দ্বিতীয় বিশ্বযুদ্ধ
আৰু অসম
"যুদ্ধখনে পৃথিৱীলৈ এটা চাঞ্চল্য আনি দিলে। অকল বাহিৰতেই এই চাঞ্চল্যই কাম কৰা নাই, মানুহৰ ভিতৰতো ই আলোড়ন তুলিছে। মানুহবোৰ আৰু আগৰ সামান্য খাটি খোৱা মানুহ হৈ থকা নাই। সকলোবোৰ বেপেৰুৱা হৈ পৰিছে। দুটামান টকাৰ মোহ, দুখিলামান নোটৰ খচ্ মচনি..তাকে লৈ সিঁহত বলিয়া হ'ল। সিঁহত ঘুৰিব পাৰিবনে?
ডাৱৰ আৰু নাই
মানুহৰ মন, মূল্যবোধ, জীৱন জিজ্ঞাসা, অৰ্থনেতিক সামাজিক, ৰাজনৈতিক জীবনধাৰাকে ধৰি জীৱনৰ প্ৰতিটো স্তৰকেই ভয়াবহ ভাবে জোকাৰি থৈ যোৱা Total war বা সৰ্বগ্ৰাসী যুদ্ধ হিচাপে চিহ্নিত দ্বিতীয় বিশ্বযুদ্ধৰ দাবানলে ভাৰতৰ ভিতৰতে সৰ্বাধিক ভাবে উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ অন্তৰাত্মাক আলোড়িত কৰি তুলিছিল।বিংশ শতিকাৰ মধ্যভাগৰ সেই সময়ছোৱাত আক্ষৰিক অৰ্থত অসম বুলিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে বুজোৱা হৈছিল, উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰ স্হল অসমৰ আকাশ-বতাহ কহিমা-ইম্ফলত জাপান-আজাদ হিন্দ ফৌজৰ সন্মিলিত শক্তিৰ সৈতে মিত্ৰশক্তিৰ হোৱা ৰক্তক্ষয়ী নিৰ্ণায়ক যুদ্ধখনৰ ধোঁৱাই ছানি ধৰিছিল।
জয় বা পৰাজয়ৰ প্ৰশ্নটোক নিশ্চিত কৰা আৰু অসমৰ ওপৰত প্ৰত্যক্ষ প্ৰভাব বিস্তাৰ কৰা এই স্বপ্ল প্ৰচাৰিত,স্বপ্ল আলোচিত অথচ গুৰুত্বপূৰ্ণ যু্দ্ধখন দ্বিতীয় বিশ্বযুদ্ধৰ অন্যতম ৰণক্ষেত্ৰ ষ্টালিনগ্ৰাদৰ সৈতে তুলনা কৰি Arthur Swinsonয়ে তেওঁৰ 'Kohima' নামৰ গ্ৰন্হত লিখিছে-Kohima "was one of the greatest battles of the Second World War, rivalling EI Almein and stalingard, though it still remains comparatively unknown. However, to the men who fought there, it remains The Battle."
লোমহৰ্ষক কহিমা যুদ্ধখনত অনিবাৰ্য পৰাজয়ৰ মুখামুখি হৈয়ো শেষ পৰ্যন্ত জয় আজুৰি অনাতো বৃটিছ সেনাবাহিনীৰ বাবে কিদৰে সম্ভৱপৰ হৈ উঠিছিল তাৰ শ্বাসৰুদ্ধকাৰী বিৱৰণ William Slimৰ গ্ৰন্হ 'Defeat into Victory' গ্ৰন্হত বৰ্ণিত হৈছে। স্মৰ্তব্য যে এই বৃত্ৰিছ সেনাবাহিনীৰ হৈ অলেখ জন অসমীয়া বীৰে অজস্ৰ অলিখিত অমৰ গাঁথাৰ সৃষ্টি কৰি থৈ গৈছে। William Slimৰ এই গ্ৰন্হখনতে বৃটিছ ভাৰতৰ শেষৰ গৰাকী ভাইচৰয় লৰ্ড মাউন্টবেটেনৰ কহিমা যুদ্ধ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ মন্তব্য সন্নিবিষ্ট কৰিছে। মাউন্টবেটেনে ৪৮০ খৃষ্ট পূৰ্বত সংঘটিত বিশ্বখ্যাত 'থাৰ্মোপাইলে' যুদ্ধৰ সৈতে 'কহিমা'যুদ্ধৰ তুলনা কৰি এইদৰে মন্তব্য কৰিছে-"Kohima will probably go down as one of the greatest battles in history...naked unparalleled heroism..the British/India Thermopylae." উল্লেখনীয় যে অসমৰ অঙ্গীভূত নগা পাহাৰৰ অন্তৰ্গত কহিমাৰ যুদ্ধত পৰাজয়ৰ পিচতেই জাপানৰ পৰাজয়ৰ অধ্যায়ৰ সূত্ৰপাত হয় আৰু বিজয়ৰ বা আনদিশে ব'লিবলে আৰম্ভ কৰে।
১৯৪৪ চনৰ এপ্ৰিলৰ পৰা ২২ জুনলৈকে সংঘটিত কহিমা, ইম্ফলত হোৱা যুদ্ধ আছিল বিশ্বযুদ্ধ অন্তিম পৰ্যায়ৰ যুদ্ধ, ইয়াৰ সুদৰপ্ৰসাৰী ৰুক্ষ প্ৰভাব স্বাভাবিকতেই অসমৰ গালে মুখে পৰিছিল। অৱশ্যে বিশ্বযুদ্ধ খনৰ শংখ নিনাদ শুনাৰ সময়ৰে পৰা অসমত যুদ্ধৰ দামামা বাজি উঠিছিল। দ্বিতীয় বিশ্বযুদ্ধই কঢ়িয়াই অনা দাবানলে ভাৰতীয় স্বাধীনতা সংগ্ৰামখনৰো গতি- প্ৰকৃতি সলনি কৰি দিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত কংগ্ৰেছে লোৱা আপোচকামী স্হিতিৰ সলনি বৃত্ৰিছক সম্পূৰ্ণ অসহযোগ কৰাৰ স্হিতি গ্ৰহণ কৰিছিল। পৰম অহিংসাবাদী মহাত্মা গান্ধীয়েও তেওঁৰ পূৰ্বৰ নৰমপন্হী নীতি শিথিল কৰি এই যুদ্ধৰ সুযোগতে ভাৰতৰ স্বাধীনতা কাঢ়ি অনাৰ সপোন ৰচিছিল। মহাত্মাৰ এই সময়ত দিয়া কিছুমান মন্তব্যৰ মাজত অনৰমপন্হী চেতনা প্ৰকট হৈ উঠিছে। তেওঁ কৈছিল- "যুদ্ধৰ পিচত স্বাধীনতাৰ পোৱা যাব এই কথাত মোৰ উৎসাহ নাই। মোক এতিয়াই স্বাধীনতা লাগে।"ক্ৰিপচ মিছন বিফলতাৰ পিচত তেওঁ লোৱা 'কৰিম অথবা মৰিম' Do or die অনৰম পন্হী চেতনাৰে বহি:প্ৰকাশ আছিল। তেওঁৰ এই মন্ত্ৰই আনকি নেতাজীকো উৎসাহিত কৰি তোলাৰ প্ৰমাণ পোৱা যায়।
মহাত্মাই নিৰ্দেশ দিছিল-" বৃটিছৰে যুদ্ধত ভাৰতবাসীয়ে এটি পইচাৰেও সহায় নকৰিবা! যুদ্ধৰ যোগান নিদিবা, যুদ্ধ আয়োজনত পাৰ্যমানে বাধা দিবা। আহাৰ যোগান বন্ধ কৰিবা, তোমাক ফাটেক দিব, গুলিয়াই মাৰিব, মাৰক তথাপি বৃটিছক সহায় নকৰিবা।"
দ্বিতীয় বিশ্বযুদ্ধই ভাৰতীয় স্বাধীনতাকামী নেতৃবৃন্দলৈ অন্তৰ্দন্দ্ব, ভাবৰ সংঘাত আৰু পিছলৈ চৰম আৰু নৰম ভাবধাৰাৰ সমন্বয় কঢ়িয়াই আনিছিল। অসমত এনে দ্বন্দ আৰু সমন্বয়ৰ প্ৰভাব সুস্পষ্ট। আজাদ হিন্দ ফৌজৰ আগ্ৰাসনত উৎফুল্লিত হৈ দেবকান্ত বৰুৱা , লক্ষ্মীপ্ৰসাদ গোস্বামী,জালালউদ্দিন আহমেদ, চিত্তৰঞ্জন দেবনাথ, শ্ৰী দামচন্দ্ৰ মহন্ত, হৰেন্দ্ৰনাথ মেচ, উমেশ চন্দ্ৰ দেবচৌধুৰী আনকি বন্দী অৱস্হাত থকা গোপীনাথ বৰদলৈৰ দৰে কংগ্ৰেছৰ অগ্ৰণী নেতাই নেতাজী আৰু আজাদ হিন্দ ফৌজক আদৰণি জনাবলৈ ব্যাপক প্ৰস্ত্ততি চলাইছিল।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুদ্ধ বিৰোধী স্হিতিৰ চাৰ্কুলাৰখন অসমৰ নেতৃবৰ্গই গুপ্তভাবে সমগ্ৰ জিলালৈ পঠিয়াইছিল। চাৰ্কুলাৰখনত খাজনা বন্ধ কৰা, ৰেল লাইন, টেলিগ্ৰাফ,টেলিফোন লাইন, ডাকঘৰ ধ্বংস কৰা মিলিটেৰী যোগান বন্ধ কৰা, সমান্তৰাল গৱৰ্ণমেন্ট স্হাপন আদি কাৰ্যসূচীৰ নিৰ্দ্দেশ আছিল। স্বাভাৱিকতেই কংগ্ৰেছ কৰ্মীসকল এনে নিৰ্দেশত দোধোৰ-মোধোৰত পৰিছিল, যদিও তড়িত গতিৰে কাৰ্যসূচী সমূহ ৰূপায়নত লাগি পৰিছিল। জিলাই জিলাই শান্তি বাহিনী, শান্তি সেনা আৰু মৃত্যু বাহিনীৰ শাখা গঠন কৰা হৈছিল।ইতিমধ্যে মিত্ৰশক্তিক আক্ৰমন কৰি জাপানী সৈন্য ধুমুহাৰ গতিৰে আহি ১৯৪১ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে ব্ৰহ্মদেশত বোমাবৰ্ষন কৰাৰ লগে লগে মিত্ৰ শক্তিয়ে অসমখনক সামৰিক ঘাটিৰ কেন্দ্ৰ স্হান কৰি তুলিলে। সমগ্ৰ অসমত শ্বেতাংগ আৰু নিগ্ৰ' সৈন্যৰে ভৰি পৰিল। বেছিভাগ অনুষ্ঠান-প্ৰতিষ্ঠান সৈন্য সকলৰ ঘাটিত পৰিণত হ'ল। কটন কলেজখন সামৰিক চিকিৎসালয়লৈ পৰিবৰ্তিত কৰা হ'ল।জাপানী সৈন্যই ব্ৰহ্মদেশত বোমাবৰ্ষন কৰাৰ লগে লগে ব্ৰহ্মদেশত বাস কৰি থকা অসংখ্য ভাৰতবাসীয়ে নিজৰ ধন -সম্পত্তিৰ মায়াজাল ভাঙি ধাৰাষাৰ পলাবলৈ আৰম্ভ কৰিলে।দুৰ্যোগৰ সময়ৰ এই জনপ্ৰবাহ এক অবৰ্ণনীয় পৰিঘটনা। ডিমাপুৰ, কহিমালৈ আহি পোৱা যাত্ৰীসকলক গুৱাহাটী ষ্টেচনলৈ পঠিয়াবলৈ আৰম্ভ কৰা হ'ল।শ শ, হাজাৰ হাজাৰ কঙ্কালসাৰ, আধামৰা যাত্ৰীক গুৱাহাটী ষ্টেচনত শিবিৰ পাতি খোৱাই বোৱাই নিজ ঠাইলৈ পঠিওৱাৰ ব্যৱস্হা কৰা হ'ল। গুৱাহাটীৰ সমাজপ্ৰিয় যুবক সকলে 'শান্তি সমিতি' নামৰ এটি অনুষ্ঠান গঠনৰ জৰিয়তে যাত্ৰীসকলক শুশ্ৰুষাৰ ব্যৱস্হা কৰিছিল।এই যাত্ৰীসকলৰ মাজত অহা বহুত অনাথ শিশুক দয়ালু লোকে ঘৰলৈ নি নিজ সন্তানৰ দৰে প্ৰতিপালন কৰাৰ উদাহৰণ অলেখ পোৱা যায়। আনহাতে গুৱাহাটী ৰেলষ্টেচনত মিত্ৰ শক্তিৰ সৈন্যৰো দলদোপ হেন্দোলদোপ । ইয়াৰ পৰা সৈন্যবোৰক পূবলৈ সৰবৰাহ কৰা হৈছিল। এই দৃশ্য চাবলৈ অহা মানুহক সৈন্যবোৰে চিঞৰি চিঞৰি কৈছিল- To Japan..আৰু ইঙ্গিতেৰে ডিঙি ৰেপি কটা দেখুৱাইছিল।
ব্ৰহ্মদেশৰ পিচত জাপানী বোমাৰু মিগ বিমানে মনিপুৰ, কলিকতা আৰু ডিব্ৰুগড়তো বোমা বৰ্ষন কৰিলে। অসমৰ আকাশত সঘনাই জাপনী যুঁজাৰু বিমান উৰা দেখিবলৈ পোৱা গ'ল। চৌদিশে এক আতঙ্কময় পৰিবেশ । যুদ্ধখনে গুৰুতৰ পৰা গুৰুতৰ ৰূপ ধাৰণ কৰিলে। যুদ্ধৰ প্ৰয়োজনত যোগাযোগ ব্যৱস্হাৰ প্ৰতি বৃটিশ চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ ফলশ্ৰুতিত অসম তথা পূৰ্বাঞ্চলত কেইবাটাও ৰাষ্টা-ঘাট, বিমান বন্দৰ তথা এয়াৰফিল্ড নিৰ্মিত হৈছিল। ইয়াৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰ(বৰ্তমান লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট), তেজপুৰ শালনিবাৰি আৰু মিছামাৰী এয়াৰফিল্ড, শিলচৰৰ কুম্ভীগ্ৰাম, ডিব্ৰুগড়ৰ মোহনবাড়ী আৰু দিনজান,ধুবুৰীৰ ৰূপসী, লক্ষীমপু্ৰৰ লীলাবাড়ীৰ উপৰিও লিডো, ডুমডুমা আদি ঠাইত বিমান অৱতৰণ তথা বিমান বন্দৰ নিৰ্মান হোৱাৰ ফলত সামৰিক দৃষ্টিকোণৰ ফালৰ পৰা মিত্ৰ শক্তি যথেষ্ট সুবিধাজনক অৱস্হাত উপনীত হৈছিল। কেৱল কোহিমা যুদ্ধৰ প্ৰয়োজনৰ বাবেই নহয়, দ্বিতীয় বিশ্বযুদ্ধৰ সামগ্ৰিক প্ৰয়োজনৰ স্বাৰ্থত, বিশেষকৈ চীনৰ কুওমিন্টাং দলৰ সেনাধ্যক্ষ চিয়াং কাই শ্বেকক জাপানী আক্ৰমনৰ সৈতে মোকাবিলা কৰিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰাঙ্কলিন ৰুজভেল্টে সাহায্য প্ৰদান কৰাৰ সুবিধাৰ্থে অসমৰ লিডো ৰেল জংছনৰ সীমান্তৰ পৰা চীনৰ ইউনান প্ৰদেশ পৰ্যন্ত দৈৰ্ঘ্যৰ ষ্টীলৱেল পথ নিৰ্মান অসমৰ যাতায়তৰ ইতিহাসৰ এক নৱ অধ্যায় সংযোগী ঘটনা। আমেৰিকাৰ জেনেৰেল যোচেফ ষ্টিলৱেল নামেৰে নামাঙ্কিত এই পথটো নিৰ্মানত ১৫০ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হৈছিল ১৫০০ আফ্ৰিকান-আমেৰিকান বাহিনী, ৩৫০০০ ভাৰতীয় শ্ৰমিক নিয়োগ হোৱা এই পথটোৰ দুৰ্গম অঞ্চলৰ বাবে কমেও ১১০০ শ্ৰমিকৰ প্ৰাণহানী ঘটিছিল।সৰ্বমুঠ ১০৭৯ মাইল দৈৰ্ঘ্যৰ পথটোৰ ৩৬ মাইল ভাৰতৰ উত্তৰ-পূৱ সীমান্ত অঞ্চলত,৬৪৬ মাইল ব্ৰহ্মদেশত আৰু ৩৯৭ মাইল চীন দেশৰ আভ্যন্তৰত পৰিছে।পথটোৰ কাম ১৯৪২ চনৰ এপ্ৰিল মাহত আৰম্ভ হৈ ১৯৪৪ চনৰ অক্তোবৰ মাহত সমাপ্ত হোৱা বহু ধন জন ব্যয় সাপেক্ষে নিৰ্মিত পথটোৰ প্ৰয়োজন সময়ত থাকিবগৈনে বুলি বৃটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে অাশংকা ব্যক্ত কৰি কৈছিল-"...an immense, laborious task , unlikely to be finished until the need for it has passed." যি কি নহওক পথটি উদ্বোধনৰ পৰা প্ৰথম ৬ মাহ অসমৰ পৰা চীনৰ কুওমিন্টাঙ দললৈ ১২৯০০০ টন সামগ্ৰী পঠিওৱা হৈছিল।
জাপানী সৈন্য আৰু পৰবৰ্তী সময়ত সন্মিলিত হোৱা আজাদ হিন্দ ফৌজৰ শক্তিশালী আগ্ৰাসনক বাধা দিবলৈ বৃটিছ সেনাবাহিনীয়ে তেওঁলোকৰ দুটা প্ৰধান অস্ত্ৰ ব্যৱহাৰ কৰিছিল, প্ৰথমটো আছিল ১৮৩৫ চনত কাছাৰ লেভী হিচাপে জন্ম লাভ কৰি পিছলৈ অসমৰ জনজাতীয় লোক নগা, মিজো, কুকি, খাছি, গাৰো , অসমীয়া আদি মানুহক সামৰি সংগঠিত হোৱা বৃটিছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধ সামৰিক বাহিনী আচাম ৰাইফলচ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰয়োজনৰ সময়ত ১৯৪১ চনৰ ১ জুলাইত শ্বিলঙত অসমৰ দুৰ্দান্ত খিলিঞ্জিয়া সকলকলৈ সংগঠিত হোৱা আচাম ৰেজিমেন্ট নামৰ পদাতিক সেনা বাহিনী। আসাম ৰাইফলচে জাপানী আগ্ৰাসনৰ ফলত ব্ৰহ্মদেশৰ পৰা পলায়ন কৰি অহা ব্যাপক জনপ্ৰবাহক সাহায্য প্ৰদান আৰু আইন-শৃংখলা বজাই ৰখাত অহোপুৰুষাৰ্থ কৰাৰ উপৰিও অসম- ব্ৰহ্মদেশ সীমান্তত জাপানী আগ্ৰাসনক প্ৰতিহত কৰাত শক্তিশালী ভুমিকা গ্ৰহণ কৰিছিল। তদুপৰি কহিমা- ইম্ফল যুদ্ধত অসম ৰেজিমেন্টৰ এটা অংশ হৈ কৰা বীৰত্বপূৰ্ণ সংগ্ৰামৰ বাবে বৃটিছ চৰকাৰে এই বাহিনীক Victor force বা 'V-Force' হিচাপে চিহ্নিত কৰি বিৰল সন্মানেৰে বিভূষিত কৰে। কহিমা যুদ্ধত আচাম ৰাইফলচৰ নেতৃত্ব লৈছিল অসমৰ দুই সাহসী সন্তান খগেন্দ্ৰ নাথ গগৈ আৰু সৰ্বেশ্বৰ ৰাজবংশীয়ে।এই যুদ্ধত এই বাহিনীৰ কম পক্ষেও ২০০ জন বীৰ অসমীয়া যোদ্ধা শ্বহীদ হৈছিল।নৱগঠিত অসম ৰেজিমেন্টক জাপানী সন্মিলিত বাহিনীক কহিমালৈ অগ্ৰসৰ হোৱাত বাধা প্ৰদানৰ দায়িত্ব দিয়া হৈছিল। ইতিমধ্যে আজাদ হিন্দ ফৌজত অসংখ্য অসমীয়া তথা ভাৰতীয় যুবক-যুবতীয়ে অংশ গ্ৰহণ কৰিছিল। গতিকে এই যুদ্ধত কুটুমৰ বিৰুদ্ধেই কুটুমেই অস্ত্ৰ ধাৰণ কৰিবলগীয়া হৈছিল।১৯৪৪ চনৰ ১ এপ্ৰিলৰ পৰা একেৰাহে ৯ দিন পৰ্যন্ত হোৱা ভয়াবহ যুদ্ধত অসম ৰেজিমেন্টৰ সেনাই জাপানী সৈন্যৰ গতি ৰুদ্ধ কৰি ৰাখিবলৈ সমৰ্থ হৈছিল। অসমীয়া সৈন্যৰ এই শক্তিশালী অবদানৰ বাবেই বৃটিছে কহিমাৰ প্ৰতিৰক্ষা ব্যহু কটকটীয়া কৰাৰ সময় আৰু সুযোগ লাভ কৰে।
ইয়াৰ পিচত অসম ৰেজিমেন্টৰ সেনাই ১৯৪৪ চনৰ ২২ জুনলৈকে চলা কহিমা যুদ্ধত অতি দক্ষতাৰে যুদ্ধ কৰি জাপানী সন্মিলিত বাহিনীক প্ৰতিহত কৰিছিল। এই যুদ্ধত অসম ৰেজিমেন্টৰ ১৭০ জন লোক শ্বহিদ হৈছিল আৰু প্ৰায় ৪০০ জন আহত হৈছিল। শ্বহীদ সকলৰ ভিতৰৰ ৩০ জন অসমীয়া সৈন্যৰ নাম হৈছে-- ললিত ৰাজবংশী, বুদুৰাম ৰাজবংশী, ৰূপসিং ৰাজবংশী, কামেশ্বৰ ৰাজবংশী,হৰেন্দ্ৰনাথ ৰাজবংশী, গোপীকান্ত ৰাজবংশী, গাৰোৰাম ৰাজবংশী, ভাৰত চন্দ্ৰ ৰাজবংশী, কইন্দ্ৰ ৰাজবংশী, শ্যামা ৰয়, খৰ্গেশ্বৰ ৰয়, প্ৰাণেশ্বৰ মদাহী, ৰমাকান্ত মদাহী, যোগ্যেশ্বৰ কোঁৱৰ, প্ৰেমকান্ত বৰগোঁহাই, তৰুণ চন্দ্ৰ বৰগোঁহাই, ঘন সন্দিকৈ, ফুকন চন্দ্ৰ ৰাভা, সোৰোকাৰাম কছাৰী, ৰাজেশ্বৰ কছাৰী, ধনীৰাম শইকীয়া, যোগেন্দ্ৰ তামূলী, কৈলাস চন্দ্ৰ দাস, মলি চন্দ্ৰ ডেকা, পূবেশ্বৰ সোনোৱাল, কমলেশ্বৰ মেচ, মদন মেচ আৰু সূৰ্যকুমাৰ মেচ।
এই সকল অসমীয়া বীৰ যুদ্ধাৰ সমাধি ব্ৰহ্মদেশৰ ৰাজধানী য়েংগুনৰ তাওকিয়ান সমাধি ক্ষেত্ৰত ৰখা হৈছে। তাৰে ভিতৰৰ তৰুণ বুঢ়াগোহাঁই, বাজে নাথ ৰাভা, ফুকন চন্দ্ৰ ৰাভা, তাৰক চন্দ্ৰ ৰাভা আৰু পূবেশ্বৰ সোণোৱালৰ সমাধী কহিমাৰ বিখ্যাত War Cemetryত ৰখা হৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিচতেই বৃটিছ চৰকাৰে গুৱাহাটীৰ চাৰ্চফিল্ডত শ্বহীদ সকলৰ নাম পিতলৰ প্লেটত খোদিত কৰি পাঁচ ফুট ফুট উচ্চতাৰ এটি স্মৃতি সৌধ নিৰ্মান কৰিছিল যদিও কালৰ সোঁতত ই নষ্ট হয়।কহিমাৰ সমাধি ক্ষেত্ৰখনৰ উপৰিও ডিগবৈ, গুৱাহাটী, তেজপুৰ, মনিপুৰ, অসম-অৰুণাচল সীমান্তবৰ্তী জয়ৰামপুৰ আদিত দেশী-বিদেশী, জনা-অজানা অলেখ হতভগীয়া সৈনিকৰ সমাধিক্ষেত্ৰ আছে। অৱশ্যে তেজপুৰ, গুৱাহাটী আদিৰ সমাধিক্ষেত্ৰত মৃতকৰ স্মৃতিফলকহে আছে, মৃতদেহ নাই।
ভাৰত তথা অসমৰ দৃষ্টিকোণৰ ফালৰ পৰা দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ নৱ অধ্যায়ৰ, নৱ চেতনাৰ পথ প্ৰশস্ত কৰা সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু যুগান্তকাৰী বিষয়টোৱেই আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আবিৰ্ভাব আৰু তেওঁৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ বিশ্বযুদ্ধৰ দাবানলৰ মাজেৰে পৰাধীনতাৰ শৃংখল খুলি ভাৰতক স্বাধীনতাৰ সোৱাদ দিয়াৰ কৃচ্ছসাধনা আৰু আত্মবলিদানৰ লোমহৰ্ষক আৰু কৰুণ ইতিহাসৰ দস্তাবেজ। চিংগাপুৰত ২১ অক্টোবৰ ১৯৪৩ চনত 'আজাদ হিন্দ চৰকাৰ' গঠন কৰি জাপানী সৈন্যক সহযোগৰ জৰিয়তে 'দিল্লী চলৌ' অভিযান আৰম্ভ কৰিলে। নেতাজীৰ সন্মোহন ইমানেই প্ৰবল আছিল যে ভাৰতীয় এচাম নেতাৰ লগতে অসম কংগ্ৰেছৰ একাংশ নেতা উৎফুল্লিত হৈ উঠিছিল। দেবকান্ত বৰুৱাৰ আৰু লক্ষ্মী প্ৰসাদ গোস্বামীৰ দৰে কংগ্ৰেছৰ অগ্ৰণী নেতাই ৰাজহুৱা ভাবে নেতাজীক সমৰ্থন জনোৱাৰ কথা ঘোষনা কৰিছিল। আজাদ হিন্দ ফৌজৰ ব্যাপক আগ্ৰাসনে উৎফুল্লিত কৰি তোলা অসম কংগ্ৰেছৰ নেতৃবৃন্দৰ আগৰণুৱা নেতা গোপীনাথ বৰদলৈক প্ৰমুখ্য কৰি একাংশ হাড়ে হিমজুৱে কংগ্ৰেছী নেতাই স্বাধীন অসমৰ খচৰা এখনকে প্ৰস্ত্তত কৰি পেলাইছিল। অত্যুৎসাহে এই পৰ্যন্ত পাইছিলগৈ যে আজাদ হিন্দ ফৌজক আদৰণি জনোৱাৰ প্ৰত্যাশাৰে অসমৰ এদল বিপ্লবী যুবক লামডিং পৰ্যন্ত পাইছিলগৈ। লামডিঙত এই যুবক সকলে ফৰৱাৰ্ড ব্লকৰ এটা শাখাৰো জন্ম দিছিল। অসমৰ কংগ্ৰেছ সমাজবাদী দল, কমিউনিষ্ট পাৰ্টি, ফৰৱাৰ্ড ব্লক আদিয়ে অসমীয়া মানুহক আজাদ হিন্দ ফৌজত যোগদান কৰিবলৈ উদ্গনি দিয়াৰ লগতে নেতাজীক আদৰণি জনোৱাৰ ব্যাপক প্ৰস্ত্ততি চলাইছিল। আজাদ হিন্দ ফৌজৰ একাংশ দু:সাহসী মুক্তি যোদ্ধাই পেৰচুটেৰে অসম ভুমিত অবতৰণ কৰি প্ৰচাৰ পত্ৰ বিতৰণৰ মাধ্যমেৰে অসমবাসীক মানসিক ভাবে প্ৰস্ত্তত হ'বলৈ আহ্বান জনাইছিল।
আজাদ হিন্দ ফৌজে অসমত যে এক ব্যাপক গণ ভিত্তি লাভ কৰিছিল সেই কথা দ্বিধা হীন ভাবে ক'ব পাৰি। প্ৰণালীবদ্ধ ঐতিহাসিক গৱেষনাৰ অভাবত অসমীয়া মানুহৰ দ্বিতীয় বিশ্বযুদ্ধত আগবঢ়োৱা আত্মবলিদানৰ ইতিহাস লুপ্তপ্ৰায় হৈয়ে ৰৈ গ'ল॥ আজাদ হিন্দ ফৌজৰ সেনানী হিচাপে যোগদান কৰি দেশৰ বাবে আত্মত্যাগ কৰা বীৰ অসমীয়া ডেকাৰ কেইটিমান নামহে আমাৰ হাতত ৰৈছেগৈ,তাৰে ভিতৰত উমেশ চন্দ্ৰ দেৱচৌধুৰী, শ্ৰীদাম চন্দ্ৰ মহন্ত, এচ ৰহমান, এচ দৌলত শিঙ, হৰেবদ্ৰ নাথ মেচ,বোপৰাম দুৱাৰা ওৰফে বম্বেশ্বৰ ফুকন, পূৰ্ণ বাহাদুৰ ছেত্ৰী, মেজৰ দূৰ্গা মল্ল আদি। আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী 'ঝান্সী ৰাণী ৰেজিমেন্ট'ত বহুতো অসমীয়া যুবতীয়ে যোগদান কৰিছিল। উত্তৰ কাছাৰৰ জয়া থাউচেনে নেতাজীৰ দ্বাৰা সৃষ্ট নাৰী সেনা বাহিনীৰ প্ৰতি আকৰ্ষিত হৈ ডিমাচা অসমীয়া নাৰী বাহিনী গঠন কৰি ঝান্সী ৰাণী ৰেজিমেন্টত যোগদান কৰি প্ৰবল দেশাত্মবোধৰ পৰিচয় দিছিল। লেখিকা কমল দাসে তেওঁৰ আত্মজীৱনীমূলক টোকা 'এৰি থৈ অহা দিনবোৰ'ত ব্ৰহ্মদেশত থকা কালত নেতাজীৰ সৈতে সাক্ষাতৰ প্ৰসংগৰ মাজত তেওঁৰ এগৰাকী ককায়েকৰ সহিত দুগৰাকী বাইদেউয়েকে আজাদ হিন্দ ফৌজত যোগদান কৰাৰ কথা উল্লেখ কৰিছে। নাম উল্লেখ নকৰা দুয়োগৰাকী বায়েকে ঝান্সী ৰাণী ৰেজিমেন্টৰ সক্ৰিয় সেনানী আছিল।ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ যুগজয়ী নাটক 'লভিতা'ৰ মূল কাহিনী ভাগ এগৰাকী অসমীয়া যুবতীয়ে নাৰ্ছ হিচাপে আজাদ হিন্দ ফৌজত যোগদান কৰাৰ কাহিনীক লৈয়ে ৰচিত। একাংশ সমালোচকে জ্যোতি প্ৰসাদৰ মানস কন্যা লভিতা এটা সঁচা চৰিত্ৰ বুলি ক'ব বিচাৰে।অসমৰ গাঁৱে গাঁৱে যুবক-যুবতীক এনেদৰে স্বজাতিৰ মুক্তিৰ বাবে যুদ্ধৰ মাজেৰে আত্ম বলিদান দিবলৈ নেতাজীৰ সন্মোহনী বক্তৃতাই আকৰ্ষিত কৰাটো অসম্ভৱ কথা নাছিল। প্ৰচাৰ, প্ৰসাৰ আৰু সাংগঠনিক দিশত ৰেডিঅ'ৰ ভূমিকা মন কৰিবলগীয়া।
অসমৰ সমতল অঞ্চলৰ অসমীয়া সকলৰ বাহিৰেও মনিপুৰী, নগা, মিজো, কুকি আৰু খাছী জনজাতীয় অসংখ্য লোকে আজাদ হিন্দ ফৌজত যোগদান কৰি প্ৰাণ আহুতি দিছিল। সীমান্তৱৰ্তী জনজাতীয় গাওঁৰ বাসিন্দা সকলে অভাবনীয় ভাবে নেতাজীক সহায় সহযোগ আগবঢ়াই বিশ্বযুদ্ধখনৰ অংশ হৈ পৰিছিল, উদ্দেশ্য আছিল বৃটিছ যুঁৱলিৰ পৰা নিজকে মুক্ত কৰা। মনিপুৰৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী এম.কৌইৰেঙ সিং আৰু মনিপুৰৰ আন এজন নেতা এইচ. নীলমনি সিং সহ আন নেতা সকলৰ লগতে নিখিল মনিপুৰী মহাসভাই আজাদ হিন্দ ফৌজত যোগদান কৰিছিল। নগা সকলৰ অন্যতম নেতা জেদ.এ. ফিজোৱে তেওঁৰ সহযোগী সকলৰ সৈতে আজাদ হিন্দ ফৌজৰ জৰিয়তে বিশ্বযুদ্ধখনত সৈনিক হিচাপে অংশ গ্ৰহণ কৰিছিল। প্ৰায় ১৫০০০ গোৰ্খা পাহুৱাল ডেকাই ১৯৪২ চনতে ফৌজত ভৰ্তি হৈ যুদ্ধৰ বাবে প্ৰস্ত্তত হৈ উঠিছিল। বাৰ্মা সীমান্ত অসংখ্য অসমীয়া গোৰ্খা বীৰে যুদ্ধত প্ৰাণ আহুতি দিছিল। এই গোৰ্খা সৈন্য সকলৰ ভিতৰত এগৰাকী আছিল মেজৰ দুৰ্গা মল্ল । প্ৰবল দেশপ্ৰেমৰ বাবে গোৰ্খা ৰেজিমেন্ট ত্যাগ কৰি ফৌজত ভৰ্তি হৈ বিৰল দেশ প্ৰেমৰ নিদৰ্শন ৰাখি থৈ গৈছে। দূৰ্গামল্লৰ সৈতে আন দুগৰাকী বীৰ গোৰ্খা সৈনিকক দিল্লীৰ লাল কিল্লাত দোষী সাবস্ত্য কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।কাৰাদণ্ডিত হৈ থকা কালত দুৰ্গামল্লই শেষবাৰলৈ তেওঁৰ পত্নী সাৰদা দেৱীক কোৱা কথাষাৰ বোধকৰোঁ সেই সময়ৰ মহাযুদ্ধত আত্মোৎসৰ্গৰ মাজেৰে স্বাধীনতাৰ সপোন ৰঁচা প্ৰতিগৰাকী অসমীয়াৰে হৃদয়ৰ কথা। তেওঁ কৈছিল- 'মোৰ এই আত্মবলিদান কেতিয়াও অথলে নাযায়। মোৰ অটল বিশ্বাস যে ভাৰতে মুক্তি লাভ কৰিবই।এইয়া মাত্ৰ দুৰন্ত সময়ৰহে লুকাভাকু খেলা। সাৰদা, তুমি অলপো চিন্তিত নহ'বা, কোটি কোটি ভাৰতবাসী তোমাৰ সৈতে আছে আৰু থাকিব।'
সীমান্তৱৰ্তী অঞ্চলৰ ভৌগলিক অৱস্হান সুবিধাৰ পৰিপ্ৰেক্ষিততেই দ্বিতীয় বিশ্বযুদ্ধৰ এখন গুৰুত্বপূৰ্ণ ৰণাংগনৰ ক্ষেত্ৰত পৰিণত হৈছিল অসম। এই বাটেদি যে সামৰিক বিপৰ্য্যয় কেতিয়াবা আহিব পাৰে সেই কথা বৃটিছ শাসক বৰ্গই অনুমানেই কৰিব পৰা নাছিল। গতিকে অসম আছিল কৌশলগত সমৰ সজ্জাৰ দিশৰ পৰা পিচ পৰা অঞ্চল। ইয়াৰ সীমান্তৰ সুৰক্ষাত নিয়োজিত আছিল মাত্ৰ এটা অৰ্ধ-সামৰিক দল- আচাম ৰাইফলচ। গতিকে যুদ্ধৰ দামামা বাজি উঠাৰ লগে লগে সৰু আৰু শান্ত ঠাইখনে হঠাতেহে যেন সাৰ পাই উঠিছিল। অসমীয়া মানুহে কোনো কালেই নেদেখা নুশুনা অস্ত্ৰৰ ঝনঝননি, হাজাৰ বিজাৰ সুসজ্জিত দেশী-বিদেশী সৈন্যৰ কোলাহল, সমৰ শিবিৰ, মিলিটেৰী বাহনৰ ধোঁৱাই সৃষ্টি কৰা আতঙ্কময় পৰিবেশ তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিছিল। হাজাৰ হাজাৰ সৈন্যৰ লগতে ব্ৰহ্মদেশৰ পৰা ভাগি অজস্ৰ জনতাক চম্ভালাটো ম.চাদুল্লা চৰকাৰৰ বাবে সহজ সাধ্য নাছিল। যুদ্ধ এখনৰ বাবে যি আন্ত:গাঠনিৰ প্ৰয়োজন তাৰ চূড়ান্ত অভাব আছিল অসমত। বিমান বন্দৰ, ৰাষ্টা ঘাট, দলং, বেৰেক,সামৰিক হস্পিতাল, সামৰিক ঘাটি নিৰ্মানৰ জৰিয়তে অৱশ্যে কিদৰে জোৰা মৰা হৈছিল সেইয়া পূৰ্বতে উল্লেখ কৰা হৈছে। অত্যন্ত কম সময়ৰ ভিতৰতে অসমত তীব্ৰ খাদ্য সংকটে দেখা দিছিল। কৃষি ক্ষেত্ৰ বিধ্বস্ত হৈ পৰাৰ লগে লগে হাজাৰ হাজাৰ কৰ্ম সংস্হাপনহীন কৃষকে যুদ্ধৰ শ্ৰমিক বা যুদ্ধ সৈনিক হিচাপে যোগদান কৰি জীৱন পাত কৰিলে। অকল দৰং জিলাতে ৬০০ গৰাকী মাছমৰীয়া পৰিয়ালে নিজৰ পৈত্ৰিক বৃত্তি এৰি দি সংস্হাপনহীন হৈ পৰিছিল।যুদ্ধৰ শেষত অসম প্ৰবল অৰ্থনৈতিক গৰাহত পৰাটো একেবাৰেই স্বাভাবিক কথা আছিল। অত্যাৱশ্যকীয় সামগ্ৰীৰ গগন চুম্বী মূল্য আৰু নাটনি ১৯৪৩ চনত বঙ্গত হোৱা দুৰ্ভিক্ষতকৈও অসমৰ অৱস্হা শোচনীয় হৈ পৰিছিল। এই সময়ত চাউলৰ মূল্যৰ উৰ্ধগামী ৰেখা দেখিলে হতবাক হ'ব লাগে। অসমত ১৯৪৩ চনৰ ১৮ মেৰ পৰা ২৭ মে এই এসপ্তাহৰ ভিতৰত চাউলৰ মূল্য ১৯ টকা প্ৰতি সেৰ হৈছিলগৈ আৰু জুন মাহলৈকে এই মূল্য ৩৫ টকালৈকে বৃদ্ধি পাইছিল। ১৯৪০ চনৰ পৰা ১৯৪৩ চনৰ জুলাই পৰ্যন্ত চাউলৰ মূল্যবৃদ্ধিৰ হাৰ আছিল ৪৮৩% । ইয়াৰ উপৰিও ব্ৰহ্মদেশ আৰু মনিপুৰ হৈ থকা চাউলৰ আমদানী ১৯৪২-৪৩ চনৰ সময়ছোৱাত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছিল। কলা বজাৰ আৰু মধ্যভোগীৰ দৌৰাত্ম্য দেশখনৰ নীতি হোৱাৰ দৰে হৈছিল। কেৱল লক্ষিমপুৰ জিলাতে মিঠাতেল কৃষকৰ পৰা ২ টকা সেৰত মধ্যভোগীয়ে ক্ৰয় কৰি ৯টকা প্ৰতি সেৰ বিক্ৰি কৰিছিল। যুদ্ধৰ আৰম্ভণি সময় অৰ্থাৎ ১৯৩৮-৩৯ চনত সমগ্ৰ দেশত পাইকাৰী দৰৰ সূচক আছিল ৮৮.১৫ , ১৯৪২-৪৩ চনত এইয়া বাঢ়ি ১৬২.৮০, ১৯৪৫-৪৬ চনত ১৯৯.১০ আৰু ১৯৪৬-৪৭ চনত ই বাঢ়ি ২২১.১৯ হৈছিলগৈ। অসমত কোনো সময়ত ইয়াৰ বৃদ্ধিৰ মাত্ৰা ৩০০ ৰো অধিক চুইছিলেগৈ।যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰে ভিতৰত অসম আৰু মনিপুৰ আছিল মূল ৰণাঙ্গনৰ ক্ষেত্ৰ সেইবাবে সেনাবাহিনীৰ বাবে খাদ্য তথা ৰচদপাতি সৰবৰাহৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল। ফলশ্ৰুতিত সৰ্বসাধাৰণৰ অৱস্হা পানীত হাঁহ নচৰা হৈছিল। প্ৰায় বিনমূলীয়াকৈ লাভ কৰিব পৰা নিমখৰ মূল্য অসমৰ ভিন্ন স্হানত ৮ টকা প্ৰতি সেৰ হৈছিল। নিৰ্দিষ্ট বেতন লাভ কৰা চাকৰিজীৱী সকলৰ অৱস্হা সহজেই অনুমেয়। অনা-অসমীয়া বেপাৰী শ্ৰেণীয়ে অসম ত্যাগ কৰাতো নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছিল। তীব্ৰ খাদ্য সংকটৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে বৃটিছ প্ৰধানমন্ত্ৰী চাৰ্চিল আৰু ভাইচৰয় লিনলিথগোৰ মস্তিস্ক প্ৰসূত 'অধিক খাদ্য উৎপাদন অভিযান' বা 'Grow more food' নীতি সমগ্ৰ ভাৰতবৰ্ষতে অনুসৰণ কৰাৰ নিৰ্দেশ আহিছিল। অসমৰ ছাদ্দুলা চৰকাৰে এই ক্ষেত্ৰত বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল যদিও অসমত এই নীতিয়ে বিশেষ সফলতাৰ মুখ দেখিবলৈ নাপালে। চৰকাৰী পৰিসংখ্যা অনুযায়ী অসমৰ ধানৰ উৎপাদন ১৯৩৯ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত মাত্ৰ ২% বৃদ্ধি পাইছিল যিটো আশা কৰা মতে একেবাৰে নগন্য আছিল। তদুপৰি কুঁহিয়াৰ , আলু আদি শস্যৰ উৎপাদন অভাবনীয় ৰূপত হ্ৰাস পাইছিল। প্ৰধানমন্ত্ৰী চাদুল্লাই ইয়াকে চমকপ্ৰদ সফলতা ' 'Spectacular Success' বুলি আত্ম সন্তুষ্টি লভিছিল। একাংশ ইতিহাসবিদে ছাদুল্লাৰ বিফলতাৰ মূল কাৰণ তেওঁৰ খাদ্য উৎপাদনৰ উদ্দেশ্যতকৈ পূৰ্ববংগৰ পৰা মানুহ আনি(Grow more man) অসমত সংস্হাপনৰ উদ্দেশ্যকে জগৰীয়া কৰিছে। ইয়াৰ ফলত হোৱা অসমৰ জনবিন্যাসৰ পৰিবৰ্তন এক সুকীয়া ইতিহাসৰ বিষয়। অবধাৰিতভাবে এইয়া দ্বিতীয় বিশ্বযুদ্ধৰে পৰোক্ষ প্ৰভাব।
অসমৰ নগা পাহাৰৰ নিৰ্ণায়ক যুদ্ধখনে কোহিমা চহৰক ধ্বংসস্তুপত পৰিণত কৰিছিল। বহু কাললৈ কোহিমাই এই যুদ্ধৰ ক্ষতিৰ পৰা মুক্ত হ'ব পৰা নাছিল।এই যুদ্ধ প্ৰাণহানি ঘটা সৈনিক সকলৰ মৰাণাস্ত্ৰ সমূহ উদ্ধাৰ হোৱা নাছিল। এচাম পৰ্যবেক্ষকে অনুমান কৰিছে যে মৰাণাস্ত্ৰসমূহ সৰ্বসাধাৰণৰ হাতত পৰা বাবেই পৰবৰ্তী সময়ত নগা পাহাৰত সন্ত্ৰাসবাদী তথা বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ জন্ম দিয়াত অৰিহনা যোগাইছিল।দীৰ্ঘকাল ধৰি অসমভূমি সামৰিক বাহিনীৰ পদদলিত হৈ থকাৰ বাবে অসমীয়া জনসাধাৰণৰ ওপৰত মনস্তাত্বিক প্ৰভাবেও বিশেষ ক্ৰীয়া কৰিছিল।
অসমৰ নগা পাহাৰৰ নিৰ্ণায়ক যুদ্ধখনে কোহিমা চহৰক ধ্বংসস্তুপত পৰিণত কৰিছিল। বহু কাললৈ কোহিমাই এই যুদ্ধৰ ক্ষতিৰ পৰা মুক্ত হ'ব পৰা নাছিল।এই যুদ্ধ প্ৰাণহানী ঘটা সৈনিক সকলৰ মৰাণাস্ত্ৰ সমূহ উদ্ধাৰ হোৱা নাছিল। এচাম পৰ্যবেক্ষকে অনুমান কৰিছে যে মৰাণাস্ত্ৰসমূহ সৰ্বসাধাৰণৰ হাতত পৰা বাবেই পৰবৰ্তী সময়ত নগা পাহাৰত সন্ত্ৰাসবাদী তথা বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ জন্ম দিয়াত অৰিহনা যোগাইছিল।দীৰ্ঘকাল ধৰি অসমভূমি সামৰিক বাহিনীৰ পদদলিত হৈ থকাৰ বাবে অসমীয়া জনসাধাৰণৰ ওপৰত মনস্তাত্বিক প্ৰভাবেও বিশেষ ক্ৰীয়া কৰিছিল।
যুদ্ধৰ পৰিবেশে জন্ম দিয়া 'যুদ্ধৰ সন্তান' 'War children' একাংশক হত্যা, লুণ্ঠন, ধৰ্ষনৰ কদৰ্যময় পথ ল'বলৈ উদ্গনি দিছিল।যদিও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে পৰা মহিলা সকলেও কৰ্মস্হান লাভ কৰাৰ সুযোগ লাভ কৰাৰ লগে লগে অসমত বলাৎকাৰ, ধৰ্ষন আৰু পাশবিক অত্যাচাৰৰ কলা অধ্যায়ৰো সূত্ৰপাত ঘটে।অসমীয়া সৃষ্টিশীল সাহিত্যত এনে চেতনা প্ৰতিফলিত হৈছে।অতুল চন্দ্ৰ হাজৰিকাৰ 'আহুতি' শীৰ্ষক নাটকত নাৰী চৰিত্ৰ সোণতৰাই কৈছে_"আপদীয়া যুদ্ধখনে আমাৰ দেশৰ মানুহক ধন দিছে, কিন্ত্ত কাঢ়ি নিছে এটা ডাঙৰ বস্ত্ত সেইটো হৈছে চৰিত্ৰ।" অসমীয়া সমাজত সামজিক আৰু নৈতিক মূল্যবোধৰ অবক্ষয় দ্বিতীয় বিশ্বযুদ্ধৰ অন্তৰ্লীন প্ৰভাব।
দ্বিতীয় বিশ্বযুদ্ধই অসমীয়া সমাজলৈ কঢ়িয়াই লৈ অহা সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সুস্পষ্ট ছাপ অসমীয়া সাহিত্যত প্ৰতিফলিত হৈছে। বিশ্বযুদ্ধখনৰ ফলত সৃষ্টি হোৱা মানুহৰ মানসিক দ্বন্দ্ব, মূল্যবোধৰ অবক্ষয়, সামাজিক পৰিবৰ্তনবোৰে শক্তিমান অসমীয়া সাহিত্যিকক প্ৰভাবিত কৰিছে।এই সময়ৰে পৰাই ৰোমান্টিকতাক চেৰাই গৈ অসমীয়া সাহিত্যত বাস্তববাদী ধাৰা আৰু সমাজতান্ত্ৰিক চেতনা গা কৰি উঠে। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিক সামগ্ৰিক আৰু আংশিকভাবে চিত্ৰায়িত কৰা কেইখনমান অসমীয়া উপন্যাস হৈছে- যোগেশ দাসৰ 'ডাৱৰ আৰু নাই', দেবেন্দ্ৰনাথ আচাৰ্যৰ 'জঙ্গম', বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ 'ইয়াৰুইঙ্গম',শীলভদ্ৰৰ 'মধুপুৰ',পশুপতি ভৰদ্বাজৰ 'ৰঙা ৰঙা ৰঙ,দেবব্ৰত শৰ্মাৰ ' তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ', জুৰি বৰা বৰগোহাঞিৰ 'লিড'লাম', ইত্যাদি। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত দুখন উল্লেখযোগ্য নাটক ইতিমধ্যেই উল্লেখ কৰা জ্যোতিপ্ৰসাদ আগৰুৱালাৰ 'লভিতা' আৰু অতুলচন্দ্ৰ হাজৰিকাৰ 'আহুতি'। ইয়াৰোপৰি অসমীয়া আত্মজীৱনীমূলক ৰচনাতো দ্বিতীয় বিশ্বযুদ্ধই মুখ্য উপজীব্য হিচাপে ঠাই পাইছে। সেই সমূহৰ ভিতৰত নলিনীবালা দেবীৰ 'এৰি অহা দিনবোৰ,বিনন্দ চন্দ্ৰ বৰুৱাৰ অতীতৰ ৰিং', হীৰেন গোঁহাইৰ 'বতাহত ক'ৰ গধূলি গোপাল, নিৰ্মল প্ৰভা বৰদলৈৰ ' জীৱন জীৱন বৰ অনুপম' গৌৰীশঙ্কৰ ভট্টাচাৰ্য্যৰ 'সবিনয়ে নিবেদন', অমিয় কুমাৰ দাসৰ ' অতীত স্মৃতি' দেবেশ্বৰ শৰ্মাৰ 'হেৰাই যোৱা দিনবোৰ',নিৰুপমা বৰগোহাঞিৰ 'বিশ্বাস আৰু সংশয়ৰ মাজেদি,সতীশ চন্দ্ৰ কাকতিৰ 'স্মৃতি বিচিত্ৰা', ত্ৰৈলোক্য ভট্টাচাৰ্য্যৰ 'জীৱন এখন নৈৰ নাম', অঞ্জলি বৰুৱাৰ 'অতীতক নাযাবা পাহৰি', ড.ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ, জীৱনৰ পাৰ হৈ যোৱা ক্ষণবোৰ, উম্মেকুলচুম ৰহমান ' মোৰ অতীত আৰু বৰ্তমান'কমল দাস 'এৰি থৈ অহা দিনবোৰ',ডা: দিপালী দত্ত 'মোৰ আত্ম-অন্বেষনৰ কাহিনী',আদি উল্লেখ যোগ্য।দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰলয়ংকাৰী পৰিঘটনাৰ ওপৰত অসমীয়া সাহিত্যত ভবিষ্যতেও কালজয়ী সৃষ্টিৰ সম্ভাৱনীয়তা আশা কৰিব পাৰি। জাৰ্মান দাৰ্শনিক ফ্ৰেডৰিক নিৎছেৰ ভাষাৰেই ক'ব পাৰি-"One must still have chaos in oneself to be able to give birth to a dancing star."
ইতিহাসৰ গতি নিৰ্ণয় কৰা ৰক্তক্ষয়ী কহিমা- ইম্ফল যুদ্ধত অংশগ্ৰহণ কৰি আত্মত্যাগ কৰা অসমীয়া প্ৰাণবন্ত দেশপ্ৰেমিকৰ বিৰল আত্মবলিদানৰ গাঁথা বুকুত পোত খাই বৈ ৰোৱা বেদনাৰ নৈৰ দৰেই আত্ম বিলুপ্ত। এই যুদ্ধৰ সৈনিক এজনৰ এপিতাফত লিখা কথাখিনিয়ে সৰ্বদা তেওঁলোকৰ ক্ষণভংগুৰ জীৱনৰ বিৰল আত্মত্যাগৰ আৰু আমাৰ ঐতিহাসিক অচেতনতাৰ কথা সোঁৱৰাই থাকিব--When you go home. Tell them of us and say, For their Tomorrow, We gave our today.
 |
Pallab Bhattacharya |
লেখক: পল্লৱ ভট্টাচাৰ্য্য,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
digantas.blogspot.com
SAHITYA SAFURA-ASSAMESE(Blog)
digbhuyan123@gmail.com
Comments
Post a Comment
If you have any doubts, please let me know.