সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ভৌতিক গল্প: যাত্ৰা

 ভৌতিক গল্প:


        যাত্ৰা

     

Sahitya Sofura সাহিত্য সঁফুৰা

                 দিনটোত প্ৰখৰ ৰ’দ আৰু প্ৰচণ্ড গৰমৰ পিছত বিয়লিলৈ বতৰটো ডাৱৰীয়া কৰি আনিলে৷ বন্ধ বাৰ হোৱাত অৰিন্দম আজি পাম ঘৰটোতে আছিল৷ সন্মুখত কিছু দূৰলৈকে মুকলি৷ অৰিন্দমৰ পামলৈ সোমাই অহা প্ৰায় ডেৰশ মিটাৰ পথটোৰ দুয়োকাষে পথাৰ৷ কঠিয়া পৰা পথাৰৰ ঘোলাপানীত ভেকুলীয়ে মাতিবলৈ আৰম্ভ কৰিছে৷


আঠ বিঘা মাটিৰ পামখনৰ দুকাষে দুটা পুখুৰী৷ শেষলৈ কাঠ আৰু পকী খুটাৰে নিৰ্মিত অৰিন্দমৰ দুখলপীয়া পাম গৃহটো ৷ 

 পিছফালে এডৰা বাঁহ৷ পথাৰখন আৰম্ভ হোৱাৰ সামান্য আগৰ গৰাটোত কেইবাজোপা ওখ শিমলু৷ ইতিমধ্যে বেলিটো চকাত বহিছিল৷ পামৰ কল আৰু লিচু পাতবোৰৰ পৰা বতাহত এক শব্দ ভাঁহি আহিছিল ৷ 

অৰিন্দমে আকাশৰ ফালে ছালে৷ ক’লা হৈ আহিছে৷ তামোল গছবোৰৰ আগবোৰ জোখতকৈ অধিক লৰিছে৷ 

হু--চ--খটক.........!!

হঠাৎ অৰিন্দম বহি থকা পামঘৰৰ বাৰাণ্ডাৰ কাষৰে খিড়িকীৰ জাপ এখন খোলখাই গ’ল৷ অৰিন্দম  চকখাই উঠিল৷সি বাৰাণ্ডাৰ পৰা উঠি আহিল৷খিড়িকী খনৰ হুকটো ভালদৰে লগা নাছিল৷ সি খিড়িকীখন ভালদৰে মাৰি দিলে৷

বতৰটোৰ ৰূপত ধূমুহা অহাৰ লক্ষণ৷ সি লৰালৰিকৈ ভাত কেইটামান বহাই দিলে৷ পামত থকা ল’ৰাজন আজি ঘৰলৈ গৈছে৷ কাইলৈ পুৱাহে উভটিব৷ অৰিন্দমে ওলাই আহি তাৰ গাড়ীখন ঠিকে আছে নে নাই এবাৰ চকুফুৰাই গ’লহি৷ কাইলৈ তাৰ যোৰহাটলৈ যোৱাৰ কথা৷ খাই বৈ অৰিন্দম বিচনাত উঠিল৷ বিস্তীৰ্ণ পথাৰৰ মাজৰ এটা ঘৰত অকলশৰে থাকি তাৰ মনটো কেনেবা লাগিল৷ বতৰে প্ৰথমে যি ৰূপ ধৰিছিল সেইদৰে ধুমুহা নাহিল৷ কিন্তু গুজৰি গুমৰি বৰষুণ ঢালিছিল৷

অৰিন্দমে কাণপাতি বৰষুণ আৰু বতাহৰ সংমিশ্ৰিত শব্দ শুণাত লাগিল৷

টক......টক.....!!

অৰিন্দমে ঘৰটোৰ সন্মুখৰ দুৱাৰত কোনবাই টোকৰ দিয়া শুনাযেন পালে৷ সি কাণপাতি আকৌ শব্দটো শুনে নেকি তালৈ অপেক্ষা কৰিলে৷ নাই, কোনো শব্দ নুশুনিলে সি৷ বতাহৰ বাবেই এই শব্দ সম্ভৱ৷ অৰিন্দমৰ চকু জাপখাই আহিল৷

পুৱা পামৰ ল’ৰাজনৰ মাততহে অৰিন্দমে সাৰ পালে৷ ল’ৰাজন পুৱা সোনকালেই পালেহি৷ অৰিন্দম উঠি চাহ এপিয়লা পান কৰিয়েই যোৰহাটলৈ যোৱাৰ বাবে সাজু হ’ল৷ প্ৰায় এঘন্টাৰ ভিতৰত সি তাৰ চাৰিচকীয়া বাহনখনৰে যাত্ৰা আৰম্ভ কৰিলে৷ কলীয়াভোমোৰা দলং নোপোৱাৰ আগত নতুনকৈ নিৰ্মাণ হৈ থকা পথটোৰ বাবে পুৰণা ৰাষ্ট্ৰীয় পথটোত বিভিন্ন অংশ মাজে মাজে ভঙা আৰু বাহনৰ চলাচলৰ ক্ষেত্ৰত একোটা অংশত বাৰণ কৰা আছে৷ তেনেবোৰ ঠাইত কাষৰে পাৰ হ’ব লাগে৷ কলীয়াভোমোৰা  দলঙৰ কাষতে নতুনকৈ আৰু এখন দলং নিৰ্মাণ কৰি থকা হৈছে৷

 অৰিন্দম আগবাঢ়িল৷ চুলুং,কলিয়াবৰ তিনিআলি,হাটবৰ আদি পাৰ হৈ সি জখলাবন্ধাত ৰ’ল৷ ৰাজস্থানী হোটেলখনত চাহ একাপ গলাধঃকৰণ কৰি পুণৰ আগবাঢ়িল অৰিন্দম৷ 

মিউজিক চিষ্টেমটোত বাজি থকা গান আৰু চাৰিওকাষৰ পৰিৱেশে অৰিন্দমৰ বাহনৰ গতিবেগ বৃদ্ধি কৰিলে৷ কুঠৰী পোৱাৰ সময়ত পথৰ দাঁতিত এখন টুৰিষ্ট বাছ ৰৈ থকা দেখিলে অৰিন্দমে৷ বাছখনৰ যাত্ৰী সকল ইফালে সিফালে ঘূৰি আছিল৷ সি কাষৰে পাৰহৈ সামান্য আগবাঢ়িয়েই ৰৈ যাবলৈ বাধ্য হ’ল৷ এটা চুটকেচৰ ওপৰত বহি আছিল লীনা৷ মুখত বিৰক্তিৰ চিন স্পষ্ট৷ সি ৰখি দুবাৰমান মতাত তালৈ চোৱা লীনাৰ মুখৰ বিৰক্তি নিমিষতে নোহোৱা হৈ পৰিল৷ তই অৰিন্দমৰ জেঠায়েকৰ ছোৱালী--তাৰ মৰমৰ ভনীয়েক৷ তাঁহাতৰ ঘৰলৈকেতো তাৰ এই যাত্ৰা৷ বাছখনতে গুৱাহাটীৰ পৰা ঘৰলৈ আহিছিল তাই৷ গুৱাহাটীত পঢ়ি আছে লীনাই৷ বাছখন বাটতে বেয়া হোৱাত তাই ভীষণ আমনি পাইছিল৷

তাইৰ চুটকেচটো আনি গাড়ীৰ পিছৰ চিটত থ’লে সি৷ইতিমধ্যে লীনা সন্মুখত বহিছিলহি৷

"বান্দৰী,অলপ দিনযে তোৰ কোনো খা খবৰেই নায় কিয়? 

কল এটাও কৰা নায়!" অৰিন্দমে তাইক ক’লে৷" 

ৰ’বা হে’-- ক্লাছ আৰু এচাইনমেণ্টবোৰে খাবলৈ শুবলৈ সময় নোহোৱা কৰিছে৷

কিন্তু মই খবৰ বাৰু লোৱা নায় ৷

তোমালোকে মানে তুমি কিমান খবৰ ল’লা হাঁ৷" 

সিহঁত আগবাঢ়িল৷ বাগৰি,কঁহৰা পাৰ হৈ বোকাখাটত গাড়ী ৰখালে সি৷ ইয়াত কলপাতত দিয়া পুৰি খাব৷ পিছে লীনা গাড়ীতে থাকিল৷ সি অকলেই পুৰি খাই,হাতত পেৰাৰ টোপোলা আৰু পানীৰ বটল এটা লৈ গাড়ীত বহিলহি৷পুণৰ যাত্ৰা আৰম্ভ হ’ল সিহঁতৰ৷ নুমলীগড়,ডেৰগাঁও আদি পাৰ হৈ যোৰহাট তৰাজানৰ জেঠায়েকৰ ঘৰলৈ আগবাঢ়িল অৰিন্দমৰ গাড়ী৷ জেঠায়েকৰ ঘৰৰ পথটোলৈ  ঘূৰাওঁতেই অৰিন্দমে গাড়ীখনত এক অস্বাভাৱিক জোকাৰণি অনুভৱ কৰিলে৷ সম্ভৱ আগচকা পাংচাৰ হ’ল! সি কোনোমতে আহি জেঠায়েকৰ ঘৰৰ পদুলিত গাড়ীখন ৰাখি খৰধৰকৈ নামিল৷ সোঁ ফালৰ টায়াৰটো প্ৰায় এৰাই যোৱাৰদৰে হৈছে৷তেনেতে অৰিন্দমৰ কাণত পৰিল জেঠায়েকৰ ঘৰৰ পৰা কান্দোনৰ ৰোঁল ভাঁহি আহিছে৷ সি সেইফালে চালে,ঘৰৰ চোতালত বহু মানুহ৷ ইতিমধ্যেই লীনা তাৰ অলক্ষিতেই গাড়ীৰৰ পৰা নামি গৈছে৷ সি দৌৰি আহিল চোতাললৈ৷ তাক দেখি জেঠায়েকৰ ক্ৰন্দন অধিক বাঢ়িল৷ অৰিন্দমে সন্মূখলৈ চালে--বগা কাপোৰৰে ঢকা এক মৃতদেহ..................!

নিৰ্বাক নিস্পন্দ হৈ শুই আছে লীনা---!!

পুৱা তাইক ঘৰৰ সন্মুখতে এখন ডাম্পাৰে মহতিয়াই গৈছিল৷ তাই মাত্ৰ কালি সন্ধিয়াহে ঘৰ পাইছিলহি৷কোনোবাই কোৱা অৰিন্দমৰ কাণত পৰিল৷ চকুৰে সি ধোঁৱাকোঁৱা দেখিছিল৷

অৰিন্দম পগলাৰ দৰে তাৰ গাড়ীৰ কাষলৈ দৌৰি আহিল--নাই,লীনা তাত নায়!সি কঁপিবলৈ ধৰিলে,তাৰ জিনচৰ জেপৰ পৰা তাৰ ফ’নটো উলিয়ালে৷ নিশা চুইটচ্ অফ কৰি থোৱা আছিল তাৰ ফ’নটো--!সি তাৰ গাড়ীখনত আউজি বহি পৰিল--সি যেন ক্ৰমান্বয়ে এক অন্ধকাৰ গহ্বৰৰ মাজত সোমাই পৰিছে.....................!


লেখকঃ অৰূপ কলিতা


Sahitya Sofura সাহিত্য সঁফুৰা
Arup Kalita














Editor:  Diganta Kr. Bhuyan

Sahity Sofura সাহিত্য সঁফুৰা


https://digantas.blogspot.com


Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়