তূল্য নহয়। কিন্তু তেওঁক সামান্য সীতা হৰণৰ অজুহাতত বা দোষ জাপি দি দেৱতা সকলে পাকে প্ৰকাৰে তেওঁক হত্যা কৰিবলৈ নানান ষড়যন্ত্ৰত লিপ্ত হৈ শেষত বধ কৰা বুলি লিপিবদ্ধ কৰি ৰামায়ণ ৰচনা কৰিলে।
যি অপৰাধেৰে ৰাৱণক দণ্ডিত কৰা হ'ল বুলি দেৱ স্তাৱক সকলে কব বিচাৰে তাতকৈ শতগুণ গৰিহণাযোগ্য কামেৰে ঋষি মুনি দেৱতা সকল অপৰাধী। ঋষি মুনি সকলৰ লুতুৰা স্বভাৱ শাস্ত্ৰকাৰ সকলে দেৱ স্তাৱক হৈয়ো লুকুৱাব পৰা নাই। আন নালাগে ব্ৰহ্মাৰ দৰে পিতৃ তুল্য দেৱতাৰেই আনৰ ৰূপৱতি পত্নীক দেখি কাম ভাৱত আতুৰ হৈ বীৰ্য্যপাত ঘটা ঘটনা, বা ইন্দ্ৰৰ নিজৰ পদ মৰ্য্যাদা লঘু কৰি কিমান যে অনৈতিক কামত লিপ্ত হৈছে তাৰ লেখ জোখ নাই ! তেনে স্থলত নিজৰ আপোন ভগ্নী সুৰ্পনসাৰ নাক কান কাটি দিয়াৰ অপৰাধত সীতাক বন্দী কৰি এদিনো সতীত্বত হাত নিদিয়া ৰাৱণক যি হাৰত নিন্দা, তিৰস্কাৰ, ইতিকিং কৰা হ'ল সি ভাবিবলৈ গ'লে অকল্পনীয়। Dasshera
আনকি ৰাৱণৰ ওপৰত দেৱ স্তাৱক সকলৰ ইমানেই খং যে আজিও বেয়াৰ ওপৰত ভালৰ জয়লাভৰ কথা সুৱঁৰি ৰাৱণ বধৰ ঘটনাক উৎসৱ ৰূপে মান্যতা দি 'দশেৰা' পালন কৰে। অথচ আমি গমেই নলও যে খোদ ৰাৱণৰ জন্মভূমিত ৰাৱণক আজিও এজন মহান প্ৰজাৰঞ্জক শাসক বুলি স্মৰণ কৰা হয়। ভাৰতৰো বিভিন্ন প্ৰান্তত ৰাৱণৰ পূজা হয়।
ৰাৱণৰ দৰে বীণা বাদক দ্বিতীয় জন নাছিল। ৰুদ্ৰ বীণা ৰাৱণৰ সৃষ্টি। যি বীণা হাতত লৈ সৰস্বতী আজি বীণাপাণি নামে খ্যাত। ভাৰতীয় মহাকাব্য, পুৰাণ আদিৰ বিভিন্ন স্তৱ-স্তোত্ৰত নটৰাজৰ মাত্ৰ দুজনহে ভক্তৰ বিষয়ে উল্লেখ পোৱা যায়। এজন লংকাধিপতি ৰাৱণ আৰু আনজন শোণিত সমভ্ৰম বাণ মহাৰাজ। দুয়ো জনেই অসুৰ।
![]() |
Nataraj |
ৰাৱণে মৃদঙ্গ বজালেহে নটৰাজ সন্তুষ্ট হৈছিল। শ্ৰী লংকা, সুবৰ্ণভূমি বা থাইলেণ্ড আদিত ৰাৱণক আমাৰ কৃষ্ণ, দ্ৰৌপদীৰ দৰে শ্যাম বৰণৰ বুলি কোৱাটো আন এক উল্লেখযোগ্য কথা। থাই সকলৰ মতে ৰাম তেওঁ লোকৰ হে নেতা আছিল। তাত অযোদ্ধা নামৰ অঞ্চল আমি নিজে দেখি আহিছোঁ। তদুপৰি ৰাৱণো তেওঁ লোকৰ পূজ্য। গাৰ বৰণ সেউজীয়া। উল্লেখযোগ্য যে থাই বিমান বন্দৰৰ জনপ্ৰিয় আৰু প্ৰচলিত নাম আকৌ 'সুৱৰ্ণভূমি'হে। নামটোতেই যেন ৰামায়ণৰ বহু ঘটনা সোমাই আছে ! বিমান বন্দৰত তেওঁলোকৰ স্বাভিমান ৰূপে সজাই থোৱা আছে মনি মুকুতা খচিত দেৱতা অসুৰৰ বৃহদাকাৰ সাগৰ মন্থনৰ দৃষ্টি নন্দন ভাষ্কৰ্য্য আৰু কাষতেই তাৰ ১০/১২ ফুট ওখ ৰাৱণৰ প্ৰকাণ্ড হৰিৎ বৰণৰ মূৰ্তি । তাত লিখিথোৱা বিৱৰণ মতে আকৌ সীতা ৰাৱণৰ জীয়ৰী হে । নিজ চকুৰে দেখি অহা এই ঘটনাবোৰৰ সবিশেষ জনাৰ অৱশ্য উপাই নাছিল। কিয়নো দুদিন মানৰ বাবে ফুৰিবলৈ গৈ লগ পোৱা অধিকাংশ স্থানীয়য় মানুহেই আছিল বৌদ্ধ ধৰ্মাৱলম্বী লোক। এই খিনিতে এটা প্ৰশ্ন মনলৈ আহিছিল। বাল্মিকী ৰামায়নত ৰাৱণে নিজে কৈছে যে সাগৰ তীৰৰ পৰা লংকালৈ ১০০ যোজনৰ বাট। এক যোজন মানে ১৪.৫ কিলোমিটাৰ হ'লে এই দূৰত হয় ১৪৫০ কিলোমিটাৰ।
কিন্তু আমাৰ সাগৰৰ পৰা মাত্ৰ ৫২ কিলোমিটাৰ দূৰত্বত থকা লংকা খনৰ সেই দূৰত্ব খাপ খাইনে বাৰু ? ৰামায়ণত পোৱা তথ্য মতে গবাক্ষ, ঋষভ, গন্ধমাদন, সুষেণ, জাম্বৱান, অংগদ, হনুমান আদি বীৰৰ ভিতৰত কোনে কিমান জাপ মাৰিব পাৰে তাৰে পৰীক্ষা কৰি হে হনুমানক লংকালৈ পঠোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। কাৰণ হনুমানৰ হে ১০০ যোজন জাপ মাৰি ঘুৰি অহাৰ ক্ষমতা আছিল।
আনহাতেদি আকৌ শ্ৰীলংকাৰ স্থানীয় মতবাদ মতে ৰাৱণ আছিল নাগ বংশীয় লোক। অখণ্ড প্ৰতাপী। মায়াসুৰ আছিল তেওঁৰ শহুৰ। লংকা নগৰীৰ স্থপতিবিদ। তেওঁৰ মাতৃ কৈকেষী নাগ লোকৰ আছিল বুলি কোৱা হৈছে। মন কৰিব লগীয়া যে এই 'নাগ' সকলক আজি বহু পশ্চিমীয়া গৱেষকে বৰ্হি বিশ্বৰ প্ৰাণীৰে সম্পৰ্ক থকা কোনো উন্নত জীৱ বুলি গৱেষণা কৰিছে। সেই হিচাপত সৰ্প বা সাপ আজি ভাৰতীয় পুৰাতত্ত্বত এক আলোচনাৰ বিষয় হৈছে। আমাৰ ধৰ্মীয় সংস্কৃতিটো সাপৰ প্ৰভাৱ মন কৰিব লগীয়া। প্ৰায়বোৰ পৌৰাণিক ভাস্কৰ্য আৰু জৈন, বুদ্ধ, হিন্দু সকলো দেৱ-দেৱতাৰ সৈতে সৰ্পৰ স্থিতি উল্লেখনীয়। অনন্ত, বাসুকি, তক্ষক, কদ্ৰু আদি নাগৰ কথা বাদ দি হিন্দু শাস্ত্ৰ আগ বঢ়াই অসম্ভৱ। তেনে ক্ষেত্ৰত ৰাৱণৰ সৈতে সাপৰ সম্পৰ্কও নিশ্চয় আলোচনাৰ বিষয় হ'ব পাৰে। তাতে আকৌ শ্ৰী লংকাত ২০০ বছৰ আগেয়ে আবিষ্কাৰ হোৱা ৬৬০ ফুট ওখ সুবৃহৎ আগ্নেয় শিল কাটি গঢ়ি তোলা ৰাৱণৰ কাৰেং বুলি খ্যাত ছিগিৰীয়া আন এক আশ্চৰ্য হৈ থিয় দিছে।
মন কৰিবলগীয়া যে ভিষণ ভাবে গৰ্জন কৰিব পৰা বাবেই বিশ্ৰবাৰ পুত্ৰক শিৱই নাম দিছিল ৰাৱণ। তেওঁ শিৱক ইমানেই ভক্তি কৰিছিল যে শিৱৰ আবাস কৈলাশ পৰ্বতটোকে ডাঙি নি লংকাত স্থাপন কৰিব খুজিছিল। শিৱই তেতিয়া কথা বেগতিক দেখি ভৰিৰ বুঢ়া আঙুলিৰে মাত্ৰ পৰ্বতত হেচাদি তেওঁৰ আঙুলি এটি চেপি ধৰিলে । ইয়াৰ পৰিত্ৰাণ বাবে তেওঁ যি চিঞৰ ধৰি শিৱৰ প্ৰশস্তি গালে তেনে ছন্দৰ প্ৰশস্তিৰ লালিত্য আজিও একক আৰু অন্যন্য ৰূপে পৰিগণিত হৈ আছে।। যাক 'ৰাৱণা ছন্দ' বুলি কোৱা হয়। দুটা বা তিনিটা চাৰিটা বৰ্ণৰ ছন্দৰে অদ্ভূত সৃষ্টি এই ৰাৱণা ছন্দ আজিও শিৱ তাণ্ডৱ স্তোত্ৰম নামে সুখশ্ৰুত।
স্থানীয় লোক আৰু আন আন অঞ্চলৰ লোক গাঠা মতেও ৰাৱণৰ গাৰ বৰণ হেনো সেউজীয়া বা শ্যাম বৰ্ণৰ আছিল। সেয়েহে ৰাৱণৰ সৈতে সাপৰ সম্পৰ্ক যথেষ্ট ওজন থকা যেনেই ভাব হয়। কিয়নো আজিও শ্ৰী লংকাত সাপৰ নামবোৰ ৰাৱণৰ নামেৰেহে আৰম্ভ হয়। আনকি বৈজ্ঞানিক নামো। যেনে তাত পোৱা সাপ এডাল হ'ল মেডিলা সাপ। তেওঁ লোকে কয় ৰাবানাজ মেডিলা (Ravanage Medilla) ইয়াৰ বৈজ্ঞানিক নাম হ'ল Aspidura Ravanai । স্থানীয় ৰাইজৰ মতে ৰাৱণৰ দৰে নাগ বংশীয় বীৰ সকল ভূ তলত সোমাই আছে এদিন পুণৰ ওলাই অহাৰ প্ৰতিশ্ৰুতিৰে। এয়া কেবল তেওঁ লোকৰ লোক গাঠাই নহয় এনে ধৰণৰ কথা তামিল আৰু সিংহলী ভাষাৰ পুথিটো বিস্তৃত ভাবে পোৱা যায়। উল্লেখযোগ্য যে পুৰণি কালত লংকাক নাগাদ্বিপ বুলিহে জনা গৈছিল। গ্ৰীক সকলেও লংকাক নাগাদিবয়জ (Nagadibois) বুলিছিল।
কিন্তু সেই বুলি শ্ৰী লংকা বাসীয়ে ৰাৱণক ভগৱান বুলি নহয় এগৰাকী মহান শাসক বা ৰজা বুলিহে পূজা কৰি আহিছে। আমাৰ দৰে তেওঁৰ নামত কোনেও মন্দিৰ সজা নাই বা তেওঁৰ শত্ৰু বুলি কাকো ঘৃণাও কৰিবলৈ শিকোৱা নাই।
আমাৰ দেখা যায় যে আনে জাক পূজা কৰে আমি তাক যেন ঘৃণাহে কৰিব শিকিলো! সেয়া মহিষাসুৰৰ ক্ষেত্ৰতেই হওক কিম্বা ৰাৱণৰ ক্ষেত্ৰতেই নহওক কিয় । কিন্তু কিয় ?
সেয়েহে নেকি একালত সমগ্ৰ বিশ্ব জুৰি থকা বুলি গৌৰৱ কৰা আমাৰ সনাতন হিন্দু ধৰ্ম আজি ভাৰতৰ কেইটামান চুকতে সীমাবদ্ধ ? তাৰ মাজতো আকৌ জাত-পাত, উচ্চ-নিচ এইবোৰৰ বাবে ক্ষয় হৈ আছেই! গতিকে সুৰ অসুৰৰ প্ৰভেদ বুজিবলৈ বা সুৰ কোন অসুৰ কোন বুজিবলৈ নিশ্চয় আমি আৰু অধিক গৱেষণা কৰিব লাগিব, উদাৰো হ'ব লাগিব। কাৰোবাক দুখ দি, কাৰোবাক হেয় কৰি নিশ্চয় আমি মহান হ'ব নোৱাৰিম।
আমাৰ অহঙ্কাৰ আৰু অজ্ঞানতাৰ বাবে যেন আজি আমাৰ হাততেই হিন্দু সনাতন ধৰ্মৰ সৌৰ্য্য তিলে তিলে লোপ পাই গৈ আছে !
এই ধ্বংসৰ গতি আমাৰ আত্মৰক্ষাৰ বাবে ফিৰাই আনিবলৈ নোৱাৰিলে আমাক ৰক্ষা কৰিব কোনে ?
লেখকঃ শান্তনু বৰুৱা,তেজপুৰ।
লেখকঃ শান্তনু বৰুৱা |
editor: diganta kumar bhuyan,
Sahitya Sofura, সাহিত্য সঁফুৰা
Comments
Post a Comment
If you have any doubts, please let me know.