ফ'ৰ লেনৰ দুখ

![]() |
Cyclone |
অনিয়ন্ত্ৰিত সামুদ্ৰিক দৈত্য Cyclone , ঘূৰ্ণি
পৃথিৱী যে বৰ্তমান অস্থিৰ সেইটো বুজিবলৈ আৰু কাৰো বাকী নাই ! ভূগৰ্ভৰ আভ্যন্তৰীণ অশান্তিয়ে সমগ্ৰ বিশ্বৰ পাৰিপাৰ্শ্বিকতাক লণ্ড ভণ্ড কৰি পেলাইছে।
সমগ্ৰ বিশ্বৰ কিছু জলৰাশী হৈছে অশান্ত উত্ৰাৱল।কিন্তু আটাইতকৈ ভয়াবহ ৰূপ লৈছে ভাৰতীয় উপমহাদেশৰ এক উপসাগৰেহে।
১৯৭০চনত বঙ্গোপসাগৰত প্ৰৱল নিম্নচাপৰ বাবে সৃষ্টি হোৱা "ভোলা" নামৰ চাইক্লনে তেতিয়াৰ পূব-পাকিস্তানৰ ২৫ফূট উচ্চতাৰ সামুদ্ৰিক ৱাল ভাঙি ৩লাখৰ পৰা ৫লাখ মানুহ নিহত কৰিছিল।
১৯৯৫চনত হোৱা চুপাৰ চাইক্লনে ১৫ফূটৰ উচ্চতাৰ সাগৰীয় ঢৌ সৃষ্টি কৰি বাংলাদেশৰ অভ্যন্তৰৰ বিভিন্ন অঞ্চল নিঃচিহ্ন কৰিছিল।সেই সময়ত ভাৰতীয় সংবাদ পত্ৰ ইণ্ডিয়া টূডেৰ বেটুপাতত আৰু ভিতৰত প্ৰকাশিত ফটোৱে বিশ্ব কপাই তুলিছিল।
লাইটৰ তাঁৰত ওলমি থকা।মৃতদেহৰ ফটো কি মৰ্মন্তুদ! ১৯৯৯চনৰ চুপাৰ চাইক্লনে অকল উৰিষ্যাত নিহত কৰিলে ১০,০০০জন লোকৰ আৰু ক্ষয়ক্ষতি হ'ল ২০হাজাৰ কোটি টকাৰ সম্পত্তিৰ।
২০০৫ত হোৱা এক ক্ষুদ্ৰ ঘূৰ্ণিৰো ধ্বংসৰ ক্ষমতা হল ১০হাজাৰ কোটি টকা মূল্যৰ সা-সম্পত্তিৰ।
২০১৯ৰ ভয়ংকৰ ঘূৰ্ণি "ফেনি''য়ে নিহত কৰিলে মাত্ৰ ১৩৪৫ জনক, কিন্ত ক্ষতি কৰিলে প্ৰায় ৬০হাজাৰ কোটি টকাৰ সম্পত্তি, এয়া উৰিষ্যা আৰু দাঁতিকাষৰিয়া অঞ্চলৰ ক্ষয়-ক্ষতিৰ হিচাপ।
পিচৰ বছৰ ২০২০চনত চুপাৰ চাইক্নন "আৰফান" আহিল ।পশ্চিমবংগৰ বহু অংশ বিধস্ত কৰি নিহত কৰিলে বহুতক। কিন্তু ক্ষতিৰ অংক হ'ল ভয়ানক মুঠ ১লাখ কোটিৰ ক্ষয়ক্ষতিৰে ৰাজ্য আৰু দেশীয় অৰ্থনীতিত ভয়ানক প্ৰভাৱ পেলালে।
ডাঙৰ কথাটো হ'ল সমগ্ৰ বিশ্বৰ চাইক্ননৰ গড় শতাংশত বঙ্গোপ সাগৰৰ অৱস্থান যদিও ৪ শতাংশ হে, কিন্তু ক্ষতিৰ বা হতাহতৰ শতাংশ ৮০ ।
এটা বিশ্বমানৰ সংস্থাৰ সমীক্ষা অনুযায়ী cyclonic deathৰ বিশ্ব শতাংশৰ মুঠ ৪২শতাংশ অকল বাংলাদেশৰ।এই শতাংশৰ হিচাব ওলাইছে বাংলাদেশত নিহত হোৱা ২২লাখ মানুহৰ সংখ্যাক ধৰি।
আটাইতকৈ ডাঙৰ কথা হৈছে যে বঙ্গোপ সাগৰত নিম্নচাপ বৃদ্ধি হৈ গৈ আছে।ইতিমধ্যে নৰ্থপলৰ ৪ হাজাৰ বৰ্গ কিঃমিঃৰ উচ্চতম আৰু বৃহৎতম এক Iceberg ভাঙি গৈছে আৰু মেইনলেণ্ডৰ ফালে ধাৱমান হৈছে। উষ্ণপ্ৰবাহ আৰু ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা।সাগৰীয় নিম্নচাপে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য,বাংলাদেশ, ম্যানমাৰ আদি দেশৰ বহুল অংশ বঙ্গোপ সাগৰ উদ্ধত পৰাক্ৰমী Super cyclone ৰ ভৱিষ্যৎ লক্ষ্য যে সি ধুৰূপ।
কোনে জানে অদুৰ ভৱিষ্যৎত বঙ্গোপ সাগৰৰ বুকুত ভাৰতীয় উপমহাদেশৰ বৃহৎ অংশ,বাংলাদেশ ম্যানমাৰ যে ডুব নাযাব। যদি তেনে হয়…তেতিয়া বঙ্গোপ সাগৰৰ নাম সলনি হৈ মহাসাগৰ হ'ব।এই সম্ভাৱনাৰ পৰা নিস্তাৰ নাই! এইমুহুৰ্তত এনে ধ্বংস যজ্ঞ ৰোধ কৰাৰ ক্ষমতা বৰ্তমানৰ বিজ্ঞানৰ হাতত নাই! তথাপি জীৱন উজলি ৰ'ব বুলি আমি চলি গৈ থাকিম।
লেখকঃ মুকুল এচ গোস্বামী।
নিকামূল সত্ৰ। তেজপুৰ ।
![]() |
Mukul S Goswami Edited by: Diganta Kumar Bhuyan Sahitya Sofura |
Comments
Post a Comment
If you have any doubts, please let me know.