সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মুল্ক ৰাজ আনন্দ আৰু অস্পৃশ্যতা
Mulk Raj Anand and his novel Untouchable








  লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

ভাৰতৰ স্বাধীনতাৰ আগৰ পৰিস্থিতি ,উচ্চ নীচৰ সংঘাট,ইংৰাজৰ মানসিকতা,খৃষ্টীয়ান ধৰ্মৰ অগ্ৰাসন আদি বিষয় জানিবলৈ বৃটিছ ভাৰতৰ ইংৰাজী ঔপন্যাসিক মুল্ক ৰাজ আনন্দৰ কাহিনীৰ মাজলৈ যাব লাগিব।গোটেই জীৱনজুৰি দৰিদ্ৰপীড়িত লোকৰ বাবে লিখা আনন্দ আছিল সমাজবাদী আদৰ্শত বিশ্বাসী।সেয়েহে তেওঁৰ লেখনি বৰ শক্তিশালী আৰু মৰ্মদ।ভাৰতৰ চাৰ্লচ ডিকেন্স বুলিও তেওঁক কোৱা হয়।কাৰণ চাৰ্লচ ডিকেন্সেও সাধাৰণ মানুহৰ লৈয়ে কাহিনী লিখিছিল। 


Mulk Raj Anand
১৯০৫ চনৰ ১২ ডিচেম্বৰ ত পোছোৱাত জন্ম হোৱা আনন্দ ২০০৪ চনৰ ২৪ ডিচেম্বৰত ৯৮ বছৰত মহাৰাষ্ট্ৰৰ পুনাত মৃত্যু হয়।অমৃতচৰৰ খালচা কলেজৰ পৰা স্নাতক উৰ্তীণহৈ তেওঁ ইংলেণ্ডলৈ গৈ স্নাতকোতৰ উৰ্তীণহৈ তাতে দৰ্শন বিষয়ত ডক্তটৰেত ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ বিষয় আছিল বাৰ্টেণ্ড ৰাছেল আৰু ইংৰাজ অনুভৱবাদ।তেৱেই প্ৰথম তেওঁৰ ইংৰাজী লেখনিত পাঞ্জাৱী আৰু হিন্দুস্তানী জঁতুৱা-ঠাঁচ ইংৰাজী ভাষাত ব্যৱহাৰ কৰে।১৯৫৩ চনত তেওঁ বিশ্ব শান্তি পৰিষদৰ পৰা আন্তঃৰাষ্ট্ৰীয় শান্তি পুৰস্কাৰ লাভ কৰে।ইয়াৰ পিছত ইংৰাজী সাহিত্যৰ বাবে ১৯৭১ চনত সাহিত্য অকাডেমি পুৰস্কাৰ আৰু ১৯৬৭ চনত ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।তেওঁ বিশ্ব বিখ্যাত চিত্ৰকৰ পিকাচু আৰু ইংৰাজ লেখক জৰ্জ অৰৱেলৰ বন্ধু আছিল।তদুপৰি দ্বিতীয় মহাযুদ্ধত তেওঁ ইংলণ্ডত বি বি চিৰ স্কিপট লেখক আছিল।জেনেভাতো তেওঁ বহু দিন আছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সমৰ্থক হিচাবে বহু বিদেশী ৰাষ্ট্ৰত প্ৰচাৰ চলাইছিল।ইংলেণ্ডত থাকোতেই ইংৰাজ অভিনেত্ৰী কেথেলিনক আনন্দই ১৯৩৮ চনত বিয়া কৰে, এজনী ছোৱালী চুচিলা জন্ম হয়।১৯৪৮ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।পিছত তেওঁ পুনৰ ১৯৫০ চনত পেৰিচৰ নৃত্যশিল্পী চিৰিনক বিয়া কৰায়।তেওঁ লেখনিয়ে প্ৰমাণ কৰে যে তেওঁ ভাৰতৰ প্ৰতি গভীৰ ভালপোৱা আছিল।১৯৪৭ চনত আনন্দ ভাৰতলৈ উভতি আহে।মাতৃভাষাৰ ক্ষেত্ৰত তেওঁ কয় No apology is necessary for being truthful to echoes of ones mother tongue.


তেওঁৰ প্ৰকাশিত গ্ৰন্থ সমূহ হ'ল Untouchable,Coolie,Across the Black Water,The Village,The Sward and Sickle,The private life of Indian Prince ইত্যাদি ।মুল্ক ৰাজ আনন্দই এখন সাহিত্য আলোচনী Marg  প্ৰকাশ কৰে।তদুপৰি নিজৰ আত্মকথা সাতখন্ডত লিখাৰ পৰিকল্পনাৰে তেওঁ চাৰিটা খণ্ড প্ৰকাশ কৰে।আমি চমুকৈ তেওঁৰ অস্পৃশ্যতা আৰু কুলি উপন্যাস দুখন আলোচনা কৰো-----



অস্পৃশ্যতা নামৰ উপন্যাসৰ মুখ্য চৰিত্ৰ হল বাখা(Bakha)।বাখা এটা অতি দৰিদ্ৰ ভোকাতুৰ দৰিদ্ৰ দলিত সম্প্ৰদায়ৰ যুৱক।তেওঁৰ দেউতাক হ'ল লাখা(Lakha),ভনীয়েক হ'ল চুহিনা।এওঁলোক চহৰৰ চাফাই কৰ্মি।সকলো উচ্চজাতিৰ বাবে সিহঁত দলিত-অস্পৃশ্য।কুঁৱাৰ পানীও নিজে তুলিব নোৱাৰে।লাখা হ'ল দলিত মানুহখিনিৰ চদাৰ।বৰ এলেহুৱা।পুতেকৰ কামৰ ওপৰতে খাব বিচাৰে।পুৱাতে এজন মানুহ হাবিলদাৰ শৰৎ সিং আহি বাখাক পাইখানা চাফা কৰিবলৈ মাতি যায়।সি গৈ সকলো চাফা কৰি ঘৰলৈ ঘুৰি আহি পানী খাবলৈ বিচাৰে।ঘৰত পানী নথকাত ভনীয়েকে লৰালৰিকৈ কুঁৱালৈ যায় পানী আনিবলৈ।কিন্তু পানী তাই তুলিব নোৱাৰে, আৰু আন এজন উচ্চ জাতিৰ মানুহ অহালৈ কুঁৱাৰ ওচৰতে ৰৈথাকে।তেনেতে পণ্ডিত ৰামনাথ আহে।ৰামনাথ মন্দিৰৰ পুৰুহিত।ৰামনাথে পানী দি চুহিনাক পুৱা মন্দিৰলৈ মাতে।চুহিনাই ঘৰলৈ আহি বাখাক পানী দিয়ে।পিচদিনা মন্দিৰলৈ যাওঁতে ৰামনাথে চুহিনাক জৱৰদস্তি কৰে, কিন্তু চুহিনা পলায় সাৰে।পণ্ডিতে ওলোতাই চুহিনাই মন্দিৰ অপবিত্ৰ কৰা বুলি প্ৰচাৰ কৰে।এদিন এজন উচ্চ জাতিৰ মানুহৰ গাত গা লগাত বাখাক মানুহজনে মাৰধৰ কৰে।বাখাৰ খং উঠে যদিও একো কৰিব নোৱাৰে।দলিতৰ কথা কোনেও নুশুনে বুলি দুখতে ভোকত সি গৈ এঘৰ মানুহৰ বাৰান্দাত ঢলি পৰে।মানুহঘৰে এজন সাধুক খাবলৈ দিয়ে যদিও বাখাক গালি পাৰি জাৰু  দিবলৈ লগায়।জাৰু দিয়াৰ পিচতো তাক খাবলৈ নিদিয়ে।মনৰ দুখতে সি লগৰ চোটা আৰু ৰামচৰণক লগ পাই উচ্চ জাতিৰ ব্যৱহাৰৰ প্ৰতিশোধ ল'ব বিচাৰে।কিন্তু ল'ব নোৱাৰে।বাখা এটা ভাল হকি খেলুৱৈ।শৰৎ সিঙে তাক মৰম কৰি খেলত লগায়।বাখাই গলদি উচ্চ জাতিৰ দলক পৰাজিত কৰে।কিন্তু বাখাই দলিতহৈ গল দিবলৈ ক'ত সাহস পালে এইলৈ তাৰ ওপৰত সকলো গৰম হয়।এজন আহত খেলুৱৈক সি ঘৰত থবলৈ যোৱাত পৰিয়ালে বাখাক প্ৰশংসা নকৰি দলিতহৈ কিয় থবলৈ গৈছে ককৰ্থনাহে কৰে।এজন খ্ৰীষ্টীয়ান লোকে বাখাক কয় যে সি যদি খ্ৰীষ্টিয়ান ধৰ্ম লয় তেন্তে অস্পৃশ্যতাৰ সমস্যাৰ পৰা নিষ্ঠাৰ পাব।কাৰণ খ্ৰীষ্টীয়ান ধৰ্মত হিন্দুৰ দৰে অস্পৃশ্যতা নাই।বাখা তেওঁৰ লগত  খ্ৰীষ্টীয়ান হ'বলৈ যায় যদিও মানুহজনৰ পৰিবাৰ মেৰীয়ে ইণ্ডিয়ানক একেবাৰে দেখিব নোৱাৰে বুলি জানি বাখা পলায় আহে।তেনেতে ৰেল ষ্টেচনত এখন সভাত সি ভাগ লয়,য'ত মাহাত্মা গান্ধীয়ে দলিত সকলক সমান ব্যৱহাৰৰ বাবে আহ্বান জনায়।তদুপৰি সি গম পায় যে ইংৰাজে এনে এটা যন্ত্ৰ নিৰ্মান কৰিছে যে এতিয়া দলিতই হাতেৰে পাইখানা চাফা কৰিব নালাগে।উপন্যাস ইমানতে সামৰণি পৰে।

 



আনখন উপন্যাস হল কুলি।ইয়াতো এটা দলিত পৰিয়ালৰ শিশু মোল্লুৰ‌ কৰুণ জীৱনগাথাৰ উপন্যাস ৰূপ দিয়া হৈছে।












 লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ





সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
digantas.blogspot.com
email: digbhuyan123@gmail.com

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়