সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

সত্তৰৰ দশকলৈ ইতিহাসত তেজপুৰ








সত্তৰৰ দশকলৈ 

ইতিহাসত তেজপুৰ


আলোকচিত্ৰৰ ইতিহাস বৰ প্ৰাচীণ নহয়। যদিও ইয়াৰে সম্পৰ্ক আমাৰ বৰ মধুৰ তথাপিও আলোকচিত্ৰৰ আবিস্কাৰ বেচি দিনৰ কথা নহয়। কথাটো মনলৈ নাহে যদিও অতীজতে কিন্তু মানুহে আলোকচিত্ৰৰ কাম পেঞ্চিল চিত্ৰৰেই কৰি লৈছিল। 
 
victoria memorial
কলকাতাৰ ভিক্ট'ৰিয়া মেমৰীয়াল চাবলৈ গৈ আমি এবাৰ এনে চিত্ৰ দেখি  হতবাক হৈ গৈছিলো। তাত ইমান সুন্দৰ চিত্ৰ কিছুমান প্ৰদৰ্শন কৰা আছিল যে এবাৰ চকু পৰিলে আতৰাই অনা কঠিন। ভাৰতৰ বিভিন্ন ঠাইৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ বেহা-বেপাৰৰ  লগতে সামাজিক পৰিবেশৰ চিত্ৰ আদিৰে কোনো চিত্ৰ শিল্পীয়ে সেইবোৰ ইমান নিখুঁত কৈ আকি থৈছে যে কোনো কোনো ক্ষেত্ৰত সেইয়া ফটোৱেই নে চিত্ৰই ধৰাই টান আছিল। 

তাৰে কৰ্মচাৰী এজনক চিত্ৰবোৰৰ বিষয়ে সোধাত কৈছিল যে বৃটিছ সকল আৰু তাৰ আগেয়ে ভাৰতলৈ  অহা ওলন্দাজ, ফ্ৰাঞ্চিছ আৰু স্কাণ্ডিনেভিয়ান সকলে ভাৰতৰ বিষয়ে জানিবলৈ সেইসময়ৰ বহুবোৰ কথাই এনেকৈ ছবি আঁকি চাক্ষুষ বিৱৰণ প্ৰস্তুত কৰিছিল। কথাটো অনুভৱ কৰি আচৰিত লাগিছিল। 

 ফটো বা আলোক চিত্ৰৰ আৱিষ্কাৰ হোৱাৰ আগতে তেওঁলোকে ভাৰতৰ হাবি বন আদিৰ সকলো বোৰৰ চিত্ৰ ৰূপটোহে পৰিচয়ৰ বাবে লৈ যাব লগা হৈছিল। তেনে দুই এখন চৰাই চিৰিকতি আৰু বাঘ সিংহ আদিৰ চিত্ৰ দেখা মনত আছে যি বোৰৰ চকু নখ পাখি ঠোট আদি পৰ্য্যন্ত নিখুঁত আৰু বাস্তৱ যেন লগাকৈ অকা আৰু মনোমোহা। হ'লেও এই প্ৰক্ৰিয়া আছিল কঠিন আৰু সময় খৰচী। তদুপৰি ক্ষণ বা মুহূৰ্ত এটাক ধৰি ৰখাত ই অপৰাগ। সেয়েহে ক্ষণিক মুহূৰ্ততে হুবহু চিত্ৰ এখন ধৰি ৰখাৰ প্ৰয়াস মানুহৰ অনুসন্ধিৎসু মনত অহৰহ চলি আছিল। 
 
Joseph Nicephore)
তাৰেই নিৰন্তৰ প্ৰয়াসৰ ফলত ১৮৩৭ চনত ফ্ৰাঞ্চৰ আলোক চিত্ৰ শিল্পী যোছেফ নাচেফৰ (Joseph Nicephore) নামৰ ব্যক্তি এগৰাকীয়ে কেমেৰাৰ আৱিষ্কাৰ কৰি প্ৰথম কোনো দৃশ্যমান বস্তুৰ ফটো ল'বলৈ সক্ষম হ'ল। তাৰ দুবছৰ পাছত ১৮৩৯ চনত লুই ডেগৰ (Lois Daguerre) নামৰ আন এজন আলোকচিত্ৰৰ শিল্পীয়ে ফটোখন কেমেৰাৰ পৰা উলিয়াই মানুহৰ হাতত তুলি দিব পৰাকৈ সক্ষম হ'ল। 



এই কথাই মানুহক আলোৰিত কৰি তুলিলে আৰু লুই ডেগৰ, যোছেফ নাচেফৰৰ এই সৃষ্টিক ফ্ৰাঞ্চৰ একাডেমী অৱ চাইঞ্চে স্বিকৃতিও প্ৰদান কৰিলে। 


তাৰে দহ দিন পাছত ১৮৩৯  চনৰ ১৯আগষ্ট তাৰিখে ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতিয়ে এই আৱিষ্কাৰৰ বাবে দুয়োকে প্ৰশংসা কৰি ঘোষণা কৰিলে যে এইয়া বিশ্ব বাসিলৈ ফ্ৰাঞ্চৰ উপহাৰ । এক  বিনামূলীয়া অৱদান।
 
Robert Cornelius
এইখিনি সময়তে ১৮৩৯ চনত আমেৰিকাৰ এজন ফটোগ্ৰাফাৰ ৰবাৰ্ট কৰ্ণেৱালিচে (Robert Cornelius) নিজে নিজৰ এখন ফটো তুলি কৈছিল "The first light picture ever taken 1839" তেতিয়া তেওঁ নাজানিছিল যে সেইখনেই যে বিশ্বৰ প্ৰথমখন চেলফি (Selfie) আছিল।


তাৰ পাছত আৰু বিশ্ব বাসি ৰৈ থকা নাই। দিনে দিনে নিত্য নতুন কেমেৰা আৰু ফিল্মৰ  আৱিষ্কাৰ হৈ আলোক চিত্ৰৰ জগৎখনৰ শ্ৰী চেহেৰাই সলাই দিলে। মানুহৰ ঘৰে ঘৰে বিয়া বাৰু আদিৰ  একো একোটা কলা বগা ৰঙৰ  ফটোৰ এলবাম হ'ল। পুৰি, কলকাতা, দিল্লী আদি চহৰলৈ ফুৰিব যোৱা মানুহৰ স্মৃতি হিচাবে এলবামে চৰাঘৰ শুৱনি কৰিলে। ফটোগ্ৰাফ ফটো ষ্টুডিঅ' এটা ভাল ব্যৱসায়লৈ পৰিণত হ'ল। পৃথিৱীৰ বিভিন্ন দেশত কেমেৰা আৰু ফটো ফিল্মৰ ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠিল।  কিন্তু এতিয়া সিও অতিত হ'ল। আশীৰ দশকৰ পৰা মোবাইল ওলাই ফটোৰ বজাৰ খন ধ্বংস কৰি দিলে। কথা পতা যন্ত্ৰটো এতিয়া কিমান মেগা পিক্সেল কেমেৰাৰ তাতহে পৰিচিত হ'ব ধৰিলে। এতিয়া মোবাইল এটাৰ মূল্য মান নিৰ্ধাৰণ হয় তাত থকা কেমেৰাৰ গুণগত মানৰ ওপৰতহে। ফলত ফটোগ্ৰফিৰ লগতে ফটোগ্ৰাফাৰৰ যি এক অন্তৰ্নিহিত কলা আছিল সি আজি ঘটিৰাম বাতিৰামৰ পৰা আৰম্ভ কৰি আয়া ৰাম গয়া ৰামলৈক গুচি গৈ তাৰ ওজনেই নোহোৱা কৰি পেলালে ! এতিয়া আৰু আপুনি অতীজৰ আভিজাত্যৰ চিন স্বৰূপে পোৱা ফটো এলবামবোৰ মানুহৰ ঘৰত নাপাব। সেইবোৰ এতিয়া অতীত হ'ল। এইদৰে মানুহে ক্ৰমে ক্ৰমে পাহৰি যাব ধৰিলে ফটোগ্ৰাফৰ মূল আৱিষ্কাৰক দুজনকো। 
 
Korske Ara
সেয়েহে কৰ্চকে আৰা (Korske Ara) নামৰ আলোক চিত্ৰ শিল্পৰ সাধক এজনে বিশ্ব বাসিলৈ অনুৰোধ কৰিলে যে ফটোগ্ৰাফিৰ আৱিষ্কাৰক দুজনৰ সন্মানাৰ্থে ১৯আগষ্ট তাৰিখটো বিশ্ব আলোকচিত্ৰ দিৱস ৰূপে পালন কৰা উচিত। কথাটো সকলোৱে গ্ৰহন কৰাত ২০১০ বৰ্ষৰ পৰা সমগ্ৰ বিশ্বই ১৯আগষ্ট তাৰিখটো 'ৱৰ্ল্ড  ফটোগ্ৰাফি দে' ৰূপে পালন কৰি আহিছে।  ফটোগ্ৰাফি যে কিমান আপুৰুগীয়া সম্পদ সেয়া এনে দিৱসৰ দ্বাৰাই প্ৰকাশ পাই আহিছে। তদুপৰি বিশ্বৰ যিকোনো প্ৰাচীন ইতিহাসৰ প্ৰামাণিক তথ্যসমূহ হয় আপুনি জীৱাশ্ম ৰূপে পাব নহয় আপুনি ভাষ্কৰ্য্য ৰূপত পাব নতুবা আপুনি আলোক চিত্ৰৰ ৰূপটো পাব পাৰে। ইয়াৰ অন্যথা আপুনি আৰু বিশেষ একো মাধ্যমত নাপায়। গতিকে পুৰণি আলোক চিত্ৰ এখন কিমান মহত্বপূৰ্ণ হ'ব পাৰে সেয়া সময়েহে কব পাৰে। উদাহৰণ স্বৰূপে মন কৰক তেজপুৰত উদ্ধাৰ হোৱা এখনি বহু পুৰণি তাম্ৰলিপি বীৰবাহু বনমালদেৱ বাৰ্মাৰ তেজপুৰ তাম্ৰলিপিৰ কথা। ১৮৪০ চনত আৱিস্কাৰ হোৱা এই তাম্ৰলিপিৰ বিষয়ে দৰং জিলাৰ আয়ুক্ত জেনেৰেল ফ্ৰেঞ্চিছ  জেনকিন্স চাহাবে এটি টোকা লিখি ইয়াৰ অধ্যয়ন আৰু পাঠোদ্ধাৰৰ বাবে লিপিখনৰ ফটো জাৰ্নেল অৱ এচিয়াটি চছাইটি অৱ বেঙ্গলত প্ৰকাশ কৰিছিল।  আজি সেই পতাম্ৰলিপি খন নাই। হেৰাল। কিন্তু সৌভাগ্য যে মুঠ ৩৩টা শ্লোক সন্নিবিষ্ট হৈ থকা লিপি খনৰ  ফটোকপি  থাকি গ'ল। নহ'লে আমি তেজপুৰৰ এটা সময়ৰ কথাই নজনাকৈ থাকি গলো হয়। থিক তেনেকৈ জনা যায় যে তেজপুৰ জাহাজ ঘাটেদি ১৮৬০ চনতে RSN & IGN ষ্টিমাৰ কোম্পানীৰ ভাপ জাহাজ চলিছিল। তাৰ প্ৰমাণ লণ্ডণৰ বৃটিছ পুথিভঁৰালত পোৱা অস্কাৰ জিন ব্যপ্তিষ্টৰ ফটো এখন । যিখন ১৮৬০চনত তোলা আৰু য'ত লিখা আছিল 'Tezpur Ghat' বুলি। তেজপুৰৰ আন এখন মহা মূল্যবান পুৰণি ফটো হৈছ Antiquarian Study of Assam ৰ Director ছাৰ এডোৱাৰ্ড গ্যেইট চাহাবে তোলা হৰ্জৰ বাৰ্মাৰ শিলালিপিৰ ফটোখন।     স্থানীয় মাছমৰীয়া আৰু ৰাইজৰ পৰা জানিব পাৰি ১৮৯৩ চনত তেওঁ ইয়াৰ ফটো কপি লৈ পাঠোদ্ধাৰৰ বাবে বিভিন্ন জন পুৰাতত্ত্ব বিদলৈ পঠিয়াই। পাছত ১৯১৭ চনত আৰু ১৯২২ চনত ইয়াৰ এটি টোকা ফটোসহ Journal of the Bihar and Orissa Research Society আৰু Social History of Assam ত প্ৰকাশ হয়।  চন হিচাপে ৮২৯ চনৰ এই ন শৰীয়া লিপিখন লুইতৰ পানী যুৱলিৰ প্ৰকাণ্ড শিল এচটাত খোদিত। তাতে আকৌ  ই লুইতৰ গৰ্জন মুখৰ স্ৰুতশ্ৰিণীৰ ফালে মুখ কৰি থকা। ফলত ইয়াৰ পাঠোদ্ধাৰ বৰ মস্কিল। সেয়েহে তেওঁ ইয়াৰ ফটোগ্ৰাফ এখনলৈ এই লিপিৰ পাঠোদ্ধাৰৰ বাবে ফটো কপি লৈ থৈছিল। এই লিপি খন যে আজি আমাৰ কোনোবাই শিল চটাত উঠি পঢ়িব পাৰিছে তাত আমাৰ সন্দেহ আছে। তদুপৰি ই আজি বতাহ বৰষুণ আৰু বাৰিষাৰ পানীৰ সোতত ক্ষয় গৈ অৱশিষ্ট মাত্ৰ ৰৈছেগৈ। আমি জনাত লিপিখনৰ ৫১০ গুপ্তাব্দ শব্দ কেইটাৰ বাহিৰে পঢ়িব পৰাকৈ কিবা আছেনে সন্দেহ। কিন্তু আছে ।সেই ফটো খন আছে। গতিকে মন কৰক ইতিহাস অধ্যয়নত ফটোৰ মহত্ব কিমান হ'ব পাৰে। তেনেকৈ ১৯৫৯ চনৰ ১৪ এপ্ৰিল তাৰিখে  দালাই লামা তেজপুৰলৈ আহোতে পৃথিৱীৰ প্ৰায় সমস্ত দেশৰে সাংবাদিক সকল আহিছিল। তেওঁ লোকৰ হাতত থকা ত্ৰাইপদ যুক্ত অত্যাধুনিক কেমেৰা আৰু পোহৰৰ ব্যৱস্থা থকা ফ্লাছাৰে স্থানীয় মানুহক খুব আকৰ্ষণ কৰিছিল আৰু ই তৰুণ সকলৰ মনত এক অনন্য  আমেজ দিছিলে। মুঠতে বিভিন্ন কাৰকৰ বাবে এই ঘটনাক শতিকাৰ দিন বা Story of the Century বুলি কোৱা হৈছিল যদিওঁ স্থানীয় যুৱক সকলৰ বাবে এই কেমেৰা বোৰ আছিল ভৱিষ্যতলৈ ভাল কেমেৰা মেন হোৱাৰ ই স্বপ্নৰ কঠিয়া তলি। অৱশ্যে তেজপুৰত তেতিয়া কেমেৰা বৰ নতুন বস্তু হৈ থকা নাছিল।  ১৯২৮ চনতে তেজপুৰত প্ৰতিস্থা হৈছিল অৰোৰা আৰ্ট গেলাৰী। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে প্ৰতিস্থা কৰা এই ষ্টুডিঅ  পাছলৈ তেওঁৰ ভাতৃ নবেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে চলাইছিল আৰু আজি ষ্টুডিঅ টো পৰিচালনা কৰি আছে তেওঁৰ পুত্ৰ শেখৰ চক্ৰৱৰ্তীয়ে। তেনেদৰে প্ৰদীপ সিংহৰ স্পেকট্ৰাম আছিল আন এখন বহু পুৰণি ফটো ষ্টুডিঅ। অসমৰ বিশিষ্ট গীতিকাৰ, সুৰকাৰ অজিত সিংহৰ পিতৃ প্ৰয়াত প্ৰদীপ সিংহ নিশ্চয় অসমৰ প্ৰাত: স্মৰণীয় আলোকচিত্ৰ শিল্পী সকলৰ এজন হ'ব। প্ৰথমে তেওঁ এই ষ্টুডিঅ চাৰ্চ ফিল্ডৰ কাষতে ঘৰতে খুলিছিল। পাছত থানা পুখুৰীৰ কাষলৈ লৈ গৈছিল। ই কিমান পুৰণি সেইয়া আমি নাজানিলো। সেইদৰে নাম ল'ব লাগিব তেজপুৰ চৰকাৰী কন্যা বিদ্যালয়ৰ শিক্ষক বিমল মজুমদাৰ ছাৰৰ। তেওঁ পঞ্চাশৰ দশকতে কোৱান্টা নামৰ  ষ্টুডিঅ'টো খুলি আলোক চিত্ৰৰ পেচাটোক আঁকোৱালি লৈছিল। শিক্ষাৰ ফালৰ পৰা তেওঁ তেতিয়াৰ দিনৰ ভূতত্ব বিষয়ৰ বিজ্ঞান স্নাতক হৈ 'অইল'ত চাকৰি কৰিও শেষত সেইয়া এৰি আহি ফটো ষ্টুডিঅ খোলা কথাটো মন কৰিবলগীয়া। কোৱান্টা আজিও তেওঁৰ পুত্ৰ মানসজ্যোতি মজুমদাৰৰ হাতত সুৰক্ষিত। ইয়াৰ পাছতে নাম ল'ব লাগিব পঞ্জাৱ ষ্টুডিঅ', জয় ষ্টুডিঅ' আৰু লাভলি ষ্টুডিঅ'ৰ কথা। ইয়াৰে  নিউ পঞ্জাৱ ষ্টুডিঅ'ৰ জন্ম দিয়ে ইকবাল সিঙে । ১৯৬৮ চনৰ এই ষ্টুডিঅ' আজি চলাই আছে ঊষানগৰ নিবাসী তেওঁৰ পুত্ৰ হৰবিন্দৰ সিঙে। লাভলি ষ্টুডিঅ'ৰে জড়িত হৈ আছে আকৌ দুই ভাতৃ সমিৰ ক'ৰ আৰু স্বপন ক'ৰ। পোনতে এই ষ্টুডিঅ' খুলিছিল ১৯৭০ চনত জনৈক সিং নামৰ ব্যক্তি এজনে।। তেওঁ লগত ললে ফটোগ্ৰাফাৰ  দিলীপ কৰক। পাছলৈ দিলীপ কৰৰ পুত্ৰ সমিৰ ক'ৰে  আৰু আজি তেওৰে ভাতৃ স্বপন ক'ৰে চলাই আছে  এই ষ্টুডিঅ'। তেনেকৈ ১৯৭০ চনৰ আন এটি ষ্টুডিঅ' হ'ল জয় ষ্টুডিঅ'। প্ৰতিস্থা কৰে হৰিদাস কুণ্ডুয়ে। তাৰ পাছত তেওঁৰ পুত্ৰ অমৰ কুণ্ডুয়ে নিয়াৰিকৈ চলাই নিয়াৰ পাছত আজি চলাই আছে বিমান কুণ্ডুয়ে।  আমাৰ অজ্ঞাতে চহৰৰ আশে পাশে হয়তো সত্তৰৰ দশকৰ ভিতৰত জন্মা কোনোবা ষ্টুডিঅ' থাকিব পাৰে তাৰ সম্ভেদ পালে ভাল পাম। তেনেকৈ সম্ভেদ পোৱা এটি ষ্টুডিঅ' আছিল ৰকী ষ্টুডিঅ'। ষ্টুডিঅ'টোৰ বিষয়ে সবিশেষ নাজানিলেও এটা কথা জানিব পাৰিছো যে এই ষ্টুডিঅ'ত প্ৰায়ে আহি বাতৰি কাকত পঢ়িছিলহি বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই। দুয়ো ইয়াতে প্ৰায়ে লগ হৈছিল বুলি দেখা মানুহে কয়। ফটোৰ কথা ওলালে আৰু এজন পুৰণি  মানুহৰ নাম ল'ব লাগিব । তেওঁ হল ৰস দা। আচল নাম ৰস কেওঁট। তেওঁ বাকচ এটাৰ সমান ডাঙৰ কেমেৰা এটা ট্ৰাই পেডত থৈ  কলা কাপোৰ এখনৰে নিজকে আৰুমেছিনে ঢাকি লৈ লেঞ্চৰে জুমি চাই ফটো লোৱা সকলক লেঞ্চৰ আওতালৈ আনি ফটো লোৱা কৌশল আজিও দেখা মানুহ বহু ওলাব। এইখিনিতে আৰু এজন অসমৰ প্ৰখ্যাত কেমেৰামেনৰ কথা কব লাগিব। তেখেত হ'ল জয়মতী বোলছবিৰ সহকাৰী কেমেৰা মেন তথা অসমৰ প্ৰথম  কেমেৰা মেন ৰূপে পৰিচিত প্ৰতাপ বৰুৱা। ১৯১১ চনত জন্মগ্ৰহণ কৰিছিল ১৯৩৭ চনত ইহলীলা সামৰা মাত্ৰ ২৭ বছৰীয়া জীৱনকালৰ ভিতৰত তেওঁ আছিল সেই সময়ৰ ভাৰত বিখ্যাত ফেজী ছাউণ্ড ইকুইপমেন্টৰ পোষ্টাৰ ডিজাইনৰ আৰু কডাক ফেল'শ্চিপ অৱ লণ্ডনৰ সভ্যপদ পোৱা আলোকচিত্ৰৰ শিল্পী। অৱশ্যে অসমৰ প্ৰথম কেমেৰা মেন ৰূপে আৰু এটি নাম পোৱা যায়। তেওঁ হৈছে গুৱাহাটী ভৰলুমুখৰ বিখ্যাত সোণাৰাম স্কুলৰ প্ৰতিস্থাপক সোণাৰাম ৰাজ মেধী উকীলৰ পুত্ৰ গৰ্গচন্দ্ৰ দাস। 'জীৱন আৰু সংগ্ৰাম' নামে পুথিৰ পাতত লেখক গৰ্গচন্দ্ৰ দাসৰ নাতি ল'ৰা হৰিদাস ডেকাই লিখিছে "আতাই জীৱিকা হিচাবে ফটোগ্ৰাফীকে গ্ৰহণ কৰিছিল। বোধহয় তেৱেই অসমৰ প্ৰথম ফটোগ্ৰাফাৰ আছিল।"
Nalini Baruah

 আলোকচিত্ৰৰ কথা পাতি যদি শেষত তেজপুৰৰ জগৎ বিখ্যাত আলোক ৰত্ন নলিনীকান্তৰ বৰুৱাৰ কথা নাপাতো কেনেকৈ হব ? মাত্ৰ ন বছৰ বয়সতে কেমেৰা হাতত লৈ আলোকচিত্ৰকে পেচা কৰি লোৱা মানুহ আমাৰ অসমত কেইজনমান ওলাব ? তেওঁ ওলাল। তাকো চল্লিশৰ দশকত। যেতিয়া অসমত কেমেৰা, ফটো এইবোৰৰে মানুহৰ বৰ এটা চিনাকি নাছিল। দেউতাক কমলাকান্ত বৰুৱা আছিল চাহ বাগানৰ চিকিৎসকহে। গতিকে ১৯৩৩ চনত জন্ম লৈ তেওঁ এই বিষয়ে কাৰো পৰা একো নিশিকাকৈ  কেনেকৈ যে দিল্লী, মুম্বাই, কলকাতা, ৱাছিংটন, নিউজাৰ্ছি, লণ্ডণ, ইটালী আদিত একক ফটো প্ৰদৰ্শনী কৰি সুখ্যাতি আৰ্জিলে সেইয়া লিখিলে বহু দীঘলীয়া হ'ব বাবে ইয়াতে সামৰি আন দুটা মান কথাহে জনাব খুজিছোঁ। নলিনীকান্ত বৰুৱা হ'ল ১৯৭৭ চনত ফটো গ্ৰাফিক ছ'ছাইটি অৱ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাৰ্নেল এৱাৰ্ড পোৱা অসমীয়া। ১৯৮১ চনত ইটালীৰ ইন্টাৰনেছনেল কালাৰ্ড স্লাইড একজিবিচনত ক্লাৱ এৱাৰ্ড সন্মানেৰে সন্মানিত। ১৯৮২ চনত FIAP (Federation of international Art photography of Italy) সন্মানেৰে সন্মানিত। ১৯৯৫ চনত তেওঁ Indian International Photography Councilৰ দ্বাৰাও সন্মানিত। ১৯৬৮ চনত প্ৰথম বাৰৰ বাবে তেজপুৰ হেম বৰুৱা হ'লত একক চিত্ৰ প্ৰদৰ্শনী পাতি পাছলৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হোৱা তেওঁ এতিয়া লৈকে কুৰিখনতকৈ অধিক ফটো প্ৰদৰ্শনী অনুষ্ঠিত কৰিছে।  প্ৰায় ৬২খন আন্তঃৰাষ্ট্ৰীয় ভাৱে প্ৰশংসিত আলোকচিত্ৰৰে তেওঁ আজি  আলোক ৰত্ন উপাধিৰেও বিভূষিত।  খাদ্য আন্দোলনৰ পৰা মাধ্যম আন্দোলনলৈ ভাষা আন্দোলনৰ পৰা অসম আন্দোলনলৈ তেওঁৰ কেমেৰাই বহু কথা ক'লে । ১৯৫০ চনত জখলাবন্ধাত খুলিলে ফটো চাৰ্ভিচ। তাৰ পাছত ১৯৫৭ চনত খুলিলে তেজপুৰত । তাৰ পৰা আৰু তেওঁৰ কেমেৰাৰ ক্লিক আজি নব্বৈ বছৰে বন্ধ হোৱা নাই। এতিয়াও সেই অগস্তি যাত্ৰা ক্লিক ক্লিক ক্লিক।  চৰৈবতি চৰৈবতি। প্ৰণাম সেইগৰাকী মহিৰূহলৈ।

আহক! আন এজন আলোকচিত্ৰকৰৰে সৈতে চিনাকি কৰি দিও আপোনাক। লগ পালে ভাল পাব বূলি বিশ্বাস। তেওঁ হ'ল তেজপুৰলৈ প্ৰথম ৰঙিন ফটোৰ বতৰা অনা আলোকচিত্ৰ শিল্পী কিৰণ বৰা। কেমেৰা তেওঁৰ চখৰ বস্তু আছিল। সেয়েহে পাছলৈ ১৯৮৪ চনত স্পেকট্ৰাম ষ্টুডিঅ'টো মাহেকীয়া বন্দবস্তিত লৈ কলকাতা মুম্বাইৰ পৰা ৰঙিন ফটো ধোৱাই আনি ভাল নাম কৰিছিল। কামৰ হেছাত পাছলৈ গৰৈমাৰিটো তেওঁ খুলিলে আন এটা  ষ্টুডিঅ 'ষ্টুডিঅ টাছ'। বালিপুখুৰি তিনিআলিটো খুলিলে আন এটি ষ্টুডিঅ। পাছলৈ দক্ষ কাৰিকৰী লোকৰ অভাৱত ষ্টুডিঅ বন্ধ কৰিব লগা হ'ল যদিওঁ তেওঁ ১৯৯০চনত আৰম্ভ কৰিলে মিছন চাৰিআলি অঞ্চলত আন এটি নতুন ষ্টুডিঅ 'ষ্টুডিঅ ঋতু'।

দ পৰ্বতীয়াৰ পৰা এই নিচা আৰু পেচালৈ ওলাই অহা  তেওঁ এতিয়া  নিকা মূলৰ বাসিন্দা।
আলোকচিত্ৰৰ কথা ওলালেই অৱধাৰিত ভাৱে মনলৈ অহা আন এজন শ্ৰদ্ধাৰ তেজপুৰীয়া আলোকচিত্ৰ শিল্পী হ'ল মুন্নাফ দা। আব্দুল মুন্নাফ। ছাত্ৰাৱস্থাতে  ১৯৭৯ চনৰ অসম আন্দোলনৰ মুহূৰ্তবোৰ কেমেৰাৰ লেঞ্চত বন্দি কৰি থৈ তেওঁ যেন এটা সময় ধৰি ৰাখিছে। প্ৰায় হাজাৰৰো অধিক ফটোৰে তেওঁ মূৰ্ত কৰি তুলিব পাৰে অসম আন্দোলনৰ সেই আবেগ মিশ্ৰিত মুহূৰ্ত বোৰ। সেইবোৰ যদি পুথি আকাৰে প্ৰকাশ হয় তেনে এটা যুগ যুগজয়ী হৈ থাকিব বুলি আমাৰ বিশ্বাস।
আলোকচিত্ৰৰ ক্ষেত্ৰখনত আৰু এজন বিশিষ্ট গুণি জ্ঞানী আৰু অভিজ্ঞ ব্যক্তি হ'ল উৎপল পঞ্চানন। বন্য প্ৰাণীৰ ক্ষেত্ৰ খনৰ কেইবাখনো সুন্দৰ মুহূৰ্তৰ  দৃষ্টিনন্দন আলোকচিত্ৰৰে তেওঁ  এজন তেজপুৰৰ পৰিচিত আলোকচিত্ৰ শিল্পী। তেজপুৰৰ প্ৰায় পঁচিশজন মান আলোকচিত্ৰ প্ৰেমী যুৱক-যুৱতীক লৈ তেজপুৰ ফটো গ্ৰাফি ক্লাৱ গঢ়ি তোলাত প্ৰভূত বৰঙণি থকা তেওঁৰ নাম শ্ৰদ্ধাৰে লৈ শেষত কব খুজিম ৰাতুমণি দাসৰ বিষয়ে। ৰাতুমণি যদিওঁ এজন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চিত্ৰ শিল্পীহে তথাপিও আলোক চিত্ৰৰ ক্ষেত্ৰটো তেওঁৰ দৰে বিশেষভাৱে সক্ষম এজন যুৱকৰ ফটোগ্ৰাফিলৈ যি হাবিয়াস সেইয়া সঁচাই প্ৰেৰণাদায়ক। তেজপুৰ ফটোগ্ৰাফি ক্লাৱে ২০১০ চনৰ জন্ম লগ্নৰে পৰা পালন কৰি অহা বিশ্ব ফটোগ্ৰাফি দিৱসৰ সৈতে সংলগ্ন ৰাখি যি  আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি আহিছে তাত তেওঁৰ কেমেৰাৰ ক্লিকত ওলোৱা কেইবাখনো ফটো যেনে 'Last destination', 'motherhood', 'believe' আদি উচ্চখাপৰ চিন্তা জৰিত ফটোগ্ৰাফ।
ফটোগ্ৰাফ বা  আলোকচিত্ৰ  সম্পৰ্কত লেখা মেলা কৰা বৰ এটা দেখা পোৱা নাযায় । সেয়েহে বহু কথা ৰৈ যোৱাটো স্বাভাৱিক । আমি মাত্ৰ প্ৰয়াস কৰিলো সত্তৰৰ দশকলৈ তেজপুৰত থকা কেইটামান ষ্টুডিঅ আৰু বিশেষ দুজনমান আলোকচিত্ৰ শিল্পীৰ অৱদানৰ বিষয়েহে । আপোনাৰ কিবা কব লগা থাকিলে নিশ্চয় মন্তব্য প্ৰকাশ কৰি ধন্য কৰিব।       
 ধন্যবাদ।
 
শান্তনু বৰুৱা













লেখক: শান্তনু বৰুৱা, তেজপুৰ। 


বি:দ্ৰ: আলোকচিত্ৰ বিষয়ৰ 'চখ' বা হাবিয়াস থকা ব্যক্তি অনেক থাকিব পাৰে। জ্যেষ্ঠ হ'লেও কেমেৰা হাতত লোৱা ব্যক্তিৰ সংখ্যা তাকৰো নহ'ব। গতিকে কাৰ কথা লিখিম ? কিয় লিখিম ? এইখিনি ঠিক কৰি নললে বিষয়টো বাহুল্য হোৱাৰ ভয় । সেয়েহে আমাৰ লেখাটোত থিক কৰি লৈছিলো যে যি সকলৰ সৈতে আনৰ তুলনা নহয় তেওঁ লোকৰ বিষয়েহে লিখিম।

ফটো গ্ৰাফীত 'চখ' থকাৰ বাবে যদি চৌকত আলীৰ বিষয়ে লিখোঁ তেনে ডক্তৰ ভূপেন হাজৰিকাৰ বিষয়েও লিখিব লাগিব বা ফটোগ্ৰাফীৰ প্ৰতিযোগিতাত ছাত্ৰাৱস্থাত  এবাৰ পুৰষ্কাৰ পোৱা ভূপেনদাৰ ভাতৃ অমৰ হাজৰিকাৰ বিষয়েও লিখিব লাগিব। এনে হ'লে কলিবাৰীৰ প্ৰয়াত দুৰ্গাচৰণ ভট্টাচাৰ্য্যৰ নামো আহিব । তাৰ পাছত মই নজনা কিন্তু আপুনি জনা কিমানৰ যে নাম আহিব! কাৰ কথা লিখিম ? কাক বাদ দিম ? গতিকে ইতি পূৰ্বে লিখা সত্তৰৰ দশকটো নিৰ্বাচন কৰি ষ্টুডিঅ কেইটাৰ লগতে সটোগ্ৰাফীৰে জড়িত যি সকলৰ কাম আনৰে তুলনা নহয় সেই সকলকলৈ লিখাটো প্ৰকাশ কৰিছিলো। ভূপেন হাজৰিকাযে  আলোকচিত্ৰ শিল্পৰেও জড়িত আছিল সেই কথা নিশ্চয় বহুতৰে অগোচৰেই ৰৈ গৈছে। এৰা ! তেজপুৰত থকা সময়খিনিত অনুমানিক ১৯৩৮ চনমানৰ কথা হ'ব চাগে ভূপেন দাই মোমায়েক অকণ ওৰফে অৰবিন্দ দাসৰ সৈতে Brownle কেমেৰাত  ফটো তুলি বিচনাৰ তলত কাপোৰৰে  ঢাকি Dark Room তৈয়াৰ কৰি ফিল্ম ডেভেলপ কৰাৰ কথা স্তুতি পেটেলৰ 'যাযাবৰী ভূপেনদা' নামৰ কিতাপ খনত পঢ়া মনত আছে। তেনেকৈ অমৰ হাজৰিকাই সেই ব্ৰাউনলে কেমেৰাৰে তেজপুৰ জাহাজ ঘাটত তোলা এখন ফটোৰ বিৱৰণ মন কৰক। ৰৈ থকা জাহাজ এখনৰ ওপৰেৰে বেলি লহিয়াই ৰঙা ৰঙ চতিয়াইছে ! নৈ আৰু জাহাজৰ সৈতে অপূৰ্ব সূৰ্যাস্তৰ এখন ফটো তুলি ককায়েকৰ সহায়ত বিছনাৰ তলৰ দাৰ্ক ৰূমত ধুই উলিয়াইছে আৰু চিলংত অনুস্থিত হোৱা স্কাউট টাম্বৰীত ভাগ লৈ ফটোগ্ৰাফী বেজৰে তেওঁ সন্মানীত হৈছে। ভূপেন হাজৰিকাই ১৯৪০ চনত মেট্ৰিক পাছ কৰিছিল বাবে এই ফটোগ্ৰাফীৰ কথা আমি ১৯৩৮ চন মানৰ হব বুলি ধৰিছো। অৱশ্য আমি ইয়াৰে ভূপেন হাজৰিকা বা অমৰ হাজৰিকাক আলোক চিত্ৰকৰ বুলি কব খোজা নাই। ফটোগ্ৰাফীৰ প্ৰতি থকা হাবিয়াসৰ কথা হে কৈছোঁ। কলিবাৰীৰ গঙ্গাৰাম দাসো কেমেৰা মেন নাছিল যদিও তেখেতৰ ঘৰত পোৱা পুৰণি দিনৰ ফটো বোৰ যেনে ভূপেন হাজৰিকাৰ সৈতে নৈত গা ধোৱা, বালিভোজ খোৱা, উপহাৰ স্বৰূপে ইণ্ডিয়ান ক্ৰিকেটাৰৰ পৰা পোৱা ক্ৰিকেট বেটৰ ফটো, ইন্দিৰা গান্ধীৰ পৰিয়ালৰে থকা তেওঁৰ ফটো আদিৰে তেওঁকো আলোকচিত্ৰ শিল্পী নুবুলি আলোকচিত্ৰৰ প্ৰতি হাবিয়াস থকা লোক বুলিব পাৰি নিশ্চয়। তেনেকৈ আজি  ফটোগ্ৰাফীৰে জড়িত নহয় যদিও ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা অসম আন্দোলনত ফটো সাংবাদিক ৰূপে পাইছিলো ৰাজু বৰুৱাক। এবাৰ এটি আন্দোলনৰ কাৰ্য্যসূচীৰ ফটো লৈ থাকোতে আৰক্ষীয়ে তেওঁৰ কেমেৰা ভাঙি কোবাই কামি হাড় ভাঙিছিলে। সেই সময়ছোৱাত ফটো সাংবাদিকতা কৰা ৰাজু বৰুৱাই মিলন নাথৰে লগহৈ  ৰঙীণ ফটোৰো কাৰবাৰ কৰিছিল। কনকলতা উদ্যানৰ কনকলতা প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ আধাৰশিলা অনুস্থানত ভাগ লোৱা কনকলতা আইদেউৰ ভগ্নী সহ সভাৰ ফটোবোৰ তেখেতেৰ তাত দেখা আমাৰ মনত আছে। সেই সময়ত আঙুলিৰ মূৰত লেখিব পৰা ফটো সাংবাদিক সকলৰ ভিতৰত ৰাজু বৰুৱাৰ নাম নিশ্চয় মনত ৰাখিব লাগিব।
 সেয়েহে মনলৈ আহিছে যে যদি পুৰণি দিনৰ কলা-বগা ৰঙৰ  ৰাজহুৱা কথা জড়িত ফটো বোৰ সংগ্ৰহ কৰি তেজপুৰ ভিত্তিত এখনি প্ৰদৰ্শনী পাতিব পৰা যায় তেনে বৰ চিত্তাকৰ্ষক অনুস্থান এটি হ'ব বুলি আশা কৰা যায় নহয়নে বাৰু ? শেষত সকলোলৈ আজি ১৯আগষ্টৰ বিশ্ব ফটোগ্ৰাফী দিবসৰ শুভেচ্ছা আৰু শুভকামনা জনালো  ------লেখক।

                 -০-
edited by: diganta kumar bhuyan
digantas.blogspot.com Sahitya Sofura
সাহিত্য সঁফুৰা

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়