সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মাহাত্মা গান্ধী আৰু গান্ধীবাদ








মাহাত্মা গান্ধী আৰু গান্ধীবাদ
দিলীপ কুমাৰ বৰুৱা,তেজপুৰ।

এবাৰ আমেৰিকাৰ প্ৰেচিডেন্ট বাৰাক ওবামাক  
Barack Hussein Obama

দশম মানৰ ছাত্ৰ এজনে সুধিছিল ধৰা হ'ল,আপোনাক বিশ্বৰ এনে এজন মৃত বা জীৱিত লোকৰ লগত ভাত এসাজ খোৱাৰ সুবিধা দিয়া হ'ল,আপুনি সেই ব্যক্তিজন কোন হোৱাটো পচন্দ কৰিব।তাৎক্ষণিক ওবামাই উত্তৰ দিলে মাহাত্মা গান্ধী।আকৌ বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল ভবিষ্যতে নতুন পুৰষে হয়তো বিশ্বাস নকৰিব যে মাহাত্মা গান্ধীৰ দৰে তেজ-মঙহৰ মানুহ এজন পৃথিবীত সচাকে জন্ম হৈছিল।জৰ্জ ৱাৰ্নাৰ্ড শ্ব,ৰোমা ৰোলা ,নেলচন মেন্দেলা আদি বহুতৰ প্ৰাণৰ মানুহ জন হ'ল মাহাত্মা।

শৈশৱত মহাত্মা গান্ধীতকৈ মই সুভাষ বসুৰ কথা ঘৰত বেছিকৈ শুনিছো।মহাত্মা গান্ধীৰ বিপক্ষে লিখা কিতাপ পঢ়ি ভাল পাইছিলো।কিন্তু গৰমৰ বন্ধত এমাহৰ বাবে বিহগুৰিৰ ৰঙামাটিৰ ককাৰ ঘৰলৈ গলেই মাহাত্মাৰ কথা মুক্তিযুদ্ধা ককা নৰেন্দ্ৰ নাথ গোস্বামীক পৰা বৰকৈ শুনো।ককাৰ মতে ভাৰতবাসীৰ প্ৰাণত মাহাত্মা গান্ধী হ'ল ভগৱান সদৃশ।ককাক মোৰ সকলোদিশৰে গান্ধীযেনেই লাগিছিল।ফলত এক দোদূল্যমান ভাৱনা মনত আছিল।কিন্তু ডাঙৰ হোৱাৰ পৰা মহাত্মা গান্ধীৰ জীৱনবোধ,সৰল জীৱন প্ৰণালী, অস্পৃশ্যতাৰ বিপক্ষে সৱল স্থিতি,ধৰ্মৰ প্ৰতি সহনশীলতা বিশ্ব জুৰি তেখেতৰ মৃত্যুৰ পিছত  ক্ৰমে বাঢ়ি অহা জনপ্ৰিয়তাই মোৰ মনটো তেওঁৰ প্ৰতি শ্ৰদ্ধাই ব্যাপকতা লাভ কৰিলে। 

আমি তেওঁৰ বহুবোৰ সিদ্ধান্ত ভুল আছিল বুলি সমালোচনা কৰিব পাৰো,কিন্তু গান্ধীজীয়ে স্বাধীনতাৰ পিছত কোনো ৰাজনৈতিক বিষয়বাবৰ প্ৰতি লালায়িত নহৈ নিঃস্ব জনৰ মাজৰে এজন হৈ যি দৰে মৃত্যু আকোৱালি ললে সেয়া বিশ্বৰ ৰাজনৈতিক ইতিহাসত বিৰল।আনহাতে ফ্ৰিডম এট  দি মিডনাইটত কলিকতাত সাম্প্ৰদায়িক সংঘৰ্ষৰ নিয়ন্ত্ৰণত গান্ধীজীৰ ভূমিকাৰ কথা পঢ়িও আচৰিত হওঁ।ক'বলৈ গ'লে মাহাত্মা সপক্ষে অথবা বিপক্ষে আলোচনা কৰিব পৰাকৈ বহু বেছি বৈপৰীত্য থকা বুলি মই স্বীকাৰ কৰো।


মাহাত্মা গান্ধীৰ পূৰ্বৰ নাম আছিল মোহন দাস কৰমচাঁদ গান্ধী।ভাৰতীয় তেওঁ প্ৰাণৰ বাপু।তেওঁ আছিল অধিবক্তা,ৰাজনৈতিক নেতা,সমাজ সেৱক,লেখক আৰু ভাৰতৰ স্বাধীনতা ৰ প্ৰধান সেনানী।১৮৬৯ চনৰ ২ অক্টোবৰত জন্ম হোৱা গান্ধী ক ৩০ জানুৱাৰী ,1948 হত্যা কৰা হয়।শৈশৱত অতিবেচি লাজকুৰীয়া গান্ধীয়ে বিলাতত বেৰিষ্টাৰি পঢ়িও ঘুৰি আহি নিজৰ বাৰ্তাত বিফলহৈ দক্ষিণ আফ্ৰিকালৈ যাব লগা হয়।পিছত তাৰ পৰা ঘুৰি আহি ১৯২১ চনত স্বাধীনতা আন্দোলনৰ মুখ্যনেতাহৈ পৰে আৰু স্বাধীনতাৰ পিছতো কোনো সুবিধা নলৈ দৰিদ্ৰ জীৱন সাৱতি মৃত্যু বৰণ কৰে।


গান্ধীজীৰ চিন্তা,কৰ্ম,আদৰ্শ নিজে স্বাধীনতা অনা ভাৰতবৰ্ষতে অপ্ৰচলিত যদিও পৃথিৱীৰ বহুবোৰ দেশে,বহু কেইজন সমাজসেৱকেই ইয়াক আদৰেৰে গ্ৰহণ কৰিছে আৰু প্ৰয়োগ কৰি কৃতকাৰ্য হৈছে।গান্ধীজীৰ মূল দৰ্শন সত্য আৰু অহিংসা।ইয়াৰ পৰাই উদ্ভৱ হৈছে প্ৰতিবাদৰ শক্তিশালী অস্ত্ৰ -সত্যাগ্ৰহ,অন্নসন আৰু অসহযোগ।তেওঁক মতে অহিংসা প্ৰতিবাদত শাসনতন্ত্ৰই দমন,উৎপীড়ন চলাব নোৱৰা হৈ পৰে।অৱশ্যে ৰাষ্ট্ৰযন্ত্ৰৰো এই ক্ষেত্ৰত গণতান্ত্ৰিক চৰিত্ৰ থাকিব লাগিব৷ দক্ষিন আফ্ৰিকাত থকা কালত বৰ্ণবৈষম্যতাৰ বিপক্ষে অহিংসা এনেবোৰ প্ৰতিবাদ কৰি গান্ধী সফল হয়।ভাৰতলৈ ১৯১৫‌চনত প্ৰত্যাৱৰ্তনৰ কৰি গান্ধীয়ে কংগেছত যোগদান কৰি দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰি সফল হোৱা অহিংসা কাৰ্যসূচী সমূহ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত প্ৰয়োগ কৰি ব্যাপক সহাৰি লাভ কৰে।এক আদৰ্শবাদ প্ৰতিস্থাৰ লগতে নিজৰ জীৱনকো সেই আদৰ্শবাদৰ লগত একাত্ম কৰি তুলিছিল গান্ধীজীয়ে।আঁঠুৰ মূৰত সাধাৰণ চুৰিয়া,ভৰিত খৰম,হাতত এদাল লাঠি,নিৰামিষ আহাৰ ,সাধাৰণ পাটিত শোৱা আদিৰে ভাৰতৰ নি:স্ব জনৰ প্ৰকৃত জননেতা হৈ গোটেই ভাৰতজুৰি ভ্ৰমন কৰি সংগঠিত কৰিছিল সাধাৰণ মানুহক।গান্ধীহৈ পৰিছিল মুক্তিযোদ্ধা সকলৰ আৰ্হি ব্যক্তিত্ব।

গান্ধীজীয়ে গান্ধীবাদী যি আদৰ্শ প্ৰতিস্থা কৰিছিল সেই আদৰ্শ তেওঁ ভাগৱত গীতা,জৈন্য ধৰ্ম,বৌদ্ধ ধৰ্ম,বাইবেল,টলষ্টয়ৰ দৰ্শন,জন ৰক্সিন,গোপাল কৃষ্ণ গোখলে আদিৰ পৰাই সৰ্ব্বোদয়ৰ চিন্তা,মানুহৰ নৈতিক উত্তোৰণৰ চিন্তাবোৰ তেওঁৰ চিন্তাৰ আধাৰ হিচাপে লৈছিল।অহিংসা হ'ল এনে এক বিচাৰ ধাৰা যাৰ দ্বাৰা তন,মন,কৰ্ম,বচন,বানীৰে সকলো প্ৰাণীৰ প্ৰতি দুখ নিদিয়া,কাৰো কোনো লোকচান নকৰা এক নৈতিক বিচাৰ,যি বিভিন্ন ধৰ্মই মানুহক যুগ যুগ ধৰি শিকাই আহিছে।ই দৰিদ্ৰ পীড়িত নি:স্ব জনৰো উন্নতিৰ মানবীয় বিচাৰ-সত্যৰ বিচাৰ।ধৰ্ম প্ৰসঙ্গত গান্ধীৰ বিচাৰ হ'ল ধৰ্মক ৰাজনীতিৰ পৰা আঁতৰাব নোৱাৰি। সৰ্বধৰ্মতে মানুহক আধ্যত্মীক মানবীয় স্বতন্ত্ৰতা আৰু মানবীয় ন্যায়,নিষ্ঠাৰ মাজৰে ঈশ্বৰ সত্তাৰ কথা কয়।ধৰ্ম অনুযায়ী পন্থা বেলেগ হ'লেও মানবীয় সত্তাৰ ঈশ্বৰ সত্তাৰ মিলনৰ মাৰ্গদৰ্শন ধৰ্মই কৰে।ফলত ধৰ্মকলৈ বিভেদ অৱকাশ নাথাকে ।কিন্তু গান্ধীৰ এই পবিত্ৰ দৰ্শনক ভেঙুচালি কৰি ভাৰত-পাকিস্তানৰ স্বাধীনতাৰ সময়তে ব্যাপক হিংসা হয়।গান্ধীজীয়ে কলিকতাত এই হিংসা অহিংসাৰে নিয়ন্ত্ৰন কৰে,যদিও শক্তিশালী সেনাবাহিনীৰেও মাউন্টবেটেন পাঞ্জাৱ সীমান্তত হিংসা প্ৰতিৰোধ কৰিব নোৱাৰিলে ।

স্বৰাজ সম্পৰ্কত গান্ধীজীৰ ধাৰণা আছিল দেশবাসীৰ স্বতন্ত্ৰতাৰ,বিদেশী শাসনৰ পৰা মুক্তি আৰু লগতে স্ব-শাসিত চৰকাৰ বা গণতান্ত্ৰিক চৰকাৰ।তদুপৰি আত্মৰ্নিভৰ স্বাৱলম্বী দেশবাসীৰ কথাও তেওঁ ভাবিছিল। সৰ্ব্বোদয়ৰ মাজৰে মানবীয়তাৰ প্ৰগতিৰ বিশ্বজনিন উত্থানৰ কথাও কৈছিল।গান্ধীৰ চিন্তা,কৰ্ম,আদৰ্শবাদ সকলোবোৰেই তেওঁ প্ৰতিস্থা কৰা ভাৰততে ৰাজনৈতিক নেতাৰ পৰা সাধাৰণ মানুহলৈকে কোনেও আন্তৰিকতা  গ্ৰহণ নকৰিলে ,ফলত আজিও ভাৰতত ধনী-দৰিদ্ৰৰ বৈষম্যতা বাঢ়ি গৈ আছে,ধৰ্মীয় সহনশীলতা সংবিধান ৰক্ষকেই অৱমাননা কৰি আমাৰ স্বাধীন জন্মভূমিখন সকলো দিশতে বিপদাপন্ন কৰিছে।সত্যাগ্ৰহ,অন্নশন,অসহযোগ আদি গনতান্ত্ৰিক প্ৰতিবাদৰ ভাষাও দেশতেই গুৰুত্বহীন হৈছে।আমাৰ বিশ্বাস গান্ধীবাদক নতুন ৰূপত প্ৰতিস্থাৰ যোগেদিহে ভাৰতৰ ভবিষ্যত সুৰক্ষিত হ'ব পাৰে।

গান্ধীজীয়ে কৈছিল পাপীক ঘৃণা নকৰিব,পাপকহে  ঘৃণা কৰা,অৰ্থাৎ সমাজ এখনত শান্তিৰ সন্তলন ঘটাবলৈ এনে ভাৱনা লাগিব।যি সকলক পিচ পেলাই ৰখা হৈছে,তেওঁলোকে কাকো ক্ষমা কৰিব নোৱাৰে,কিন্ত ক্ষমাৰ মহানতা দেখুৱাব লাগিব আগবঢ়া সকলেহে।তেওঁৰ মতে মানুহ সুখী হ'ব পাৰে নিজৰ কৰ্মৰ দ্বাৰাহে।গান্ধীয়ে কৈছিল তুমি কি ভাৱিছা,কি কথাবোৰ কৈ আছা,সকলোৰে মঙ্গলৰ বাবে কি কামবোৰ কৰি আছা সেইবোৰেইহে তোমাৰ জীৱনত শান্তি দিব পাৰে।তেওঁ বাৰে বাৰে কৈছিল ধৰ্মীয় সহনশীলতাই ভাৰতীয় সংস্কৃতি আৰু মানবধৰ্ম।য'তেই প্ৰেম থাকিব ততেই জীৱন থাকিব।প্ৰেম অবিহনে সকলো মানুহৰ জীৱন অৰ্থহীন।ভাৰতৰ ভবিষ্যতৰ ওপৰত তেওঁ কৈছিল আমি বৰ্তমানত কৰা কামেই আমাৰ ভবষ্যত-  The future depends on what we do in the present.তেওঁৰ মতে মানুহৰ জীৱনৰ বাবে এই পৃথিৱীৰ সম্পদ পয্যাপ্ত,কিন্তু লোভীয়া বোৰৰ বাবে নহয়।আমি যি দৰ্শনৰ কথাই নকওঁ কিয়,নিজক প্ৰথমে সংস্কাৰ কৰাটো টান,গান্ধীজীয়ে পাৰিছিল।দৰিদ্ৰ মানুহৰ দৰে জীৱন সাৱতি মানুহৰ কল্যাণত জীৱন উৰ্চগা কৰিছিল,সেয়েহে তেওঁ যুগে যুগে ভাৰতৰ মাহাত্মা-বিশ্ব বন্দিত ভাৰতীয় জাতিসত্তাৰ পিতৃস্বৰূপা।সময়ে বহু ৰাজনৈতিক নেতাক উতুৱাই নিলে আৰু নিব কিন্তু মাহাত্মা গান্ধী চিৰস্মৰণীয় হৈ ভাৰতত-বিশ্বত মানুহৰ সংকটৰ সমাধানহৈ জীয়াই থাকিব।





লেখক: দিলীপ কুমাৰ  বৰুৱা,তেজপুৰ



সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
digantas.blogspot.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়