স্বাধীন চিন্তা
অসমৰ ৰাজনৈতিক অৱস্থা এতিয়া বৰ অস্থিৰ। সামাজিক অৱস্থাও বৰ উদ্বেগ জনক। অসমৰ এনে দুৰ্যোগ পূৰ্ণ মুহূৰ্ত্তত চৰকাৰ তথা দ'ল সংগঠনৰ এনে কোনো আচনি নাই যাক লৈ অসম বাসী আশ্বস্ত হ'ব পাৰে। সুদীৰ্ঘ যুগ ধৰি অসম লাঞ্চিত আৰু বঞ্চিত হৈ আহিছে। আহোম স্বৰ্গদেউৰ আমোলত ডা-ডাঙৰীয়াৰ খোৱা কামোৰাত পৰি যি কোৱঁৰ বিদ্ৰোহ, মানৰ আক্ৰমণ, মোৱামৰীয়া বিদ্ৰোহ আদি হ'ল তাৰ ফলত ৪০ বছৰীয়া ৰজা নোহোৱা দেশলৈ পৰিণত হৈছিল অসম। কাকো ক'তো বিশ্বাসত ল'ব নোৱাৰা অৱস্থা হোৱাত অসমৰ খোপনি থকা ডা-ডাঙৰীয়া সকল দেশ এৰি পলাই গৈছিল। পেটৰ তাড়নাত ভাল ভাল মানুহো চোৰ ডকাইতিৰে জড়িত হৈছিল। সেয়েহে বৃটিছ অহাত মানুহে স্বস্তিৰ নিশ্বাস এৰিছিল। তাৰ পাছত আৰম্ভ হ'ল বৃটিছ শোষণ। খাজনা বৃদ্ধি। সম্পত্তি বাজেয়াপ্ত। জল কৰ, খৰি কৰ, বন কৰ, ষ্টাম্প কৰ আৱকাৰী কৰ, আয় কৰ আদি বিভিন্ন কৰ ! বৃটিছ বিষয়া সকলে পৰ্দাৰ আৰত থাকি এই কৰ-কাতল বোৰ তোলাইছিল আমাৰ নিজৰ মানুহৰ দ্বাৰা । তেওঁ লোকেই আছিল জমিদাৰ, মৌজাদাৰ, চিৰস্তাদাৰ, হাকিম আদি বিষয়া সকল। বৃটিছে খাজনাৰ নামত মুদ্ৰাৰ প্ৰচলন কৰিলে। মুদ্ৰা দেখি নোপোৱা অসমীয়া মানুহে মুদ্ৰা বিচাৰি এইবাৰ কেঞা গোলাৰ খাতাত নাম লিখাই শেষত দেউলীয়া হ'ল। বহু জন আকৌ ভূমি হীন কৃষকলৈ পৰিণত হ'ল। খাজনাৰ সলনি মাটিয়েই এৰিলে বহুতে। হক বিচাৰি আন্দোলন কৰিলেই গুলীয়াই মৰা হৈছিল, কালা পানীলৈ পঠোৱা হৈছিল নতুবা ফাঁচি দিয়া হৈছিল। দুখীয়া ৰাইজৰ পৰা সংগ্ৰহ কৰা টেক্সৰ পইচাৰে বৃটিছে উন্নয়নৰ নামত ১৮৬০ চনৰ পৰা ভাপ জাহাজ চলালে! ১৮৮২ চনৰ পৰা ৰে'ল চলালে। ১৮৮৮ চনত আকৌ এই ভূমি জৰিপ কৰি ভূমি ৰাজহ ১০০% লৈ বৃদ্ধি কৰিলে। ৰেলেৰে কাঠ বাঁহ বেত চাহ আদি গোটাই আনি ঘাটে ঘাটে সেইবোৰ জাহাজত বোজাই দি বাংলাদেশৰ গুৱালণ্ড হৈ ইউৰোপৰ ইংলণ্ড পোৱাইছিলগৈ। ইফালে আমাৰ ইয়াত এই শোষণ শাসনৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ, ফুলগুৰি ধাৱা, ৰঙিয়াৰ বিদ্ৰোহ, লাচিমাৰ ৰাইজ মেল হৈছিল। গহপুৰ, নগাঁও, ঢেকীয়াজুলি আদিত সহস্ৰজন শ্বহীদ হৈছিল। এইদৰে অসমৰ কৃষক সকলৰ এচাম উপান্ত হৈছিল আৰু পঢ়া শুনা কৰা বিদ্যান লোকে কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গুণ গাব নুখুজি বৃটিছলৈ চৰ্তহীন সহযোগিতা আগবঢ়াই দুখীয়া কৃষক সকলক শোষণৰ নেমুচেপা দিছিল। কথাবোৰ বিদ্যান মধ্যভোগী অসমীয়া মানুহবোৰ যেনে ৰায় চাহাব, ৰায় বাহাদুৰ, মৌজাদাৰ, চিৰস্তাদাৰ,হাকিম আদি সকলে দেখিছিল যদিও সেইবোৰ নেদেখাৰ ভাও ধৰিছিল। বৃটিছ বিষয়া সকলেও এই কথা বুজি উঠিছিল যে পৃথিৱীত এইখনেই একমাত্ৰ দেশ য'ত শাসন আৰু শোষণৰ বাবে বঙহৰ মানুহকে বঙহ কামোৰাবলৈ লগাই দি শাসন কৰিব পাৰি।
শেষত এষাৰ ডাঙৰ কথা কও শুনক। Quit India Movement টো প্ৰথমে তথাকথিত নেতা সকলে চুৰ্চুৰিয়াকৈহে কৰি আহিছিল। বৃটিছ সকল যাওক বুলি নহয়। কিন্তু যেতিয়া শোষিত কৃষক বনুৱা সকলে ভাগ লৈ আন্দোলনটো গণ অভ্যুত্থানৰ ৰূপত লৈ গ'ল তেতিয়াই এচাম নেতাই বৃটিছৰ ৰোষত পৰাৰ ভয়ত আন্দোলনৰ পৰা আতৰি আহি বিবৃতি দিছিল এই বুলি যে "No movement had been officially started by the AICC or Gandhiji" ।
১৯৪৫ চনৰ ২১ ছেপ্তেম্বৰৰ আছিল এই বিবৃতি ! ইয়াৰ অৰ্থ এয়েই যে সাধাৰণ ৰাইজৰ জাগিবলৈ হ'লে মধ্যভোগী দলৰ কাৰো নিস্তাৰ নাই ! গতিকে এইবাৰৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসতেই চিন্তা কৰক ভাৰতৰ ত্ৰিৰঙ্গ পতাকাৰ গেৰুৱা ৰঙত যে আমাৰ খাতি খোৱা কৃষকৰ সন্তানবোৰ যেনে নুমলী, খহুলী, থূলেশ্বৰী, তিলেশ্বৰী,কলাই কোচ, হেমৰাম, মদন, ৰাউতৰাম, গুনাভী, তিলক, ভোগেশ্বৰী, লক্ষী, বলো হতৰ দৰে সৰ্ব সাধাৰণ ৰাইজৰ বুকুৰ তেজ নিহিত হৈ আছে!
স্বাধীনতা দিৱসৰ এই পৱিত্ৰ মুহূৰ্তত মনৰ এই কথাখিনি আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলো। নহ'লে মনে যে শান্তি নাপায় !
লেখক: শান্তনু বৰুৱা, কলিবাৰি,তেজপুৰ
সম্পাদনা: দিগন্ত কুমাৰ ভূঞা,
সাহিত্য সঁফুৰা (ব্লগ)
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.