Posts

Showing posts from July, 2021

সাহিত্য সঁফুৰা Sahitya Sofura

ফ'ৰ লেনৰ দুখ

Image
  ফ'ৰ লেনৰ দুখ  লেখকঃ পংকজ বৰুৱা   ফ'ৰ লেনৰ দুখ খণ্ড (১ ) এটা বহুজাতিক কোম্পানীৰ শীৰ্ষ বিষয়া হিচাপে সুদীৰ্ঘ দহ বছৰৰ পিছত ৰক্তাভ জ্যোতি শইকীয়া আপোন ঘৰখনলৈ আহিছে ।এক প্ৰকাশ কৰিব নোৱৰা অনুভূতি বুকুত কঢ়িয়াই গুৱাহাটীৰ পৰা আপোন ওপজা গাঁওখনৰ নিজৰ ঘৰখনলৈ বুলি এখন ভাড়া গাড়ীৰে ৰাওনা হৈছে ৰক্তাভ ।মনলৈ আহিছে ল'ৰালিৰ গা -মন শিহৰিত হৈ পৰা বহু স্মৃতি ।ইটোৰ পিছত সিটো  আমোদজনক স্মৃতিয়ে আমনি কৰিছে তাক।মনৰ আগত অগা দেৱা কৰি গৈছে তাহানিৰ মধুৰ স্মৃতি জড়িত হৈ থকা ইটোৰ পিছত সিটো ঘটনাই ।দহ বছৰৰ পিছত শৈশৱৰ বন্ধু -বান্ধৱীক লগ পাব সি ।ইমান বছৰৰ পিছত সি গাঁৱৰ ওচৰৰ বিলৰ জীয়া মাছৰ টেঙাৰ জোলেৰে মাকে ৰান্ধি দিয়া এসাঁজ ভাত তৃপ্তিৰে খাব পাৰিব ।নামি -দামী ৰেষ্টোৰেণ্টৰ হাজাৰ টকীয়া ভিন্ন স্বাদৰ সেই লান্স বা ডিনাৰক প্ৰত্যাহ্বান জনাব পৰা মাকৰ হাতৰ ভাতসাঁজৰ কথা মনত পৰি তাৰ গাড়ীৰ ভিতৰতে ভোক লগাৰ অনুভৱ হ'ল।নাই ভোক লাগিলেও বাটত অন্ততঃ আজি সি একো নেখাই ।কাৰণ গুৱাহাটীত ফ্লাইটৰ পৰা নামিয়েই সি মাকলৈ ফোন কৰি কৈ থৈছে -মই বিয়লি ৩ বজাৰ ভিতৰত পামগৈ ।তুমি বনোৱা সেই জীয়া মাছৰ আঞ্জাকন বনাই থ'বা ।লগত মই ভাল পোৱা গুটি ...

মোৰ দৃষ্টিত নাটক

Image
  মোৰ দৃষ্টিত নাটকঃ মোৰ দৃষ্টিত নাটকঃ                                 ‘ নাটক ’ সাহিত্যৰ এক বিশেষ ভাগ বা শাখা । তাৰোপৰি নাটক এক শক্তিশালী গণমাধ্যম । নাটক এখন ৰচনা কৰোতে নাট্যকাৰে সামাজিক দায়বদ্ধতাৰে সামাজিক ক্ষেত্ৰখনৰ সামগ্ৰিক দিশত গুৰুত্ব প্ৰদান কৰাতো অতি আৱশ্যকীয় বিষয় । বিভিন্ন প্ৰকাৰৰ নাটক হ ’ ব পাৰে , কেৱল মাথো দৰ্শক - শ্ৰোতাক আনন্দ দিবলৈ মনোৰঞ্জনমূলক নাটক হ ’ লেও আদৰ্শগত উদেশ্যৰে কোনো বিশেষ ধৰণৰ বাৰ্তা থকাতো প্ৰয়োজন । সামাজিক বাতাৱৰণ , জীৱনৰ আনন্দ - সুখ - দুখ - হাঁহি - কান্দোন - হিংসা - বিদ্ৰোহ - সমস্যা ইত্যাদিৰ উপৰিও ; ইতিহাস , দেশপ্ৰেম , জাতিপ্ৰেম , সমাজৰ বিভিন্ন বিষয়ৰ সজাগতামূলক নাটক ইত্যাদি ভিন্ন বিষয়ৰ ওপৰত নাটক ৰচনা হয় — ।   # মোৰ দৃষ্টিত নাটক : অনাতাঁৰ , মঞ্চ , মুকলি মঞ্চ ,  বাটৰ নাট , দূৰদৰ্শণ আদিৰ বাবে নাট্য লেখক সকলে সেই বিষয়বোৰলৈ নাটক ৰচনা কৰে । এখন উপন্যাস বা এটি গল্প পাঠ কৰিলে তাৰ পূৰ্ণত...