সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

R K Narayan and Malgudi Days

ভাৰতীয় ইংৰাজী সাহিত্য ৰ পথিকৃৎ
আৰ কে নাৰায়ণ আৰু মালগুডি দেইজ



R K Narayan and Malgudi Days

লেখক:- দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

ভাৰতীয় ইংৰাজী সাহিত্যৰ কথা ওলালেই মনলৈ আহে তিনিজন ভাৰতীয় ইংৰাজী লেখকৰ নাম মূলজ্ ৰাজ আনন্দ,ৰাজা ৰাও আৰু আৰ কে নাৰায়ন।


আৰ কে নাৰায়নক ভাৰতীয় ইংৰাজী সাহিত্যৰ পথিকৃতও বোলা যায়।তেওঁৰ সম্পূৰ্ণ নাম আছিল ৰাচীপুৰম কৃষ্ণস্বামী আইয়াৰ নাৰায়ন স্বামী।


বন্ধু ইংৰাজ লেখক গ্ৰাহাম গ্ৰীনৰ অনুৰোধ মৰ্মে তেওঁ নিজৰ নাম চমু কৰি আৰু  আৰ কে নাৰায়ন কৰে।১৯০৬ চনৰ ১০ অক্টোৱৰত তেওঁৰ মাদ্ৰাজৰ চেন্নাইত জন্ম হয় আৰু ২০০১ চনৰ ১৩ মেত চেন্নাইত জীৱনৰ যৱনিকা পৰে।আৰ কে নাৰায়নৰ ভায়েক আৰ এন লক্সমনো ভাৰতৰ এগৰাকী বিখ্যাত কাৰ্টুনিষ্ট।আৰ কে নাৰায়নৰ শৈশৱ আছিল ধিতিঙালি কৰি ঘুৰিফুৰা ৰং আনন্দৰ জীৱন।তেওঁৰ লগৰী আছিল এটা ময়ুৰ পক্ষী আৰু এটা দুষ্ট বান্দৰ।১২ বছৰ বয়সত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এটি সমদলত মনেমনে ভাগলৈ মামাকৰ গালি খাব লগা হয় নাৰায়নে।শৈশৱত আনকি পঢ়াতকৈ তেওঁৰ বাহিৰা কিতাপ পঢ়াৰ প্ৰতি ইমানেই ধাউতি আছিল যে পাঠ্যপুথি নপঢ়াৰ বাবে তেওঁ মেট্ৰিকত প্ৰথমবাৰ ফেল কৰে আৰু তিনি বছৰৰ স্নাতক পাঠ্যক্ৰম কোনোমতে চাৰিবছৰত সমাপ্ত কৰে।প্ৰায় সকলোবোৰ কামতে বিফলহৈ তেওঁ গ্ৰন্থ লিখিব পাৰিব বুলি বিশ্বাস কৰে আৰু কিতাপ লিখা আৰম্ভ কৰে।তেওঁৰ ২৪ বছৰ বয়সত লিখি উলিয়াই ডেভল্পমেন্ট অৱ মেৰিটাইজ লজ অৱ চেভেনটিন চেঞ্চুৰি ইংলেণ্ড।কিন্তু কিতাপ খনৰ বাবত প্ৰথম বছৰ ৰয়েলিট্ পায় ৯ টকা ১২ অনা।কিন্তু হতাশ নহৈ ১৯৩০ চনত লিখে স্বামী এণ্ড ফ্ৰেণ্ডচ।এই কিতাপ খন নতুনকৈ বন্ধু পতা গ্ৰাহাম গ্ৰীনে প্ৰকাশৰ দিহা কৰে।বন্ধু গ্ৰীনেই নাৰায়নৰ চাৰিখন কিতাপ প্ৰকাশৰ দিহা কৰি দিয়ে আৰু লাহে লাহে তেওঁ জনপ্ৰিয় হৈ পৰে।তেওঁ দক্ষিণ ভাৰতীয় এখন কাল্পনিক চহৰ (Fictional town)মালগুডি কল্পনা কৰে আৰু মালগুডি চহৰৰ দিনবোৰ বুলি এলানি কাহিনী আৰম্ভ কৰি অতি বেছি জনপ্ৰিয় হৈ পৰে।ইয়াৰ এখন দূৰদৰ্শন ধাৰাবাহিক চোৱা চাগে সকলোৰে মনত আছে আৰু ইয়াৰ সংগীতটোও মোৰ কাণত আজিও বাজি আছে।


আৰু কে নাৰায়ণৰ ঘৰুৱা ভাষা আছিল ইংৰাজী।তেওঁৰ ঘৰত মতা নাম কুঞ্জাপ্পা ।ঘৰত ইজনে সিজনৰ লগত ইংৰাজীতে কথা পাতিছিল,ফলত ইংৰাজী মাতৃভাষাৰ দৰেই আছিল। ১৯৬০চনত তেওঁ দি গাইড নামৰ উপন্যাসৰ বাবে তেওঁ ইংৰাজী সৃষ্টিশীল সাহিত্যত সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।তদুপৰি ভাৰত চৰকাৰে তেওঁক সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ দিয়ে ১৯৬৪ চনত আৰু পদ্মবিভূষণেৰে ২০০০ চনত সন্মানিত কৰে।তদুপৰি দি গাইড নামৰ বোলছবি খনৰ কাহিনীৰ বাবে ১৯৬৭চনত ফিল্মিম ফেয়াৰ বঁটা লাভ কৰে।

আৰ কে নাৰায়নে মুঠ ৩৪ খন উপন্যাস লিখে।সেইবোৰ হ'ল- The English Teacher (1945), Waiting for the Mahatma (1955), The Guide (1958), The Man-Eater of Malgudi (1961), The Vendor of Sweets (1967), and A Tiger for Malgudi (1983)collections include Lawley Road (1956), A Horse and Two Goats and Other Stories (1970), Under the Banyan Tree and Other Stories (1985),The Grandmother’s Tale (1993)ইত্যাদি। তদুপৰিলঅসংখ্য চুটি গল্প মালগুডিকলৈ লিখে।তোওঁ লিখা দি ইংলিছ টিচাৰ খন নিজৰেই ঘটনা।কে আৰু নাৰায়নে বিয়া কৰায় ৰাজম নাৰায়নক (১৯৩৪-১৯৩৯)যদিও এজনী কন্যা সন্তান হেমা জন্মৰ পিছতে টাইফইড ৰোগত পৰিবাৰৰ মৃত্যু হয়।ইয়াৰ পিছত পৰিবাৰৰ স্মৃতিকে লৈ তেওঁ পুনৰ বিয়া নকৰাই ছোৱালী হেমা জনীৰ মৰমতে জীৱনৰ পিচৰ সময় অতিবাহিত কৰে আৰু সাহিত্যৰ সেৱাত নিজকে উৎসৰ্গা কৰে।দি ইংলিছ টিচাৰ কাহিনী হুবহু একেই।তেওঁৰ সাহিত্যৰ বিষয় সমূহ আছিল হিপক্ৰেচী,অসৎ স্বভাৱ,বস্তুবাদী সমাজ,অতীত আৰু বৰ্তমানৰ তুলনা,কৰ্ম ,নাৰীৰ প্ৰতি সন্মান ইত্যাদি।ইয়াৰ লগতে সহজ সৰল ভাষা,হাস্যৰসে তেওঁৰ লেখা জনপ্ৰিয় কৰে।প্ৰায় ছয়দশক ধাৰাবাহিক ভাৱে মালগুডিৰ কাহিনী তেওঁ লিখি বিশ্বৰ সকলোতে জনপ্ৰিয় হৈ পৰিল।বিশ্বৰ বহু ভাষালৈ আৰু প্ৰায়বোৰ ভাৰতীয় ভাষালৈ নাৰায়নৰ কাহিনী অনুদিত হৈছে।আমি তেওঁৰ১৯৫৮ চনত সাহিত্য অকাডেমি ৰ পুৰস্কাৰ প্ৰাপ্ত উপন্যাস দি গাইডৰ কাহিনী অতি চমুকৈ আলোচনা কৰো।

উপন্যাস খনৰ মূল চৰিত্ৰ হ'ল ৰাজু নামৰ এটা ল'ৰাৰ কাহিনী যি মালগুডিত থাকে যি ফ্লেছবেকত নিজৰ বন্ধু ভেলিনক নিজৰ অতীত কাহিনী কৈ থাকে।ৰাজুৰ সৰুতে দেউতাকৰ হানি হোৱাত দেউতাকৰ ব্যৱসায় চলাই ঘৰ চলাব লগা হয়।ইয়াৰ উপৰি সি সময় উলিয়াই গাইডৰ কামো কৰে।ৰেলৱেৰ ৰাজু বুলি সি তাৰ গাইড কামৰ বাবে মালগুডিত বিখ্যাত হৈ পৰে।ঘৰত মাক আৰু সি থাকে।এদিন গাইড কৰি থাকোতে সি এহাল দম্পতি লগ পায় ।তেওঁলোক হ'ল ৰ'ছি আৰু মাৰ্কো(Rosie and Marco)।মাৰ্কো এজন জ্ঞানীলোক হোৱাৰ বিপৰীতে ৰ'ছি এজনী তলখাপৰ নাচনী তিৰুতা।দুয়ো ৰাজুৰ ঘৰত থাকে।মাকে পিছত ৰ'ছি এজনী বেয়া তিৰুতা বুলিকৈ ঘৰৰ পৰা উলিয়াই দিব বিচাৰে,কিন্তু ৰাজুৰ ইতিমধ্যে ৰ'ছিৰ সৈতে আত্মীয়তা গঢ়ি উঠিছিল ,গতিকে মাকৰ সিদ্ধান্তৰ বিপক্ষে ৰাজু ঠিয় হ'ল।ফলত মাকে ঘৰ এৰি ৰাজুৰ খুৰাৱকৰ লগত গুছি গ'ল।ৰাজুৱে বন্ধুত্ব মাজেৰ ৰ'ছিক প্ৰেমৰ প্ৰস্তাৱ দিয়ে যদিও ৰ'চিয়ে গিৰিয়েককে ভাল পায় বুলি জনায় দিয়ে।এদিন ৰ'ছি আৰু গিৰিয়েকৰ মাৰ্কোৰ মাজত কাজিয়া হোৱা ৰাজু সহায় কৰিবলৈ যায় যদিও পাৰিবাৰিক সমস্যা বুলি ৰাজুক ৰ'চিয়ে আঁতৰাই পঠায়।এমাহ পিছত ৰ'ছিয়ে আহি ৰাজুক কয়যে গিৰিয়েকে তাইক এৰি গুছি যোৱাত তাই ৰাজুৰ আশ্ৰয় বিচাৰে।ৰাজু আৰু ৰ'ছি এইবাৰ একেলগে থাকে।সমাজে ৰ'ছিক  ৰাজুৰ লগত থকাৰ বিৰোধীতা কৰে।দুয়ো তেনেদৰে থাকোতে ধাৰ বেছি হোৱাত ডেন্স পাৰ্টি এটা খোলে।বহু লাভ হয় ।ৰাজু ধনীহৈ পৰে।ৰাজুৰ ধনৰ খক বাঢ়ি যায়।ৰ'ছিক নোসোধাকৈ সি ডেন্সৰ চুক্তি কৰি যায়।এবাৰ মাৰ্কো ৰ'ছিৰ গিৰিয়েকে ৰ'ছিলৈ এখন কিতাপ পঠায় যিখন ৰাজুৱে লুকাই দি ধৰা পৰে।একেদৰে বেংকৰ চিঠি  এখন ৰাজুৱে চহী কৰি ঘুৰাই দিয়াত জাল চহী ধৰা পৰি ৰাজু পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈ দুবছৰ জেলত থাকে।ৰ'ছি কৰবালৈ গুছি যায়।জেলৰ পৰা ওলাই ৰাজুৱে গম পায় যে খৰাংপীড়িত হৈ ৰাইজ দুখত পৰিছে।বৰষুণৰ বাবে ৰাজুৱে উপবাস ব্ৰত পালন কৰে।এদিন সঁচাকে বৰষুণ আহে আৰু ৰাজু অজ্ঞানহৈ পৰি যায়।হয়তো ৰাজুৰ মৃত্যু হয়।উপন্যাস শেষ হয়।শেষত নাৰায়নৰ এটি বিখ্যাত উক্তিৰে সামৰিছো-Past is gone, present is going, and tomorrow is day after tomorrow’s yesterday. So why worry about anything? God is in all this.


 Writer:Dilip Kr.Baruah,Tezpur

 edited by: diganta kr. bhuyan
digantas.blogspot.com
digbhuyan123@gmail.com
 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়