বহু বিতৰ্কিত,নিৰ্বাসিত,নাৰীবাদী লেখিকা
 |
Taslima Nasreen |
তচলিমা নাচৰিণ আৰু তেওঁৰ নিসিদ্ধ গ্ৰন্থ লজ্জা
দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
Women are oppressed in East,in the west,in the south,in the north,Women are oppressed inside,outside home,a women is oppressed in religion,she is oppressed outside religion.-Taslima Nasrin.এয়া বাংলাদেশৰ এগৰাকী বহু বিৰ্তকিত সাহসী কবি,ঔপন্যাসিক,প্ৰবন্ধকাৰ,নাৰীবাদী ,লিঙ্গ-সমতা,মুক্ত-চিন্তা,নাস্তিকতাবাদী মানবঅধিকাৰ কৰ্মী সুলেখিকা তচলিমা নাচৰিণৰ কথা।ইছলামীক মৌলবাদীৰ দ্বাৰা দেশে-বিদেশে বাৰে বাৰে হত্যা,ভাবুকিৰ সন্মুখিনহৈ নিজৰ প্ৰিয় জন্মভূমিৰ পৰা বিতাৰিত হৈও লেখিকাই নিজৰ বলীষ্ঠ চিন্তা বৰ কষ্টৰে জীয়াই ৰাখি লিখি গৈছে সাহসেৰে ।
মৃত্যুভয়ে খেদি খেদি দৌৰাইফুৰাইছে তচলিমাক,তথাপি নাৰীৰ পক্ষত ধৰ্মীয় মৌলবাদৰ বিপক্ষে,পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ প্ৰতি ধাৰাবাহিক চলাই ৰখা বৈষম্যতাৰ বিপক্ষে মাত মাতি বিশ্বৰ বৌদ্ধিক মহলত কম্পন তুলিছে তচলিমাই।
১৯৯৪ জুন জুলাই মাহত বাংলাদেশৰ লাখে লাখে মানুহ ৰাজপথলৈ ওলায় দাবী জনালে তচলিমা নাছৰিনক ফাঁচী দিয়া হওক।সাতদিন ঢাকাত হৰতাল হ'ল অৱশেষত চৰকাৰ বাধ্য হ'ল তচলিমাৰ ওপৰত গোচৰ তৰিবলৈ।ফলত আৰক্ষীৰ মিছা সংঘৰ্ষত মৰাতকৈ অতি প্ৰিয় জন্মভূমি এৰিবলৈ বাধ্য হ'ল লেখিকা।বাংলাদেশ চৰকাৰে জামিন বিহীন গ্ৰেপ্তাৰ আদেশ দিলে।কিন্তু ন্যায়ালয়ে বাধা দিলে।বাংলাদেশৰ পৰা হাতত কলমটো লৈ পলাই গ'ল চুইডেনলৈ ১৯৯৫ চনত।
১৯৯৬ চনত তেওঁ জাৰ্মানলৈ গ'ল।এদিন জাৰ্মানৰ পৰা ১৯৯৮ চনত আমেৰিকালৈ গ'ল।আৰ্ন্তজাতিক সন্মানেৰে সন্মানিত হ'ল লেখিকা।১৯৯৯ চনৰ পৰা ২০০০ চনলৈ ফ্ৰান্সত থাকিল।২০০০ চনত ভাৰতৰ ভিচা লাভ কৰি কলিকতাত থাকিব বিচাৰিলে,তাতো সমস্যা হৈ দিল্লীলৈ আহিল আৰু ২০০৪ চনত ভাৰত চৰকাৰে স্থায়ী অনুমতি দিলে তেওঁক।এনেদৰে প্ৰায় কুৰি বছৰ নিসঙ্গতাত তচলিমাৰ ভাগি পৰিছে মন।কোনো অপৰাধ নহয়,কেৱল নাৰীৰ সমস্যা,নাৰীৰ সম অধিকাৰৰ কথা সাহসীকতাৰে লিখি তচলিমাই প্ৰিয় জন্মভূমিৰ পৰা মহিলা প্ৰধানমন্ত্ৰীৰ দ্বাৰা বহিস্কৃত হ'ল,শাৰীৰিক নিৰ্যাতন ভোগ কৰিলে,তেওঁৰ মূৰৰ দাম ঘোষিত হ'ল পাঁচ লাখ টকা।বাৰে বাৰে হত্যাৰ ফটোৱা জাৰি হ'ল,প্ৰচেষ্টা চলিল হত্যাৰ।কলমৰ শক্তিত ত্ৰস্তমান হ'ল সকলো।তথাপি নিৰ্ভয়া তচলিমা।
১৯৬২ চনৰ ২৫ আগষ্টত পৰিয়ালৰ তৃতীয় সন্তান হিচাবে বাংলাদেশৰ এটি অধ্যৱন্ত পৰিয়ালত তচলিমাৰ জন্ম।অতি মেধাসম্পন্ন তেওঁ ১৯৮৪ চনত এম বি বি এছ পাছ কৰি ১৯৯৩ চনত চৰকাৰী স্ত্ৰী ৰোগৰ চিকিৎসক হিচাবে যোগদান কৰে।তেওঁ তিনিবাৰ বিয়া হয় যদিও তিনিওবাৰ বিবাহ বিচ্চেদ হয়।কোনো সন্তান নাছিল তেওঁৰ।তেওঁ প্ৰথমে লিখিছিল কবিতা,কিন্তু পিছলৈ এখন কাকতত নাৰীৰ সমস্যা আৰু স্বাধীনতাৰ ওপৰত লিখিবলৈ লয়।উক্ত কাকতত প্ৰকাশিত প্ৰবন্ধ সংকলন নিৰ্বাচিত কলম ১৯৯২ চনত প্ৰকাশ হয় আৰু কিতাপ খন বিশ্বজুৰি জনপ্ৰিয় হোৱাৰ লগতে আনন্দ পুৰস্কাৰ লাভ কৰে ।মুঠ ৩০ খনৰ অধিক গ্ৰন্থ তেওঁ লিখিছে।বহু ভব্যগব্য লোকৰ চৰিত্ৰ তেওঁ আত্মজীৱনীৰে উদঙাই দিছে।এনেদৰে ইখনৰ পিছত সিখন গ্ৰন্থ প্ৰকাশ হৈ আছে।

পঞ্চম খন গ্ৰন্থ লজ্জা প্ৰকাশৰ লগে লগে বাংলাদেশত তচলিমাৰ বিপক্ষে লাখ লাখ লোকে ৰাজপথলৈ ওলাই লেখিকাক হত্যাৰ/ফাঁচীৰ দাবী জনায়।তচলিমাক সাম্ৰাজ্যবাদী শক্তিৰ দালাল,ইছলাম ধৰ্ম বিৰোধী ঘোষনা কৰি চৰকাৰৰ হস্তক্ষেপৰ বিচাৰি সাত দিন হৰতাল কৰে বংলাদেশত।এনে পৰিৱেশত জন্মভূমি এৰি বহু দেশ ঘুৰি ভাৰত চৰকাৰৰ ৰাজ অনুগ্ৰহত বৰ্তমান দিল্লীত আছে তচলিমা।তেওঁৰ প্ৰত্যেকখন কিতাপেই বিতৰ্কিত যদিও লজ্জা খন এখন বাংলাদেশত নিসিদ্ধ গ্ৰন্থ।প্ৰকাশৰ লগে লগে ৬০ হাজাৰ কপি বিক্ৰী হয় গ্ৰন্থখন।সেয়েহে সকলোৱে পঢ়া এই নিসিদ্ধ কিতাপৰ এক চমু আলোচনা তলত দাঙি ধৰিলোঁ ।
বৰ্তমানৰ বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও ইয়াৰ ৰাষ্ট্ৰ ধৰ্ম ইছলাম।হিন্দু-মুচলমান দুয়ো মানুহ একেলগহৈ ভাৰতৰ সহায়ত এদিন বাংলাদেশ স্বাধীন হয়৷ কিন্তু তথাপি লাহে মৌলবাদী সকলে বাংলাৰ গণতান্ত্ৰিক অধিকাৰ আৰু ধৰ্মীয় সহনশীলতাৰ বিনষ্ট কৰি সংখ্যা লঘু হিন্দু সকলৰ ওপৰত নিৰ্বিবাদে চলাই যায় নিৰ্যাতন,উৎপীড়ন ।
লজ্জা বাংলাদেশৰ সংখ্যাগৰিষ্ঠ মুছলমান সমাজত ভাৰতত বাবৰী মছজিদ ২৯৯২ চনত ধ্বংসৰ ওলোটা প্ৰতিক্ৰিয়া হিচাবে সংখ্যা লঘু হিন্দু পৰিয়ালৰ ওপৰত চলা ধৰ্মীয় মৌলবাদীৰ ভয়ানক উৎপী়ড়ন পটভূমিত লিখা উপন্যাস।ধৰ্মৰ আন এটা নাম মানৱসেৱা -মানবতাবাদ বুলি কোৱা হয়।সকলো ধৰ্মই মানুহক শান্তিৰ পথ দেখুৱাই।কিন্তু ধৰ্মৰ নামতে সৰু সৰু কথাত মানুহৰ মাজত হোৱা উত্তেজনা ,অসহিষ্ণুতা কটা-মৰাই অশান্তিৰ সৃষ্টি কৰি হিংসা বিয়পাই ৰক্তপাতৰ সৃষ্টি কৰে।
উপন্যাসৰ উল্লেখিত সুকুমাৰ দত্ত এজন নাস্তিক সমাজবাদী লোক।তেওঁ দেশপ্ৰেমিকো ।পৰিবাৰ কীৰণময়ীও দেশপ্ৰেমিক জাতীয়তাবাদী।পুত্ৰ-কন্যা দুটি হল সুৰঞ্জনআৰু মায়া।খালেদ নামৰ এটি ল'ৰাৰ লগত সুৰঞ্জনৰ প্ৰাথমিক বিদ্যালয়ত পঢ়োতে কথা কটাকটি হৈছিল।সুৰঞ্জনে এজনী মুছলমান ছোৱালী ভাল পায়।সেয়েহে সি বাংলাদেশ এৰি যাব নিবিচাৰে।সুৰঞ্জন ডাঙৰহৈ দুটি পৰিচয় দিয়ে প্ৰথমে সি মানুহ দ্বিতীয়তে বঙালী।মাক কীৰণময়ীয়ে বাংলাৰ স্বাধীনতাত বেয়াকৈ ভুক্তভোগী আছিল।কিন্তু হঠাৎ ভাৰতৰ বাবৰী মছজিদ ভঙাৰ ঘটনাত একো দোষ নকৰাকৈ দত্তৰ পৰিয়াল হিন্দু শত্ৰু বুলি গণ্য হ'ল বাংলাদেশৰ এচাম ইছলামিক মৌলবাদীৰ মনত।পৰিয়ালটোৰ ওপৰত নিৰ্যাতন চলিল।মায়া ধৰ্ষিতা হ'ল।যিখন দেশক মাতৃভূমি বুলি ভালপাইছ,যিটো জাতিৰ জাতীয়তাবাদী ভাৱনাৰ ওপৰত বিশ্বাস আছিল সকলো তাচপাতৰ ঘৰৰ দৰে খহি গ'ল দত্ত পৰিয়ালৰ।পৰিয়ালটো পলায় আহিল সোনাৰ বাংলাদেশ এৰি বিদেশলৈ- ভাৰতলৈ কলিকতালৈ।১৩ দিনৰ ৰুদ্ধশ্বাস ধৰ্মীয় উন্মাদনাত সকলো হেৰুৱালে দত্ত পৰিয়ালে।তচলিমাই বাস্তৱত নিজে চিকিৎসক হৈ চিকিৎসা কৰোতে এই কঠোৰ বাস্তৱতা নিজে দেখিছিল।আহত সকলক চিকিৎসা কৰিছিল।ইয়াত লেখিকাই ইছলামীক মৌলবাদীৰ অমানবীয়তা প্ৰকাশৰ সময়ত ভাৰতত চলা ওলোতা হিন্দু উন্মাদনাও লিখিবলৈ পাাহৰি যোৱা নাছিল।অৱশ্যে উপন্যাস হিচাপে নিসিদ্ধ গ্ৰন্থবোৰ সুপাঠ্য নহয়।মই নিজেও লজ্জাত কৈ তচলিমাৰ আন কিতাপহে পঢ়ি ভালপাওঁ।কিন্তু লজ্জাৰ কাৰণে তচলিমাৰ বিপক্ষে তিনি লাখ লোকে লেখিকাৰ ফাঁচীৰ দাবী জনালে,চিৰদিনৰ বাবে তচলিমাই নিজৰ জন্মভূমি এৰিব লগা হ'ল,সমগ্ৰ বিশ্বতে নাৰীবাদী মানৱতাবাদী লেখিক হিচাবে লেখিকা উজ্জ্বলি উঠিল।চিৰস্মৰণীয় হ'ল তচলিমা নাচৰিণৰ সাহস।সৌ সিদিনা বাকহীন অসুস্থ কবি নজৰুলক জোৰকৈ নি জাতীয় কবিৰ খিতাপ দিছিল বাংলাদেশে।তচলিমাকো মৃত্যৰ পিছত পুনৰ চাগে সন্মান দিব বংলাদেশে।এয়াই প্ৰচলিত নিয়ম।কিন্তু প্ৰতিবাদী সাহসী নাৰীবাদী মানবতাবাদী লেখিকা হিচাপে তচলিমা চিৰদিন জীয়াই থাকিব তেওঁৰ সৃষ্টিৰে।
লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.