সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

ৰাজা ৰাও আৰু কান্থাপুৰা

ভাৰতীয় ইংৰাজী সাহিত্যৰ ত্ৰিমূৰ্তিৰ এজন


ৰাজা ৰাও আৰু কান্থাপুৰা
Raja Rao and his novel Kanthapura 


দিলীপ কুমাৰ বৰুৱা,তেজপুৰ

ভাৰতীয় ইংৰাজী উপন্যাস তথা সৃষ্টিশীল সাহিত্যৰ পিতৃপুৰুষ ত্ৰিমূৰ্তিৰ এজন হ'ল ৰাজা ৰাও।যি কেৱল ইংৰাজী সাহিত্যতে নহয় ফৰাচী সাহিত্যটো প্ৰথম পৰ্যায়ত সাহিত্য সৃষ্টি কৰি বিশ্বজুৰি খ্যাতি অৰ্জন কৰে।ভাৰতৰ স্বাধীনতা সংগ্ৰামটো এইগৰাকী লেখকে ভাগলৈ গান্ধীবাদী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হয়।

১৯৬৬ ৰ পৰা ১৯৮৮ লৈ এই গৰাকী লেখকে অষ্ট্ৰিনৰ টেক্সাচ বিশ্ববিদ্যালয়ৰ ভাৰতীয় দৰ্শন বিভাগৰ অধ্যাপক চাকৰি কৰি আমেৰিকাতে মৃত্যুবৰণ কৰে।দক্ষিণ ভাৰতীয় মহীশূৰ চহৰৰ ওচৰৰ এক ব্ৰাহ্মণ পৰিয়ালত ১৯০৮ চনৰ ৮ নবেম্বৰত জন্মহোৱা ৰাজা ৰাও ২০০৬ চনৰ ৮ জুলাইত আমেৰিকাতে মৃত্যু বৰণ কৰে।

ভাৰতীয় তত্বমিমাংসাবাদ আৰু দৰ্শনৰ( metaphysics and Philosophy)ৰ ৰাও আছিল এগৰাকী পণ্ডিত।তদুপৰি ভাৰতীয় পটভূমিৰ এগৰাকী ইংৰাজী জনপ্ৰিয় চুটিগল্প লেখক আৰু ঔপন্যাসিক ।

মহীশূৰতে বিদ্যালয় শিক্ষা সমাপ্ত কৰি তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা১৯২৯ চনত স্নাতক উৰ্তীণহৈ ফ্ৰান্সলৈ গৈ তাতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৩৩ চনত ভাৰতলৈ ঘুৰি আহি, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জৰিতহৈ পৰে।তেওঁ মাহাত্মা গান্ধীৰ পৰম ভক্ত আছিল।স্বাধীনতাৰ পিছত ১৯৪৮ চনত তেওঁ পুনৰ ফ্ৰান্স লৈ যায়।পিচত অষ্ট্ৰিনত চাকৰি আৰু সাহিত্য ৰচনা কৰে।১৯৯২ চনত ভাৰতৰ শ্ৰেষ্ঠ সাহিত্য পুৰস্কাৰ সাহিত্য অকাডেমি পুৰস্কাৰ তেওঁ লাভ কৰে।১৯৬৯ চনত তেওঁলৈ পদ্মভূষণ আৰু ২০০৭ চনত তেওঁলৈ পদ্মবিভূষণ সন্মান আগবঢোৱা হয়।বহু কেইখন বিদেশী ৰাষ্ট্ৰৰ পুৰস্কাৰো তেখেতে লাভ কৰে।১৯৩১ চনত ফৰাচী মূলৰ Camille Moulyক বিয়া কৰাই,১৯৪৯ চনত বিবাহ বিচ্চেদ হয়,১৯৬৫চনতCatherine Jours ক বিয়া কৰাই আৰু পুনৰ  বিবাহ বিচ্চেদ হয় আৰু শেষত ১৯৮৬ চনতSusan Vaughtক বিয়া কৰায়।

তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ হ'ল কান্থাপুৰা(১৯৩৪),চাৰ্পেন্ট এণ্ড ৰোপ(১৯৬০),দি পলিচমেন এণ্ড ৰ'জ((১৯৭৮),দি কেট এণ্ড চেক্সপীয়েৰ,দি ছেচ মাষ্টাৰ,দি মিনিং অৱ ইণ্ডিয়া ইত্যাদি।তেওঁ কৈছিল যে লেখক সকলে সাধাৰণ মানুহৰ মনৰ লগত একাত্ম হ'লেহে লেখনিয়েও পাঠকৰ আকৰ্ষণ বঢ়ায়।তদুপৰি ভাৰত প্ৰসঙ্গত কৈছিল যে ভাৰত ইংলেণ্ড আৰু ফ্ৰান্সৰ দৰে এখন দেশেই নহয় ,ই এক বিচাৰধাৰাও  (আইদিয়া)।


আমি অতি চমুকৈ কান্থাপুৰা উপন্যাসখন তলত আলোচনা কৰিলোঁ।এই কান্থাপুৰা গাঁৱৰ পুৰণি সেই কাহিনীকৈ থাকে এগৰাকী বৃদ্ধ মহিলা আচ্চাকা( Achakka)ই ফ্লেছবেকত।
কান্থাপুৰা ১৯৩০ চনৰ ভাৰতৰ দক্ষিন অঞ্চলৰ এখন গাঁৱৰ কথা,য'ত মানুহবোৰৰ মাজত বিভিন্ন ভেদভাৱ থাকিলেও সকলোৱে মিলি গান্ধীজীৰ আহ্বানত ইংৰাজক খেদিবলৈ স্বাধীনতা সংগ্ৰামৰ মাজেৰে একত্ৰিত হৈ পৰে।
 
মহীশূৰৰ পাহাৰৰ নামনিৰ এখন অতি পিছ পৰা ভিতৰুৱা গাওঁ কান্থাপুৰা।বেছি ভাগ মানুহেই অশিক্ষিত আৰু অন্ধবিশ্বাসৰ কৱলত।খেতিয়ে মানুহৰ জীৱিকা ।লোকবিশ্বাস মতে এবাৰ পুৰণি কালত এটা প্ৰকাণ্ড ৰাক্ষসে গাঁৱত অত্যাচাৰ চলায়। ৰাইজৰ এই মহা বিপদত পাহাৰৰ ওপৰৰ পৰা দেৱী কেঞ্চাম্মা নামি আহি ৰাক্ষসক বধ কৰি ৰাইজক ৰক্ষা কৰে।সেয়েহে পাহাৰৰ দেৱীক সকলোলোকে বিপদত  বিশ্বাস কৰে।ৰাক্ষসৰ তেজৰ বাবে পাহাৰৰ মাটি ৰঙা বুলিও মানুহৰ বিশ্বাস।বছৰত দেৱীকলৈ এবাৰ গাঁৱত মেলা হয়।গাওঁখনৰ দুঘৰ মান লোকৰহে ভাল ঘৰ আছে।বাকী ঘৰ অতি সাধাৰণ।গাওঁখনলৈ ভাৰতৰ স্বাধীনতাৰ চিন্তা,আন্দোলন আদি ভাৱনা কঢ়িয়াই আনে মৰ্তি (Moorthy)নামৰ এজন লোকে।তেওঁ গাওঁখনৰ স্বাধীনতা সেনানী আৰু ৰাইজৰ মানত সৰু গান্ধী।গাঁৱত এটা শিৱমন্দিৰ তেওঁ প্ৰতিস্থা কৰে।গাঁৱৰ আন এগৰাকী ধনী মানুহ  পষ্ট মাষ্টৰ সূৰ্যনাৰায়নৰ ঘৰো ভাল।গাঁৱত ভট্টা নামৰ সুদখোৰ মহাজন এজনো আছে যি টকা ধাৰলৈ দি সুদ লয়।তেওঁ স্বাধীনতা আন্দোলন একেবাৰে দেখিব নোবাৰে।গাঁৱৰ খেতিয়ক কেতিয়াও আধুনিক হ'ব নালাগে বুলি তেওঁ বিশ্বাস কৰে।জাতিবাদ তেওঁ সমাজত থকাতো বিচাৰে।গাঁৱৰ এজন ভাল মানুহ  ৰাঙ্গে গোদা।যি আপদ বিপদত ৰাইজক সদায় সহায় কৰে।ইতিমধ্যে স্বাধীনতাৰ হকে মহিলা সকলেও ৰাঙ্গামাক লৈ সেৱিকা সংঘ খোলে।ইতিমধ্যে ব্ৰাহ্মন ঘৰৰ ল'ৰা মৰ্থিয়ে সকলো জাতিৰ ঘৰলৈ যোৱা,দান সংগ্ৰহ কৰা,পিচপৰা কুলিবোৰক বাসুদেৱ নামৰ ব্ৰাহ্মনৰ লগত লাগি শিক্ষিত কৰে।ফলত স্বামীজীক মাতি মৰ্থিক এচাম ব্ৰাহ্মনে সমাজচুৎ কৰিলে,এই দুখতে মৰ্থিৰ মাকৰ মৃত্যু হ'ল।গাওঁখনৰ ব্ৰাহ্মনবোৰক চকুপাৰি দেখিব নোৱাৰে মুছলিম আৰক্ষী বিষয়া বাৰেখানে।বাৰেখানে লগত পুলিচলৈ স্বাধীনতা সংগ্ৰামীক কোবাই জেলত ভৰায়।এইলৈ এদিন আন্দোলনকাৰীয়ে হিংসাৰ আশ্ৰয়লৈ বাৰেখানৰ দাড়ী জোকাৰি দিয়ে।আন্দোলনত হিংসা হোৱাত ইয়াৰ বিৰোধীতা কৰি মৰ্থিয়ে তিনিদিন উপবাস কৰে।এই সময়তে ৰাম আছাৰে হৰিকথাৰ চলেৰে মহাত্মা গান্ধীৰ কথা প্ৰচাৰ কৰাত জয়ৰামকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।স্বাধীনতা আন্দোলনকাৰীয়ে কাপোৰ ববলৈ,খদ্দৰ বস্ত্ৰ  পিন্ধিবলৈ,মদৰ ভাটিবোৰ বৰ্জন কৰিবলৈ আহ্বান জনায় আন্দোলন আৰম্ভ কৰে।আৰক্ষীয়ে১৭ জন আন্দোলন কাৰীক জেলত ভৰাই থয়।মৰ্থিৰো তিনিমাহ জেল হ'ল।মানুহবোৰ উতেজিতহৈ অহিংসা এৰি হিংসাৰ পথ ললে।ৰাইজে সুদখোৰ ভট্টৰ ঘৰত জুই দিলে ।আন্দোলন হিংসাৰ ৰূপ ললে।পিছপৰা দলিত মানুহবোৰে ওলাই আহি  ২৪ টা মদৰ ঘাটি উচ্চেদ কৰিলে ।আৰক্ষীৰ আতিশয্য বাঢ়ি গ'ল।বহুলোক গ্ৰেপ্তাৰ হ'ল,জেললৈ গ'ল।উত্তেজিত লোকে কান্থাপুৰা গাওঁ এদিন জ্বলাই অন্য গাঁৱলৈ গুছি গ'ল।মাহাত্মা গান্ধীৰ ধৰ্ম অভিযাত্ৰী বুলি কান্থাপুৰাৰ লোকক অন্য গাঁৱত ৰাইজে আশ্ৰয় দিলে।ইপিনে কান্থাপুৰাৰ সমষ্ট মাটি ইংৰাজ চৰকাৰে এই চেগতে নিলাম কৰি বোম্বাইৰ বেপাৰীক বিলাই দিলে ।ইমানতে উপন্যাসৰ যৱনিকা পৰিল।ভাৰতৰ স্বাধীনতা সংগ্ৰামত সাধাৰণ এখন গাঁৱৰ ত্যাগ খোদিত হ'ল এই উপন্যাসত।শেষত ৰাজা ৰাওৰ এটি বিখ্যাত জীৱন সম্বন্ধীয় উক্তিৰে সামৰিছো-There is but one force in life and that is Truth, and there is but one love in life and that is love of mankind, and there is but one God in life and that is the God of all. 



লেখক: দিলীপ কুমাৰ বৰুৱা,তেজপুৰ


সম্পাদনা: দিগন্ত কুমাৰ ভূঞা
digantas.blogspot.com
 

Comments

Popular posts from this blog

" প্ৰাচীন ভাৰতীয় শিক্ষা বনাম আধুনিক শিক্ষা ব্যৱস্থা।"

Swachh Bharat Abhiyan in Assamese play য’ত থাকিব স্বচ্ছতা, তাত পাবা সুস্থতা

ড.বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য আৰু মৃত্যুঞ্জয়