আধুনিক ভাৰতীয় মহাকাব্য লেখক
বিক্ৰম শেঠ আৰু এ চুইটেবল্ বই
Vikram Seth and his epic novel A Suitable Boy
::দিলীপ কুমাৰ বৰুৱা
ভাৰতীয় বিভিন্ন ৰাজ্যিক ভাষা সমূহত বহু কেইগৰাকী প্ৰখ্যত লেখক লেখিকাৰ সৃষ্টি হোৱাৰ লগতে ইংৰাজী সাহিত্য টো বহু কেইগৰাকী বিশ্বমানৰ ভাৰতীয় লেখক লেখিকাৰ জন্ম হৈ ভাৰতীয়ৰ গৌৰৱ প্ৰকাশ কৰিছে।আজি আমি এনে এগৰাকী লেখকৰ আলোচনা কৰিব বিচাৰিছো, যি ইংৰাজী ভাষাত এক বৃহৎ কলেৱৰৰ আধুনিক মহাকাব্য লিখি বিশ্বতে এগৰাকী কিংবদন্তী লেখক হিচাবে জিলিকি উঠিছে৷ উল্লেখযোগ্য যে তেওঁ লিখা উক্ত কিতাপখন প্ৰকাশ ৰ আগতেই প্ৰকাশকে লেখকক এঘাৰ লাখ টকা ৰয়েলিটিৰ ধন আগধন হিচাবে আগবঢ়াইছিল।এই বিখ্যত আধুনিক মহাকাব্য খনৰ নাম হ'ল দি চুইটেবল্ বই।এই উপন্যাসখনত এখন অভিধানতকৈ পাচগুণ বেছি শব্দ আছে আৰু মহাভাৰতৰ তিনিভাগৰ এভাগ শব্দ সন্নিবিষ্ট ।১৯৯৩ চনত প্ৰথম প্ৰকাশহোৱা এই উপন্যাস খনত মুঠ পৃষ্ঠা সংখ্যা ১৩৪৯ পৃষ্ঠা আৰু শব্দ সংখ্যা ৫,৯১,৫৫২ টা।উপন্যাস খনৰ পটভূমি হ'ল ভাৰত স্বাধীন হোৱাৰ সময়ৰ ভাৰতীয় মানুহৰ চিন্তা,সাংস্কৃতিক,পাৰিবাৰিক মানসিকতা,হিন্দু-মুছলমানৰ মাজৰ সামাজিক দ্বণ্ড ,পুৰনি ৰক্ষনশীল সমাজৰ চিন্তা,মূল্যবোধৰ সৈতে নতুন পুৰুষ ৰ চিন্তা,মূল্যবোধ,ৰাজনৈতিক ঘটনা,সাম্প্ৰদায়িক সংঘৰ্ষ,বিভিন্ন সামাজিক দ্বণ্ডৰ লগতে টলষ্টয়,জেমচ জয়,ৱালজাক,চাৰ্লচ ডিকেন্স আদিৰ পশ্চিমীয়া নৱজাগৰণৰ ভাৰতীয় নতুন স্বাধীন সমাজ ব্যৱস্থাত প্ৰভাৱ আদি বহুবোৰ দিশ বৃস্তিত ভাৱে কাহিনীৰ মাজৰে প্ৰতিফলিত হৈছে।১৯৫০ চনৰ মুঠতে ইংৰাজে এৰিথৈ যোৱা ভাৰতীয় সমাজৰ প্ৰতিচ্ছবি ইয়াত প্ৰতিফলিত হৈছে।
বিক্ৰম শেঠৰ জন্ম হয় ১৯৫২ চনৰ ২০ জুনত কলিকতা চহৰত।দেউতাক বাটা কোম্পানিৰ চাকৰিৰ বিপৰীতে মাক লীলা শেঠ আছিল দিল্লী উচ্চন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতি বিখ্যাত মহিলা।ডেৰাডুনৰ বিখ্যাত ডুন স্কুলত পঢ়া বিক্ৰমে শেঠে পিচত লণ্ডনৰ কলপাছ ক্ৰিষ্টি কলেজৰ পৰা ১৯৭৫ চনত স্নাতক আৰু ষ্টিফেন ফৰ্ট বিশ্ববিদ্যালয়ৰ পৰা ১৯৮০ চনত স্নাতকোত্তৰৰ পাছ কৰি গৱেষনা কৰে যদিও গৱেষণা আধৰুৱা কৰি১৯৮১ চনত ভাৰতলৈ আহে।আৰম্ভনিতে কবিতা ৰচনা কৰি বিখ্যাত হৈ পৰা বিক্ৰম শেঠে পিছলৈ উপন্যাস আৰু ভ্ৰমণ কাহিনী লিখে।বহুদেশ ভ্ৰমন আৰু ইংলণ্ডত থাকি শিকি অহা ইংৰাজী জ্ঞানে তেওঁক ভাৰতীয় সমাজৰ ওপৰত লিখা সহজ কৰি তোলে।মেপিং(Mapping) নামৰ কবিতা পুথিৰে ১৯৮০ সাহিত্য জগতত প্ৰবেশ কৰা সেয়ে ১৯৮৬ চনত প্ৰকাশ কৰে তেওঁৰ প্ৰথম উপন্যাস গল্ডেন গেট,যাৰ বাবে ১৯৮৮ চনত তেওঁ ইংৰাজী সাহিত্য বিভাগত ভাৰতৰ শ্ৰেষ্ঠ সাহিত্য সন্মান সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।ইয়াৰ পূৰ্বে নেপাল,তিৰ্বত আৰু চীনদেশৰ ওপৰত লিখা ভ্ৰমণ কাহিনী ফ্ৰম হেভেন লেকৰ বাবে ১৯৮৩ চনত থমাচ বুক এৱাৰ্ড লাভ কৰে।তদুপৰি তেওঁ কমনৱেলথ প'ৱেট্ৰি পুৰস্কাৰ আৰু ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল উপন্যাস দি চুইটেবল বইৰ বাবে কমনৱেলথ ৰাইটাৰ পুৰস্কাৰ লাভ কৰে।২০০৭ চনত তেওঁলৈ ভাৰত চৰকাৰে শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী আগবঢ়ায়।১৯৯৯ চনত প্ৰকাশ হয় তেওঁৰ আন এখন উপন্যাস দি ইকুৱেল মিউজিক।আৰু পিচত২০০৫ চনত প্ৰকাশ হয় টু লাইভচ নামৰ উপন্যাস।দি চুইটেবল বই খন বি বি চিৰ ধাৰাবাহিক হিচাবে মীৰা নায়াৰে পৰিচালনা কৰে।আমি দি চুইটেবল বই খন চমুকৈ তলত আলোচনা কৰো যাৰ পটভূমি ১৯৫০ চনৰ ভাৰত।
এই মহাকাব্যিক উপন্যাস খন এখন পাৰিবাৰিক. উপন্যাস ।ইয়াত উল্লেখিত পৰিয়াল চাৰিটা হ'ল মেহেৰা, কাপুৰ,চেতাৰ্জী আৰু খান পৰিয়ালৰ কাহিনী।খান পৰিয়াল এটা মুছলমান পৰিয়াল।বাৰহামপুৰ নামে ঠাইত এই চাৰিওটা পৰিয়াল বাস কৰে।মেহেৰা পৰিয়ালৰ মূল নাৰী হ'ল ৰূপা মেহেৰা।হিন্দু সংস্কৃতি,হিন্দু ধৰ্মৰ প্ৰতি তেওঁৰ বিশ্বাস।বিয়াৰ ক্ষেত্ৰটো তেওঁ ধৰ্মীয় চেতনা বৰ কঠোৰ।তেওঁৰ তিনিটা ল'ৰা ছোৱালী।দুজনী ছোৱালী আৰু এটা ল'ৰা।ডাঙৰ ছোৱালীক ইতিমধ্যে কাপুৰ পৰিয়াললৈ বিয়া দিছে।ধনী পৰিয়াল সবিতা ডাঙৰ ছোৱালী কাপুৰ পৰিয়ালৰ প্ৰাণ কাপুৰলৈ বিয়াহৈ বংশ ৰক্ষা কৰিছে।তাই তাত সুখী হয়নে নহয় এয়া চোৱা পৰিয়ালৰ কাম নহয়।একমাত্ৰ লৰা অৰুণে মেহেৰা পৰিয়ালৰ বংশ গৌৰৱ ধূলিসাৎ কৰি মীনাক্ষী নামৰ মুছলিম ছোৱালী এজনী বিয়া কৰালে।মেহেৰা পৰিয়াল ৰূপৱতী গুণৱতী কন্যা ১৯ বছৰীয়া লতা এতিয়া ঘৰত।লতাৰ বিয়াৰ উপযুক্ত বয়স।পৰিয়ালক লতাৰ বাবে লাগে এটা হিন্দু উপযুক্ত লৰা -এটা চুইটেবল বই প্ৰয়োজন।ৰূপা সতৰ্ক যাতে লতাৰ দৰে গণিত বিষয়ত শিক্ষিতা কন্যাই যেন বিশ্ববিদ্যালয়ৰ পৰিৱেশত অন্য সম্প্ৰদায়ৰ ল'ৰাৰ লগত প্ৰেমত নপৰে।কিন্তু লতাই ইতিমধ্যে সকলোকে চকুত ধূলি মাৰি প্ৰেমত পৰিল গণিত বিভাগৰ এগৰাকী অধ্যাপকৰ ল'ৰা অতি ধুনীয়া ,অতি বিদ্যান কবিৰৰ লগত।কবিৰৰ লগত লতাৰ যে ঘৰৰ পৰা বিয়া হ'ব নোৱাৰে লতাই জানে।কাৰণ কবিৰ হ'ল এটা মুছলমান ল'ৰা।বাকীবোৰ গুণ ধৰ্মই ক্ষমা নকৰে আৰু নকৰে মেহেৰা পৰিয়ালে।ৰূপাই লতা-কবিৰৰ সম্বন্ধ ঘুনুক ঘানাক কৈ গম পালে।এদিন এই সম্পৰ্ক বন্ধ কৰিবলৈ লতাকলৈ মাক ৰূপা কলিকতালৈ গুছি গ'ল।লতাৰ প্ৰেম যৱনিকা পৰিল।লতাক কলিকতাত এটাৰ পিছত এটা হিন্দু ল'ৰা দেখুৱা হ'ল।কিন্তু লতাৰ পচন্দ নহল।অমৃত নামক লৰা এটা দেখুৱা হ'ল।লতাই গম পালে ল'ৰাটো এটা গে।ফলত নাকচ হ'ল।এইবাৰ চুইটেবল বই হিচাপে মাকে আনিলে হৰিশক।লতাৰ মতে হৰিশ এটা মষ্ট বৰিং অথাৎ আমনিদায়ক ল'ৰা।কবিৰৰ দৰে সকলো দিশতে চুইট ল'ৰা বিচাৰি লতাই মনৰে নাপালে।কিন্তু তাই জানে তাই কাহানীও কবিৰক বিয়া কৰাব নোৱাৰে। অৱশেষত মনৰ স্বাধীনতা বিসৰ্জনদি পৰিয়ালৰ গৌৰৱ ৰক্ষা কৰিবলৈ তাই হৰিশ কাপুৰক বিয়া কৰাবলৈ সিদ্ধান্ত ললে।লতাৰ মনৰ বিপৰীতে চুইটেবল বই হ'ল হৰিশ কাপুৰ যি বৰ বেছি আমনিদায়ক।ইয়াতে উপন্যাসৰ যৱনিকা পৰে।উপন্যাসৰ লেখন কলাৰ ওপৰত তেওঁৰ মন্তব্য হ'ল-The trick to being a novelist is to act like an iceberg. শেষত বিক্ৰম শেঠৰ এটি উক্তিৰে সমৰিছো-I think goodness is about how person behaves to person,also person to world,to nature.
Writer: Dilip Kr. Baruah,Tezpur
Edited by: Diganta Kr. Bhuyan
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.