ফ'ৰ লেনৰ দুখ

বৰ্তমান সমাজত নাৰীসকল কিমান নিৰাপদ!
নিৰাপদ শব্দৰ অৰ্থ বিচাৰি বৰ্তমান হাবাথুৰি খাব লগা হৈছে।
মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ সীতা, দ্ৰৌপদীৰচৰিত্ৰ দুটা গভীৰ ভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে, দুয়োটা চৰিত্ৰই গোটেই জীৱন দুখকে সাৱটি থকা। নিজ স্বাৰ্থৰ সিদ্ধি বাবে যুধিষ্ঠিৰে দ্ৰৌপদীক বাজি লগাবলৈও কুন্ঠাবোধ কৰা নাছিল।
অন্যহাতে সীতাদেৱী মহাসতী হৈও
অগ্নি পৰীক্ষা দিবলৈ বাধ্য
কৰোৱাইছিল।
সেই প্ৰাচীন পৰম্পৰা আজিও সমাজত বৰ্তি আছে। নাৰী আজিও মুক্ত হ'ব পৰা নাই নিৰ্যাতনৰ পৰা। নাৰীৰ ওপৰত জাপি দিয়া কু-সংস্কাৰ, অন্ধবিশ্বাস, বাল্য - বিবাহ, পৰ্দাপ্ৰথা, সতী দাহ প্ৰথা ইংৰাজসকলৰ শাসন কালত লৰ্ড বেন্টিংছে নিষিদ্ধ কৰিছিল যদিও বৰ্তমানেও আমাৰ দেশৰ কিছুমান ভিতৰুৱা গাঁৱত আজিও কু-সংস্কাৰ, অন্ধবিশ্বাস বোৰ প্ৰচলিত হৈ আছে।
আজিৰ শিক্ষাৰ প্ৰসাৰতাৰ কালতো যৌতুকৰ বাবে বোৱাৰী হত্যা, মাতৃগৰ্ভৰ ভ্ৰণ পৰীক্ষা কৰি কন্যা সন্তানৰ ভ্ৰণ হত্যা কৰা অতি জঘন্য তথা অমানৱীয় কাম চলি থকাতো অতি পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক ঘটনাই নহয় অতি লজ্জ্বাজনকো।
নাৰীৰ ওপৰত চলা নানা মানসিক, শাৰীৰিক উৎপীড়িন আৰু অত্যাচাৰে প্ৰমাণ কৰে যে পুৰুষ প্ৰধান সমাজত নাৰীসকল কিমান নিৰাপদ! সমাজত নাৰীসকল এতিয়াও ভোগৰ সামগ্ৰী সদৃশ হৈয়ে আছে। আজি দানৱৰূপী পুৰুষৰ ওচৰত পাঁচ বছৰীয়া শিশু এগৰাকীও নিৰাপদ নহয়। পুৰুষৰ পাশৱিক হাতোৰাৰ পৰা এতিয়াও নাৰী মুক্তি হ'ব পৰা নাই।
ধৰ্মৰ মহান বাণী প্ৰচাৰ কৰা নিজকে ভগৱান বুলি ভবা ব্যভিচাৰী, বিকৃত যৌনৰোগী আশাৰাম বাপু ইয়াৰ জ্বলন্ত উদাহৰণ নহয় নে? ধৰ্মক দোহাই দি এইসকল ধাৰ্মিক, পুজাৰী ৰূপী ভণ্ড পুৰুষে নাৰী - কিশোৰীক কি দৰে যৌন শোষণ কৰিছে! নাৰীসকলে এনেবোৰ ঘটনাৰ পৰাই শিক্ষা লওক----ধৰ্মৰ নামত চলি অহা অন্ধবিশ্বাস, কুসংস্কাৰ বশৱৰ্তী নহ'বলৈ।
কিছুদিনৰ আগতে বৰমা'ৰ ছোৱালী বা'য়ে বৰমা'ক সোধা শুনিছিলোঁ যে বাহঁত স্কুল - কলেজলৈ বা আন ঠাইলৈ ফুৰিবলৈ যাওঁতে চিন্তা হৈছিল নে? বৰমা'ৰ উত্তৰ আছিল তেওঁলোকে কোনো দিন চিন্তা নকৰিছিল। বৰঞ্ছ দৃঢ় বিশ্বাস আছিল নিৰ্দিষ্ট সময়ত ঘৰ পাবহি বুলি। বা'ই কৈছিল, তেওঁৰ ছোৱালী জনী আন ঠাইলৈ নালাগে স্কুলৰ পৰা ঘৰ আহি নোপোৱালৈকে চিন্তা হৈ থাকে। এই চিন্তা কেৱল বা'ৰে নহয়। বৰ্তমান আমাৰ দেশৰ, আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী কন্যা সন্তানৰ মাতৃৰে চিন্তাৰ বিষয়। পুৱা ঘৰৰ পৰা ওলাই যোৱা ছোৱালীজনী পুনৰ নিৰাপদে ঘূৰি আহিব নে? কিয় আমি নাৰীসকল নিৰাপত্তাহীনতাত ভূগিছোঁ?
পুৱাৰ বাতৰি কাকতখন হাতত ল'লেই বৰ বৰ আখৰেৰে লিখা থাকে পঞ্চাশ উৰ্ধ পুৰুষৰ কামনাৰ বলি নাবালিকা, ধৰ্ষণ আৰু হত্যাৰ বাতৰি। এনে বাতৰিয়ে উদঙাই দিছে বৰ্তমান সমাজত নাৰী মুঠেই নিৰাপদ নহয়।এতিয়া ঘৰৰ চাৰিবেৰৰ মাজতো কন্যা সন্তানক অকলে এৰি যাব নোৱাৰি। কাষৰ অতি আপোন বুলি ভৱা ঘৰৰ পুৰুষ বা যুৱকৰ লুলুপ দৃষ্টি আপোনাৰ বা আপোনাৰ কন্যা সন্তানৰ ওপৰত।
নাৰীসকল যুগে যুগে লাঞ্ছিতা - বঞ্চিতা, অৱহেলিত হৈয়ে থাকিব নেকি? নিজ প্ৰাপ্য, অধিকাৰ, সমমৰ্যদা আদায় কৰিব লাগিব। সাম্প্ৰতিক নাৰীৰ সমমৰ্য্যদা, সমঅধিকাৰ নাৰী স্বাধীনতা হকে, নাৰী নিৰ্যাতন, শোষণ - উৎপীড়নৰ বিৰুদ্ধে আমাৰ দেশত ভালে কেইটা নাৰী সংগঠন গঠন হৈছে।
নাৰী ওপৰত চলা নানা দুষ্কাৰ্য, হত্যা, ধৰ্ষণ, নিৰ্যাতন, অপহৰণৰ বিৰুদ্ধে মাত মাতি আহিছে। নাৰীৰ প্ৰগতি, মুক্তিৰ কাৰণে সভা সমিতি পাতি নানা প্ৰস্তাৱ গ্ৰহণ কৰি আন্দোলনৰ কাৰ্যসূচী লৈ নানা বাতৰি কাকতত, প্ৰচাৰ পত্ৰিকাত বিবৃতি প্ৰচাৰ কৰিছে। এই খিনি কৰিবলৈ যাওঁতে সমাজৰ প্ৰতিগৰাকী নাৰী শিক্ষিতা হোৱাতো একান্তই বাঞ্ছনীয়। যেতিয়ালৈকে প্ৰতিগৰাকী নাৰী শিক্ষিতা নহয়, নিজৰ অধিকাৰ বিষয়ে সচেতন নহয়, তেতিয়ালৈকে মাত্ৰ কেইটামান মুষ্টিমেয় সংগঠনে তেওঁলোকৰ প্ৰাপ্য আধিকাৰ আদায় কৰাতো সম্ভৱ নহয়।
নাৰীসকল কেৱল পুৰুষৰ দ্বাৰাই নিৰ্যাতন নহয়। বহু সময়ত নাৰীসকল নাৰীৰ দ্বাৰা নিৰ্যাতিতা, লাঞ্ছিতা হয়। বোৱাৰী হত্যা বিষয়ে আঙুলিয়ালে দেখা যায় যে বোৱাৰী গৰাকীক যৌতুকৰ বাবে শাহু বা ননদ গৰাকীয়ে নিৰ্যাতন কৰি হত্যা পৰ্যন্ত কৰে তথা আত্মহননৰ বাবে বাধ্য কৰায়। বনকৰা ছোৱালীজনীও নিৰ্যাতিতা হয় ঘৰৰ গৃহিনী গৰাকীৰ হাতত। এনে উদাহৰণ সমাজত প্ৰায়ে দৃষ্টিগোচৰ হয়। আমি নাৰীয়ে যদি নাৰীৰ মোল নুবুজোঁ তেন্তে পুৰুষ সকলে কি বুজিব?
বৰ্তমান সমাজ ব্যৱস্থাত আধুনিকতাৰ এঢাপ আগবাঢ়িবলৈ ধৰিছে। নাৰীৰ ওপৰতে হয়তো এই আধুনিকতাৰ প্ৰভাৱ বিশেষকৈ পৰিছে।
আনহাতে গ্লেমাৰ বিচাৰি একাংশ যুৱতীয়ে নগ্নদেহ প্ৰদৰ্শন কৰা, কথাছবিৰ কোনো গানত বৰষুণত তিতি নাচি নাচি দেহৰ ভাঁজ দেখুৱাইছে। নগ্নতা বা শৰীৰ প্ৰদৰ্শনত তীব্ৰ প্ৰতিবাদ কৰিলেও "ফেশ্বন শ্বো" দৰ্শকৰ আগ শাৰীত আসন পুৰাই আমিবোৰে হাত চাপৰি বজাই বাহঃ বাহঃ দিওঁ।
যি কি নহওঁক .......... ,সম অধিকাৰ, সমমৰ্যদা আৰু স্বাধীনতা, সুৰক্ষা নাৰীকহে লাগে। সেয়ে এই ক্ষেত্ৰত নাৰীয়ে মূখ্য ভূমিকা ল'ব লাগিব। যিকোনো পৰিস্থিতিতে সাহসেৰে যঁজিব পৰা ক্ষমতা থাকিব লাগিব। আমি আশাবাদী এনে এখন সমাজৰ, য'ত নাৰী চিৰ পূজিতা হ'ব। নিৰ্যাতন বিহীন অন্ধবিশ্বাস, উৎপীড়িন বিহীন নিকা সমাজ। যিখন সমাজে নাৰীক দিব পূৰ্ণ মৰ্যদা আৰু সুৰক্ষা।
লেখিকাঃ উৰ্বশী বৰগোহাঁই,ডিব্ৰুগড় (অসম)
Urbashi Borgohain |
Comments
Post a Comment
If you have any doubts, please let me know.