অথ পৰ্বত কথা
অথ পৰ্বত কথা : পৌৰাণিক কাহিনীত পৰ্বতক লৈ বহুতো কাহিনী বা কথা পোৱা যায় । পৰ্বত হ'ল স্থিৰতাৰ প্ৰতীক অৰ্থাত বৈৰাগ্যৰ প্ৰতীক আৰু সাগৰ বা নদী হ'ল অস্থিৰতা বা সংসাৰৰ প্ৰতীক (পানী যিহেতু বৈ যায় )................
 |
mahadev |
গতিকে শিৱক কৈলাশ পৰ্বতত বাস কৰা বৈৰাগ্যৰ প্ৰতীক হিচাৱে দেখুওৱা যায় ,
 |
bishnu |
আৰু বিষ্ণুক সংসাৰ পালক ৰূপত পোৱা যায় ( পানীৰ ওপৰত অনন্ত নাগৰ ওপৰত অৰ্থাত অনন্তশৰ্যা বা সংসাৰৰ মায়া শৰ্যাত আৰাম কৰাৰ ৰূপত ) । সেয়েহে সংসাৰৰ মায়াত আৱদ্ধ মনুহ সমতলত আৰু বৈৰাগ্য বিচৰা তপস্বীক হিমালয় আদি পৰ্বতীয়া ঠাইলৈ যোৱা দেখা যায় । তেনেদৰে পাৰ্বতীও পৰ্বতৰ জীয়ৰী । পৰ্বতৰাজৰ জীয়ৰী বাবেই পাৰ্বতী নাম , হিমালয়ৰ জীয়ৰী হিচাৱে পাৰ্বতীৰ অন্য এটা নাম হ'ল গিৰিজা , হৈমৱতী বা শৈলজা ।
পুৰণি কালত মেৰু পৰ্বতৰ বৰ্ণনা পোৱা যায় , বৃহত ভাৰতবৰ্ষক জম্বুদ্বীপ বুলি ধৰিলে বা জম্বুদ্বীপক ফুল এপাহ বুলি ধৰিলে ইয়াৰ ওখ মধ্যাংশ হ'ল মেৰু পৰ্বত । মেৰু পৰ্বতৰ ওপৰতে ইন্দ্ৰপুৰী স্বৰ্গ অৱস্থিত । শৰীৰক মেৰুদণ্ডই ধৰি ৰখাৰ দৰেই পৃথিৱীখনক মেৰুপৰ্বতেৰে ধৰি ৰাখি চলাই আছিল ইন্দ্ৰই । শেষনাগক মন্থনজৰী হিচাৱে ধৰিয়েই মেৰুপৰ্বতক মেৰিয়াই সাগৰ মন্থন হৈছিল আৰু দেৱতা আৰু অসুৰৰ মাজত অমৃত বিতৰণৰ আঁসোৱাহ হৈছিল । |
himalaya |
পুৰণি আখ্যানমতে ভাৰতৰ উত্তৰাংশত হিমালয় পৰ্বত আছিল যদিও দক্ষিণত কোনো পৰ্বত নাছিল । দক্ষিণত পোৱা পৰ্বতবোৰ হ'ল হিমালয়ৰে ফালি যোৱা , উৰি যোৱা বা হিমালয়ৰ অংশ এৰুৱাই দক্ষিণলৈ কঢ়িয়াই নিয়া অংশহে । সাধাৰণ মানুহে ভাৱিছিল যে দেৱতাসকল পৰ্বতত থাকে আৰু মানুহ মৰ্ত্য বা সমতলত বাস কৰে । দেৱতা আৰু মনুষ্যৰ সংযোগ কৰিছিল পৰ্বতবোৰে । পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা কৰিবলৈ সেয়েহে পৰ্বত বগাইছিল । সমতলত থকা মন্দিৰৰ দেৱ দেৱতাই সংসাৰী ৰূপত থাকি আৰ্শীবাদ দিয়ে , পৰ্বতত দেৱ দেৱী ভগৱান থাকে তপস্বী তপস্বীনীৰ ৰূপত যি সংসাৰৰ মোহৰ পৰা মুক্তি দিয়ে , মোক্ষ প্ৰাপ্তি দিয়ে ( যেনে -- বৈষ্ণুদেৱীৰ মন্দিৰ , তিৰুপতি মন্দিৰ , দাক্ষিণাত্যৰ আয়াপ্পা মন্দিৰ আদি )
পুৰণি কালত পৰ্বতক লৈ প্ৰচলিত কাহিনীবোৰৰ দুটামান কাহিনী এনেধৰণৰ ---
১) ভাৰতৰ দক্ষিণত কোনো ডাঙৰ পৰ্বত নাছিল , ইফালে মহাপ্ৰতাপী ৰাৱণ আছিল মহা শিৱভক্ত , ইফালে বৈৰাগী শিৱই আকৌ সমতলত সংসাৰীৰ দৰে থাকিবলৈ ভাল নাপাইছিল , পৰ্বতৰ পৰা সংসাৰী কৰিবলৈ চেষ্টা কৰা কামদেৱক খঙতে শিৱই ভষ্ম কৰি দিছিল , পৰ্বত নহ'লে শিৱ ক'তো নাথাকে ।গতিকে ৰাৱণে কৈলাশ পৰ্বতৰ সৈতে শিৱক দক্ষিণ ভাৰতলৈ নিব বিচাৰিলে । তাকে কৰিবলৈ পৰ্বতটো ডাঙি ধৰোতে ৰাৱণক এসেকা দিবলৈ শিবই ভৰিৰ বুঢ়া আঙুলিৰে পৰ্বতত হেচা দিলে । ৰাৱণ চেপেটা হোৱাৰ পাল পৰিল , বহু কাকূতি মিনতি প্ৰাৰ্থনা কৰাতহে যেনিবা শিৱ ক্ষান্ত হ'ল । অহংকাৰীয়ে নিজৰ সীমা চিনি পোৱাকৈ আজিও কোনো কোনো মন্দিৰত ৰাৱণক চেপি ধৰা মূৰ্তিৰ ওপৰত মন্দিৰ প্ৰতিষ্ঠা কৰা দেখা যায় ।
তেনে এটা কাম হনুমানেও কৰিছিল , কিন্তু হনুমানৰ উদ্দেশ্য সৎ আৰু অহংকাৰশূণ্য আছিল বাবে দেৱতাই সহায় কৰিছিল আৰু মৃতসঞ্জীৱনীৰ গছ বিচাৰি নাপাই গন্ধমাদন (ফুলৰ দৰে সুগন্ধযুক্ত ) পৰ্বতক হনুমানে হাতেৰে কম আয়াসতে ডাঙি আনি বীৰত্বৰ প্ৰতীক দেৱতা হৈ পৰিছিল ।
২) বিন্ধ্য পৰ্বত বৰ দন্দুৰা স্বভাৱৰ আৰু অহংকাৰী আছিল আৰু ভাৰতৰ মাজত ঠিয় হৈ থাকি উত্তৰ দক্ষিণৰ দেৱতা , অসুৰ আদিক ইফালৰ পৰা সিফালে যাওঁতে সদায় বাধা দি অশান্তি দিছিল । তেনেদৰেই এদিন বায়ু দেৱতাক উত্তৰৰ পৰা দক্ষিণলৈ যাৱলৈ বাধা দিবলৈ নিজকে ওখ কৰি পেলালে , অনন্ত নাগেৰে নিজকে মেৰিওৱাই শক্তিমান হৈ এনেদৰে বায়ুক বহুদিন ভেটা দিলে । উপায়ান্তৰ হৈ বায়ুৱে বিষ্ণুক স্তুতি কৰিলে , বিষ্ণুৱে অনন্ত নাগক মেৰ এৰিবলৈ দিলে । অনন্তই জোৰ এৰি দিয়াৰ লগে লগে বায়ুৱে সৰ্বশক্তিৰে পাৰ হৈ বিন্ধ্যৰ ওপৰ অংশৰ এছোৱা উৰুৱাই নিলে , সেয়াই হ'ল ত্ৰিকূট পৰ্বত য'ৰ ওপৰ অংশত পিছলৈ ৰাৱণৰ স্বৰ্ণপুৰী লংকা প্ৰতিষ্ঠা হয় । বিন্ধ্যই এবাৰ সূৰ্যকো ভেটা দিছিল । বিন্ধ্যই অগ্যস্ত মুনিক মানিছিল । সেই সময়ত অগ্যস্ত ঋষিয়ে উত্তৰ ভাৰতত বাস কৰিছিল । সূৰ্যৰ কাকূতিত অগ্যস্ত মান্তি হৈ এটা বুদ্ধি কৰিলে । অগ্যস্তই দক্ষিণলৈ যাত্ৰা কৰিলে । অগ্যস্তক দেখি বিন্ধ্যই মুৰ দোৱাবলৈ চাপৰি দিলে আৰু সেই সুযোগতে সূৰ্য পাৰহৈ গ'ল । অগ্যস্তই বিন্ধ্যক ক'লে যেন অগ্যস্ত দক্ষিণৰ পৰা ওভটি নহালৈকে বিন্ধ্য তেনেদৰেই থাকে । বিন্ধ্য মান্তি হোৱাত অগ্যস্ত দক্ষিণলৈ গৈ আৰু কোনো দিন উত্তৰলৈ নাহিল , এনেদৰেই দন্দুৰা বিন্ধ্যক চাপৰ কৰি অগ্যস্তই দেৱতাৰ যাত্ৰাৰ বাধা দূৰ কৰিলে ।
৩)তিৰুপতি মন্দিৰ অৱস্থিত চিত্ৰকূট পৰ্বত হিমালয়ৰহে অংশ , বিষ্ণুৱে নিজে সেই অংশ নি অনন্তনাগৰ ফণাৰ দৰে আকৃতিৰ সাতটা চূড়া গঢ়ি সপ্তম চূড়াটোত বাস কৰিবলৈ ল'লে আৰু সেয়াই হ'ল তিৰোপতিৰ স্থান ।  |
kartik |
৪) কাৰ্তিকে এবাৰ শিৱৰ লগত কাজিয়া কৰি দক্ষিণলৈ গুছি গ'ল । আলপদিন দাক্ষিণাত্যত থকাৰ পিছত আগৰেপৰা পৰ্বতত বাস কৰাৰ অভ্যাস থকা কাৰ্তিকৰ সমতলত মন নবহা হ'ল । পুত্ৰশোকত বিতত হৈ পাৰ্বতীয়ে হিমালয়ৰ অংশ এটুকুৰাকে হিড়ম্ব নামৰ অসুৰ এটাৰ হাতত কাৰ্তিকলৈ বুলি উপহাৰ হিচাৱে দি পঠালে আৰু কাৰ্তিকে তাতে থাকিবলৈ ল'লে , এয়া হ'ল দাক্ষিণাত্যৰ সেই কাৰ্তিক মন্দিৰৰ কাহিনী ।
৫)এবাৰ বৰুণ দেৱতাৰ অহংকাৰ হ'ল যে তেওঁ ইচ্ছা কৰিলে শক্তি প্ৰদৰ্শন কৰি মানুহৰ নানা দুৰ্গতি কৰিব পাৰে আৰু তাকে দেখুৱাবলৈ গকূলৰ কৃষ্ণ পালিত নন্দৰজাৰ ঠাইখন বাছি ল'লে । প্ৰচণ্ড বেগত একেৰাহে বৰষুণ হ'বলৈ ধৰিলে , বৰষুণৰ পানীত গোৱালজাতিৰ সকলো সম্পত্তি ধ্বংস হোৱাৰ আৰু জনজীৱন স্তব্ধ হোৱাৰ উপক্ৰম হ'ল ।
শ্ৰীকৃষ্ণই বৰুণ দেৱতাৰ অহংকাৰ বুজি পালে । সেইসময়ত গোৱালবিলাকে গৰুৰ গোৱৰবোৰ এঠাইত দ'ম কৰোতে কৰোতে এটা বৃহত পৰ্বতৰ সৃষ্ট হৈছিল যাৰ নাম গোৱৰ্ধন পৰ্বত । শ্ৰীকৃষ্ণই গোৱৰ্ধন পৰ্বতটো নিজৰ আঙুলিৰ মুৰত ডাঙি ধৰি সমৰ্গ্ৰ গকূলবাসীক সেই পৰ্বতৰ তলত আশ্ৰয় লবলৈ দিলে । কাণ্ড দেখি বৰুণৰ নিজৰ শক্তি লৈ হোৱা অহংকাৰ শান্ত হ'ল । বৰষুণ বন্ধ কৰি কৃষ্ণৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল ।
৬) পুৰণি কালত মাইনাক (মান্যক ?) বুলি এটা পৰ্বতৰ কাহিনী শুনিবলৈ পোৱা যায়, ই সমুদ্ৰৰ মাজত আছিল আৰু ইয়াৰ ইচ্ছামতে সাগৰৰ পৰা ওলাই আহিব পৰা বা ইচ্ছামতে ওখ চাপৰ হ'ব পৰা গুণ আছিল । শ্ৰীৰামৰ পৰামৰ্শমতে হনুমানে লংকালৈ সাগৰৰ ওপৰেদি উৰা মাৰিলে । বহুদূৰ এনেদৰে উৰি থকা দেখি মাইনাক পৰ্বতে সমুদ্ৰপৃষ্ঠৰ পৰা ওপৰলৈ উচ্চতা বঢ়াই নি হনুমানক ক্ষন্তেক পৰ্বতৰ ওপৰত জিৰণি ল'বলৈ ক'লে । হনুমানৰ স্বভাৱ আছিল কাৰোবাক সহায় কৰাৰ কাম হাতত ল'লে কামটো সম্পূৰ্ণ নকৰা পৰ্যন্ত জিৰণি নোলোৱা যাৰ বাবে হনুমানৰ এটা নাম হ'ল "সংকটমোচন " । হনুমানে ধন্যবাদ জনাই বিনয়েৰে মাইনাকৰ অনুৰোধ প্ৰত্যাখ্যান কৰি নিজৰ কামৰ বাবে বিশ্ৰাম নোলোৱাকৈ উৰি গৈয়েই থাকিল লংকা অভিমুখে । এনেদৰে পুৰণি কালত পৰ্বতবোৰক লৈ নানা কাহিনী পোৱা যায় ।
(দেৱদত্ত পাটনায়কৰ মূল হিন্দী কথাংশ "দেৱলোক"ৰ অসমীয়া সাৰাংশ)
লেখিকাঃ ড° ৰত্না বৰা
 |
Dr. Ratna Bora |
editor: diganta kumar bhuyan
Sahitya Sofura সাহিত্য সঁফুৰা
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.