ভাৰতৰ মহাপণ্ডিত,ভ্ৰমণ সাহিত্যৰ
জনক,পল্-ই-গ্লট্
ৰাহুল সংকৃত্যায়ন আৰু তেওঁৰ ভল্গাৰ পৰা গঙ্গালৈ
Rahul Sankrityan and his book Valga to Ganga
দিলীপ কুমাৰ বৰুৱা,তেজপুৰ
Oh!Ignorat,Go and travel all over the world .You will not get this life again.Even if you live long youth will never return.
- আজি মোৰ আটাইতকৈ প্ৰিয় লেখক যাৰ লেখনিয়ে আমাৰ শৈশৱ আৰু যুৱকাল বৰকৈ প্ৰভাৱিত কৰি আজিও মনটো সজীৱ কৰি ৰাখিছে তেনে এজন মহাপণ্ডিতৰ বিষয়ে লিখিবলৈ ওলাইছো।মই আচৰিত হওঁ কি বিষয়ত তেওঁৰ জ্ঞান নাছিল,কি ভাষা তেওঁ জনা নাছিল।ভ্ৰমণ আৰু জ্ঞান আহৰণৰ বাবে ঘৰ সংসাৰ সকলো এৰি তেওঁ প্ৰায় ৪৫ বছৰ ঘুৰি ফুৰিছিল ভাৰতৰ সকলো প্ৰান্তত আৰু বিদেশত।উত্তৰ প্ৰদেশৰ পৰা তেওঁ লাডাখ,কিনাউৰ,কাশ্মীৰ,তিৰ্বত,নেপাল,শ্ৰীলংকা,চীন,ৰাচীয়া ,জাপানআদি ভ্ৰমণ কৰি জ্ঞান আহৰণ কৰিছিল।
- তেওঁ জানিছিল হিন্দী,ইংৰাজী,সংস্কৃত,পালি,ভোজপুৰী,মাঘী,উৰ্দ্দু,পাৰ্চি,আৰবী,নেপালী,তামিল,তেলেগু,
- কানাড়া,তিৰ্ব্বতী,সিংহলী,ফৰাচী , ৰাচীয়ানকে আদি কৰি ৩৬ টা ভাষা।ভোজপুৰী আছিল তেওঁৰ মাতৃভাষা। প্ৰায়বোৰ ভাষাতে তেওঁ গ্ৰন্থও ৰচনা কৰিছিল।৯ বছৰ বয়সতে ঘৰৰ পৰা পলায় যদিও পুনৰ তেওঁ ঘৰলৈ ঘুৰি আহি চুলিকটা,জোটা চিলাই শিকে আৰু মাধ্যমিক পাছ কৰিয়ে পুনৰ পত্নী ,পৰিয়ালক এৰি ঘৰৰ পৰা পলাই যায়। প্ৰথমে তেওঁ সংস্কৃত শিকি বেদ,বেদান্ত পঢ়ি হিন্দু ধৰ্মৰ মহাপণ্ডিতহৈ ৰাম উদৰ দাস সাধু নামেৰে বিখ্যাতহৈ পৰে।সাধু হিচাবে ভাৰতৰ প্ৰায়বোৰ তীৰ্থস্থানতে তেওঁ দৰ্শন দি জ্ঞান আহৰণ কৰে।পিচলৈ হিন্দুধৰ্ম এৰি বৌদ্ধ ভিক্ষুহৈ বৌদ্ধ ধৰ্মৰ মহাপণ্ডিতহৈ পৰি অলেখ পুৰণি গ্ৰন্থ ,চিত্ৰ ২২ টা গাধৰ পিঠিত বোজাই কৰি ভাৰতৰ বিক্ৰমশীলা আৰু নালন্দা বিশ্ববিদ্যালয় লৈ আনে।এইবোৰ পাটনাত আজিও সংৰক্ষিত।তেওঁৰ জন্মগত নাম আছিল কেদাৰ নাথ পাণ্ডে ,হিন্দু শাস্ত্ৰত পণ্ডিতহৈ তেওঁ পৰিচিত হয় ৰাম উদৰ দাস সাধু হিচাপে আৰু এইবাৰ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি ভিক্ষুহৈ তেওঁ নিজে নাম লয় ৰাহুল সংকৃত্যায়ন অৰ্থ বুদ্ধদেৱৰ পুত্ৰ।শেষত ভাৰতৰ স্বাধীনতা আন্দোলনত জৰিতহৈ তিনি বছৰ তেওঁ জেল খাটে ।জেলতে তেওঁ দৰ্শন-দিকদৰ্শন দুইখণ্ড লিখে।মাক্সবাদী তাত্বিক বিশ্লেষণৰে তেওঁ ভাৰতৰ ইতিহাস নতুন ৰূপত বিশ্লেষণ আগবঢ়ায়। সৰ্বশেষত হিন্দু-বৌদ্ধ ধৰ্ম ত্যাগ কৰি নাষ্টিকহৈ কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আৰু মাক্সবাদ অধ্যয়ন কৰে।তেওঁ উপন্যস আৰু গল্পৰ উপৰিও ১৫০ খন মহৎ গ্ৰন্থ বিভিন্ন ভাষাত লিখিছিল ।তেওঁৰ কেইখন মান উপন্যাস হ'ল Baaeesween Sadi(1923),Jeeney ke Liye ( 1940),Simha Senapathi (1944),Jai Yaudheya (1944),Bhago Nahin, Duniya ko Badlo(1944),MadhurSwapna( 1949),Rajasthani Ranivas ( 1953),Vismrit Yatri ( 1954)Divodas (1960)Vismriti Ke Garbh Me টুটি গল্প হ'ল Satmi ke Bachche ( 1935)
Volga Se Ganga (1944)Bahurangi Madhupuri (1953)Kanaila ki Katha( 1956);তেওঁৰ আত্মকথা খন হ'ল
Meri Jivan Yatra I ( 1944)
Meri Jivan Yatra II ( 1950)
Meri Jivan Yatra III, IV, V জীৱনী গ্ৰন্থ সমূহ হ'লSardar Prithvi Singh (1955)Naye Bharat ke Naye Neta (2 volumes) (1942)
Bachpan ki Smritiyan (1953)Ateet se Vartaman (Vol I)(1953),Stalin ( 1954),
Lenin(1954),KarlMarx( 1954),Mao-Tse-Tung ( 1954)Ghumakkar Swami( 1956)
Mere Asahayog ke Sathi ( 1956),Jinka Main Kritajna( 1956)Vir Chandrasingh Garhwali ( 1956)Simhala Ghumakkar Jaivardhan( 1960)Kaptan Lal (1961),
Simhal ke Vir Purush ( 1961)Mahamanav Budha( 1956)তেওঁৰ অন্যান্য ৰচনা-Mansik Gulami,Rhigvedic Arya,Ghumakkar Shastra,Kinnar desh mein,Darshan Digdarshan,Dakkhini Hindi ka Vyaakaran,
Puratatv Nibandhawali,Manava Samaj,
Madhya Asia ka Itihas,Samyavad hi Kyon
In Bhojpuri .
এনেদৰে বিভিন্ন বিষয়ত অসংখ্য গ্ৰন্থ তেওঁ ৰচনা কৰে।মধ্য এচীয়াৰ ইতিহাস বা History of Central Asia(1956-57) ৰ বাবে ১৯৫৮চনত তেওঁলৈ সাহিত্য অকাডেমি পুৰস্কাৰ আৰু ১৯৬৩ চনত পদ্মভূষণ আগবঢ়োব হয়।তিনি খণ্ডৰ বৃহৎ বৌদ্ধ গ্ৰন্থ মাঝিম নিকায় (Majjhim Nikaya)গ্ৰন্থ খনি প্ৰাকৃত ভাষাৰ পৰা হিন্দীলৈ তেওঁ অনুবাদ কৰে।কেৱল মাধ্যমিক লৈ আনুষ্ঠানিক শিক্ষা থকা সংকৃত্যায়নে তেওঁৰ পাণ্ডিত্বৰ বাবে ছোভিয়েত ৰাচীয়াৰ লেনিন গ্ৰেড বিশ্ববিদ্যালয়ত ১৯৩৭-৩৮ আৰু ১৯৪৭-৪৮ দুবাৰ অধ্যাপক আসন অলঙ্কিত কৰাৰ লগতে শ্ৰীলঙ্কাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাবে সন্মানিত হৈ জীৱনৰ শেষলৈ উক্ত পদতে থাকে।
১৮৯৩ চনৰ ৯ এপ্ৰিলত উত্তৰ প্ৰদেশৰ আজমগড়ৰ পাণ্ডাৰ গাঁৱত জন্মগ্ৰহণ কৰা ৰাহুল সংকৃত্যায়নৰ ১৯৬৩ চনৰ ১৪ এপ্ৰিলত দাৰ্জিংত ৭০ বছৰ বয়সত মহা প্ৰয়ান ঘটে।শৈশৱতে তেওঁক বিয়া পাতি দিয়া হয় যদিও বিয়াৰ পিচতে গৃহ ত্যাগ কৰা কৰাত প্ৰথম পত্নী সন্তোষীক এবাৰেই তেওঁ দেখে।ইয়াৰ পিছত তেওঁ মঙ্গোলীয়ান গৱেষক ল'লু(Lola)ক বিয়া কৰায়।শেষত ভাৰতীয় নেপালী সম্প্ৰদায়ৰ পণ্ডিত ড.কমলাক বিয়া কৰায় আৰু জেঠা আৰু জয়ন্ত নামৰ দুটি সন্তান জন্ম হয় ।বিশ্বৰে এগৰাকী বিখ্যাত পলিগল্ট( Polyglot) অথাৎ বহু ভাষাবিদ গৰাকীক ভাৰত চৰকাৰে শেষ বয়সত কমিউনিষ্ট হোৱাৰ বাবেই পাব লগা সন্মান নিদিয়া বুলি সমালোচনা আছে।তথাপি তেওঁৰ আহৰণ কৰা জ্ঞান আৰু গ্ৰন্থ সমূহ যুগ যুগলৈ ভাৰতীয়ৰ মাজত তথা বৌদ্ধ ধৰ্মী দেশবোৰৰ মাজত জীয়াই থাকিব।আমি তলত তেওঁৰ ভল্গাৰ পৰা গঙ্গালৈ গ্ৰন্থখনি এক চমু আলোচনা কৰোঁ ।উল্লেখযোগ্য যে মই বাৰে বাৰে বহুবাৰ এই গ্ৰন্থখনি পঢ়াৰ লগতে ভৱঘুৰে শাস্ত্ৰ,দৰ্শন-দিকদৰ্শন খনৰ দুয়োটা খণ্ড সংগ্ৰহ কৰি পঢ়িছো।মানসিক দাসত্বখনো তেওঁৰ পঢ়িব লগা কিতাপ।ৰাজনৈতিক দাসত্বতকৈ মানসিক দাসত্ব কিমান ভয়ানক ইয়াত তেওঁ আলোচনা কৰিছে।ভল্গাৰ পৰা গঙ্গা নামৰ ৩৮২ পৃষ্টাৰ অতি জনপ্ৰিয় আৰু অতি বেচি বিতৰ্কিত এই গ্ৰন্থ খন লেখকে লিখে ১৯৪৩ চনত।ইয়াত ২০ টা কাহিনীৰ দ্বাৰা ভাৰতবৰ্ষ লৈ আৰ্য সকলৰ আগমন বিষয়ে বৈজ্ঞানিক চিন্তাৰে আলোচনা কৰিছে,যিবোৰ পঢ়ি বৰ ৰোমান্সিত হোৱা যায়।গল্পবোৰৰ ইটোৰ লগত সিটোৰ মিল আছে।আমি জানো যে মানুহৰ সভ্যতাৰ বিকাশ নদীকেন্দ্ৰীক।তেওঁৰ মতে আৰ্যসকল ৰাছীয়া ভল্গা নদীৰ পাৰৰ পৰা খৃ:পূ:৬০০০ বছৰ আগতে প্ৰৱজন ঘটিছিল।আৰ্যসকল আহি প্ৰথমে বৰ্তমানৰ পাকিস্তানৰ কাজাকিস্থান অঞ্চলত বসবাস কৰে।ইয়াৰ পৰাই আৰ্যসকল ক্ৰমে গঙ্গাৰ পাৰলৈ আহি বসবাস কৰি এক ভাৰতীয় সভ্যতা জন্ম দিয়ে।বেদ,ব্ৰাহ্মন,দেৱতা সৃষ্টিৰ পৰা কৌটিল্যৰ অৰ্থ শাস্ত্ৰ লৈ পৰিয়াল গঠনৰ পৰা মানৱ সভ্যতাৰ বিৱৰ্তনলৈ সকলো কথা এই গ্ৰন্থত দাঙিধৰি মাক্সীয় পেক্ষাপটত বিশ্লেষণ কৰা হৈছে।প্ৰাচীন কালত নাৰীৰ স্বাধীনতাৰ ওপৰটো আলোচনা আছে।সাম্যবাদী মাতৃতান্ত্ৰীক সমাজৰ পৰা কিদৰে আহি ভাৰতত উচ্চনীচৰ জাতি বিচাৰ আৰম্ভ হ'ল এইলৈ কাহিনী আকাৰত লিখি ১৯৪২ চনৰ মাহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনলৈকে সামৰি লোৱা হৈছে।গ্ৰন্থখনিৰ বিষয় বস্তুলৈ ভাৰতত বহু বিতৰ্ক সৃষ্টি হয় যদিও কিতাপখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ হৈছে আৰু নপঢ়া পাঠক বিচাৰি পাবলৈ টান।বিৰ্তক কৰিলেও ৰাহুল সংকৃত্যায়নৰ কাহিনী সাৱলীলতা,গৱেষনা,গতিশীলতাক সন্মান নকৰি উপায় নাই ,সেয়েহে সকলোৱে পঢ়ক তেওঁৰ সেই বিখ্যাত যুগাজয়ী গ্ৰন্থখন।শেষত এই ভাৰতৰ মহাপণ্ডিত গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি সামৰিছো।
Writer: Dilip Kr. Baruah,Tezpur
Edited by: Diganta Kr. Bhuyan
digantas.blogspot.com
Comments
Post a Comment
If you have any doubts, please let me know.