সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ভৌতিক গল্পঃ অৰিন্দম আৰু এটা দুপৰীয়া

 ভৌতিক গল্প




অৰিন্দম আৰু এটা দুপৰীয়া


 প্ৰায় দুবছৰৰ পাছত এনেই পৰি থকা বৃহৎ বাৰীখন চাবলৈ আহিল অৰিন্দম৷গাঁৱৰ মূল পথটোৰ কাষৰ পৰাই পথাৰ স্পৰ্শ কৰি আছে তেওঁলোকৰ এই আহল বহল বাৰীখনে৷ সিহঁতৰ ককাকৰ দিনৰেই এই মাটি৷ এতিয়া চাকৰিৰ বাবেই তেওঁলোকে চহৰত থাকিবলৈ লোৱাৰ পৰাই গাঁৱৰ ঘৰত ঘৰ ৰখীয়া হিছাপে আছে কে’বল দেউতাকৰ দিনৰ পৰাই অৰিন্দম হঁঁতৰ ঘৰতে থকা ভৃংগেশ্বৰ কাইটি৷ মাজৰ সময়চোৱাত অৰিন্দম গাঁৱৰ ঘৰলৈ আহিছে য’দিও লৰালৰিকৈ উভটি গৈছে৷ সেয়ে প্ৰায় পোন্ধৰ বিঘা ভূমি সামৰি থকা বাৰীখনত চকু দিয়াৰ সময়েই নহয় তেওঁৰ৷ এইবাৰ সেয়ে হাতত দুদিন সময় লৈ আহিছে৷ বাৰীখনত ভলুকাবাঁহ,সোণাৰু,শিমলু,কদম,পাকৰি,পনিয়ল,অমৰা,বগৰী,আম কঠালকে ধৰি বিভিন্ন গছ থকাৰ লগতে ভৰি আছে বিভিন্ন বনলতা, আৰু বাৰীখনত ভৰি থকা চিনাকি অচিনাকি চৰাইৰ মাত শুনাৰ লগতে গছত বগাই ফুৰা কেৰ্কেটুৱা দুটামান দেখি অৰিন্দমৰ মনটো ভাল লাগিল৷ একপ্ৰকাৰ এখন সৰু সুৰা অৰণ্য হৈ পৰা বাৰীখনৰ চাৰিসীমাত চাৰিটা পকী পিলাৰ পুটি থোৱাৰ কথা ভাবিলে অৰিন্দমে৷ ধীৰে ধীৰে গাঁৱতো এনে মাটি পাবলৈ নোহোৱা হৈ পৰিছে৷ বাৰীখনৰ মাজেৰে মানুহে অহাযোৱা কৰি থকাৰ বাবেই এটা লুংলুঙীয়া পথো ওলাই পৰিছে৷ বাৰীখনৰ সিপাৰে পথাৰ খনৰ পৰা কোণিয়াকৈ ৰে’লৰ চিৰি আৰু সেই চিৰি পাৰ হৈ গ’লেই এটা চেন্টাৰ৷ ইয়াত বহা বজাৰখন আৰু কাষতে থকা এল. পি. স্কুলখনলৈ অৰিন্দমহঁতৰ বাৰীৰে চমুৱাই যাব পাৰি বাবেই বহুতেই ব্যৱহাৰ কৰে এই লুংলুঙীয়া পথটো, নহলে এটা পাক মাৰিব লাগে সেই চেন্টাৰ অথবা বজাৰলৈ৷

আগবেলা য’দিও কিছু ঠাণ্ডা আছিল এতিয়া দিনৰ প্ৰায় আঢ়ৈ বজাত বেলিটোৰ উত্তাপ কিছু বাঢ়িছে৷ অৰিন্দম বাৰীখনলৈ সোমাই গ’ল৷ তেওঁ  বিভিন্ন সৰু সুৰা গছৰ পুলি গুৰিতে কাটি কোনোবাই তাকে লৈ যোৱাটো মন কৰিলে৷ গাঁৱৰ মানুহে খৰিৰ বাবেই এনে কৰা বুলি তেওঁ ধৰি ল’লে৷ সন্মুখৰ হালি পৰা ওখ মেদেলুৱা আৰু জাৰ্মানী বনবোৰ আতৰাই অৰিন্দম আগবাঢ়িল৷ কেবাঠাইতো তেওঁ দেখিলে মৰা জীৱজন্তুৰ শুকান হাড়-মূৰ পৰি থকা৷ মাজে মাজে মানুহৰ বিষ্ঠা৷ নাকত ৰুমালখন দি অৰিন্দম আগবাঢ়োঁতেই তেওঁ শুণিলে খুটুক খুটুক কৰে এক শব্দ৷

তেওঁ নিশ্চিত হ’ল কোনোবাই দুৰ্বল হাতৰে শুকান বাঁহ কটাৰ চেষ্টা কৰিছে৷ তেওঁ কিছুদূৰ আগবাঢ়ি গৈয়েই দেখিলে এগৰাকী বৃদ্ধাই হাতৰ দা খনৰে শুকান ভলুকা বাঁহ এডাল কটাৰ চেষ্টা কৰিছে৷ বৃদ্ধাৰ চকুদুটা যেন খালতহে পৰি আছে! নাকটো জোখতকৈ কিছু দীঘল৷ আউল বাউল পকাচুলিখিনিত জট বান্ধিছে৷ বগাত ক’লা ফুল থকা মলিয়ন শাৰীখনৰে তেওঁক অদ্ভুত দেখাইছে৷ কঁকাল পৰা মানুহগৰাকীয়ে বাঁহ কাটিবলৈ এৰি তেওঁলৈ ঘোপাকৈ চালে৷ অৰিন্দমৰ পিনে চাই বৃদ্ধাই হাঁহি এটা মাৰিলে৷ বৃদ্ধাৰ ক’লা পৰা দুই এটা দাঁতত ৰ’দ পৰি মানুহজনীক অধিক বিভৎস দেখাইছে৷ অৰিন্দমৰ মনটো কিবা লাগি গ’ল ৷ তেনেতে ৰে’লৰ উকি শুনিলে অৰিন্দমে।

 "বাই ক’ত থাকা তুমি? "অৰিন্দমে বৃদ্ধাক প্ৰশ্ন কৰিলে ৷ বৃদ্ধাই একো নামাতিলে৷ অৰিন্দমে ক’ব লাগে বুলিয়েই পুণৰ ক’লে" তোমাক বাৰু খৰি লাগে নিয়া,কিন্তু কেঁচা বাঁহ নাইবা গছ নাকাটিবা দেই! " বৃদ্ধা নিৰুত্তৰ৷তেওঁ মাত্ৰ শুকান খৰি গোটোৱাতে ব্যস্ত৷

"মানুহগৰাকীয়ে নুশুনেও একো ক’বও নোৱাৰে৷ আপুনি বেয়া নাপাব৷তেওঁ পথাৰৰ কাষৰ পুখুৰীটোৰ পাৰৰ সেই জুপুৰিটোতে থাকে৷" হঠাৎ এক অচিনাকী মাত শুনি অৰিন্দমে লক্ষ্য কৰিলে লুংলুঙীয়া পথটোৰে সন্মূখৰ পৰা এগৰাকী মহিলা আহি আছে৷ মহিলা গৰাকী দেখনিয়াৰ৷ তেওঁৰ কথাত অৰিন্দমে সকাহ পালে৷ বৃদ্ধা গৰাকীক দেখি তেওঁৰ মনটোচোন ক’বনোৱাৰাকৈয়ে শংকিত হৈ পৰিছিল৷ অৰিন্দম মহিলাগৰাকীৰ লগতেই উভটিবলৈ ল’লে৷তেওঁ পিছলৈ উভটি চালে৷ বৃদ্ধা আচৰিত ধৰণে খৰধৰকৈ সিফালে গৈ হাবিৰ আঁৰত নোহোৱা হৈ পৰিল৷"পিছফালে নাচাব মোৰ লগে লগে আহি থাকক৷" সন্মুখৰ পৰা মহিলাগৰাকীয়ে কোৱাত অৰিন্দম আচৰিত হ’ল৷তেওঁ অস্ফুট ভাবেই সুধিলে"কিয়!" সুন্দৰ এযোৰ চাদৰ মেখেলা পৰিধান কৰা আৰু কান্ধত এটা চামৰাৰ বেগ লৈ অহা ধুনীয়া মুখৰ মানুহগৰাকীয়ে ক’লে, "এতিয়া প্ৰায় তিনিয়েই বাজিল,মানুহে কয় ইয়াত হেনো এই সময়ত অপদেৱতা ওলায়!" অৰিন্দম কিছু ঘামিছিল৷ সি ক’লে "মই মানুহগৰাকীক দেখিয়েই অনুমান কৰিছিলোঁ৷ তেওঁ যেন পাৰ্থিৱ নহয়৷ "আগৰ মহিলা গৰাকীয়ে অৰিন্দমৰ কথাত খিলখিলকৈ হাঁহি উঠিল৷ তেওঁ ক’লে"মই সিফালৰ স্কুলখনত শিক্ষকতা কৰোঁ৷ সদায়েই এইফালৰেই অহা যোৱা কৰোঁ৷ চিন্তা নকৰিব৷ সেইবোৰ সকলো মিছা কথা৷ আপোনাক ইয়াত নতুন দেখিহে মই কথাটো এনেই ক’লো আপোনাৰ ৰিয়েকচন চাবলৈ৷ মানুহ দেখাত বেয়া হ’লেই হ’বলা ভূত হয়!  "অৰিন্দমে মনতে লাজ পালে,  সি ক’লে, এইখিনি আমাৰেই মাটি৷ হাবিদৰাৰ মাজত মানুহগৰাকীক তেনেকৈ দেখিহে মোৰ অবচেতন মনত তেনে এক ভাব আহিল৷" "আহে এনে ভাব কেতিয়াবা৷ মানুহৰ মনৰ কথা৷ মনা নমনা এইবোৰ সকলো ব্যক্তিগত বিষয়৷ বুঢ়ী গৰাকী আগতে আমাৰ ঘৰতেই আছিল ৷" শিক্ষয়িত্ৰী  মহিলা গৰাকীয়ে ক’লে৷ " আছিল মানে!" কিছু আস্বস্ত হৈ পৰা অৰিন্দমৰ মনটো পুণৰ সন্দিহান হৈ পৰিল৷ "মই নোহোৱা হোৱাৰ পৰাই বুঢ়ীও আমাৰ ঘৰত নথকা হ’ল৷ সেই যে ৰে’লৰ উকিটো আপুনি শুনিছিল,স্কুলৰ পৰা এবছৰ আগতে আজিৰ দিনটোত উভটোতেই মোৰ অন্যমনস্কতাৰ বাবেই ৰে’লখনে মোক কাটিছিল--মোৰ ভৰি ককাঁল খণ্ড খণ্ড হৈ পৰিছিল---!" অৰিন্দমৰ সন্মুখৰ ধুনীয়া মানুহগৰাকীৰ শৰীৰটোৰ তলৰ অংশ যেন ক্ৰমান্বয়ে নোহোৱা হৈ পৰিছিল---বহু দূৰৰ পৰা মানুহ গৰাকীৰ কথাবোৰ ভাঁহি আহিছিল---অৰিন্দমৰ সন্মুখৰ পৃথিৱীখন ক্ৰমান্বয়ে ঘূৰিবলৈ আৰম্ভ কৰিছিল---বাৰীখনৰ পৰা পথটোত উঠিবলৈ তেতিয়াও কিছুদূৰ বাকী আছিল...................................!!


লেখকঃ অৰূপ কলিতা,তেজপুৰ৷


Sahitya Sofura সাহিত্য সঁফুৰা
Arup Kalita







Edited By- Diganta Kr. Bhuyan

Sahitya Sofura সাহিত্য সঁফুৰা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়