ফ'ৰ লেনৰ দুখ

ঊৰ্বশী বৰগোহাঁই (ডিব্ৰুগড়), মিনাক্ষী দেৱী (তেজপুৰ)আৰু শান্তনু বৰুৱা(তেজপুৰ)ৰ ৰচনাৰে........
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাৰ্ঘ্যঃ
![]() |
Bishnu Prasad Rabha |
বহুগুণৰ অধিকাৰী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকা চহৰৰ সেনা চাউনিত। সুন্দৰৰ সাধক এইজনা সুপুৰুষ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আজি আমাৰ মাজত নাই যদিও তেওঁৰ কৰ্মৰাজি আজিও সজীৱ হৈ জিলিকি আছে আমাৰ মাজত।
সাহিত্য - সংস্কৃতিকে ধৰি অভিনয়, খেল, সংগীত, নৃত্য, ভাষা-সাহিত্য চৰ্চা, ৰাজনীতি, কৃষক আন্দোলন আদি বিভিন্ন দিশত যোগ্যতাৰ পৰিচয় বহন কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অসমৰ জাতীয় জীৱনৰ মহান ব্যক্তি, সমন্বয় প্ৰতীক। ৰাভাদেৱৰ পিতৃ গোপাল চন্দ্ৰ ৰাভা দ্বিতীয় আসাম(ইষ্টাৰ্ণ) ৰাইফলছ বাহিনীৰ চুবেদাৰ মেজৰ আছিল। সেই বাবে তেওঁক ৰায়বাহাদুৰ উপাধি দিয়া হৈছিল। মাতৃৰ নাম গেথীবালা ৰাভা আছিল। তেওঁলোকৰ সু-সন্তান বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন শিক্ষানুষ্ঠানত সুখ্যাতি অৰ্জন কৰিছিল যদিও স্বাধীনতা আন্দোলনত জড়িত হৈ পলাই ফুৰিব লগীয়া হোৱাত কলেজীয়া শিক্ষা শেষ নকৰাকৈয়ে ১৯৩১ চনত শিক্ষা জীৱন অৱসৰ ঘটায়।
সেই সময়ত ৰুছ বিপ্লৱ আৰু ভাৰতত সংঘটিত বঙ্গ-ভঙ্গ আন্দোলনৰ ঢৌৱে ঢাকাৰ প্ৰতিজন নাগৰিকৰ মন চুই গৈছিল। সেই ঠাইৰ মানুহৰ কথোপকথন তথা বাতাবৰণৰ পৰা কিশোৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ মনত বিপ্লৱৰ কথাই প্ৰভাৱ পেলাইছিল। মধ্য ইংৰাজী উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ মাধ্যমিক শিক্ষাৰ বাবে তেজপুৰ হাইস্কুলত নাম ভৰ্তি কৰিলে। তাতে লগ পালে ছাত্ৰ নেতা চন্দ্ৰ নাথ শৰ্মা, অমিয় কুমাৰ দাস, হেমচন্দ্ৰ বৰুৱাকে ধৰি কেইবাজনো আগশাৰীৰ নেতাক। তাৰোপৰি লগ পালে সংস্কৃতিবান পুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালা, কমলা প্ৰসাদ আগৰৱালা আদি ব্যক্তিক। এই সকল লোকৰ সানিধ্যলৈ আহি ৰাভাদেৱৰ অন্তৰত সংস্কৃতিৰ ঢৌৱেও হেন্দোলনি তুলিবলৈ ধৰিলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ যেতিয়া কলিকতাৰ ৰিপণ কলেজত পঢ়িবলৈ ললে তাত তেখেতৰ সহপাঠী আছিল হিমাংশু দত্ত। বিপ্লৱী মনৰ ছাত্ৰসকলৰ সানিধ্যলৈ আহি কৈশোৰতে অন্তৰত ঠাই লোৱা বিপ্লৱৰ বীজ যেন থন ধৰি উঠিল। পঢ়াৰ লগে লগে বিপ্লৱ চেতনাই তেওঁৰ দেশৰ স্বাৰ্থৰ হকে কাম কৰিবলৈও আগ্ৰহী কৰি তুলিলে।
বিপ্লৱী চেতনাৰে সুন্দৰৰ আৰাধনা কৰা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিভাৰাজি তেওঁৰ কৰ্মসমূহৰ মাজেদি বিকশিত কৰিবলৈ ধৰিলে। ক্ৰমান্বয়ে তেওঁৰ বিপ্লৱী সত্ত্বাটো প্ৰেমৰ ফল্গুধাৰাই আগুৰি আছিল। এই প্ৰেম নিৰীহ লোকৰ বাবে প্ৰেম, স্বদেশৰ বাবে প্ৰেম, শ্ৰমিক, কৃষকৰ প্ৰতি প্ৰেম। বিষ্ণুপ্ৰসাদ দেৱে প্ৰেমময় অন্তৰে বিচাৰি ফুৰিছিল চৌদিশে সুন্দৰৰ বাতাবৰণ। সেই সময়ত প্ৰেম সাগৰত ডুব গৈ থকা ৰাভাদেৱৰ অন্তৰত প্ৰেমিকা প্ৰেমেও আগুৰি ধৰিছিল বহু সময়ত। সেয়ে স্বদেশৰ নিৰীহ, নিপীড়িত সকলৰ বিৰহত নাইবা কৃষকৰ বিৰহত আৰু প্ৰেমিকাৰ চিন্তাত মগন হৈ থাকোতে সৃষ্টি হৈছিল বহুতো কালজয়ী কবিতা আৰু গীতৰ।
অসমৰ জাতীয় জীৱনৰ পিতৃ স্বৰূপ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সাহিত্যিক চিন্তাৰ উৎস আছিল জনজাতি সমাজ, হিন্দু - মুছলমানৰ ঐক্য, সাম্যবাদী - সমাজ প্ৰতিষ্ঠা, শোষক শ্ৰেণীৰ উচ্ছেদ ইত্যাদি। ৰাভা, বড়ো, খামতি, ডিমাছা, মিকিৰ, মিচিং, তিৱা, দেউৰী, সোনোৱাল, ঠেঙাল, নগা, খাছীয়া, মিজো, কুকী আদি জনজাতিৰ প্ৰতি কৰা শোষণ - নিষ্পেষণৰ প্ৰতিবাদৰ পটভূমিয়েই তেওঁৰ লিখনি এক বিশাল আধাৰ। জনগোষ্ঠীৰ প্ৰতি থকা উচ্চ বৰ্ণৰ লোকসকলৰ ঘৃণাৰ ভাবে ৰাভাদেৱৰ লিখনিত আছিল প্ৰতিবাদৰ ঢৌ। "চিফুং বাঁহীৰ সুৰ" নামৰ প্ৰৱন্ধত তেওঁ বামুণ আৰু কায়স্থ সকলক জনজাতি লোকসকলেই আনি থিতাপি লগোৱাৰ কথা উল্লেখ কৰিছে।"মিচিং কনেঙ" নামৰ উপন্যাসখন তেখেতে স্বকীয় কলা-সংস্কৃতিৰে পূৰ্ণ মিচিং সকলক অৱমাননা কৰাৰ প্ৰতিবাদত ৰচনা কৰিছিল। "সমাজবাদী হ'লে কি লাভ" নামৰ লিখনি তেওঁ জনজাতিৰ লোকসকলক শোষণ কৰাৰ প্ৰতিবাদত লিখিছিল। "সোনপাহী" হৈছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অন্য এক্য সংহতি ৰক্ষাৰ বাবে কৰা প্ৰচেষ্টা ফলত ৰচিত উপন্যাস। তেখেতে "কৰবালা" নামৰ গীতি কবিতা ৰচনা কৰিছিল। মুছলমান সকলক হিন্দুৰ সৈতে সমান স্থান দি দুয়োটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ঐক্য ৰক্ষা কৰাৰ চেষ্টাত "মুক্তি দেউল" ৰ ৰচনা মাজেৰে কৰিছিল।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱ একেৰাহে কবি, সাহিত্যিক, চিত্ৰকৰ, অভিনেতা, ভাষাবিদ, উপন্যাসিক, গায়ক, বায়ন, নৃত্যশিল্পী, সুবক্তা, খেলুৱৈ, সমাজ সংস্কাৰক, ৰাজনীতিবিদ আছিল। এনেবোৰ গুণৰ ওপৰত বিপ্লৱী সত্তাই তেওঁক অনুপ্ৰাণিত কৰিছিল। জনসাধাৰণৰ কামবোৰৰ সংস্কাৰমুখী কাৰ্য্যকলাপক অনুকৰণ কৰি সাহিত্য আৰু সংস্কৃতি মাজেদি স্বদেশৰ হকে কাম কৰি গৈছিল।Sri Sri Sankar Dev
বিষ্ণুপ্ৰসাদ ৰাভাদেৱে শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰসমূহ পৰিভ্ৰমণ কৰি গুৰু দুজনাৰ যুগজয়ী সংস্কৃতিসমূহৰ বিষয়ে জ্ঞান আহৰণ কৰি এই জ্ঞান জনসাধাৰণৰ মাজত বিলাবলৈ চেষ্টা কৰিছিল । তাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাদৱে নিজেও এই সংস্কৃতিসমূহৰ অনুশীলন কৰি একান্ত ভক্তিভাবেৰে শংকৰদেৱ - মাধৱদেৱৰ কীৰ্তিকলা সমূহ প্ৰচাৰৰ বাবে নিতৌ ন-ন চিন্তাৰে কাৰ্য্য ক্ষেত্ৰত আগবাঢ়িছিল। এনে বৃহৎ প্ৰচেষ্টাৰ বাবেই নটৰাজ তাণ্ডৱ নৃত্যৰ পৰা বাণ থিয়েটাৰৰ সংগীতলৈকে পৰিবেশন কৰা তেওঁৰ নৃত্যসমূহে জনতাৰ অন্তৰত সাঁচ বহুৱাই গৈছিল।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সংস্কৃতিৰ চিন্তাধাৰা আছিল গণমুখী। তেখেতে পুঁজিবাদী সমাজ ব্যৱস্থাৰ জৰিয়তে গঢ়ি উঠা পণ্য সংস্কৃতিৰ বিৰোধী আছিল। এই ক্ষেত্ৰত সংস্কৃতি ব্যাখ্যাকাৰ খৃষ্টেফাৰ ক'ডবেলৰ আদৰ্শ ৰাভাদেৱৰ জীৱনতো দেখা যায়। পশ্চিমীয়া ভোগবাদী পণ্য সংস্কৃতিযে অসমৰ গণ-সংস্কৃতিক আচল পথৰ পৰা আঁতৰাই নিয়াত ধনতন্ত্ৰবাদে পোহপাল দিয়াত তেখেতে বহুবাৰ লিখনি আৰু কৰ্মৰ মাজেৰে প্ৰতিবাদ কৰিছিল। আজি পৰিস্থিতিত এই আদৰ্শ অতি মূল্যবান। আজি অসমৰ আকাশ - বতাহ, প্ৰকৃতি, জীৱন, আমাৰ পৰিবেশক উপেক্ষা কৰি কেৱল উগ্ৰ ৰোমাণ্টিক ভোগবাদী গীত-মাত, নাটক আদি অসমৰ কৌটিকলীয়া সুকীয়া সংস্কৃতিক কবৰ দিবলৈ আগবঢ়াই নিছে।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মহান আদৰ্শ, চিন্তা-ভাৱনা বোৰ তেওঁ প্ৰদান কৰা ভাষণসমূহৰ পৰাই উপলব্ধি কৰিব পাৰি। তেখেতে কৈছিল যে, "এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ'বলৈ পাৰস্পৰিক জ্ঞান থাকিবই লাগিব, নহ'লে দুটা জাতিৰ সমন্বয় বিশুদ্ধ নহয়"।
বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰতিটো কথাতে ফুটি উঠিছিল এটা আশাবাদী ভাব। জাতি-উপজাতিৰ সমন্বয়ত গঢ়ি উঠা অসমীয়া জাতিটোৰ সকলো শ্ৰেণীৰ লোকেই যাতে সুন্দৰ ভাৱে জীৱন - যাপন কৰিব পাৰে তাৰ বাবে তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল।তেওঁ বুজি পাইছিল যে প্ৰশাসনিক দিশৰ পৰাও সাধাৰণ ৰাইজৰ পাবলগীয়া খিনি দিব পৰা সুবিধা আছে। ৰাজনৈতিক দিশৰ পৰা সহায় নাপালে সাধাৰণ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰিব পৰাটো সম্ভৱ নহয়। সেয়ে তেওঁ ৰাজনীতিত যোগ দিছিল। কমিউনিষ্ট পাৰ্টিৰ হৈ নিৰ্বাচনত উঠি পৰাজয় বৰণ কৰিলে যদিও নিৰ্দলীয় হৈ ১৯৬৭ চনত এবাৰ জয়ী হৈ বিধান সভালৈও আহিছিল। কিন্তু তেওঁ ভবা দৰে কাম কৰাৰ সুবিধা নাপালে।
ৰাভাদেৱ আছিল অসমৰ বাবে ঈশ্বৰৰ অৱদান। তেওঁৰ জীৱনৰ সৰ্বশেষ গীতটোত ইয়াৰ প্ৰভাৱ দেখা যায়।
"এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান।"
১৯৬৯ চনৰ ২০ জুনত ৰাভাদেৱে পাৰ্থিৱ জীৱন ত্যাগ কৰে যদিও গায়ক, সুৰকাৰ, গীতিকাৰ, নৃত্যশিল্পী, অভিনেতা, কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ, ৰাজনীতিবিদ, বিপ্লৱী, চিত্ৰশিল্পী হিচাপে থকা খ্যাতিয়ে অসমৰ ভাষা - সাহিত্য, সংস্কৃতি, শিল্পী, ৰাজনীতি আৰু সমাজত অতুলনীয় অৱদান আগবঢ়াই গ'ল। তেখেতৰ কৰ্মৰাজিৰ মাজেৰে তেওঁ অসমবাসীৰ অন্তৰত সজীৱ হৈ আছে। এনে এজন যশস্বী পুৰোধা ব্যক্তিৰ আদৰ্শত সোঁৱৰণে নতুন প্ৰজন্মক প্ৰেৰণা যোগায়। তথাপিও কেৱল তেখেতৰ মৃত্যু আৰু জন্ম তিথিত তেওঁৰ যশ - গুণানুকীৰ্তনেৰে শ্ৰদ্ধাঞ্জলি যাঁচিলেই তেওঁৰ প্ৰতি ভক্তি, সন্মান জনোৱাটো নুবুজায়। প্ৰকৃতাৰ্থত তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজি বাস্তৱিক ৰূপায়ন কৰিবলৈ চেষ্টা কৰিলেহে মৃত্যুৰ পবিত্ৰ দিনটো উদযাপনৰ প্ৰকৃত মূল্যায়ন হ'ব।
লেখিকাঃ উৰ্বশী বৰগোহাঁই ,ডিব্ৰুগড় ।
Urbashi Borgohain |
........................................................................................................................................................................................................................................................................................................
ফেৰেংগাদাও আকৌ উভতি আহা
"তই যিয়েই নহ'ৱ, তই কিন্তু আমাৰ মাজৰ এটা অসমীয়া।....তোৰ পৰিচয় অসমীয়া বুলিহে লুইতৰ পাৰৰ মানুহে জানে। বামুণ, আহোম, কোচ, কলিতা, কায়স্থ, দেউৰী, চুতীয়া, মৰাণ, মটক, ডিমাছা, বড়ো, সোনোৱাল টোটোলা, হাজং বৰাহী, মিকিৰ, লালুং, মিৰি, মুছলমান, খ্ৰীষ্টান বুলি নহয়।"----- বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এটা নাম নহয়, তেখেত আছিল জাতীয় জীৱনৰ এক মহান সত্বা। উদাত্ত কণ্ঠৰে গীত গাই, সমাজৰ অলিয়ে গলিয়ে সংগ্ৰামী জীৱনৰ বীজ ছটিয়াই এখন শোষণহীন সমাজৰ ছবি আঁকি নিবিড়ভাৱে জনতাৰ অন্তৰত সোমাই পৰা এইগৰাকী মহানায়কৰ আন এটা নাম আছিল "ফেৰেংগাদাও আৱৌ'। এই নাম আছিল সংগ্ৰামী যুৱক যুৱতীৰ শিল্পী গৰাকীৰ প্ৰতি জনোৱা মৰম আৰু শ্ৰদ্ধা। ফেৰেংগাদাও মানে ফে'হু চৰাই। পুৱা সূৰ্যৰ কিৰণ পৃথিৱীত পৰাৰ আগতেই এই বিধ চৰায়ে ওখ গছৰ ডালত বহি সুললিত কণ্ঠস্বৰে শৰ্য্যা পাটিত থকা মানুহক দিনটোৰ বাবে সচেতন কৰি তোলে। এই নামটোৰ লগত বিষ্ণুপ্ৰসাদ ৰাভাৰ কামৰ আছিল এক অভূতপূৰ্ব সংমিশ্ৰণ।
বিষ্ণুপ্ৰসাদ ৰাভা বড়ো জনগোষ্ঠীৰ লোক আছিল।। কিন্তু ৰাভাই 'বৃহত্তৰ অসমৰ পৰিকল্পনা' ৰ সপোন ৰচিছিল। সংগ্ৰামী নেতা বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন জাতি-জনজাতি একগোট কৰি সমন্বয় গঢ়াৰ চিন্তা গভীৰভাৱে উপলব্ধি কৰিছিল। সংগ্ৰামী জীৱনত ৰাভাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন সম্প্ৰদায়ৰ লগত আত্মীয়তা গঢ় লৈ উঠিছিল, আয়ত্ব কৰিছিল বিভিন্ন ভাষা, কৃষ্টি-সংস্কৃতি আৰু আচাৰ- ব্যৱহাৰ। প্ৰত্যেক জনগোষ্ঠীৰ জনজীৱনৰ লগত ৰাভা একাত্ম হৈ পৰিছিল। এটা বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিবলৈ হ'লে এই কথাবিলাকৰ গুৰুত্ব ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। 'জনজাতীয় সংস্কৃতিত শিৱ' শীৰ্ষক এটি প্ৰবন্ধত ৰাভা দেৱে কৈছিল-------
" এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ'বলৈ হ'লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ উপৰি আনৰ ধৰ্ম ,কৃষ্টি , সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত। গভীৰ জ্ঞান, অধ্যয়ন নাথাকিলেও ভুল ক্ৰুটি যথেষ্ট থাকি যোৱাত প্ৰগতিৰ বাটত পৰস্পৰৰ ভিতৰত কাজিয়া হোৱাৰ ফলত হেঙাৰ পৰিবৰ সম্ভাৱনা?"
অসমৰ জাতীয় সংহতিৰ ভেটি সুদৃঢ় কৰি ভাতৃত্ব বোধ গঢ়ি তোলাৰ যি প্ৰয়াস বিষ্ণুপ্ৰসাদ ৰাভাই কৰিছিল, সেইয়া ক্ৰমে হ্ৰাস পোৱা যেন আমি প্ৰত্যক্ষ কৰিছোঁ। আজিৰ সমাজত সন্দেহ, অবিশ্বাস, পৃথকতাবাদী মনোভাৱে অসমৰ জাতীয় ঐক্যৰ অৱসান ঘটাইছে। সাম্প্ৰতিক সময়ত অসমীয়া কোন? অসমৰ থলুৱা-খিলঞ্জীয়া সকলক লৈ সময়ে সময়ে প্ৰশ্নও উত্থাপন হৈ আহিছে।
জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ' ময়ে অসমৰ ময়ে ভাৰতৰ' কবিতাৰ মাজেদি থলুৱা জাতি-জনগোষ্ঠীৰ নাম ব্যাখ্যা কৰি গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাইও মিছিং, মৰাণ, কাৰ্বি, লালুং, বড়ো, ৰাভা, কছাৰী, মিছিমি, ডিমাছা, কোচ ৰাজবংশী আদি অসমৰ থলুৱা জাতিৰ পৰা থলুৱা নেপালী, মৈমনছিঙীয়া আদি সকলোকে গীত, কবিতাৰ মাজেৰে অসমৰ থলুৱা খিলঞ্জীয়া সকলৰ প্ৰকৃত পৰিচয় দি থৈ গৈছে।Rupkunwar Jyoti Prasad Agarwala
বিষ্ণুপ্ৰসাদ ৰাভাই মহাপুৰুষ শংকৰদেৱে থৈ যোৱা অৱদান আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। 'শংকৰ হওঁক আমাৰ আৰ্হি', ডেকাশক্তিক উদ্বুদ্ধ কৰিব বিচৰা ৰাভাই শংকৰদেৱৰ আৰ্হিতে লিখিছিল........................................
'কীৰ্ত্তন দশম নামঘোষা
হওঁক আমাৰ শৌৰ্য্য
নাট গীত নাম বৰগীত
হওক ৰণৰ তুৰ্য
আৰ্হি তেওঁৰ এই অসমৰ
হওক অসীম বীৰ্য।'
এবাৰ বিষ্ণুপ্ৰসাদ ৰাভাই শংকৰদেৱৰ জন্ম উৎসৱ উপলক্ষে বৰপেটাৰ কমলাবাৰী গাঁৱত ভাষণ দি বড়ো সকলক শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আহ্বান জনাইছিল। কেইজনমান বড়ো যুৱক ক্ষুব্ধ হৈ ৰাভাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কৈছিল যে শংকৰদেৱৰ ওচৰত শৰণ ল'লে তেওঁলোকৰ ভাষা সংস্কৃতি লোপ পাব। উত্তৰত ৰাভাই কৈছিল , "কোনো শ্ৰেণী, জাতি বা গোষ্ঠীয়ে নিজৰ ধৰ্ম, সংস্কৃতি, ভাষা আৰু সাহিত্য বাদ দিবলৈ মই কোৱা নাই। নিজস্ব বৈশিষ্ট্য খিনি শক্তিশালী কৰি, উমৈহতীয়া অসমীয়া সংস্কৃতি হিচাপে শংকৰদেৱৰ মহান সংস্কৃতি আদৰি ল'লেহে অসমীয়া জাতি একতাবদ্ধ হ'ব আৰু অসমীয়া জাতি শক্তিশালী হ'ব।"
জাতীয় ঐক্যৰ স্বাৰ্থত আকৌ এজন ' ফেৰেংগাদাও আৱৌ' ৰ প্ৰয়োজন খুৱেই অনুভৱ কৰিছোঁ। অসমীয়াৰ অস্তিত্ব, অসমীয়া হোৱাৰ গৌৰৱ, অসমীয়াৰ প্ৰকৃত সংজ্ঞা কি ? আমি যেন ক্ৰমান্বয়ে পাহৰি পেলাইছোঁ, আমি যেন পাহৰি পেলাইছোঁ বীৰ-বীৰাংগনা সকলে দেখুৱাই যোৱা অসমীয়া জাতিৰ প্ৰতি স্বদেশানুৰাগ। আমি শ্ৰীমন্ত শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাৰ জীৱনৰ সমল সমূহ আহৰণ কৰি অসমীয়াৰ প্ৰকৃত পৰিচয় পুনৰাই অনুধাৱন কৰাৰ প্ৰয়োজন আহি পৰিছে, নহ'লে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই উদাত্ত কণ্ঠৰে গোৱা ' নিচলা আইৰে আমি খাটি অসমীয়া ' বুলি কোৱাৰ অধিকাৰকনো আমি হেৰুৱাই পেলাম। অসমীয়া বুলি গৌৰৱেৰে নিজকে আঁকোৱালি লবলৈ হ'লে প্ৰত্যেক অসমীয়াৰ প্ৰাণত নিনাদিত হ'ব লাগিব লক্ষ্মীনাথ বেজবৰুৱাৰ সেই সুৰ, যি সুৰে আজিও জনতাৰ প্ৰাণত জোৱাৰ তোলে.......
" বাজক ডবা বাজক শংখ
বাজক মৃদং খোল
অসম আকৌ উন্নতি পথত
জয় আই অসম বোল।"
লেখিকাঃ মিনাক্ষী দেৱী,তেজপুৰ
ফোন নং ৯৭০৭৬২৫১৮৫
![]() |
Minakhi Devi |
.......................................................................................................................................................................................................................................................................................................
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ দহোটা গীতেৰে তেখেতৰ বৰ্ণিল জীৱনৰ কিয়দাংশ কথা সুৱঁৰি এখনি আলেখ্য আগ বঢ়ালো।
সুন্দৰৰ সেনা শিল্পী বিষ্ণু প্ৰসাদ ৰাভা
ঘোষক : তেতিয়া চৌদিশে বৃটিছৰ দপদপনি! হৃত স্বাধীনতা ঘূৰাই পোৱাৰ স্বাৰ্থত দেশীয় প্ৰজাৰ সৈতে হৈছিল বৃটিছৰ তীব্ৰ সংঘাত! চন ১৯০৯, ৩১ জানুৱাৰী। বংগ দেশৰ ঢাকা চহৰৰ তাৰাপুৰ লাইন বেৰেকত জন্ম হৈছিল বিষ্ণু প্ৰসাদ ৰাভাৰ। পিছে, বাল্যকালতে পিতৃ বিয়োগ হোৱাত তেওঁ লোকৰ পৰিয়ালটো উঠি আহিছিল পুৰণি ঘৰ তেজপুৰলৈ। ঐতিহাসিক তেজপুৰ কলিবাৰীৰ পুৰণি বাণ থিয়েটাৰৰ কাষতে শৈশৱ আৰু কৈশোৰ পাৰ কৰিছিল এই গৰাকী মহান মনিষীয়ে। প্ৰৱল প্ৰতাপী বৃটিছ বিষয়া এইড-ডা- কেম্প চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পুত্ৰ হৈয়ো তেওঁ আছিল বৃটিছৰ বিৰুদ্ধে এক মূৰ্তিমান বিভিষিকা।
(সুৰৰে দেউলৰে)
ঘোষক : প্ৰায় আঢ়ৈ হাজাৰ বিঘাৰ মাটিৰ মালিক হৈয়ো যি আছিল নিস্ব:। দলিত-পীড়িত ৰাইজৰ বাবে যি নিজৰ জীৱন পাট কৰিছিল। ৰাইজৰহৈ কাম কৰাৰ দোষত তেওঁ মাৰ খাইছিল, আত্মগোপন কৰিব লগা হৈছিল, ফটা কামিজ, চিঙা চেণ্ডেল পিন্ধি অসমৰ প্ৰায় প্ৰতিখন গাওঁ ভ্ৰমি ফুৰিছিল । বৃটিছৰ ভ্ৰষ্টাছাৰ আৰু সাম্ৰাজ্য বাদী চৰিত্ৰক উৎখাত কৰিবৰ বাবে তেওঁ গঢ়ি তুলিছিল মুক্তি ফৌজ, নাৰী মুক্তি সংঘ। সংগঠিত কৰিছিল কৃষক বনুৱা পঞ্চায়তৰ। নিজ হাতে চিtত্ৰ খচিত Tractice & trategy of revolution নামৰ পুস্তিকা উলিয়াই ৰাইজক প্ৰয়োজন হলে বন্দুক বেয়নেটৰ সন্মুখটো যুঁজ দিব পৰাকৈ প্ৰস্তুত কৰি তুলিছিল। যাৰ গীত আৰু মাতত প্ৰতিধ্বনিত হৈছিল সঁচা সৰু মানুহৰ সুৰ, যাৰ বলিষ্ঠ সংগ্ৰামৰ পদধ্বনীত শুই থকা মানুহেও সাৰ পাইছিল।
(স্বাধীন চিতিয়া হালোৱা )
ঘোষক : চকুত তীব্ৰ দৃষ্টি, মুখত সংগ্ৰামৰ কঠোৰ প্ৰতিজ্ঞা যেন ধনীক শ্ৰেণীটোক খন্তেকতে ভাঙি চুৰমাৰ কৰি দিব। যাৰ কাৰ্য্যকলাপে বিদ্ৰোহী কৰে মেহনতি জনতাক। আশাৰ বাট দেখুৱাই বুৰ্জুৱাৰ বুকু কপাই দিয়ে। যি কোনো দিনেই বুৰ্জুৱাৰ চতুৰালিত ভোল যোৱা নাছিল। সমাজৰ কঠোৰ সংগ্ৰামৰ জুইত দগ্ধ হৈ উঠলি উঠা তেওঁ আছিল এটুকুৰা জুয়ে পোৰা সোণ। সেয়েহে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশী আৰু বিদেশী দালাল দেৱান খাস্তগিৰী আৰু ৰিজেন্ট হাটচিনচন চাহাবৰ বিৰুদ্ধে কোচ বিহাৰৰ ৰাজভৱনৰ দূৱাৰ মুখত চ'ক পেঞ্চিলৰে লিখি থৈ আহিছিল
ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাও
দুইটি পাঠাই বলি দাও।।
(হে বিপ্লৱী বীৰ)
ঘোষক : বিষ্ণু ৰাভা আছিল যাতে পাতে সাম্যবাদী বিপ্লৱী। সেয়েহে বৃটিছৰ বাবে তেওঁ আছিল মূৰৰ কামোৰণি স্বৰূপ। তেওঁৰ মূৰৰ দাম হৈছিল গৈ দহ হাজাৰ টকা। কিন্তু তেওঁ যতেই আত্মগোপন কৰিলে তাতেই জ্বলাই থৈ গ'ল সংগ্ৰামৰ এক একো একোকুৰা প্ৰচণ্ড জুই। বৰপেটাৰ খুচৰাৰতাৰীৰ ৰজনী ৰাভাই গৰ্ভৱতী অৱস্থাটো বিষ্ণু ৰাভাৰ সম্ভেদ নিদি পুলিচৰ নিৰ্য্যাতনত মৃত্যু বৰণ কৰিছিল। বোন্দা পানীখাইটিৰ জানকী তেৰণে কুমায়ুন ৰেজিমেন্টৰ হাতৰ পৰা বিষ্ণু ৰাভাক পলুৱাই দি এষাৰো কথা নকৈ জ্বলা ছিগাৰেটৰ যন্ত্ৰণা সহ্য কৰিও তিল তিল কৈ মৃত্যুক সাৱতি লৈ জয়মতীৰ আদৰ্শক জীপাল কৰি তুলিছিল। সেয়েহে নেকি অসমৰ ভাগ্য ৰবি অস্তাচলত যোৱা যেন অনুমান কৰি তেওঁ বৰ দুখেৰে গাইছিল..........
(জয়া নাই জয়া নাই!)
ঘোষক : নাৰী হৈছে সমাজ জীৱনৰ মূল চালিকা শক্তি। নাৰীৰ হাততেই সুৰক্ষিত থাকে ভৱিষ্যতৰ সংস্কৃতি। সেয়েহে নাৰী মুক্তি সংগঠনৰ পৃষ্ঠপোষক আছিল তেওঁ। যি আন্দোলনত নাৰীৰ সহযোগ নাই সেই আন্দোলনে কেতিয়াও গণ অভ্যুত্থানৰ ৰূপ লব নোৱাৰে বুলি তেওঁ বিশ্বাস কৰিছিল। সেয়েহে সহজ সৰল অসমৰ জীয়ৰী বোৱাৰী ছোৱালী সকলোকে জগাই তুলিবলৈ উদাত্ত কন্ঠে গাইছিল
(নিচলা আইৰে)
ঘোষক : নৃত্য,গীত, চিত্ৰ,নাট্য, বাদ্য, লেখক, সমালোচক বুৰঞ্জী বীদ সাহিত্যিক কি নাছিল তেওঁ ! তেওঁ অকলেই আছিল এক বিৰাট সংগঠন! সেয়েহে বংগৰ সুনীতি কুমাৰ চট্টোপধ্যায়ে তেওঁক পূৰ্ণ মানৱ, চুফি দৰ্শনৰ বিশিষ্ট মানৱ, ইনচাফ-এ-কমিন বুলি অভিহিত কৰিছিল। হেমাঙ্গ বিশ্বাসে বিষ্ণু ৰাভাক সৰ্বতোমুখী গুণী পুৰুষ বুলি অভিহিত কৰিছিল ৰাভাৰ দৰে বিৰল প্ৰতিভাৰ সংগ্ৰামী ব্যক্তিত্বৰ লগত তুলনা কৰিব পৰা লোক বঙ্গতটো নায়েই ভাৰততো নাই বুলি স্বিকাৰ কৰিছিল।
এবাৰ কলকাতাৰ শান্তি নিকেতনত ফুটবল খেলিবলৈ গৈ সন্ধিয়াৰ গীতৰ আঁচৰত বহিল। এটা এটা কৈ ১৪ ভাষাত ১৭ টা গীত গাই সকলোকে মন্ত্ৰমুগ্ধ কৰি দিলে । বঙ্গৰ সুৰ সাগৰ হিমাংশু দত্তই ৰাভাৰ গীতগোৱাৰ অপূৰ্ব দক্ষতা দেখি তৱধ মানিছিল। ভাৰতীয় ৰাগ সঙ্গীত , পাশ্চাত্যৰসুৰ আৰু থলুৱা সুৰৰ স্ংমিশ্ৰনৰে তেওঁৰ কেইবাটিও বৰ সুন্দৰ গীত আছে। এই গীতটিয়েই মন কৰকছোন!
(বেজাৰয় চকুলো)
ঘোষক : আপুনি শুনিলে আচৰিত হ'ব যে বিষ্ণু ৰাভাই ১৯৩৫ ৰ পৰা ৪৮ লৈ এই ১২ টা বছৰৰ ভিতৰতে ২৩ খন পালাত ৭৪ খন ৰেকৰ্ডত অসমীয়া গীত গাই অসমীয়া সংগীতক উচ্চস্তৰলৈ লৈ গৈছিল। ৩৫ চনতে তেওঁ ৬ বছৰীয়া সাধনা বৰুৱাক এইছ, এম, ভি,ত গীত গোৱাই অসমৰ শিশু শিল্পীৰ স্ফূৰণ ঘটাইছিল। মমতা বৰুৱাকটো তেওঁ ৪ বছৰ বয়সতে পালাত গীত গোৱালে । ভূপেন হাজৰিকাকো ১৯৩৬ আৰু ৩৭ চনত ছেনোলা কোম্পানী আৰু অনাতাঁৰত গীত গোৱালে। ৩৭ চনত প্ৰফুল্ল বালা বৰুৱা আৰু প্ৰিয়বালা দত্তক গীত গোৱাই অসমৰ প্ৰথম মহিলা শিল্পীৰ ৰেকৰ্ড উলিয়াইছিল। এইটো বৰ্ষতে তেওঁ প্ৰিয়বালা দত্তক বিয়া কৰাই সংগীতৰ যাত্ৰাৰ পাল খন তৰিছিলহে। পিছে কি দুৰ্ভাগ্য! বিয়াৰ মাঠো এমাহ নৌ হতেই প্ৰিয়বালা দত্তৰ মৃত্যু হোৱাত তেওঁ মনৰ দুখত বলিয়া হৈ অ'লৈ ত'লৈ ঘুৰি ফুৰিছিল !
(কিবা যেন নাই আজি নাই)
ঘোষক : বিষ্ণু ৰাভা আজি আমাৰ মাজত নাই সঁচা কথা! কিন্তু তেওঁ জিয়াই থাকিব প্ৰতিজন সংগ্ৰামীৰ উমাল বুকুত। তেওঁৰ কায়িক মৃত্যু হৈছে কিন্তু সাম্যবাদৰ জয় যাত্ৰাৰ লগে লগে তেওঁ জীৱন্ত হৈ উঠিব। তেওঁ যি একাগ্ৰতাৰে আৰু যি মনোবৃত্তিৰে স্বদেশ আৰু স্বজাতিৰ সেৱা কৰিছিলে সেই একেই মনোবৃত্তি আৰু একেই একাগ্ৰতাৰ আজিও প্ৰয়োজন আছে। যাতে এই কথা প্ৰতিজন অসমীয়াই মনত ৰাখিব পাৰে তাৰ বাবেই বিষ্ণু ৰাভাৰ স্মৰণৰ প্ৰয়োজন আছে।
(অ',পূজাৰী )
ঘোষক : গীতৰ কথাৰ অপূৰ্ব শব্দ চয়ন, মায়াময় সুৰ বিন্যাস, আৰু কল্পনাশক্তিৰ সংযমৰে তেওঁৰ প্ৰতিটো গীতেই সকলোকে আলোড়িত কৰিব পৰা! এই গীতটিকে শুনক চোন!
(নুপুৰৰ ধ্বনী)
ঘোষক : জীৱনৰ বিয়লি বেলা ! তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ ১নং বিচনাত শয্যাশয়ী তেওঁ! অনুভৱ কৰিছে জীৱন নাটৰ কল্যাণ খৰমান! হয়তো মনত পৰিছিল পাচোটা ঘোৰাই টনা ঘোৰাবগীত উঠি স্কুললৈ অহা যোৱা কৰা সেই বাল্য কালৰ চাহাবী কায়দাৰ ধেমালি নন্দী। জীৱনটো সঁচাই যেন এক ভাওনা। সেয়েহে জীৱনৰ অন্তিম কালটো ৰচনা কৰিলে এটি জীৱন সম্পৰ্কীয় দাৰ্শনিক তত্ব নিহিত এটি যাওতিযুগীয়া গীত। যি টি বাজি উঠিছিল মৰাভৰলীৰ বেলটিকা শ্মশানত যেতিয়া তেওঁ জিৰণি লৈছিল বোধহয় প্ৰথম বাৰৰ কাৰণে আৰু শেষ বাৰৰ কাৰণে !
(এয়ে মোৰ শেষ গান)
ঘোষক : স্বদেশ আৰু স্বজাতীৰ অতন্দ্ৰ প্ৰহৰি হে বিষ্ণু ৰাভা ! আমি জানো, তুমি তুমিয়েই, তোমাৰ বিকল্প নাই ! তোমাক প্ৰণাম হে মৃত্যুঞ্জয়ী, তোমাক শতকৌটি প্ৰণাম !!
লেখকঃ শান্তনু বৰুৱা,তেজপুৰ
.......................................................................................................................................................................................................................................................................................................
editor: diganta kumar bhuyan
Sahitya Sofura সাহিত্য সঁফুৰা
Comments
Post a Comment
If you have any doubts, please let me know.